চ’ৰাঘৰ / সমকাল / যৌন অপৰাধ,যৌন স্বাধীনতা আৰু লাভ মেকিং৷৷ নিৰ্মালী সন্দিকৈ৷৷

যৌন অপৰাধ,যৌন স্বাধীনতা আৰু লাভ মেকিং৷৷ নিৰ্মালী সন্দিকৈ৷৷

মানুহ কিমানলৈ নামি গৈছে,তাৰ প্ৰসংগ এতিয়া থাকক৷ জন্তুৰ সমাজতো অপ্ৰাকৃতিক যৌন অপৰাধ নঘটে, কিন্তু মানুহৰ সমাজত ঘটে৷ মানুহেই একমাত্ৰ জীৱ বোধকৰো, যি অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰে, বিচাৰে আৰু তাতেই বিকৃত তৃপ্তি পায়৷ মানুহৰ যৌন অপৰাধক জান্তৱ বা পাশবিক বোলাতো জন্তুৰহে অপমান৷

মই ব্লু ফিল্মৰ মুখামুখি হৈছিলো বাইশ বছৰ বয়সত৷তাৰ আগলৈকে যৌন মিলন বা শাৰীৰিক সম্পৰ্ক মানে কি হ’ব পাৰে, তাৰ কোনো ধাৰণা নাছিল মোৰ৷ ব্লু ফিল্ম চাই মই বমি কৰিছিলো৷ কান্দিছিলো৷ ভয় আৰু আতংকত শেঁতা পৰিছিলো৷ মোৰ দৃষ্টিত এজনী ছোৱালীক কৰা ভয়ংকৰ আক্ৰমণ আছিল সেয়া৷

মানুহে মানুহৰ সৈতে কি এনে আচৰণ কৰে! মই শুব নোৱাৰিছিলো বহুৰাতি৷

প্ৰেমহীন শৰীৰ স্পৰ্শক মই পাপ জ্ঞান কৰো৷ অন্তত: মানুহে মানুহক প্ৰেমময় হাতেৰে চুই চাব লাগে বুলি মই ভাবো৷ য’ত প্ৰেম নাই,তাত প্ৰাৰ্থনা নাই৷ কিন্তু আমাৰ যে সমাজখন! ইয়াত মুকলিকৈ প্ৰেম নাইবা যৌনতাৰ কথা পতাহে পাপ৷ বাৎসায়নৰ কামসূত্ৰ পঢ়াটো পাপ৷ কিন্তু শৰীৰত যৌনৰোগ অথবা মনত ধৰ্ষণৰ ভয়ংকৰ স্মৃতি কঢ়িয়াই ফুৰাত কোনো আপত্তি নাই৷

যিদিনালৈকে মানুহে ছেক্স আৰু লাভ মেকিঙৰ পাৰ্থক্য নুবুজিব, যিদিনালৈকে নাৰীয়ে orgasmৰ অৰ্থ নুবুজিব, যিদিনালৈকে কোনোবা পত্নীয়ে পুৰুষৰ সমানেই যৌন স্বাধীনতা উপভোগ নকৰিব, সেইদিনালৈকে কোনোবা অজাতি ল’ৰাৰ সৈতে প্ৰেমালাপ কৰাৰ অপৰাধ(!!)ত হেজাৰজনী যুবতী, কিশোৰী মৰেল পুলিচ অথবা গণ ধৰ্ষণকাৰীৰ জিঘাংসাৰ বলি হ’ব৷

শুচিবায়ুগ্ৰস্তসকলে মোৰ পোষ্টটো পঢ়ি থু পেলাওক৷ আপত্তি নাই৷ কিন্তু প্ৰেমময় হাতেৰে যি পত্নী, প্ৰেয়সীক কোনোদিন স্পৰ্শ কৰা নাই আশ্বাসী বুকুৰে যি নাৰীৰ নগ্নতাক সৌন্দৰ্য বুলি মানিব পৰা নাই,সি কি জানিব লাভ মেইকিঙৰ স্বৰ্গীয় অনুভূতি৷ তাৰ বাবেতো যৌনতা মাথোঁ, একঘেয়ে কছৰৎ অথবা অশালীন একোটা নিৰৰ্থক ৰাতি৷

অপৰাধ মানুহে তেতিয়াই কৰে,যেতিয়া মানুহৰ মনত বিকৃতি থাকে৷ যি দেশত যি সমাজত যৌনতা এতিয়াও শিল্প হৈ উঠা নাই, সেই দেশত যৌনতা মাথোঁ এক শেষ নোহোৱা অপৰাধ৷ পুৰুষৰ সমানেই নাৰীৰ যৌন স্বাধীনতা বাঞ্চনীয় বুলি উত্তৰ দিয়াৰ অপৰাধত মই এখন ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ ফাইনেলৰ পৰা বাহিৰ হৈছিলো৷

ভাবি ভাল লাগে, মোক বাহিৰ কৰা বিচাৰক জনৰ মুখখন কোব খোৱা সাপৰ দৰে হৈ পৰিছিল৷ কোনে জানে, তেওঁ নিজেও কিজানিবা এজন প্ৰেমিক হ’ব নোৱাৰা ধৰ্ষক স্বামীয়েই আছিল?

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে