চ’ৰাঘৰ / সমকাল / বিদায়; হে পিতৃ পণ্ডিত প্ৰবৰ

বিদায়; হে পিতৃ পণ্ডিত প্ৰবৰ

 ডঃ দীনেশ বৈশ্যৰ স্মৃতিচাৰণ

বি বৰুৱা কলেজৰ পিতৃ সদৃশ, প্ৰথম batch ৰ ছাত্ৰ অধ্যাপক আৰু চতুৰ্থ তথা সৰ্বদীৰ্ঘ কালৰ অধ্যক্ষ, বিশিষ্ট ভাষা তত্ত্ববিদ, লোকতত্ববিদ, জাতি-ভাষা-সংস্কৃতিৰ সমন্বয়ৰ ঘাইখুঁটা ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যদেৱে আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে, ৯৪ বছৰ বয়সত।

আজি দুপৰীয়া শ্মশানত গোট খোৱা মানুহ বিলাক চাই বহুতে বিস্ময় মানিছে। সকলো জাতি সকলো ধৰ্ম সম্প্ৰদায়, ভাষা ,সকলো আৰ্থ-সামাজিক ৰাজনৈতিক শ্ৰেণীৰ লোকৰ সমন্বয় সমাবেশ ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে নবগ্ৰহ শ্মশান।

ড০ ভট্টাচাৰ্য্য যে বিভিন্ন ধৰ্ম জাতি ভাষা সম্প্ৰদায়ৰ মিলনৰ সেতু আছিল, সেই কথা আজি পুনৰবাৰ প্ৰমাণিত হল। বহুতে মন্তব্য কৰিছে অসমৰ সমাজ জীৱনত এই মৃত্যুৱে এক ডাঙৰ শূন্যতাৰ সৃষ্টি কৰিব।

কেইবছৰমান আগতে অসমৰ বড়োসকলৰ অতি সন্মানীয় উপেন্দ্ৰ ব্ৰহ্ম বটা গ্ৰহণ কৰি ভট্টাচাৰ্য্য ডাঙৰীয়াই ডেৰ ঘণ্টা সময় বিশুদ্ধ বড়ো ভাষাত দিয়া বক্তৃতা শুনি সমবেত বড়ো ভাষী লোকসকল বিস্মিত হৈছিল। ইমান বিশুদ্ধ ভাষা বড়োসকলেও ক’ব নোৱাৰে বুলি বহুতে মন্তব্য কৰিছিল।

বাণীকান্ত কাকতি যেনেকৈ অসমীয়া ভাষাৰ অভিভাৱক সদৃশ, তেনেদৰেই প্ৰমোদ ভট্টাচাৰ্য বড়ো ভাষাৰ অভিভাৱক সদৃশ।

আমি যেতিয়া বি বৰুৱা কলেজত নতুনকৈ শিক্ষকৰ চাকৰিত সোমাইছিলো, তেতিয়া বি বৰুৱা কলেজ অসমৰ বিভিন্ন ভাষা আৰু সংস্কৃতি অধ্যয়নৰ কেন্দ্ৰীয় ঠাইৰ দৰেই আছিল। গধূলিৰপৰা নিশালৈ তাত এটা জ্ঞান চৰ্চাৰ আড্ডা হৈছিল। এই আড্ডালৈ নিয়মিত অহা ঘাই মানুহ কেইজন আছিল ড০ প্ৰফুল্ল দত্ত গোস্বামী, ড০ প্ৰমোদ ভট্টাচাৰ্য্য, ভৃগুমণি কাগয়ুং, ভবেন নাৰ্জী ডাঙৰীয়া আৰু দুই এজন।

বি বৰুৱা কলেজত উত্তৰ পূৱৰ বিভিন্ন ভাষা শিক্ষাৰ এক বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছিল। গুৱাহাটীৰ মানুহে বিশেষকৈ ছাত্র শিক্ষক চাকৰিয়াল বিষয়াসকল ইয়ালৈ আহিছিল বড়ো, ৰাভা, মিচিং, ডিমাছা, খাছী, নগা, মণিপুৰী আদি বিভিন্ন ভাষা শিকিবলৈ। নিশা বি বৰুৱা কলেজত এই অনুষ্ঠানত গোট খোৱা মানুহে নিজৰ মাতৃভাষাত কথা নকৈছিল। আনৰ মাতৃভাষাতহে কথা পাতিছিল।

এই কাৰ্যৰ গুৰি ধৰোতা আছিল ভট্টাচাৰ্য ছাৰ। আমি এই ভাষাসমূহত অলপ-অচৰপ কথা ক’ব পৰা হৈছিলোঁ‌। বি বৰুৱা কলেজত বড়ো শব্দ ‘খুলুমবাই’ সমূহীয়া সম্বোধনৰ ভাষা হিচাপে ব্যৱহাৰ হৈছিল।

ভট্টাচাৰ্য্য ছাৰৰ কথা লিখিব লাগিলে এখন বৃহৎ গ্ৰন্থ হ’ব। বি বৰুৱা কলেজ অগ্নি কাণ্ডত ভস্মীভূত হোৱাৰ সময়ত আমি এখন উপন্যাস লিখিছিলো, এই উপন্যাসখনৰ নায়ক আছিল ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য। এই উপন্যাসখন লিখিবলৈ তেখেতৰ সৈতে হোৱা আমাৰ অন্তৰংগ আলাপ আজিও আনন্দৰে স্মৰণ কৰো। তেখেতৰ দুখ-দাৰিদ্ৰ, প্ৰেম-যৌৱন, বিদ্যায়তনিক জীৱনৰ সকলো কথা আমাক আঁৰ-বেৰ নৰখাকৈ কৈছিল।

তেওঁ সদায় কয় এটা কথা— তেওঁ নলবাৰীৰ দীঘেলী গাঁৱৰ পৰা খোজ কাঢ়ি আহিছিল গুৱাহাটীলৈ উচ্চ শিক্ষা বিচাৰি। থাকিবলৈ ঘৰভাৰা কৰিবলৈ পইচা নাছিল বাবে উগ্ৰতাৰা মন্দিৰৰ পুৰোহিতৰ আলপৈচান ধৰি থকা-খোৱাৰ ব্যৱস্থা কৰিছিল। তেওঁ বি বৰুৱা কলেজত পঢ়িবলৈ আহিছিল ছাত্র বৃত্তিৰ বাবেহে, নহ’লে কটনতেই পঢ়িলেহেঁতেন। গোপীনাথ বৰদলৈয়ে তেওঁক পঢ়িবলৈ বৃত্তি নিদিয়া হ’লে তেওঁ কলেজত পঢ়িব নোৱাৰিলেহেঁতেন।

আজি এজন পুৰণি ছাত্ৰই আনন্দেৰে সুঁৱৰি ক’লে, তেওঁক হেনো কুকুৰৰ পুতেক বুলি প্ৰায়ে গালি পাৰিছিল। ভট্টাচাৰ্য্য ছাৰৰ গালি আৰু ধমকিৰে আপ্লুত নোহোৱা মানুহ গুৱাহাটী কিয়, অসমতো কম আছে।

ভট্টাচাৰ্য্য ছাৰৰ গালি খোৱা মানুহ বিদেশতো আছে। মই বি বৰুৱা কলেজৰ অধ্যক্ষ হৈ থাকোতে এদিন হংকং বিশ্ববিদ্যালয়ৰ এমেৰিটাছ প্ৰফেছৰ এজন আহিল। আমাৰ সমুখতে এই বিদশী অধ্যাপকক গালি দিলে, ইংৰাজী অসমীয়া উভয় ভাষতে। বিদেশী অধ্যাপকজনে ভট্টাচাৰ্য্য ছাৰৰ গালি হাঁহি হাঁহি শুনি থাকিল।

এইজন আন্তৰ্জাতিক খ্যাতি সম্পন্ন ভাষাবিদ, সংস্কৃতিবিদ, প্ৰচণ্ড মানৱীয় গুণ সম্পন্ন লোক ভট্টাচাৰ্য্য ছাৰে যি সমাদৰ লাভ কৰিব লাগিছিল, সেয়া নাপালে বুলি বহুতে মন্তব্য কৰে। আজি শ্মশানত তেখেতক  পুলিচ বিভাগে ৰাজ্যিক সন্মান যাচিলে যদিও এজনো মন্ত্ৰী শ্মশান বা ঘৰলৈ শ্ৰদ্ধাঞ্জলি যাচিবলৈ কিয় নাহিল বুলি বহুতে প্ৰশ্ন কৰিছে।

চৰকাৰে বা অইন প্ৰতিষ্ঠিত অনুষ্ঠানে তেখেতক দিবলগীয়াখিনি দিবলৈ কুন্ঠাবোধ কৰিলে যদিও অসমৰ ৰাইজে অসমৰ বিভিন্ন জাতি গোষ্ঠীয়ে তেখেতক হৃদয় উজাৰি মৰম-শ্ৰদ্ধা জ্ঞাপন কৰিছে।

আমি ব্যক্তিগত ভাৱে আজি আমাৰ অভিভাৱক হেৰুৱাইছো। অসমে হেৰুৱাইছে এজন মহীৰূহ পণ্ডিতক।

টুনুজ্যোতি গগৈৰ স্মৃতিচাৰণ

২০১০ চনত ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ ঘৰলৈ প্ৰথম বাৰৰ বাবে গৈছিলো৷ উদ্দেশ্য, অধিবক্তা কিৰণ কুমাৰ গগৈৰ কিতাপ এখনৰ পাতনি লিখিবলৈ অনুৰোধ কৰা৷ তেখেতে যথা সময়ত পাতনিখন লিখি দিছিল৷ তাত লিখা দুশাৰীমান বাক্য হ’ল—

‘‘‘অনন্ত পাৰ’ শব্দশাস্ত্ৰৰ অন্তৰ্গত মংগোলয়দ বা কিৰাত নৃগোষ্ঠীৰ কণ্ঠনিসৃতঃ তাই আহোম প্ৰমুখ্যে চীন তিববতীয় (তিববতী-চীনাবৰ্মী ভাষা পৰিয়ালৰ ভাষা-উপভাষা, সাহিত্য, সমাজ ইতিহাস সংস্কৃতিৰ অধ্যয়নৰ সুদীৰ্ঘ যাত্ৰাপথত ভাৰতীয় গণৰাজ্যৰ অসম অংগৰাজ্যত যিবোৰ অনুশীলন-চৰ্চা হৈছে, সেইবোৰৰ পঠন-পাঠন, গৱেষণা পৰ্যাপ্ত পৰিমাণে হোৱা নাই। পূৰ্বসুৰী দেশী-বিদেশী সুধী-পণ্ডিত, প্ৰশাসনীয় বিষয়া-ভ্ৰমণকাৰীসকলৰ অনুসন্ধিৎসা, পৰ্যবেক্ষণ, টোকা-বৃত্তান্ত আদিয়ে যুগে যুগে পৰৱৰ্তী তথা সমসায়িক গৱেষক-শিক্ষাৰ্থী-পাঠকসমাজক সমল যোগাই আছে আৰু প্ৰেৰণাৰ উৎস হৈ উৎসাহিত কৰি আছে। চীন-তিববতীয় ভাষা পৰিয়ালৰ বৰো প্ৰমুখ্যে ভাষা অধ্যয়নৰ আৰম্ভণি কৰি মংগোলয়দ (কিৰাত) নৃগোষ্ঠীৰ পৰিসৰ জানিবৰ বাবে যোৱা তিনি কুৰি বছৰ ধৰি পাৰ্যমানে চেষ্টা চলাই আছোঁ। শিক্ষাগুৰু-গৱেষণা গুৰু ডক্টৰ বাণীকান্ত কাকতি, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা দুয়োজনে মোক বৰো আৰু তাই ভাষা দুয়োটাকে অধ্যয়নৰ বাবে পোনতে পৰামৰ্শ দিছিল যদিও মই বৰো ভাষাকে সাৱটি ধৰিলোঁ আৰু তাই ভাষাটি অধ্যাপক দুলেশ্বৰ কোঁৱৰক ল’বলৈকে দিয়া হ’ল। অসম তথা ভাৰতীয় গণৰাজ্যৰ ইতিহাস অধ্যয়নত তাই-আহোমসকলৰ অন্যান্য অৱদানৰ বহুমুখী নিদৰ্শনবোৰ পূৰ্বৱৰ্তী পণ্ডিত-বিদ্বানমণ্ডলীৰ ৰচিত সম্পাদিত-সংকলিত গ্ৰন্থবোৰত ইতিপূৰ্বে কিছু পৰিমাণে প্ৰকাশিত হৈছে–এইক্ষেত্ৰত ড০ সূৰ্যকুমাৰ ভূঞা, বেণুধৰ শৰ্মা, ড০ পদ্মেশ্বৰ গগৈ, ড০ লীলা গগৈ আদিৰ উপৰি সাম্প্ৰতিক কালৰ ড০ যোগেন ফুকন, ড০ শৰৎ ফুকন, ড০ পুষ্প গগৈ, ড০ সত্যনাথ চেতিয়া আদিৰ লগতে অধিবক্তা কিৰণ কুমাৰ গগৈৰ ৰচনাৱলীৰ সৈতে পৰিচিত হ’বলৈ সুযোগ পাই জীৱন সাৰ্থক হোৱা বুলি অনুভৱ কৰিছোঁ। ’’

অসমৰ কিৰাত নৃগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ বিষয়ে নিৰলসভাবে অধ্যয়ন-গৱেষণা কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ একোচপৰা অমূল্য কৰাললৈ পৰিণত হোৱা ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ মৃত্যুত ব্যথিত হ’লো৷ তেখেতৰ আদৰ্শ নতুন প্ৰজন্মৰ শিক্ষাৰ্থী-গৱেষকসকলে আদৰি লোৱা উচিত৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে