চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / যুগমীয়া শৰাইঘাট৷৷ সূৰ্যকুমাৰ ভূঞা৷৷

যুগমীয়া শৰাইঘাট৷৷ সূৰ্যকুমাৰ ভূঞা৷৷

এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ’লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ’ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি-মৰক, ভঁূইকঁপ, ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসনকাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা সমাধান হ’লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্তে আৱশ্যক। অসমীয়াই যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে আৰু যাতে অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী হৈ শিপা মেলে।

মীৰজুমলা নবাবে জয় কৰি থৈ যোৱা গুৱাহাটী অসমে লোৱা বাৰ্তা শুনি আওৰংজেৱ পাদশ্যাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে অসম মাৰিবৰ কাৰণে। ৰামসিংহই কটকী পঠাই ক’লে– ‘ভাই লাচিত, আমাৰ লগত যুঁজ কৰিব পাৰিবা জানো· এই এটোপোলা আফুগুটি পঠিয়ালো ইয়াত যিমান গুটি, আমাৰ সৈন্যৰ সংখ্যাও তিমান।’ লাচিতে উত্তৰ দিলে,– ‘আফুগুটি পঠিয়াইছো, পটাত পিহিলে পানী হ’ব। মই এচুঙা বালি পঠিয়ালো। আমাৰ সৈন্যৰ এনয় লক্ষণ।”

কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক’লে, ‘ অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোৰ শটো থ’বা। নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা।’ লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যঁুজত ৰামসিংহ পৰাজিত হ’ল।

অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ’ল, ‘ধন্যৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত ! মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।’

শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভুকুতে পকা কল নাছিল। ইয়াৰ মূলত আছিল সুনিশ্চিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দনম, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ অাৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বিষবৃক্ষৰ গুৰিয়ে-শিপায়ে ঠালে-ঠেঙুলিয়ে উৎপাটন।

অকল যুদ্ধ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা-পাতিৰ যিমান প্ৰয়োজন, তাতোকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ।

লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল। সকলো সৈন্যৰ প্ৰাণ-মন যাতে কৰ্তব্যৰপৰা এক তিলো বিচলিত নহয়, তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষাৰ্থ কৰিছিল। কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোন প্ৰথম কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল– ‘যুদ্ধৰ কামত পাছ হুহুঁকিলে মই এই হেংদানেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।’ অসমৰ নিয়ম মতে স্বৰ্গদেৱেহে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকল্পৰ বিৰুদ্ধে অন্য সেনাপৰতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰপৰা ক’লে–‘ বৰফুকনৰ কথা মানি চলিলহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়।’ স্বৰ্গদেৱে বৰ কুঁৱৰীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে, বোলে, ‘ফুকনৰ কথাই মোৰ কথা।’

অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত। ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হ’ব পাৰে। ফেটীসাপ আৰু ছয় আঙুলীয়া খন্তীসাপ উভয়ে প্ৰাণনাশ কৰিব পৰে। প্ৰলোভন-সৰ্ৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে, সৰ্বনাশ সংঘটিত হ’ব। অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰাইছিল।

কটকী ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। পাছে ৰামসিংহই কটকীৰ হেঁপাহ দেখি সুধিলে, বোলে–‘অসমৰ উকীল, কি লাগে খোজ, মই দিওঁ।’ ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে, ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থ’লে।

শৰাইঘটীয়া সেনাপতি এজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামৃদ্ধৰ নাও। হাজৰিকাই ক’লে, মই নাচিম। ঢোল-মৃদংগ, খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰ। নাৱৰ বৈঠাৰপৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ ছেও দেখি বঙাল সৈন্য মচগুল হ’ল। এই ছেগতে কোৱাৰ নাওখন মূৰ ভিৰাই সাউৎকৰে আঁতৰি গ’ল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোতেই অসমীয়া নাও নিজৰ ঠাই পালেগৈ।

শৰাইঘাটৰ কাৰ্যপন্থা আৰু এটি কথাত অতুলনীয় আছিল। সৈন্য বাহিনীৰ কেইবাটাও অংগ-হাতী-ঘোঁৰা, নাও-নাৱৰা, অস্ত্ৰ-শস্ত্ৰ, চাউল-যোগনীয়া ইত্যাদি। ইয়াৰ প্ৰত্যেকে আনবোৰৰ সৈতে একে লগ হৈ এই উদ্দেশ্যত কাম কৰিব নোৱাৰিলে, তাৰপৰা বিষম বেমেজালি আৰু অনিষ্ট হয়। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আদেশ দিলে, বোলে ‘মোগলকে তুৰন্তে ধৰিব লাগে।’ ইফালে যুদ্ধ বা তাৰ অংগবোৰৰ আয়োজন বিশেষ একো নাই। মীৰজুমলাই ভাঙি থৈ যোৱা দেশখন বাতি আহিলা সংগ্ৰহ কৰি যুদ্ধৰ সন্মুখীন হ’বলৈ দিবলৈ লাগিব। সেই দেখি ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহায়ে আগ-পাছ সকলো কথা স্বৰ্গদেৱক বুজাই ক’লে। তাৰ পছত তিনি বছৰ আয়োজনৰ পাচতহে অসমে মোগলক পৰাস্ত কৰি গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিব পাৰিলে।

আলাৱৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ’বলগীয়া হৈছিল । লাচিতে ক’লে , বোলে, “মোৰ একোটা মানুহ, একোটা হাতী, আজি মই তেনে মানুহ দহ হাজাৰ হেৰুৱালো। এই কথা স্বৰ্গদেৱলৈ জনাই পঠাওঁ। বুঢ়াগোঁহাই ডাঙৰীয়াই লাচিতক হাক দি ক’লে, ‘বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা দহোটা শিঙিয়ে বিন্ধে। এইটো ৰণহে হৈছে। এই জানি দুই চাৰি লোক কিয় নপৰিব· এই কথা ৰজালৈ জনাবলৈ ভাল নহয়।’ সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকো আৱশ্যক হ’ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।

ৰামসিংহৰ লগত অসংখ্য সৈন্য আহিছে অসমক ধ্বংস কৰিবলৈ, তাকে চাই লাচিত বৰফুকেন খেদ কৰি ক’লে, বোলে, ‘মই ফুকনৰ দিনত এনে দশা হ’ল· মোৰ ৰজা ৰক্ষা হ’ব কেনেকৈ, ৰাইজ ৰক্ষা হ’ব কেনেকৈ· পাছলৈ বা ৰক্ষা হ’ব কেনেকৈ·’ ইয়াৰ অলপ পাছতে যুদ্ধ কৰিবলৈ সকলোকে আজ্ঞা কৰিলে। ৰাইজ, ৰজা, দেশ এই উক্তিয়েই হৈছে লাচিত বৰফুকনে কৰা জাতীয়বাদৰ সুন্দৰ বিশ্লেষণ। অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহৰিলেও এই বচন ফাকি যেন কেতিয়াবা নাপাহৰে।

(ডঃ সূৰ্যকুমাৰ ভূঞাই ১৯৫৬ চনত ‘লাচিত মেলা’ত দিয়া সভাপতিৰ ভাষণৰ সংক্ষিপ্ত আৰু পুনৰ্লিখিত ৰূপ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে