চ’ৰাঘৰ / কথাশিল্প / কোকিলৰ কবিতা৷৷ জুৰি বৰুৱা৷৷

কোকিলৰ কবিতা৷৷ জুৰি বৰুৱা৷৷

কোকিল শইকীয়াৰ মনলৈ ‘শুই থকা চহৰখনক জগাই দিয়াৰ কথা’ আহোঁতে, দিনবোৰৰ কুশল বাৰ্তাৰ ভুৱা বিজ্ঞাপন ছপাই থকা ৰাজনীতিৰ অন্তৰ্দ্বন্দ্বত আমিও ভুগি আছিলোঁ। আত্মজাহৰ প্ৰতি আমাৰ বিৰাগ, বাস্তৱলৈ পিঠি নিদি ‘ৰঙা’ মেঘৰ সৈতে আমাৰ যুক্তি-তৰ্ক-বিতৰ্ক-প্ৰতিবাদ এইবোৰত কেৱল ৰোমান্টিকতাই নাছিল। আছিল এক স্থিতিও— সমাজ নামৰ স্থিতি। কোকিলৰ কবিতাই কোৱাৰ দৰে আমিও ক’ব খুজিছিলো— ‘কোনে সহ্য কৰে ইমান অন্তৰ্দ্বন্দ্ব ?’

অথচ তাৰ ঠিক পাছতেই কবিয়ে যেতিয়া ক’লে —

‘শুই থকা চহৰখনক শুবলৈ দিয়া
কৰ্ষণ কৰা ভূমিৰ যাতনা’

তেতিয়া আমাৰ বাবে এই অন্তৰ্দ্বন্দ্বৰ পুৰণি কাহিনীবোৰ rhetoric একোটা হৈ ধৰফৰাই উঠিল। এখন শুই থকা চহৰত জাগি থকা মানুহ কোনবোৰ? যি সময়ত অফিচত উপস্থিত, জাতিধ্বংসী এখন বিধেয়কৰ নামত দিয়া অসম বন্ধৰ দিনটোতো? য’ত মহিলা মহিলাৰ বাবে সংৰক্ষিত আসনত বহি কাষৰ পুৰুষ আসনৰ চকুযোৰৰদ্বাৰা বিবস্ত্ৰা? য’ত নিজৰ ভূগোলক চিনাকি কৰি দিয়াৰ পৰিৱৰ্তে জোৰজবৰদস্তি শিশুবোৰৰ মুখত দেশপ্ৰেমৰ কোৰাছ? নে জাগি থকা মানুহ সেইবোৰ যিসকলে ‘ঘড়ীৰ কাঁইট ছিঙি আনি’ সময়ক সন্মান কৰিছে, য’ত ‘জননীৰ জৰায়ুত পাঠ কৰা বীৰ্যৰ আদি কথাত’ উপজা শিশুবোৰে ‘চহৰখনৰ সোঁহাতত ধৰি নদীমুখী পদ্য এটা মাতিছে’।

ইয়াৰ পাছত আৰু শুই থকা চহৰখনক জগোৱাৰ স্পৃহাক কোনো নাম দিব নোৱাৰিবনে ইতিহাসে? এই প্ৰশ্নৰ উত্তৰক লৈ কোকিল শইকীয়াৰ কবিতাত কোনো পৰীক্ষা-নিৰীক্ষা, নিৰ্মাণৰ নিয়ম মাফিকতা নাই। গভীৰ জীৱন উপলব্ধিৰ শৃংখলাৰ অবিহনে কোকিলৰ কবিতাত ‘মই বৰ’ ভাৱ নাই (যদিও সি মানুহটো বিশৃংখল)। এনে শৃংখলাই বহন কৰা সম্ভৱনা এটা প্ৰজন্মৰ সম্ভাৱনা। কোকিল শইকীয়াৰ কবিতা সেয়ে কেৱল কবিৰ কবিতা নহয়। এইবোৰ দৰাচলতে এটা প্ৰজন্মই স্মৃতি বিভ্ৰমত বিচাৰি ফুৰা, অৱচেতনভাৱে চেতনৰ চৰ্চা কৰা সঞ্চালনৰ কবিতা ।

একেটা কবিতাতে চহৰখনক শুবলৈ দি জগাবলৈ কোৱা কৌশল চমৎকাৰৰ পৰিৱৰ্তে এক বাস্তৱসন্মত পৰিপক্কতাৰ নাম বুলি ক’ব পাৰি যদিহে কোকিলে শ্ল’গানধৰ্মিতাৰ মোহ এৰি কবিতাক মানুহৰ ভাষালৈ উন্নীত কৰিব পাৰে। শেহতীয়াকৈ সেয়ে কোকিল শইকীয়াৰ একে নামৰ কবিতা সংকলনৰ কবিতাবোৰে জীৱনক লৈ যি এক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিছে, তাত চহৰ নিজেই এক বাজি। হাৰি অথবা জিকিও বাজিত মূৰ দোৱাবলগীয়া কোনো অপচন নাই। আছে মাথোঁ ধোঁৱাৰ মাজতো, আন্ধাৰ গলিতো, নিৰুত্তাপৰ দিনবোৰত কঁপি কঁপিও জীৱনক লৈ ৰচি থকা বাট একোটাৰ পূৰ্ব প্ৰস্তুতি ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে