চ’ৰাঘৰ / কথাশিল্প / কথকতা৷৷ ইন্দিৰা গোস্বামী৷৷

কথকতা৷৷ ইন্দিৰা গোস্বামী৷৷

শেষনিশাৰ কথকতা

কৃষ্ণপক্ষৰ শেষনিশা তৰাবোৰে আকাশত পোহৰৰ পোহাৰ মেলে ৷
নাৰিকল পাতত উলমি ৰোৱা
নিয়ৰৰ টোপালবোৰে চোতালত আল্পনা আঁকে৷

উদং বুকুৰ উমত সাধুবোৰে বিৰবিৰাই
স্বপ্ন নে দিঠক ঠাৱৰ কৰাৰ পৰা বিৰত থাকে সময়৷

পুৱতি নিশাৰ কথকতা

বাঁহৰ দৰ্জাখন খুলি চাঙঘৰৰ বাৰাণ্ডাত সাধুবোৰে পায়চাৰি কৰে৷
লাহে লাহে কুঁৱলীৰ অস্পষ্ট আৱৰণখন ফালি ৰ’দে ভুমুকি মাৰে৷

বনলতাই সাধুবোৰক অনুসৰণ কৰি
নামি আহি ৰৈ যায় শেৱালিৰ তলত৷
তলসৰা শেৱালিৰ বগা দলিচা
এযুগ পিছুৱাই বনলতা তন্ময় হৈ ৰয়৷

এপাহ দুপাহ একাঁজলি শেৱালি৷
ক’ত থ’ব?
ক’ত ল’ব?
সময় নিৰ্বিকাৰ
স্বভাৱতেই খেয়ালী বনলতা ক’ৰবাত হেৰাই যায়৷
সপোন নে দিঠক?
এলাৰ্মটো বাজি উঠে বনলতা ঘূৰি আহে দিঠকলৈ৷

সাধুবোৰ ?
সাধুবোৰক নিয়ন্ত্ৰণ কৰে সময়ে৷
সাধু, বনলতা সকলো সময়ৰ হাতৰ কাঠৰ পুতলা৷

মন গ’লে শ্বিচকিনক দিয়াৰ দৰে প্ৰাণ দিয়ে মনগ’লেই কাঢ়ি নিয়ে প্ৰাণ৷

দুপৰীয়াৰ কথকতা

আমৃত্যু প্ৰতিশ্ৰুতি
হাঁহি উঠা কাৰবাৰ৷
সময় নিৰ্বাক
সপোন দিঠক
বাস্তৱ অবাস্তৱ এইবোৰৰ অগোচৰে
সাধুবোৰ ক্ৰমশঃ হেৰাই যায়৷

পুনশ্চঃ
শেৱালিৰ সুঘ্ৰাণত বনলতা পাগলী হ’বৰ দিন হ’ল৷
সাধুবোৰ এতিয়া সময়ৰ ভৃত্য৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে