চ’ৰাঘৰ / হেমাংগ বিশ্বাস বিশেষ / বৰ্তমান পৰিস্থিতিত হেমাংগ বিশ্বাসৰ স্মৃতিচাৰণৰ প্ৰাসংগিকতা ৷৷ উদয়াদিত্য ভৰালী৷৷

বৰ্তমান পৰিস্থিতিত হেমাংগ বিশ্বাসৰ স্মৃতিচাৰণৰ প্ৰাসংগিকতা ৷৷ উদয়াদিত্য ভৰালী৷৷

অসমৰ গণ সাংস্কৃতিক আন্দোলনৰ ইতিহাসৰ এগৰাকী চিৰযুগমীয়া খ্যাতিৰ নেতা হ’ল, গণশিল্পী হেমাংগ বিশ্বাস। তেওঁৰ ঐতিহাসিক গুৰুত্বৰ অৱদানবোৰৰ বিষয়ে উল্লেখ নকৰাকৈ অসমৰ গণ সাংস্কৃতিক ইতিহাস সম্পৰ্কে কোনেও বস্তুনিষ্ঠ আলোচনা আগবঢ়াব নোৱাৰে। আধুনিক অসমৰ গণ সাংস্কৃতিক ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ নেতা তিনিগৰাকী হ’ল – জ্যোতিপ্ৰসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকা আৰু বিষ্ণু প্ৰসাদ ৰাভা। এই তিনিগৰাকীয়েই বিস্ময়কৰ ৰূপৰ সৃষ্টি প্ৰতিভাৰ গৰাকী। কিন্তু তেওঁলোক যদি মাথোন অতি চমৎকাৰ কলা-কৌশলৰ গৰাকীহে হ’লহেঁতেন, তেন্তে অতি জনপ্ৰিয় শিল্পী ৰূপকাৰহে তেওঁলোক হ’ব পাৰিলহেঁতেন। অসমৰ গণ সাংস্কৃতিক ইতিহাসৰ যুগজয়ী পুৰোধা তেওঁলোক হ’ব নোৱাৰিলহেঁতেন। তেওঁলোকক তেনে পুৰোধা হিচাপে গঢ়ি তুলিলে ভাৰতীয় গণনাট্য সংঘৰ মতাদৰ্শ আৰু সংগঠনে। ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা চালক আছিল গণশিল্পী হেমাংগ বিশ্বাস।

কুৰি শতিকাৰ চল্লিশৰ দশকৰ অন্তিম ভাগৰ পৰা ষাঠিৰ দশকৰ পাতনি কাললৈকে অসমৰ গণ সাংস্কৃতি আন্দোলনৰ ‘সোণালী যুগ’ চলিছিল। এই প্ৰক্ৰিয়াৰ মধ্যমণি আছিল– হেমাংগ দা। মাথোন জ্যোতি প্ৰসাদ, ভূপেনদা, বিষ্ণু ৰাভায়েই নহয়; ৰঘুনাথ চৌধাৰী, কেশৱ মহন্তৰ পৰা খগেন মহন্তলৈকে, ব্ৰজেন বৰুৱাৰ পৰা ৰমেন বৰুৱালৈকে, দিলীপ শৰ্মা-সুদক্ষিণা শৰ্মাৰ পৰা জয়ন্ত হাজাৰিকালৈকে, চৈয়দ আব্দুল মালিকৰ পৰা নলিনীধৰ ভট্টাচাৰ্যলৈকে, মঘাই ওজাৰ পৰা হীৰেন ভট্টাচাৰ্যলৈকে সেই কালৰ অসমৰ কত যে অতি প্ৰখ্যাত শিল্পী, সাহিত্যিক, বুদ্ধিজীৱীৰ দৃষ্টিভংগী গণনাট্য সংঘৰ সৈতে ঘটা সান্নিধ্যৰ পোহৰে গণমুখী কৰি তুলিছিল, সেই তালিকা অতি দীঘলীয়া।

হেমাংগদা যিহেতু ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল আৰু অসমত সংগঠনটো গঢ়ি তোলাত তেৱেঁই আগভাগ লৈছিল। এই সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল জ্যোতিপ্ৰসাদ আগৰৱালা (৫ মে, ১৯৪৭)। ১৯৫৫ চনত সভাপতিৰ দায়িত্ব কান্ধ পাতি লৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই, যি দায়িত্ব তেওঁ মৃত্যুৰ সময়লৈকে (২০ জুন, ১৯৬৯) পালন কৰিছিল। ড০ ভূপেন হাজৰিকা অসমত গণ নাট্য সংঘই পোখা মেলাৰ সময়ৰে পৰা সংঘৰ সৈতে জড়িত আছিল আৰু ১৯৫৫ চনত তেওঁ সংঘৰ এগৰাকী উপ সভাপতিৰ দায়িত্ব লৈছিল। হেমাংগদা নেতৃত্বাধীন ভাৰতীয় গণনাট্য সংঘৰ অসম শাখায়েই অসমৰ গণ সাংস্কৃতিক আন্দোলনৰ ‘সোণালী যুগ’ৰ সৃষ্টি কৰিছিল। সেয়ে হেমাংগদাৰ স্মৃতিচাৰণ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ বাবে বিশেষভাবে গুৰুত্বপূৰ্ণ। আনহাতে একোগৰাকী যুগন্ধৰ ব্যক্তি স্মৃতি চাৰণ এটা মাথোন আনুষ্ঠানিকতা নহয়। সেই স্মৃতি অনুপ্ৰেৰণাৰ উৎস আৰু সেই স্মৃতিয়ে দিয়ে উচিত দিক্ নিৰ্দেশনা। হেমাংগদা এনে এটা অঞ্চলৰ বাংলাভাষী পৰিয়ালত জন্মিছিল, যি অঞ্চলটো এতিয়া বাংলাদেশৰে অংগ। তেওঁ জীৱনত যৌৱন কালৰ কেইটামান বছৰহে অসমত কটাইছিল। অথচ অসমীয়া সজ্জন মহলে সম্পূৰ্ণ বস্তুনিষ্ঠতাৰে হেমাংদাক কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া কেইগৰাকীৰ এগৰাকী বুলি গণ্য কৰে। অসমৰ গণ সাংস্কৃতিক আন্দোলনৰ পুৰোধা বুলি স্বীকৃতি দিয়ে। কি যাদুৰ বলত হেমাংগদাই এই বিস্ময়কৰ গৰিমাৰ গৰাকী হ’ল?

বাংলাভাষী পৰিয়ালত জন্মিও আৰু জীৱনত মাথোন কেইটামান বছৰহে অসমত কটোৱা সত্ত্বেও হেমাংগদাই অসমীয়া সজ্জনৰ সমাজত এগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ বিৰল সন্মান লাভ কৰিবলৈ সক্ষম হ’ল তেওঁৰ গণমুখী বিপ্লৱী মতাদৰ্শৰ বাবে আৰু সেই প্ৰগতিশীল মতাদৰ্শক অসমৰ সমাজ জীৱনত, বিশেষকৈ গণ সাংস্কৃতিক জগতখনৰ নেতা-কৰ্মীসকলৰ মাজত বিয়পাই দিবলৈ প্ৰাণ-পনে চেষ্টা চলোৱাৰ বাবে। সেই প্ৰচেষ্টাত তেওঁ সফল হৈছিল। ইতহাসে যি গৰাকী জ্যোতিপ্ৰসাদ অথবা যি গৰাকী ভূপেন দাক অসমৰ সাংস্কৃতিক ইতিহাসৰ চিৰ যুগমীয়া খ্যাতিৰ যুগশ্ৰেষ্ঠ নেতা হিচাবে স্বীকৃতি দিলে, তেওঁলোকে সেই স্কীকৃতি মাথোন নিজ কলা-কৌশলগত চমৎকাৰিত্বৰ বাবেই পোৱা নাই। তেনে স্বীকৃতিৰ বাবে অতি উচ্চখাপৰ প্ৰতিভাৰ গৰাকী হোৱাৰ লগতে গণমুখী মতাদৰ্শৰ প্ৰতি নিষ্ঠাবানো হ’ব লাগিব। (বৰ্তমানে অসমত নিজকে বিষু্ণ প্ৰসাদ ৰাভা, অথবা ড০ ভূপেন হাজৰিকাৰ স্তৰৰ বুলি ভবা আৰু ৰাইজৰ পৰা সেই স্বীকৃতি আশা কৰা শিল্পী নথকা নহয়, যাৰ প্ৰতিভাও অতি উচ্চখাপৰ। কিন্তু মতাদৰ্শগত দিশত যেতিয়ালৈকে তেনে শিল্পী‘ জনতাৰ শিল্পী’ হ’ব নোৱাৰিব, জনতাৰ শোষণ মুক্তিৰ সংগ্ৰামৰ পক্ষত দৃঢ় ভাবে থিয় দিব নোৱাৰিব; তেতিয়ালৈকে সেই শিল্পীয়ে তেনে আশা কৰাটো আকাশ কুসুম কল্পনা মাথোন।) জ্যোতিপ্ৰসাদৰ যুগমীয়া সৃৃষ্টি ৰাজিৰ অধিকাংশ ৰচিত হৈছিল জীৱনৰ শেষ পাঁচ বছৰত, যেতিয়া হেমাংগদাৰ বিশেষ উদ্যোগত তেওঁ গণনাট্য সংঘৰ মতাদৰ্শ গ্ৰহণ কৰিছিল। ভূপেনদাৰ যুগমীয়া সৃষ্টি ৰাজিৰ অধিকাংশ ৰচিত হৈছিল কুৰি শতিকাৰ সত্তৰ দশকৰ সামাৰণিলৈ, যেতিয়া তেওঁৰ সৃষ্টিৰাজিত গণনাট্য সংঘৰ মতাদৰ্শই বিশেষ প্ৰভাব পেলাইছিল। ভূপেনদাক এই পৰিক্ৰমাৰ পাতনি কালত মতাদৰ্শগত দিক্ নিৰ্দেশনা দিছিল হেমাংগদাই । তেওঁলোকৰ দ্বৈত নিবেদন ‘হাৰাধন-ৰংমন’ অসমীয়া গণ সাংস্কৃতিৰ আন্দোলনৰ এক যুগমীয়া সৃষ্টি। বিষ্ণু প্ৰসাদ ৰাভা যিহেতু গণনাট্য সংঘৰ সৈতে জড়িত হোৱাৰ পূৰ্বে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ (RCPI) নেতা আছিল, সেয়ে গণ সাংস্কৃতিক আন্দোলনৰ সৈতে তেওঁ আগৰ পৰাই জড়িত আছিল। RCPI এৰি অহাৰ পাছতো তেওঁ গণ সাংস্কৃতিক কাম-কাজবোৰ পূৰা দমে চলাই থাকিব পাৰিছিল গণনাট্য সংঘৰ জৰিয়তে আৰু আৰম্ভণিতে এই দিশত প্ৰয়োজনীয় সুবিধাখিনি কৰি দিছিল হেমাংগদাই।

অসমীয়া জাতীয় জীৱনলৈ হেমাংদাই আগবঢ়োৱা অতুলনীয় আৱদান মাথোন আনৰ ব্যক্তিত্বত প্ৰগতিশীলতাৰ বিকাশ ঘটাত সহায় কৰাতেই সীমাবদ্ধ নাছিল; তেওঁ নিজ সৃষ্টিৰেও অতুলনীয় অৰিহণা এই দিশত আগবঢ়াই গৈছে। হেমাংগদাই মাথোন বিহু ঢোলৰ যাদুকৰ মঘাই ওজাক অসমৰ ঘোকোট গাঁৱত আবিস্কাৰ কৰি তেওঁৰ জৰিয়তে অসমীয়া ঢোলক ভাৰত তথা বিশ্ববাসীক মাথোন চিনাকিয়েই কৰি দিয়া নাছিল, অসমীয়া ঢোলক বিপ্লৱী সাংস্কৃতিক আন্দোলনৰ এপাত চোকা অস্ত্ৰও কৰি তুলিছিল। বিহু সংস্কৃতিয়ে সন্মানীয় জাতীয় সংস্কৃতিৰ স্বীকৃতি লাভত কুৰি শতিকাৰ ষাঠি আৰু সত্তৰৰ দশকত হেমাংগদাই লিখা পাণ্ডিত্যপূৰ্ণ তথা ক্ষুৰধাৰ লিখনিমূহৰ ঐতিহাসিক ভূমিকা আছে।

ভূপেনদাৰ যুগজয়ী সৃষ্টি ‘মানুহে মানুহৰ বাবে’ ৰচিত তথা পৰিৱেশিত হৈছিল ১৯৬০ চনত ভাষিক সংঘাতে বিধবস্ত কৰা অসমত মানবীয় প্ৰমূল্যৰ প্ৰাধান্য পুনৰ প্ৰতিষ্ঠা কৰি সামাজিক শান্তি-সম্প্ৰীতি ৰাজ্যখনলৈ ঘূৰাই আনিবলৈ হেমাংগদাৰ নেতৃত্বত গণনাট্য সংঘই চলোৱা প্ৰচেষ্টাই সৃষ্টি কৰা পৰিৱেশত। সেই ‘সম্প্ৰীতি যাত্ৰা’তেই ভূপেনদা-হেমাংগদাই ৰচনা কৰি দ্বৈত কেণ্ঠৰে পৰিৱেশন কৰিছিল ‘হাৰাধন-ৰংমন’, যিটো অসমীয়াত ৰচিত সম্প্ৰীতি-সমন্বয়ৰ শ্ৰেষ্ঠ গীতকেইটাৰ এটা। জ্যোতিপ্ৰসাদক অমৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লোবা তেওঁৰ ‘শিল্পীৰ পৃথিৱী’খন অবিকৃত ৰূপত আজি আমি পাইছে একমাত্ৰ হেমাংগদাৰ বাবে। ‘জ্যোতি ৰচনাৱলী’ৰ প্ৰথম সংস্কৰণত এই অমৰ সৃষ্টিৰ ওপৰত যি সম্পাদনাৰ কেচি চলোৱা হৈছিল, তালৈ প্ৰথমে আঙুলিয়াই দিছিল হেমাংগদাই। তেনে মহান অসমীয়া তথা অসমপ্ৰেমীৰ স্মৃতিচাৰণ আজিৰ বৃহত্তৰ অসমীয়া জাতীয় জীৱন মহাসংকটত পৰাৰ আৰু বৈধ অসমবাসীৰ মাজত গা কৰা অনৈক্য-সংঘাতৰ পৰিস্থিতিত কিমান গুৰুত্বপূৰ্ণ সেইটো দেখ দেখ কৰে ওলাই আছে।

লগে লগে প্ৰশ্ন উঠে – হেমাংগদা আছিল ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সদস্য, যি কমিউনিষ্ট আন্দোলন বৰ্তমানে দেশত জামৰি পৰিছে। হেমাংগদাই প্ৰগতিশীলতাৰ বাণী বিলাইছিল ভাৰতীয় গণনাট্য সংঘৰ জৰিয়তে, যি সংগঠনটো সম্প্ৰতি ইমানেই দুৰ্বল হৈ পৰিছে যে তাৰ অস্তিত্বৰ বিষয়ে ৰাইজে খুব কমহে জানে। তেনে পৰিস্থিতিত হেমাংগদাৰ চিন্তা তথা কৰ্মৰাজিৰ স্মৃতিচাৰণ আজি কিমান প্ৰাসংগিক হৈ আছে?

এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ কেইটামান বিষয়লৈ চকু দিলেই ওলাই পৰে। এতিয়াও যদি কমিউনিষ্ট আন্দোলন শক্তিশালী হৈ থাকিলহেঁতেন, তেন্তে গণ সাংস্কৃতিক আন্দোলনৰ বাবে পৰিস্থিতি যে অধিক সুবিধাজনক হ’লহেঁতেন, সেইটো সঁচা। কিন্তু কমিউনিষ্ট পাৰ্টিৰ অৱস্থা দুৰ্বল হ’লেই যে গণ সাংস্কৃতিক আন্দোলনক শক্তিশালী কৰিব পৰা নাযায়, তেনে কোনো কথা নাই। পাৰ্টিৰ অৱস্থা কি হ’ব, সেইটো নিৰ্ভৰ কৰে পাৰ্টিৰ সদস্যসকলৰ ওপৰত। গণ সাংস্কৃতিক আন্দোলনক সতেজ কৰিব পৰা যায় নে নাযায়, সেইটো নিৰ্ভৰ কৰে পৰিস্থিতিৰ ওপৰত। বৰ্তমান দেশত ধৰ্মীয় ফেচিবাদে মূৰ দাঙি উঠিব ধৰিছে। সামাজ্যবাদী লুণ্ঠনে দেশৰ ওপৰত হানি আছে মৰাত্মক আঘাত। শ্ৰমজীৱী ৰাইজৰ ওপৰত চলিছে দেশী শাসক-শোষকৰ নিৰ্মম শোষণ লুণ্ঠন।

এই পৰিস্থিতিত সমাজৰ গণতন্ত্ৰীসকলক সংগঠিত কৰি গণতান্ত্ৰিক-দেশপ্ৰেমিক আন্দোলন এই কুশক্তিবোৰৰ বিৰুদ্ধে গঢ়ি তোলাটোৱেই প্ৰগতিশীলসকলৰ প্ৰধান কৰ্তব্য হৈ পৰিছে। গণ সাংস্কৃতিক আন্দোলনৰ প্ৰধান দায়িত্ব হ’ল এই গণতান্ত্ৰিক দেশপ্ৰেমিক আন্দোলনক শক্তিশালী কৰাত সহায় কৰাটো। তাৰ বাবে কমিউনিষ্ট আন্দোলন শক্তিশালী হৈ থাকিব লাগিব বুলি কোনো চৰ্ত নাই। হেমাংগদাই নেতৃত্ব দিয়া গণ সাংস্কৃতিক আন্দোলনত ভাগ লোৱাসকলৰ অধিকাংশই পাৰ্টিৰ সদস্য নাছিল, গণতন্ত্ৰীহে আছিল। তেনে ব্যক্তিৰ অভাৱ আজিও হোৱা নাই।

তদুপৰি, গণনাট্য সংঘ অতি দুৰ্বল হৈ পৰিছে সেই সংগঠনৰ সদস্যসকলৰ দুৰ্বলতাৰ বাবে। কিন্তু যি মানবীয় তথা গণতান্ত্ৰিক প্ৰমূল্যৰ ভিত্তিত গণনাট্য সংঘ গঢ়ি উঠিছিল আৰু সেই প্ৰমূল্যবোৰৰ গুৰুত্ব আজিও পূৰামাত্ৰাই আছে। গণনাট্য সংঘ যদিও অতি দুৰ্বল হৈছে, কিন্তু তাৰ দ্বাৰা প্ৰদৰ্শিত মতাদৰ্শগত পথক সাৰথি কৰি একে চৰিত্ৰৰ অনেক গণ সংগঠন আজিও ক্ৰিয়াশীল হৈ আছে। ‘বৌদ্ধিক বিচাৰে’ই তেনে এটা উদাহৰণ।

এই বাস্তৱেই স্পষ্টভাবে সকীয়াইছে আজিৰ পৰিস্থিতিত হেমাংগদাৰ স্মৃতিচাৰণ হৈ পৰিছে অতি প্ৰাসংগিক। কাৰণ হেমাংগদাৰ চিন্তা তথা কৰ্মৰাজিৰ পৰা ল’ব লগা শিক্ষা প্ৰগতিশীল মহলে লৈ আছে। সংগঠনৰ আৰু সংগঠকৰ নাম সলনি নিশ্চয় হৈছে, কিন্তু মতাদৰ্শৰ গুৰুত্ব একেই আছে। শোষকৰ শোষণ-নিষ্পেষণক উচ্ছেদ কৰিব নোৱাৰা পৰ্যন্ত এই গুৰুত্ব থাকিব। ইতিহাসৰ স্পষ্ট সকীয়নি— শোষকৰ শোষণ-নিষ্পেষণক শীঘ্ৰে উেচ্ছদ কৰা, নহ’লে সেই লুণ্ঠনে ধৰিত্ৰী ধবংস কৰিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে