চ’ৰাঘৰ / সমকাল / জীৱন-ৰোগ-দেশ : ত্ৰয়োবৃত্তাৱৰ্তত হেমাংগ বিশ্বাস৷৷ গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য৷৷

জীৱন-ৰোগ-দেশ : ত্ৰয়োবৃত্তাৱৰ্তত হেমাংগ বিশ্বাস৷৷ গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য৷৷

এজন ব্যক্তিক জানিবলৈ, বুজিবলৈ ব্যক্তিগৰাকীক সোঁশৰীৰে লগ পোৱাৰ বা অন্য ধৰণে সান্নিধ্য লভাৰ কিছু কিছু ক্ষেত্ৰত প্ৰয়োজন নহ’বও পাৰে, যদিহে তেওঁ বিভিন্নজনলৈ লিখা আৰু বিভিন্নজনে তেওঁলৈ লিখা চিঠি বা তাৰ প্ৰতিলিপি কেনেবাকৈ পোৱাৰ সুবিধা মিলে। তেওঁক বুজাৰ অন্য এটা উপায়ো আছে–সেইটো হ’ল ব্যক্তিগৰাকীৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ সামগ্ৰিক চাৰিত্ৰিক বৈশিষ্ট্য আৰু জীৱনদৰ্শন কিছু পৰিমাণে জ্ঞাত হোৱাটো। ই আমাক ব্যক্তিগৰাকীৰ বৌদ্ধিক মনন, অৱধাৰিত সাংস্কৃতিক দৃষ্টিভংগী, জনগণ-কল্যাণকাৰী হৃদয়ৰ উমান দিয়ে। ৰচনাৱলী বা আত্মজৈৱনিক প্ৰকাশতো কেতিয়াবা কিছু কৃত্ৰিমতা পৰিলক্ষিত হ’ব পাৰে, কিন্তু চিঠি-পত্ৰত সেই সম্ভাৱনীয় কৃত্ৰিমতাৰ স্থান নাথাকে। কাৰণ চিঠি এখন লিখাৰ সময়ত সেইখন কেতিয়াবা প্ৰকাশৰ বাটত যাব পাৰে বুলি ভাবি কোনেও নিলিখে। গতিকে চিঠিয়ে এজন ব্যক্তিৰ বাহিৰৰ পৰিস্ফুট ভাবাদৰ্শ আৰু ভিতৰৰ সত্তাক একেলগে বিচাৰি পোৱাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

মানুহৰ সম্ভাৱনীয়তাৰ পৰিধি অতি বিশাল। কিন্তু আমি বেছিভাগেই সেই সম্ভাৱনীয়তাৰ উমান নোপোৱাকৈয়ে জীৱনপাত কৰোঁ–ভাবোঁ জীৱনটো যেন অনন্তকাললৈ চলি থাকিব। এয়া মানৱ জীৱন-পথৰ এক ডাঙৰ অভিশাপ। বিশাল সময়ৰ বুকুত জীৱনৰ পথ চমু বুলি ভাবি, আপ্ৰাণ চেষ্টাৰে জীৱনৰ ৰস চেপি উলিয়াই তাৰ নিৰ্যাস সমাজত বিয়পোৱাৰ ব্ৰতত ব্ৰতী নিষ্ণাত ব্যক্তিসকলৰ অন্যতম আছিল হেমাংগ বিশ্বাস।

অলপতে উপস্থিত থকা (প্ৰসংগক্ৰমে হেমাংগ বিশ্বাসৰ কথা ওলোৱা) সভা এখনৰ কথা মনত পেলায়ে মোৰ সংগ্ৰহত থকা হেমাংগ বিশ্বাস ৰচনাৱলীখন উলিয়াই চাবলৈ ল’লোঁ। কিতাপ পঢ়াৰ সাধাৰণ অভ্যাসৰ বশৱৰ্তী হৈ ভূমিকাৰ চাৰি পৃষ্ঠা পঢ়িয়ে শেষ পৃষ্ঠাৰ ফালে পাত লুটিয়ালোঁ। তাতে পৰিশিষ্ট শিতানৰ চিঠি-পত্ৰভাগত চকু ফুৰাওতে দুটামান শাৰীত মন আৱিষ্ট কৰি স্তম্ভিত হ’লোঁ আৰু তাত থকা চিঠিখিনিৰ পাঠ গো-গ্ৰাসে গিলিবলৈ ল’লোঁ। সেই কথাখিনিকে বিষয়বস্তু হিচাপে লৈ আজিৰ এই লেখাত উল্লেখ কৰাৰ প্ৰয়াস কৰা হ’ল। কিন্তু চিঠিৰ পাঠখিনিৰ হুবহু উদ্ধৃতি নিদি তাৰ ভাববস্তু নিজৰ কথাৰে উল্লেখ কৰিলে সেই চিঠিৰ অন্তৰ্নিহিত মৰ্মভাগ উপলব্ধি কৰাত অসুবিধা হ’ব পাৰে বুলি ভাবি বিশেষ শাৰী আৰু দফাংশ উদ্ধৃত কৰাৰ প্ৰয়াস কৰিলোঁ। চিঠিৰ সংখ্যা খুব কম। মুঠ বাৰ (১২) খন মানহে হ’ব।

হেমাংগ বিশ্বাসে লিখা চিঠিৰ পৰা—

১২।৪।১৯৪৮ তাৰিখে চিলঙৰ লাবানৰ পৰা জ্যোতিপ্ৰসাদলৈ ইংৰাজীত লিখা চিঠিখনৰ কিয়দাংশ—

‘…..My health since then is worsening day by day and doctor has strictly prescribed complete rest and nutritious diet and some medicine and Calcium injection. I am now almost confined to bed. I think I shall be able to pickup soon if I follow the prescription. But I am terribly short of money. If you do not help me it will be impossible for me to undergo the treatment. I intend to stay at shillong for two months. But the present financial condition does not permit me to stay a day more….Have you seen my review of the film ‘Siraj’ in Natun Asom. It really a successful hit. If you send any M.O, please remit to Mr. Bijon Roy, Laban, Shillong. Don’t address to me as I remain elsewhere hence there will be difficulty……’

কলিকতাৰ পৰা ৰঘুনাথ চৌধাৰীলৈ (তাৰিখৰ উল্লেখ পোৱা নগ’ল)—

‘….আপোনাৰ শক্তি মাথোন কাব্যৰ মাজতেই নহয় কামৰ মাজতো, আজিৰ দিনা ই দুৰ্লভ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুৰ পাছত অসমত প্ৰগতিশীল সংস্কৃতি আন্দোলনৰ শলিতা জ্বলাই ৰখাৰ ভাৰ আপোনাৰ ওপৰতেই পৰিছে বুলি মই ভাবিছোঁ। মোৰ অৱস্থাৰ খবৰ আপুনি পাইছে হ’বলা। দুৰন্ত ব্যাধি, সংগ্ৰাম আৰু অভাৱ-অনাটনৰ কোপত মোৰ স্বাস্থ্য অচল হৈ পৰিছে। তথাপি অসমত অলপতে উভতি আহি অসমৰ সংস্কৃতি আন্দোলনৰ হকে জীৱনৰ শেষ ডোখৰ নিয়োগ কৰাৰ সংকল্প কৰিছোঁ।

অহা এপ্ৰিল মাহৰ দুইৰ পৰা সাত তাৰিখলৈ সদৌ ভাৰত শান্তি সংস্কৃতি সন্মিলন কলিকতাত পতা হৈছে। তাত ভাৰতৰ সকলো প্ৰদেশৰ পৰাই আনকি পৃথিৱীৰ ভালেমান দেশৰ বিখ্যাত শিল্পী-সাহিত্যিকে যোগদান কৰিব। ইমান ওচৰতে এনেকুৱা ঐতিহাসিক অনুষ্ঠানত অসমৰ পৰা যদি এটা Cultural Squad আৰু delegation যোগদান কৰিবলৈ নাহে তেন্তে আমাৰ নিচেই লাজৰ আৰু দুখৰ কথা। ….অসমৰ শান্তি আন্দোলন নিচেই জুৰু¸লা হৈ আছে; তথাপি আপুনি চেষ্টা কৰিলে গাঁৱৰ পৰা নিভাঁজ অসমীয়া বিহু নাইবা ওজাপালি আদিৰ এটা দল, Organised কৰি আনিব পাৰিব।…’

বৈষয়িক সুখ-স্বাচ্ছন্দ্যই বহুতো প্ৰতিশ্ৰুতিসম্পন্ন ব্যক্তিৰ জীৱন ধ্বংস কৰে, স্তিমিত কৰে। হেমাংগ বিশ্বাস আছিল বিশেষ ব্যতিক্ৰম। ৰোগগ্ৰস্ত শৰীৰ, অতিশয় অৰ্থসংকট, সংগ্ৰাম, ডাক্তৰৰ জিৰণীৰ কাঢ়া নিৰ্দেশ সত্ত্বেও চিলঙত নিৰ্দিষ্ট ঠিকনাবিহীন কালযাপন অথচ তাৰ মাজতো তেওঁৰ সৃষ্টিশীলতাৰ প্ৰকাশ–এইবোৰ যেন সাধাৰণ দৃষ্টিত এক মিলাব নোৱৰা অংক। অসমীয়া ভাষা-সাহিত্য-শিল্প-সংস্কৃতিৰ প্ৰতি তেওঁৰ আছিল প্ৰগাঢ় অনুৰক্তি। কিমান অনুৰক্ত হ’লে, (বঙালী হৈও) ইমান প্ৰতিবন্ধকতাৰ মাজতো অসমীয়া সাহিত্য-শিল্প-সংস্কৃতিৰ উত্তৰণত জীৱনপাত কৰাৰ সংকল্প ল’ব পাৰে চিঠিৰ পাঠ (text)ৰ পৰা সহজে অনুমেয়।

কলিকতাৰ কাৰ্ণানী হাস্পতালৰ পৰা ১৬-৩-৬৮ তাৰিখে পদ্ম বৰকটকীলৈ লিখা চিঠিৰ আংশিক পাঠ এনে ধৰণৰ—

‘কিছুদিন হ’ল মই এই হাস্পতালত থকা।….ডাক্তৰৰ ভাষাত মোৰ অসুখটোৰ নাম চাইটিচ্ মোলাইটিচ্ জাতীয় ভয় খুৱাই দিয়া নাম। সাধাৰণ ভাষাত মোৰ কিড্নিত Stone হৈছে। অহা মঙলবাৰে ১৯ তাৰিখে অপাৰেচন কৰি মোৰ বাওঁফালৰ কিড্নিটোকে কাটি উলিয়াই পেলোৱাৰ সিদ্ধান্ত লৈছে চাৰ্জনে। মোৰ এই বয়স আৰু স্বাস্থ্যত এনেকুৱা এটা ডাঙৰ অপাৰেচন–সেয়ে বলিৰ পাঠাৰ দৰে দিন গণিছোঁ।….মোৰ Brain fatigueৰ কাৰণে পঢ়াৰ শক্তিও কম।…(পদ্ম বৰকটকীৰ কে’বাখনো কিতাপৰ বিস্তৰ বিশ্লেষণ)।…’
উপেন্দ্ৰ বৰকটকীলৈ কলিকতাৰ পৰা ২৮।৩।১৯৭৫ তাৰিখে লিখা চিঠিৰ ক্ষুদ্ৰাংশ—

‘….কেইবাদিনো হ’ল Infective Hapatities বা জণ্ডিছ ৰোগত আক্ৰান্ত হৈ মই নৰীয়া পাটীত পৰি আছো।….মোৰ এখন কিতাপ ‘আকৌ চীন চাই আহিলো’ উলিওৱাৰ যো-জা চলিছে। তাৰ কাৰণেও অসুস্থ অৱস্থাতেই মই অলপ ব্যস্ত থাকিব লগা হৈছো। ….(বিহুৰ বিষয়, চীনৰ বিষয়….আৰু অন্যান্য।….’

১-৮-৮৭ তাৰিখে কলিকতাৰ পৰা ৰবীন্দ্ৰ সৰকাৰলৈ বাংলাতে লিখা চিঠিৰ আশিংক পাঠ—

‘….আমাৰ বাৰ্দ্ধক্য ও স্নায়ৱিক দুৰ্বলতা আমাৰ লেখা-পঢ়াৰ শক্তিকে অত্যন্ত সীমায়িত কৰে ফেলেছে। কোলকাতায় দুঃসহ গৰম ও লোডশ্বেডিং মিলে আমাকে শয্যাশায়ী কৰেছিল একমাসেৰ উপৰ। এখনো প্ৰচণ্ড শ্বাসকষ্ট ভুগছি। Chest specialist আমাৰ X-ray Plate দেখে বললেন আমাৰ ডান ফুঁসফুঁসটা Deadজ্ব একেবাৰে নিষ্ক্ৰিয়। সক্ৰিয় হবাৰ আৰু কোনো সম্ভাৱনা নেই। কাজেই আমাৰ একটা ফুঁসফুঁস দিয়ে কাজ কৰতে হচ্ছে। সেটাও পূৰা সুস্থ নয়। কাজেই বুঝতে পাৰছ?….(কিতাপ, সাহিত্য-সংস্কৃতি, জ্যোতি-বিষ্ণু-ফণী, প্ৰসেনজিৎ, বিভূৰ কথা, সংগীতৰ কথা, IPTA ৰ কথা……)।

গণনাট্য সংঘৰ নেতৃত্ব লৈ গণশিল্পী হেমাংগ বিশ্বাসে পঞ্চাশ-ষাঠিৰ দশকত অসমত যি সাংস্কৃতিক আেলোড়নৰ সৃষ্টি কৰিছিল তাৰ সহযোগীসকলৰ অন্যতম আছিল ড০ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ প্ৰথম গীতৰ পুথি ‘জিলিকাব লুইতৰে পাৰ’ গণনাট্য গুৱাহাটী শাখাৰ হৈ তেৱেঁই প্ৰকাশ কৰিছিল ১৯৫৫ চনত। পাতনিত তেওঁ ভূপেন হাজৰিকাৰ গীতৰ ভূমিকাৰ মূল্যায়ন কৰিছিল এনেদৰে— ‘…জ্যোতিপ্ৰসাদৰ ‘ৰোমান্তিক’ স্বদেশিকতাক ভূপেন হাজৰিকাই ‘সমাজতান্ত্ৰিক’ বাস্তবতাৰ দূুৱাৰডলিলৈ তুলি আনিলে।….আজিৰ প্ৰতিভাই কেৱল গণ-মানসৰ ৰূপকাৰ হৈয়ে যুগ প্ৰৱৰ্তনকাৰী হ’ব পাৰে। গণনাট্য সংঘ এই গণ-মানসৰ বাহন। সেয়েই ভূপেন হাজৰিকা আজি গণনাট্য সংঘৰ গুৰি ধৰোঁতাসকলৰ এজন।’ সাংস্কৃতিক বাহিনীৰ যোগেদিও ভূপেন হাজৰিকাৰ লগ লাগি হেমাংগ বিশ্বাসে বিশেষ জটিল পৰিস্থিতিতো গীত লিখি সুৰ আৰু কণ্ঠেৰে শান্তিৰ বাণী বিলাইছিল ৰাইজৰ মাজত। হাৰাধনৰূপী হেমাংগ বিশ্বাস আৰু ৰংমনৰূপী ভূপেন হাজৰিকাৰ কণ্ঠৰ সেই হৃদয়বিদাৰক গীতটিৰ মিলিত কণ্ঠৰ শেষাংশ–
‘তুমি নাচ বিহু নাচ আমি দিব তালি
ঐক্যতানে মিলে যাব বিহু-ভাটীয়ালী।
দেশক আবাৰ গড়বো মোৰো মৰম ঢালি।’ নিশ্চয়কৈ এই ক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ।

১৯৬০ চনৰ ৫ আগষ্ট তাৰিখে কলিকতাৰ পৰা হেমাংগ বিশ্বাসলৈ (হেমাংগদা সম্বোধনেৰে) ইংৰাজীত লিখা ভূপেন হাজৰিকাৰ চিঠিখনৰ মাজৰ দুটি মাত্ৰ বাক্য–‘….The storm has swept away many of our leaves from the book of cultural unity and understanding, we wrote, since so many years! We must Collect them without delay…..’ য়ে ড০ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ মাজৰ সাংস্কৃতিক এনাজৰীডাল কিমান নিগুঢ় আৰু নিকপ্কপীয়া আছিল তাক সহজে অনুমান কৰিব পাৰি।

৬-৪-৮৩ ত ‘জিৰণি’, কলিকতাৰ পৰা পৰমানন্দ মজুমদাৰলৈ চিঠিত লিখিছিল–‘….অসমৰ জ্বলন্ত জুইৰ চেকা মোৰ বুকুতেও লাগিছে।….তোমাৰ চিঠিয়ে মোক বেছি আলোড়িত কৰি তুলিছে, বৃদ্ধ বয়স, জুৰুলা স্বাস্থ্য তথাপি মই সঁহাৰি নিদিয়াকৈ থাকিব নোৱাৰিলোঁ।….(বিহুৰ কথা, অসমৰ বিভিন্নজনৰ কথা, ১৪ এপ্ৰিল ব’হাগ বিহুৰ দিনা বিমানেৰে গুৱাহাটীলৈ অহাৰ কথা….)।’

১৯৮৬ ত শৰৎ চন্দ্ৰ নেওগলৈ লিখা চিঠিত তেওঁৰ Prostrate Gland ৰ Operation আৰু চিকিৎসাৰ কথাও উল্লেখ পোৱা যায়। তেওঁৰ অন্য এখন চিঠিত- দেহ আৰু মস্তিষ্কৰ অৱসাদ নামি আহিছে যদিও চিন্তাৰ প্ৰখৰতা স্তিমিত হোৱা নাই বুলি উল্লেখ কৰা কথা সঁচাকৈ চিন্তনীয়। ‘সুস্থ দেহত সুস্থ মন’ আপ্তবাক্যাষাৰ অসাৰ প্ৰতিপন্ন হোৱা যেন নালাগেনে বাৰু বিশ্বাসৰ ক্ষেত্ৰত?

চিঠিৰ পাঠৰ মূল্যায়ন আৰু বিশ্লেষণ কৰাৰ গুৰুত্ব বিবেচিত হোৱাৰ লগতে চিঠিৰ লগত সংস্পৃক্ত উল্লেখনীয় দিশটো হ’ল এই যে উত্তৰ হিচাপে দিয়া প্ৰায়বোৰ চিঠিৰ জন্যে প্ৰেৰিত ব্যক্তিয়ে হেমাংগ বিশ্বাসলৈ একোটাকৈ টিকট লগোৱা খালী লেফাফা চিঠিৰ লগত পঠিয়াই দিছিল। ইয়াৰ দ্বাৰা তেওঁ যে তীব্ৰ আৰ্থিক সংকটত ভুগি আছিল সেয়া বুজা যায়।

শেষত মঘাই ওজা আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ যথাক্ৰমে ১০-৯-৭৪ আৰু ১৭-৬-৮০ তাৰিখে হেমাংগ বিশ্বাসলৈ লিখা চিঠি দুখনৰ সংক্ষিপ্ত উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। মঘাই ওজাই তেওঁৰ পত্নী বিয়োগৰ খবৰ জনাই লিখিছিল–‘….চাউলৰ কিলোত চাৰি টকালৈকে হৈছে। মোৰ এতিয়া কোনো পিনে এক পইচা ওলোৱাৰ বাট নাই। মৃতকৰ কাম-কাজ কৰাৰো উপায়েই পোৱা নাই।….খেতিও ভাল নাই, খোৱাৰো বৰ অভাৱ।…মোৰ কোনো বেমাৰ ব্যাধি নাই। মোৰ শৰীৰ ভালেই আছে।…’

এয়া শিল্পীৰ মৰ্মন্তুদ জীৱন-গাথা, শিল্পীৰ দীনতাৰ অকপট প্ৰকাশ। ই নিশ্চয় এক বিশেষ আত্মিক সম্পৰ্কৰো চানেকি। দুখন বিপৰীত ছবি–মঘাই ওজাক আৰ্থিক দীনতাই কোঙা কৰিছিল যদিও তেওঁৰ শৰীৰ ভালেই আছিল, কোনো বেমাৰ-আজাৰ নাছিল। সামগ্ৰিক তুলাচনীত নানি ইফালে আৰ্থিক দৈন্য আৰু ৰোগেৰে পৰিপূৰ্ণ জীৱন আছিল হেমাংগ বিশ্বাসৰ।

একেদৰে প্ৰতিমা বৰুৱা পণ্ডেয়ো চিঠিৰে হেমাংগ বিশ্বাসৰ ওচৰত তেওঁৰ ব্যক্তিগত জীৱনৰ নানা কথা, মাটিয়াবাগৰ কথা, গৌৰীপুৰৰ জামিদাৰীৰ ভগ্নাৱস্থাৰ কথা, গানৰ কথা, ভাষাৰ কথা, সৰ্বোপৰি ভূপেনদাৰ কথাও প্ৰকাশ কৰিছিল। ইয়াৰ মাজত নিশ্চয়কৈ এটা শৈল্পিক-সাংস্কৃতিক টান পৰিস্ফূট হৈ উঠিছিল। হেমাংগ বিশ্বাসৰ ১৯৮৭ চনৰ ২২ নৱেম্বৰত ৭৫ বছৰ বয়সত দেহাৱসান ঘটিছিল। সুদীৰ্ঘ সংগ্ৰামী জীৱনকাল সামৰাৰ আগমুহূৰ্তত সংগ্ৰামী দুখ বা অৱসাদগ্ৰস্ততাই যে তেওঁৰ মনত বেজাৰ দিছিল সেই কথা ১-৮-৮৭ তাৰিখে ৰবীন্দ্ৰ সৰকাৰলৈ লিখা চিঠিত প্ৰকাশ কৰি গৈছে। সেই চিঠিতে তেওঁৰ জীৱনাৱসানৰো আগতীয়া ইংগিত দি গৈছিল আৰু কৈছিল— ‘আসাম দুটা IPTA হ’লো। আমি গভীৰ দুঃখিত। আমি বৰ্তমান কোনো পাৰ্টিতেই নেই। তাবলে আমি আমাৰ মাৰ্ক্সবাদী দৃষ্টি বিসৰ্জন দিতে পাৰিনা। কিন্তু এখানে এজন্য আমি হয়েছি ব্ৰাত্য। ইতিহাস সত্য–কখনো কখনো ব্ৰাত্য হয়। আমি সহ্য কৰে আছি। যাহোক চেষ্টা চালিয়ে যেও একটা IPTA (ভাৰতীয় গণনাট্য সংঘ) যেন হয়।’

হেমাংগ বিশ্বাসৰ দ্বাৰা প্ৰেৰিত আৰু প্ৰাপ্ত চিঠিখিনিৰ সূক্ষ্ম বিচাৰ-বিশ্লেষণ কৰিলে তেওঁৰ স্বৰূপ আৰু সামগ্ৰিক সত্ত্বাক বুজিবলৈ সহজ হ’ব। ৰোগে শৰীৰৰ গতিক কিছু পৰিমাণে স্তিমিত কৰিলেও চিন্তাৰ গতিক ৰোধ কৰিব নোৱাৰে। শাৰীৰিক স্তিমিতিক আওকাণ কৰিবলৈহে যেন চিন্তাৰ গতি পূৰ্বৰ গতিতকৈ বৃদ্ধি পায়। অৱশ্যে ই পূৰ্ব নিৰ্ধাৰিত নহয় নাইবা অৱধাৰিতো নহয়; ইয়াক লাভ কৰিবলৈ লাগিব দেশাত্মবোধৰ জাগৰূক শক্তি আৰু কাম কৰাৰ তীব্ৰ বাসনা। বৈষয়িক সুখ-স্বাচ্ছন্দ্যৰ স্বাভাৱিক প্ৰৱণতাই হেমাংগ বিশ্বাসক মুঠেই স্পৰ্শ কৰিব পৰা নাছিল। সৃষ্টি, ৰোগ, দেশাত্মবোধৰ তীব্ৰতাৰ চক্ৰত পৰি উজ্জ্বলতৰ হোৱা এক আকৰ্ষণীয় অথচ দুৰূহ-বহুমুখী আৰু ব্যতিক্ৰমী চৰিত্ৰ আছিল হেমাংগ বিশ্বাস।

এটা মন্তব্য

  1. ৰাজীৱ কুমাৰ দত্ত |

    অতি সুন্দৰ লেখা | পঢ়ি যথেষ্ট উপকৃত হ’লোঁ | এইগৰাকী মহান গণশিল্পীৰ বিষয়ে পঢ়ি থাকিলে পঢ়ি থাকিবলৈ মন যায় | আমি তেখেতৰ আদৰ্শেৰেই পৰিচালিত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছোঁ |

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে