চ’ৰাঘৰ / সমকাল / হেমাংগ বিশ্বাস : এক অবিস্মৰণীয় শিল্পীসত্ত্বা৷৷ ডঃ পৰমানন্দ মজুমদাৰ৷৷

হেমাংগ বিশ্বাস : এক অবিস্মৰণীয় শিল্পীসত্ত্বা৷৷ ডঃ পৰমানন্দ মজুমদাৰ৷৷

আজিৰ অসমৰ সাংস্কৃতিক পৰিৱেশত হেমাংগ বিশ্বাসক স্মৰণ কৰাটো বহুতৰ বাবে বিস্ময়কৰ কথা যেনেই লাগিব। কিয়নো হেমাংগ বিশ্বাসে যি পৰম নি¸ষ্ঠা আৰু আদৰ্শৰে অসমৰ মাটিত সংস্কৃতিৰ ভেটি নিৰ্মাণ কৰিছিল, সি আজি ভাগি পৰিছে। আজিৰ অসমৰ মাজত সেই নিষ্ঠা আৰু আদৰ্শ বিচৰাটো বৰ কষ্টসাধ্য।

পিছে এজন ব্যক্তিৰ ভূমিকা নিৰ্ণয় কৰে ইতিহাসে, হেমাংগ বিশ্বাসকো তথাকথিত শিক্ষিত সমাজখনে ফু মাৰি নাইকিয়া কৰিব নোৱাৰে। ইতিহাসে তেওঁক নিৰ্দিষ্ট স্থানত ঠাই দিছে। হেমাংগ বিশ্বাস কেৱল এজন প্ৰতিভাধৰ শিল্পী-সাহিত্যিকেই নাছিল, তেওঁ আছিল এজন বিচক্ষণ সাংস্কৃতিক কৰ্মী– তেওঁৰ ব্যক্তিসত্ত্বা আৰু চিন্তাৰ মাজত নাছিল কোনো বিৰোধ। এক অভিন্ন মানুহ হৈ তেওঁ মানুহৰ মাজত বিচৰণ কৰিছিল।

হেমাংগ বিশ্বাসৰ মাতৃভাষা আছিল বাংলা, কিন্তু অসমীয়া ভাষা আৰু সংস্কৃতিত তেওঁ নিজকে এনেদৰে বিলীন কৰি দিছিল যে অসমীয়া তেওঁৰ ওচৰত সদায় ঋণী হৈ থাকিব। জ্যোতিপ্ৰসাদকে ধৰি বহু শিল্পীৰ মূল্যায়নত হেমাংগ বিশ্বাসে আগভাগ লৈছিল। বহু শিল্পীক আন্তৰ্জাতিক মঞ্চলৈ উলিয়াই লৈ গৈছিল। জ্যোতিপ্ৰসাদৰ মানসিক উত্তৰণতো তেওঁৰ অৱদান কম নাছিল। অসমীয়া ৰাইজ তেওঁৰ ওচৰত এইকাৰণে ঋণগ্ৰস্ত যে জ্যোতিপ্ৰসাদৰ ৰচনাত অশুভ শক্তিয়ে যি চেঞ্চৰ কৰিছিল, তাকো অসমীয়াৰ ওচৰত প্ৰথম উদঙাই দিছিল তেৱেঁই। জ্যোতিপ্ৰসাদৰ নাম লৈ আকাশ-বতাহ কঁপোৱা ‘অসমীয়া জাতীয়তাবাদ’ৰ প্ৰবক্তাসকল আৰু অসমীয়া বিদ্বৎ সমাজখনে অজিও তাৰ বাবে মুকলিকৈ হেমাংগ বিশ্বাসক স্বাগতম জনোৱা নাই।

হেমাংগ বিশ্বাসৰ সংস্কৃতিৰ চিন্তাৰ শিপাডাল আছিল মাটি মানুহৰ হৃদয়ত। সেয়ে আজিও তেওঁৰ চিন্তাই আমাৰ সাংস্কৃতিক কৰ্মী তথা শিল্পীসমাজক আকৰ্ষণ কৰে। হেমাংগ বিশ্বাসে গভীৰ অন্তৰ্দৃষ্টিৰে লোকসংগীত, লোকসংস্কৃতি আৰু গণ সংস্কৃতিৰ বিশ্লেষণ কৰি গৈছে। গণনাট্য সংঘৰ আদৰ্শৰে জীপাল তেওঁৰ মনটোৰে এই মূল্যায়ন কৰাৰ প্ৰয়াস কৰিছিল তেওঁ। তেওঁৰ মতে, লোকসংগীত গুৰুমুখী নহয় আৰু বিদ্যালয়মুখীও নহয়। ঘৰত বহি ৰেওৱাজ বা অনুশীলন কৰি লোকসংগীত আয়ত্ত কৰিব নোৱাৰি। তেওঁৰ ধাৰণাত এটা বিে¸শষ অঞ্চলৰ জনসমাজৰ জীৱনৰ লগত দীৰ্ঘকালৰ আইডেনটিফিকেচন– লোকসংগীত চৰ্চাৰ বাবে প্ৰয়োজন অৰ্থাৎ লোকসংগীতৰ ষ্টাইলটি আঞ্চলিক জীৱন ধাৰাৰ পৰা উদ্ভূত। আঞ্চলিকতা যে লোকসংগীত বা লোকসংস্কৃতিৰ ঘাই সম্পদ তাক তেওঁ উল্লেখ কৰি কেতবোৰ সামাজিক-ৰাজনৈতিক তথা অৰ্থনৈতিক দিশ¸লৈ আঙুলিয়াইছে, যিবোৰৰ লগত লোকসংস্কৃতিৰ বিকাশৰ নিগূঢ় সম্পৰ্ক আছে। তেওঁ কৈছে যে আমাৰ দেশত আঞ্চলিকতাবাদৰ বিকাশ হ’বলৈ প্ৰত্যেক জাতি-উপজাতি, অথবা ক্ষুদ্ৰ জাতিসমূহ স্ব-অধিকাৰেৰে প্ৰতিষ্ঠিত হ’ব লাগিব। তেতিয়াহে নিজ নিজ সাংস্কৃতিক স্বতন্ত্ৰতাক লৈ ভাৰতীয় লোকসংগীতৰ বৰ্ণাঢ্য মালাধাৰি পোৱা যাব। তেওঁৰ ধাৰণাত এই বন্ধনহীন বিকাশেই লোকসংগীতৰ আঞ্চলিক বৈশিষ্ট্য হেজাৰ গুণে বিকশিত কৰি তুলিব। লোকসংগীত সদায় পৰিবৰ্তনশীল। কিন্তু এই পৰিবৰ্তন বাহিৰৰ পৰা কোনোৱে কৰিবলে গ’লে সি বিচ্যুত আৰু বিকৃত হৈ পৰে। লোকজীৱনৰ লগত যুক্ত শিল্পীয়ে এক সামগ্ৰিক স্বীকৃতি আৰু অনুমোদনৰ মাজেৰে অলক্ষে আৰু অসচেতনভাৱে সেই পৰিৱৰ্তন ঘটায়। তেওঁ কৈছে, বাহিৰৰ পৰা কোনো শিক্ষিত সুৰকাৰে নিজ খুচিমতে লোকসংগীত সংস্কাৰ কৰাৰ অধিকাৰ নাই। এই প্ৰেক্ষাপটত তেওঁ লোকসংগীতৰ বিকৃতকৰণ তথা সংকটৰ কথালৈ আঙুলিয়াইছে। আচলতে যি গণজীৱনৰ নিত্য-নৈমিত্তিক কৰ্মকাণ্ডৰ পৰা লোকসংগীতৰ প্ৰবাহটি আহিছে, সেই ধাৰাৰ পৰা চহৰৰ শিক্ষিত সমাজৰ ক্ৰমবৰ্দ্ধমান বিচ্ছিন্নতাই হ’ল হেমাংগ বিশ্বাসৰ ধাৰণাত লোকসংগীতৰ সংকটৰ মূল। আচলতে কৃষিনিৰ্ভৰ সমাজত ধনতান্ত্ৰিক অৰ্থনীতিয়ে সৃষ্টি কৰা চৰম দুৰ্যোগৰ বাবেই লোকসংগীতত অহৰহ বিকৃতিৰ অনুপ্ৰৱেশ ঘটিছে।

গণসংগীত সম্পৰ্কে আমাৰ ধাৰণা ধুঁৱলী-কুঁৱলী। হেমাংগ বিশ্বাসে লিখিছে যে গণ সংগ্ৰামৰ চেতনাৰ দ্বাৰা উদ্বুদ্ধ লোকসংগীতৰ ধাৰাটি গণসংগীতৰ অন্তৰ্গত, কিন্তু গণসংগীত মানেই লোকসংগীত নহয়। গণসংগীতৰ অৰ্থ অনেক বেছি ব্যাপক। তেওঁ কৈছে, স্বদেশ চেতনা দেশাত্মবোধ চেতনা যেতিয়া গণচেতনাত মিলিত হৈ শ্ৰমিক শ্ৰেণীৰ আন্তৰ্জাতিক ভাবাদৰ্শৰ সাগৰত মিলেগৈ, সেই মোহনাতেই জন্ম হয় গণসংগীতৰ।

হেমাংগ বিশ্বাসে কৈছে, সংস্কৃতি সমাজৰ দাপোণ মাথোঁ নহয়, সংস্কৃতি ৰূপান্তৰৰ অস্ত্ৰও। এই ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰ শিল্পচিন্তাৰ একোটা সুৰত বন্ধা তেওঁৰ চিন্তাও। কাৰণ জ্যোতিপ্ৰসাদেইতো কৈছিল– ‘ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ।’

‘সংগীত আৰু স্বদেশিকতা’ বোলা এটি প্ৰবন্ধত হেমাংগ বিশ্বাসে বিশ্ববিখ্যাত ছোভিয়েট সংগীতকাৰ ভি. মুৰাদেলীৰ এটি উদ্ধৃতি দি কৈছে – আজিৰ পৃথিৱীত দুই মতাদৰ্শৰ সংগ্ৰাম চলিছে। অগ্ৰগামী সমাজতন্ত্ৰৰ আৰু ক্ষয়িষ্ণু ধনতন্ত্ৰৰ। এই দ্বন্দ্ব শিপ্লকলা আৰু সংগীতৰ ক্ষেত্ৰত বেছি তীব্ৰ আৰু জটিল হৈ উঠিছে। অত্যন্ত সুপৰিকল্পিত আৰু সংঘবদ্ধতাৰে সাম্ৰাজ্যবাদী দেশবিলাকে তেওঁলোকৰ গণ পৰিৱেশনাৰ মাধ্যমবোৰ এই সংগ্ৰামত নিয়োজিত কৰি আছে। মুুৰাদেলীয়ে এই কথাও কৈছিল, লোকসংগীত আৰু ধ্ৰু¸পতী সংগীতৰ পৰাই নতুন সৃষ্টিৰ ৰসো সংগ্ৰহ কৰিব লাগিব।

হেমাংগ বিশ্বাসে লিখিছে – অৰ্থনীতি, ৰাজনীতি আৰু সংস্কৃতিৰো মূল কথা হৈছে শোষক আৰু শোষিত, শ্ৰমকাৰী আৰু পৰশ্ৰমজীৱী তথা শাসক আৰু শোষিতৰ মাজত দ্বন্দ্ব-সংঘাত। কিন্তু এটা কথা মন কৰিবলগীয়া যে অৰ্থনৈতিক বা ৰাজনৈতিক সংঘাত যেনেকৈ স্পষ্ট আৰু পোনপটীয়া, তেনেকৈ সাংস্কৃতিক সংগ্ৰাম স্পষ্ট আৰু পোনপটীয়া নহয়। কেতিয়াবা ই অতি সূক্ষ্ম আৰু জটিল। কিন্তু তথাপি শ্ৰেণী সমাজৰ সাংস্কৃতিক বিচাৰ-বিশ্লেষণ চালনিৰে চালি-জাৰি চালে এই শ্ৰেণী সংগ্ৰামেই সংস্কৃতিৰো মৰ্মকথা হিচাপে ওলাই পৰে। শ্ৰেণী বিভক্ত সমাজত কোনেও শ্ৰেণী সংঘাতৰ হাত সাৰিব নোৱাৰে। শ্ৰেণী স্বাৰ্থ নিৰপেক্ষ কোনো চিন্তা থাকিব নোৱাৰে। শোষক-শোষিতৰ সংঘাতে কেতিয়াবা ধৰ্মীয়, কেতিয়াবা জাতীয়, কেতিয়াবা বৰ্ণসংঘাতৰ ৰূপ লয়; কিন্তু মূলতঃ তাৰ স্বৰূপ হ’ল শ্ৰেণী সংগ্ৰাম।

শিল্প-সংস্কৃতি মতাদৰ্শগত সংগ্ৰামবিহীন নহয়। হেমাংগ বিশ্বাসে সেয়ে শিল্প-সংস্কৃতিত মতাদৰ্শগত সংগ্ৰামৰ বিষয়টো এক জৰুৰী বিষয় হিচাপে তুলি ধৰিছিল। তেওঁ কৈছিল, জনগণৰ জনা-শুনা পৰিচি ত আৰু সহজ-সৰল ভাষা আয়ত্ত কৰাত অপৰিহাৰ্য। এইখিনিতে দলীয় ৰাজনীতিৰ প্ৰসংগও তেওঁ উত্থাপন কৰিছে। তেওঁ কৈছে, সংস্কৃতি-আন্দোলনক খুব ধৰা-বন্ধাভাৱে পাৰ্টি লাইনেৰে বিচাৰ কৰিলে এক ধৰণৰ অতি সৰলীকৰণ আহি পৰিব পাৰে, যদিও এই কথা ঠিক যে শেষ বিচাৰত পাৰ্টি লাইনক গুৰুত্ব দিবই লাগিব। সলিল চৌধুৰীৰ পশ্চিমীয়া orchestration- ৰ জ্ঞানক তেওঁ শলাগিছিল। কিন্তু তেওঁৰ formation-ৰ প্ৰতি আকৰ্ষণক হেমাংগ বিশ্বাসে সমালোচনা কৰি কৈছিল যে সলিল চৌধুৰীয়ে গণ সংগীতত জাতীয় ঐতিহ্য হেৰু¸ৱাই cosmopolitanism-ৰ দিশে ঢাপলি মেলিছে। হেমাংগ বিশ্বাসৰ এই মন্তব্যৰ তাত্ত্বিক ভিত্তি আছিল ষ্টালিনৰ সেই উক্তি – ‘International in content, national in form-ৰ।

সংস্কৃতি ৰাজনৈতিক আন্দোলনৰো শক্তিশালী অস্ত্ৰ হ’ব পাৰে। এই কথা আলোচনাৰ মাজলৈ আনি হেমাংগ বিশ্বাসে এই কথালৈ আঙুলিয়াইছে যে মাৰ্ক্সবাদী চেতনাৰে পুষ্ট শ্ৰমিক আন্দোলনৰ নেতাসকলেও বহু সময়ত ‘সংস্কৃতি’ৰ এই বিৰাট ভূ্মিকা উপলব্ধি কৰিব নোৱাৰি ইয়াক ‘দুখ কষ্ট পাহৰি দুঘণ্টাৰ বাবে আনন্দ’ কৰাৰ মাধ্যম হিচাপে গণ্য কৰে। হেমাংগ বিশ্বাসে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, এই নেতাসকলে যিটো আনন্দৰ কথা বুলি ভাবিছে সেই আনন্দৰ মাজত যে আচলতে তেওঁলোকে বুৰ্জোৱা ভাৱধাৰা সুৰাপান কৰি নিচাগ্ৰস্ত হয়– এই বিশ্লেষণ তেওঁলোকে নকৰে। তেওঁ ইয়াকো কৈছে যে শ্ৰমিকসকলৰ ভিতৰত যিসকল শ্ৰেণী সচেতন আৰু আগবঢ়া, তেওঁলোকেও আকৰ্ষণীয় আংগিকৰ কৌশল ভেদ কৰি নাটক বা চলচিত্ৰৰ মূল বক্তব্যৰ বিচাৰ কৰাত ভুল কৰে; যেন প্ৰেক