চ’ৰাঘৰ / সমকাল / হেমাংগ বিশ্বাস : গণ সংস্কৃতিৰ সুযোগ্য প্ৰতিনিধি ৷৷ অজিত কুমাৰ ভূঞা৷৷

হেমাংগ বিশ্বাস : গণ সংস্কৃতিৰ সুযোগ্য প্ৰতিনিধি ৷৷ অজিত কুমাৰ ভূঞা৷৷

‘অপসংস্কৃতিৰ বিৰুদ্ধে কেৱল মাথোঁ চিঞৰ-বাখৰ কৰি থাকিলে নহ’ব। গণ সংস্কৃতিৰ দ্বাৰা তাক মোকাবিলা কৰিব লাগিব।’— হেমাংগ বিশ্বাস

যাৰ বিষয়ে লিখিবলৈ লৈছো, কাল-কালান্তৰৰ সেইজন নায়কৰ তথা কেইটামান বাক্য বা এটা নিবন্ধৰে জানো শেষ কৰিব পাৰি! সেইজন মনীষীক আৱেগভৰা কেইটামান শব্দ আৰু বাক্যৰে অঞ্জলি যাচিও শ্ৰদ্ধা নিবেদন কৰা সম্ভৱ নহয়। হেমাংগ বিশ্বাসৰ দৰে যুগপৎ নায়ক এজনক, কালান্তৰৰ সমাজ প্ৰহৰী এজনক শব্দৰে জনাব নোৱাৰি শ্ৰদ্ধা; ভাষাৰে স্মৰণ কৰা প্ৰায় অসম্ভৱ, বিশ্লেষণ কৰাটোও প্ৰায় অসম্ভৱ। কাৰণ মানুহজন আছিল সমাজৰ এক জটিল ক্ষণৰ ক্ষয় নোযোৱা তীখা তীক্ষ্ণ অনিৰ্বাণ আদৰ্শ। এক কথাত ক’বলৈ গ’লে এক অম্লান, অভ্ৰভেদী আদৰ্শ শিখা আছিল হেমাংগ বিশ্বাস। বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল হেমাংগ বিশ্বাস। এফালে শিল্পী, গীতিকাৰ-সুৰকাৰ; আনফালে অপসংস্কৃতিৰ বিৰুদ্ধে অক্লান্ত যোদ্ধা। ৰাজনৈতিক সচেতন এগৰাকী শিল্পী। এফালে এগৰাকী বিচক্ষণ সমাজ সংগঠক; আনফালে এগৰাকী বিশুদ্ধ মাৰ্ক্সবাদী। হেমাংগ বিশ্বাসৰ গীত, বিভিন্ন বিষয়ৰ ওপৰত চিন্তানিষ্ঠ বিশ্লেষণ, তেওঁৰ গ্ৰন্থসমূহৰ ওপৰত আলোকপাত কৰিলে শিল্পীগৰাকীৰ প্ৰতিভাৰ উমান পোৱা যায়। গণ সংগীতৰ ক্ষেত্ৰখনক জীপাল কৰা এই বৰেণ্য শিল্পীগৰাকীৰ জীৱনটোৱেই আছিল এক সংগ্ৰাম। ৰুগীয়া শৰীৰেৰে হেমাংগ বিশ্বাসে গণনাট্যৰ যি বাট কাটিছিল, সেয়া উত্তৰ পুৰুষৰ বাবে সদায় অনুপ্ৰেৰণা হৈ আছে আৰু থাকিব।

ভাবি ভাল লাগে যে এই যুগনায়ক, ত্ৰিকালজ্ঞ শিল্পী-লেখক-গৰাকীৰ সৈতে যোৱা শতিকাৰ ’৮০ৰ দশকটোৰ আৰম্ভণিতে মোৰ ব্যক্তিগত সান্নিধ্য গঢ়ি উঠিছিল। মই তেতিয়া ‘অসম বাণী’ত চাকৰি কৰো; সম্পাদক তিলকদাই (তিলক হাজৰিকা) বহুত দায়িত্ব দিছে। এইখিনিতে কৈ লোৱা ভাল হ’ব যে হেমাংগ বিশ্বাসৰ চীন সম্পৰ্কীয় গ্ৰন্থবোৰ পঢ়ি শেষ কৰিছো আৰু চীন ভ্ৰমণ কৰি লেখা কথাবোৰে মোৰ মন-মগজু আলোড়িত কৰি তুলিছে আৰু অধিক জানিবৰ বাবে আগ্ৰহী কৰি তুলিছে। চীনা ভাষাৰ ওপৰতো বিশেষ দখল আছিল হেমাংগ বিশ্বাসৰ। লোক- সংস্কৃতিৰ সম্পৰ্কত তেওঁৰ গৱেষণা আৰু ‘কুল খুৰাৰ চোতাল’ৰ দৰে কবিতাই মোক বাৰুকৈয়ে আকৃষ্ট কৰিছে। মানুহজনক আৰু জনাৰ মন, এবাৰ লগ পোৱাৰ মন! হেমাংগ দাই ‘অসম বাণী’ত প্ৰকাশিত মোৰ প্ৰতিবেদনসমূহ নিয়মীয়াকৈ অধ্যয়ন কৰি সম্পাদক তিলক হাজৰিকালৈ চিঠি লিখিছিল। হেমাংগদাৰ পৰা প্ৰশংসা পাই স্বাভাৱিকতে মই উৎসাহিত হৈ পৰিছিলো। নতুন প্ৰেৰণা লাভ কৰিছিলো, সাংবাদিকতাৰ ক্ষেত্ৰখনত অধিক মননশীল তথা বিভিন্ন বিষয়ত আলোকসন্ধানী লেখা যুগুতোৱাৰ বাবে। সি যি নহওক, ৰাজ্যখনৰ এক জটিল সন্ধিক্ষণত হেমাংগ বিশ্বাস অসমলৈ আহি আছিলহি পৰ্যটন বিভাগৰ টুৰিষ্ট ল’জত। লগ পাবলৈ গ’লো, কোঠাটোত বহুত মানুহ। দুটামান কথা পাতি ‘অসম বাণী’ত লিখিবৰ বাবে অলপ সময় বিচাৰিলো। ক্ষীণকায় মানুহজনৰ ব্যক্তিত্ব তথা মধুৰ ব্যৱহাৰে মোক মুগ্ধ কৰিলে। সহজ-সৰল ভাষাৰেই কৈ গ’ল বহু জটিল কথা। মাজে মাজে সঘনাই চাহ-বি¦³¨ট। সাংঘাতিক গ্ৰেষ্ট্ৰ’ এন্টাইটিছ, দুবাৰমান চীনত অস্ত্ৰোপচাৰো হৈছে। তথাপি ক্লান্তি নাই, নাই জিৰণি। সুধিলত ক’লে, –‘মাও-চে-টুং টনিক বুজিছা। মাও চে টুং টনিক। মাৱে কৈছিল, অসুখৰ বিৰুদ্ধেও সংগ্ৰাম কৰিব পাৰিব লাগিব; শ্ৰেণী সংগ্ৰাম। যুঁজি আছো।’ ‘অসম বাণী’ত লিখিলো কিছু কথা। ভাল পালে অনেকেই। হেমাংগ বিশ্বাস সম্পৰ্কীয় দুই-এটা সংকলনত প্ৰকাশ পাইছে সাক্ষাৎকাৰ ভিত্তিত লেখা সেই প্ৰতিবেদন। গতিকে সকলো কথা ইয়াত উল্লেখ নকৰো, মাথোঁ কওঁ যে অসমৰ সেই সময়ৰ পৰিস্থিতিত তেওঁ যথেষ্ট চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছিল। ভূপেন দাৰ ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ গানটোৰ বিষয়ে উল্লেখ কৰি ক’লে,–‘এনে গানৰ এতিয়া খুব প্ৰয়োজন। এয়া কেৱল এটা গান নহয়, এয়া ইতিহাস। ভূপেনে এটা গানেৰে যি কথা ক’লে, আমি পৃষ্ঠা পৃষ্ঠা লিখিও সেই কথা ক’ব নোৱাৰো, প্ৰকাশ কৰিব নোৱাৰো। বুজিছা অজিত, ভূপেনৰ পক্ষেহে এই কাম সম্ভৱ।’ মই শুনি গ’লো দুয়োজন শিল্পীৰ অতীতৰ কিছু কথা।

হেমাংগ বিশ্বাসৰ প্ৰতিটো খোজত বিচাৰি পোৱা যায় আদৰ্শনিষ্ঠাৰ উমান। প্ৰকৃত মাৰ্ক্সবাদী এজনে যে কেতিয়াও কোনো পৰিস্থিতিতে আপোচৰ পথ গ্ৰহণ নকৰে, সেই কথা তেওঁ দেখুৱাই থৈ গৈছে। তেওঁৰ সৃষ্টিৰাজিত সদায়ে আছিল পৰিৰ্বতনৰ চিন্তা। সমাজ পৰিৱৰ্তনৰ বাবে, শোষণহীন, শ্ৰেণীহীন সমাজ এখনৰ বাবে সদায় যুঁজ দি গৈছিল হেমাংগ বিশ্বাসে। তেওঁৰ গীত, তেওঁৰ কবিতা আছিল শোষিত-নিষ্পেষিত জনগণৰ মুক্তিৰ বাবে প্ৰস্তুত কৰা তীক্ষ্ণ হাতিয়াৰ। অসমৰ মাটিৰ সুৰক নজৰুলৰ অগ্নিবীণাৰ দৰে প্ৰতিবাদী সুৰ কৰিব পৰা এগৰাকী অনন্য শিল্পী আছিল হেমাংগ বিশ্বাস। সেই বাবেই হেমাংগ বিশ্বাসে থলুৱা বিহুৰ সুৰতো গাবলৈ সক্ষম হৈছিল– ‘উজনিৰ দেশতে খোৱাৰ অভাৱতে পেলাই পৰিয়ালক কাটি। শ্বিলং ৰোডতে দেখিবা ৰাইজ মিনিষ্টাৰৰ মাটি।’ বিহুৰ মাজেৰেই হেমাংগ বিশ্বাসে ৰাজনীতিকসকলৰ চৰিত্ৰ উদঙাই দিছিল। জনসাধাৰণৰ প্ৰতি দায়বদ্ধ শিল্পী এজনৰ বাবেহে এনে কাম সম্ভৱ। বিহুগীতত অসমীয়া এচাম বিদ্বৎ তথা অভিজাত শ্ৰেণীয়ে অস্পৃশ্যতাৰ গোন্ধ পাওঁতে হেমাংগ বিশ্বাসে সন্মুখলৈ আহি অকাট্য যুক্তিৰে চহা জীৱনৰ বিহুগীতক ৰক্ষা কৰিবলগীয়া হৈছিল। অসমৰ গাঁৱে গাঁৱে ঘূৰি তেওঁ লোকগীতৰ উপাদানসমূহ সংগ্ৰহ কৰি ফুৰিছিল। আৱিষ্কাৰ কৰি জগত সভালৈ লৈ গৈছিল মঘাই ওজাৰ দৰে লোকশিল্পীক। লোকসংগীতৰ গৱেষণাৰে লিখি উলিয়াইছিল, ‘লোক সংস্কৃতিৰ সমীক্ষা : বাংলা আৰু অসম’ নামৰ অতি মূল্যবান গ্ৰন্থ।

হেমাংগ বিশ্বাস এনে এক ৰাজনৈতিক সন্ধিক্ষণৰ মাজত বিপ্লৱী চিন্তাৰে উদ্ভাসিত দিগগজ আছিল যে সেই সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক সমাজৰ বহুতেই তেওঁৰ চিন্তা-চেতনাক লৈ শংকিত হৈ পৰিছিল। সুবিধাবাদৰ ৰাজনীতিয়ে মধ্যবিত্ত অসমীয়া মানুহৰ মনত জন্ম দিয়া ধাৰণাৰ বিৰুদ্ধে হেমাংগ বিশ্বাসে যি নতুন চিন্তাৰ বাট দেখুৱাইছিল, বহুতৰে বাবে সেয়া আছিল হজম কৰিব নোৱৰা বিষয়। গণনাট্য সংঘৰ জৰিয়তে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদৰ দৰে বৰেণ্য শিল্পীসকলৰ সান্নিধ্যলৈ অহা হেমাংগ বিশ্বাসে অসমত এক নব্য বাস্তৱবাদী সাংস্কৃতিক আন্দোলনৰ জন্ম দিছিল। যি আন্দোলনে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত ছোভিয়েট ইউনিয়নৰ উদাৰ সাংস্কৃতিক বিপ্লৱ ইউৰোপজুৰি বিয়পাই দিছিল, তাৰ অনুৰণন ঘটিছিল ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো। এই ক্ষেত্ৰত অদ্বিতীয় ব্যক্তি আছিল হেমাংগ বিশ্বাস। বাংলাদেশৰ শ্ৰীহট্টৰ পৰা আহি অসমৰ গাঁৱে-ভূঞে ঘূৰি হেমাংগ বিশ্বাসে এক সাংস্কৃতিক আন্দোলন গঢ়ি তুলিছিল। গণনাট্যৰ ক্ষেত্ৰখনত হেমাংগ বিশ্বাসৰ ‘সুৰমা ভেলী কালচাৰেল স্কোৱাৰ্ড’ হৈ পৰিছিল অগ্ৰণী বাহিনী। ইয়াৰ দ্বাৰাই অসমৰ শিল্পী সমাজ ঐক্যবদ্ধ হোৱাৰ বাবে অনুপ্ৰাণিত হৈছিল। মই অনুভৱ কৰো যে এক সঠিক সাংস্কৃতিক আন্দোলনৰ অনুপস্থিতিত বহু সচেতন শিল্পীয়ে, সৎ শিল্পীয়ে নকৰিবলগীয়া কাম কৰি পেলায়, সঠিক ভূমিকা পালন কৰাত ব্যৰ্থ হয়।

লক্ষণীয় কথাটো হৈছে, জ্যোতিপ্ৰসাদৰ দৰে শিল্পীক হেমাংগ বিশ্বাসেই প্ৰথমে গণনাট্য সংঘৰ অসম শাখাৰ সভাপতিৰ পদত অধিষ্ঠিত কৰাইছিল। বিষ্ণু ৰাভাৰ দৰে শিল্পীক তেৱেঁই গণনাট্যৰ মজিয়াত সংগঠিত কৰি এক নতুন সাংস্কৃতিক পৰিবেশ সৃষ্টি কৰিছিল। উল্লেখযোগ্য যে জ্যোতি-বিষ্ণুৰ মাজত হেমাংগ বিশ্বাসে আৱিষ্কাৰ কৰিছিল প্ৰচুৰ সম্ভাৱনা। আক্ষেপ কৰিছিল, জ্যোতি প্ৰসাদক বহু আগতেই লগ পাব লাগিছিল বুলি! বিষু্ণ ৰাভাক তেওঁ পশ্চিমবংগকে ধৰি বিভিন্ন ঠাইত যি ধৰণেৰে তুলি ধৰিছিল, তাৰ যেন তুলনা পাবলৈ নাই। ৰাভাৰ বিষয়ে লিখিছিলেও হেমাংগ বিশ্বাসে। এনেদৰেই বহু ৰাজনৈতিক সচেতন, শিল্পীৰ সমাৱেশত প্ৰগতিশীল আন্দোলনে অসমৰ মাটিতো এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ল। সেয়ে হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজনৈতিক মতাদৰ্শ আৰু দলীয় ৰাজনীতিৰ গণ্ডীৰ মাজত গণ সংস্কৃতিৰ আন্দোলনেও ভিন্ন পথ পৰিগ্ৰহ কৰে। কমিউনিষ্ট পাৰ্টীৰ বিভাজনৰ ফলত গণনাট্য সংঘলৈ অহা ভাবুকিয়ে হেমাংগ বিশ্বাসৰ দৰে শিল্পীসকলক মৰ্মাহত কৰিছিল। তথাপি বিশ্বাস আছিল আদৰ্শৰ পৰা পিছল নোখোৱা এক আপোচহীন সত্ত্বা।সেই বাবেই ৰাজনৈতিক মতানৈক্যত গণনাট্য সংঘ দুভাগ হোৱাৰ পাছতো নিজৰ আদৰ্শত অটল আছিল এই শিল্পীগৰাকী। দেশৰ কমিউনিষ্ট পাৰ্টিবোৰক সংশোধনবাদে গ্ৰাস কৰি পেলোৱাৰ সময়ত, বিশ্বৰ সাম্যবাদী আন্দোলনো কেইবাটাও শিবিৰত, প্ৰধানকৈ দুটা শিবিৰত ভাগ হৈ যোৱাৰ সময়ত হেমাংগ বিশ্বাসে স্বতন্ত্ৰ চিন্তাৰে ৰাজনৈতিক ঘটনাপ্ৰৱাহলৈ দৃষ্টি ৰখা আমি দেখা পাওঁ। ছোভিয়েট দেশৰ সংশোধনবাদে পৰিৱৰ্তনকামী মানুহক ইতিমধ্যে হতাশ কৰিছে। চীনৰ ঘটনাই মানুহৰ মনত নতুন সম্ভাৱনা জগাই তুলিছে। হেমাংগ বিশ্বাসকে ধৰি বহু ভাৰতীয় লেখকে মাৱৰ নেতৃত্বত চীনৰ ছবিখন তুলি ধৰাৰ চেষ্টা কৰিছে। কিন্তু চীনতো অৱশেষত বিশেষকৈ মাও চে টুঙৰ মৃত্যুৰ পাছত সংশোধনবাদে পূৰ্ণগতি লাভ কৰিলে; পঁুজিবাদ পিছ দুৱাৰেদি শক্তিশালী ৰূপত ঘূৰি আহিল। এয়া এক অন্য অধ্যায়, উল্লেখ কৰিছো এই কাৰণেই যে নতুন দিনৰ সন্ধান কৰা, সাম্যবাদত বিশ্বাসী হেমাংগ বিশ্বাসে এই দুৰ্ভাগ্যজনক ছবিখনো দেখা পাই গ’ল। এবাৰ কৈছিল, প্ৰকৃত কমিউনিষ্ট হোৱা সহজ নহয়; তেওঁ মাথোঁ সাম্যবাদত বিশ্বাসী এজন ব্যক্তি।

অসমৰ বাবে হেমাংগ বিশ্বাস সদায় এক আদৰ্শ শিল্পী সত্ত্বা হিচাপে চিহ্নিত হৈ থাকিব। যোৱা শতিকাৰ ’৬০ৰ দশকত ভাষা আন্দোলনক লৈ গঢ়ি উঠা ভ্ৰাতৃঘাতী সংঘৰ্ষৰ জুইকুৰা নিৰ্বাপণ কৰিবলৈ বিশ্বাসে যি তৎপৰতা গ্ৰহণ কৰিছিল, সেয়া অসমৰ ইতিহাসত সদায়ে স্মৰণীয় ঘটনা হৈ ৰ’ব। ড­­০ ভূপেন হাজৰিকাকে ধৰি বিশিষ্ট শিল্পীসকলক লৈ সমন্বয়ৰ গীত গাই এই ভ্ৰাতৃঘাতী সংঘৰ্ষৰ জুই নিৰ্বাপণ কৰিছিল হেমাংগ বিশ্বাসে। অসমৰ পৰা গৈ কলকাতাত থাকিবলৈ লোৱাৰ পাছতো তেওঁৰ মনে সদায় অসমলৈ ঢাপলি মেলিছিল। ঘৰটোৰ নাম দিছিল ‘জিৰণি’, ছোৱালীজনী আৰু ল’ৰাটোৰ নাম ৰাখিছিল ক্ৰমে – ৰঙিলী আৰু ৰংমন। নিজৰ ‘মাছ ছিংগাৰ’ গ্ৰুপৰ হৈ গীত পৰিবেশন কৰোতে সদায়ে অসমৰ বনগীত, বিহুগীত পৰিবেশন কৰিছিল। পাৰ্বতিপ্ৰসাদ বৰুৱাৰ বনগীত হেমাংগদাৰ প্ৰিয় আছিল। জেলত থাকোতে বিমলা প্ৰসাদ চলিহাই বোলে তেওঁক বনগীত শিকাইছিল। পৰৱৰ্তী সময়ত কলকাতাত থাকিও তেওঁ অসমৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ খবৰ সদায় নখ দৰ্পণত ৰাখিছিল। সেই বাবেই অসমৰ সংবাদ পত্ৰত কেনে ধৰণৰ খবৰ ছপা হৈছে, অসমত কি চলিছে তাক প্ৰতিমুহূৰ্ততে অধ্যয়ন কৰি গৈছিল। অসম আন্দোলনৰ সময়ছোৱাত ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি অধিক শোচনীয় হৈ পৰা বিষয়টোক লৈ উদ্বিগ্ন হৈছিল হেমাংগ বিশ্বাস। ’৬০ৰ দশকৰ দৰে একেই উদ্যমেৰে ৰুগীয়া শৰীৰেৰে তেওঁ আহি গুৱাহাটীত উপস্থিত হৈছিলহি অসম আন্দোলনত সৃষ্টি হোৱা বিভেদকামী চিন্তাৰ জুই নিৰ্বাপিত কৰিবলৈ। সেই বােৰা মই তেওঁক লগ পাইছিলো, কথা হৈছিলো আৰু মানুহজনক যথেষ্ট চিন্তিত তথা উদ্বিগ্ন দেখিছিলো। যি নহওক, পৰিস্থিতি সলনি হৈছিল অসমৰ। গতিকে বিদ্বৎ সমাজৰ লগতে শিল্পী-সাংস্কৃতিক কৰ্মীসকলৰ উপযুক্ত সঁহাৰি নাপাই হতাশ মনেৰে উভতি গৈছিল হেমাংগ বিশ্বাস।

এনে এগৰাকী অসমপ্ৰেমী, অসমক লৈ প্ৰতিমুহূৰ্ততে উদ্বিগ্ন ব্যক্তিক কিন্তু অসম আৰু অসমীয়াই উপযুক্ত সন্মান প্ৰদৰ্শন নকৰিলে বা কৰিব নোৱাৰিলে। আনকি হেমাংগ বিশ্বাসৰ মৃত্যুৰ সংবাদো অসমৰ কাকতত সাধাৰণ ঘটনা হিচাপে চিহ্নিত হৈছিল। মনত ৰাখিব লাগিব যে হেমাংগ বিশ্বাস প্ৰকৃত অৰ্থত আছিল এজন গণ শিল্পী। সম্প্ৰতি গণ শিল্পী শব্দটো য’তে ত’তে ব্যৱহাৰ হোৱাটো দুৰ্ভাগ্যজনক। দেশ-বিদেশৰ গণ শিল্পীসকলৰ ভূমিকালৈ এবাৰ ভালদৰে চালেই বিষয়টো পৰিষ্কাৰ হৈ পৰিব। কিন্তু শ্ৰেণী ভিত্তিক সমাজ এখনত গণ শিল্পীসকলক সময়ে সঠিকভাৱেই চিনাক্ত কৰে। সেয়ে নিশ্চয় গণশিল্পী হেমাংগ বিশ্বাসৰ ত্যাগ আৰু সৃষ্টিৰাজিক উলাই কৰাটো যে সম্ভৱ নহয়, সেই কথা শেহতীয়াকৈ প্ৰমাণিত হৈছে।

হেমাংগ বিশ্বাসক নতুন ৰূপত আৱিষ্কাৰ কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে বৌদ্ধিক সমাজত। এয়া নিশ্চয় শুভ লক্ষণ। গাঁৱৰ কেঁকুৰিৰ পৰা আন্তৰ্জাতিক দৃষ্টিভংগীলৈকে সকলো বিষয় সামৰি বিশ্লেষণ কৰিবলগীয়া হয় হেমাংগ বিশ্বাসক। মাটিৰ সুৰৰ পৰা হিৰোছিমা-নাগাছাকিৰ আণৱিক ধবংসযজ্ঞলৈকে, সকলোতে সংগীতৰ মাজেৰেই বাৰ্তা প্ৰেৰণ কৰিছে শিল্পীগৰাকীয়ে। খাটি খোৱা কৃষকজনৰ মুক্তিৰ বাবে ‘কাস্তে তােৰ দিও জোেৰ সানযকাস্তে তােৰ দিও জোেৰ সানযফচল কাটাৰ সময় হ’লে কাটবো সোণাৰ ধানযদস্যু যদি লুট্তে আছে কাটবো তাহাৰ জান’ বুলি গান লিখিব পাৰিছিল শিল্পীগৰাকীয়ে। ইফালে আণৱিক যুদ্ধৰ বিভীষিকাৰ প্ৰতিবাদ জনাই বিশ্বশান্তিৰ বাবে একেজন হেমাংগ বিশ্বাসে গাইছিল–‘সুদূৰ হিৰোচিমা দ্বীপৰ মই গঙা চিলনী’। এই গীতটোত গঙা চিলনীক বিশ্বমানৱতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি হেমাংগ বিশ্বাসে আণৱিক বিভীষিকাৰ বিৰুদ্ধে প্ৰতিবাদ উজাৰিছিল। সেইজন হেমাংগ বিশ্বাস অসমৰ গাঁৱৰ পথাৰৰ বিহুৰ পৰা বিশ্ববন্দিত শিল্পী পল ৰবছনৰ ‘জন হেনৰী’লৈকে সকলোতে চিৰ প্ৰবাহমান এটা সাংগীতিক ধাৰাৰ প্ৰতিভূ হিচাপে ৰৈ গৈছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰত ১৯ শতিকাৰ আৰম্ভণিৰ শ্ৰমিক আন্দোলনত গান হৈ পৰিছিল এক শক্তিশালী হাতিয়াৰ। শ্ৰমিক আন্দোলনৰ সংগঠক জোহিলে আমেৰিকাজুৰি শোষণ-নিষ্পেষণৰ বিৰুদ্ধে গানেৰেই ধুমুহা সৃষ্টি কৰিছিল। সেই জোহিল পৰৱৰ্তী সময়ত আমেৰিকাৰ বিখ্যাত শিল্পীসকলৰ অনুপ্ৰেৰণা হৈ পৰিছিল। আনকি আজিও বিশ্বজুৰি জোহিলক প্ৰতিৰোধী আন্দোলনৰ অগ্ৰণী সৈনিক হিচাপে গণ্য কৰা হয়। হেমাংগ বিশ্বাসো আছিল তেনে এগৰাকী শিল্পী। কেৱল শিল্পীয়েই নহয়, সময়ৰ প্ৰয়োজনত তেওঁ হৈ পৰিছে নাট্যকৰ্মী আৰু পৰিস্থিতিয়ে তেওঁক কৰি তুলিছে বুদ্ধিজীৱী। সকলোতে নিৰ্মোহ বিশ্লেষণ আছিল হেমাংগ বিশ্বাসৰ। আজি অসমৰ শিল্পীসমাজে পল ৰবছন, পিট ছিগাৰৰ দৰে শিল্পীসকলৰ সৃষ্টিৰাজি প্ৰথমতেই জানিবলৈ সক্ষম হৈছে হেমাংগ বিশ্বাসৰ জৰিয়তে। তেওঁ পল ৰবছনৰ ‘জন হেনৰী’, পিট ছিগাৰৰ ‘ফুলনি ক’লৈনো গ’ল’ আদি গীতবোৰ অসমীয়াত পৰিবেশন কৰি আমেৰিকা তথা বিশ্বৰ সংগীতৰ সৈতে থলুৱাৰ পৰিচয় ঘটাইছিল। তেনে এগৰাকী যুগনায়ক শিল্পী হেমাংগ বিশ্বাস অৱশ্যে আছিল অন্তমুৰ্খী। চিন্তা-চেতনাৰ অন্তৰ্মুখিতাৰ বাবেই বহুতেই হেমাংগ বিশ্বাসক চিনি নাপালে। তেওঁৰ গীত ৰেডিঅ’ত সম্প্ৰচাৰ নহ’ল। নাইবা বজাৰত তেওঁৰ গীতৰ ৰেকৰ্ডো বিক্ৰী নহ’ল। এইক্ষেত্ৰত গণনাট্য সংঘৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। সেই বাবেও শিল্পীগৰাকীৰ সৃষ্টিক বহুতেই জনাৰ সুযোগ নাপালে। অৱশ্যে শেহতীয়াকৈ হেমাংগ বিশ্বাসক লৈ যি প্ৰচাৰ আৰম্ভ হৈছে সেয়া প্ৰশংসনীয়। ইয়াৰ জৰিয়তে শিল্পী, গীতিকাৰ তথা বিপ্লৱী চিন্তানায়কগৰাকীক উত্তৰ প্ৰজন্মই নতুন ৰূপত আৱিষ্কাৰৰ সুযোগ লাভ কৰিব। সচেতন নতুন প্ৰজন্মই হেমাংগ বিশ্বাসৰ দৰে সামাজিকভাৱে দায়বদ্ধ শিল্পীক জানিবৰ বাবে আগ্ৰহী হ’বই লাগিব; নতুন ৰূপত এনে শিল্পীক জনমানসত তুলি ধৰিব লাগিব আৰু তাৰ মাজেৰে গণ সংস্কৃতিৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব লাগিব।

বিশুদ্ধ মাৰ্ক্সবাদী, সাম্যবাদী হেমাংগ বিশ্বাসৰ শিল্পচেতনা, গণসংসংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতা তেওঁৰ প্ৰতিটো সৃষ্টিতেই উদ্ভাসি¸ত হৈ আছে। তেওঁৰ কাব্য মানুহৰ বাবে। তেওঁৰ সৃষ্টিৰ মূল বিষয় জনগণ। গণ কাব্যৰ পৰিচয় দি গৈছে তেওঁ ‘কুলখুৰাৰ চোতাল’ৰ মাজেৰে। অসম আৰু অসমীয়াই এসময়ত হেমাংগ বিশ্বাসক প্ৰকৃত মৰ্যাদা নিদিলেও পৰৱৰ্তী কেইবাটাও শতিকালৈ তেওঁৰ প্ৰাসংগিকতা বৰ্তি থাকিব। জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ বেলিকাও আমি এই দিশটোকে দেখা পাঁও। ‘কুল খুৰাৰ চোতাল’ত কোৱাৰ দৰে – ‘কুলখুৰা নাই বাতৰি কাকতত খবৰ নোলাল/আজিৰ বাতৰিত শিৰোনাম নাপায় খুৰাই/কুলখুৰা সপ্তাহৰ মানুহ যে নহয়, নহয় বছৰৰ; কুলখুৰা শত-শতিকাৰ/কমৰেড বসুমতাৰী বাতৰি নহয় ইতিহাস।’ হেমাংগ বিশ্বাসো অসমৰ এক অজেয় ইতিহাস।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে