চ’ৰাঘৰ / কথাশিল্প / সপোনত সপোন এটা আহিল আৰু গ’ল৷৷ ৰিমঝিম মহন্ত৷৷

সপোনত সপোন এটা আহিল আৰু গ’ল৷৷ ৰিমঝিম মহন্ত৷৷

জোন গলা আহিনৰ ৰাতিটো
সপোন এটি হৈ
কথা কোৱা নদী এখন হৈ
মোৰ শেতেলিলৈ আহিছিল।

ৰাতিটো অহাৰ লগে লগে
মুখৰ হৈ পৰিছিল মৌন হৃদয়

খোলা খিৰিকিৰে ভাহি অহা
শেৱালিৰ আমোলমোল সুবাসত
হৃদয়ৰ প্ৰাচীন বিষণ্ণতা উৰি গৈছিল
কপাহগুটীয়া মেঘৰ পিঠিত উঠি

পিয়লাৰ পাছত পিয়লা
ৰাগীভৰা জোনাক পি পি
মাতাল হৈ পৰিছিলো
আহিনৰ ৰাতি আৰু মই
ফুচফুচাই পাতিছিলো কথা আৰু কথা

অদূৰৰ নৈপাৰৰ পৰাও ভাহি আহিছিল
শুকুলা কহুঁৱাডৰাৰ সুহুৰি

দীৰ্ঘ প্ৰহৰৰ মূৰত ভাহি আহিল কুকুৰাৰ ডাক…

অহা বাটেৰেই আহিনৰ ৰাতিটোৱে
গুচি যোৱাৰ প্ৰস্তুতি চলোৱাৰ লগে লগে
এটোপ দুটোপকৈ সৰিছিল নিয়ৰৰ চকুলো
আৰু সৰিছিল ৰাতি ফুলা শেৱালি এপাহি দুপাহি
শেৱালিময় কথকতাৰ স্মৃতি বোকোচাত বান্ধি
আহিনৰ ৰাতিটো গুচি গ’ল…
আৰু কাহানিও ঘূৰি নহাকৈ।

সেয়া যেন কেৱল এটা ৰাতি নাছিল—
সপোনত সপোন এটা আহিল আৰু গ’ল
ঠিক সপোনৰ দৰেই

সপেনাময় ৰাতিটোৱে বহু দি গ’ল
সপেনাময় ৰাতিটোৱে বহু কাঢ়ি লৈ গ’ল৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে