চ’ৰাঘৰ / কথাশিল্প / বিদ্ৰোহী৷৷ ৰুদ্ৰ সিংহ মটক।৷

বিদ্ৰোহী৷৷ ৰুদ্ৰ সিংহ মটক।৷

এখন জনসভাত ভাষণ দি আছিল মানুহজনে
বিষয় — সৰ্বহাৰা বনাম পুঁজিবাদৰ অৱক্ষয়

দহদিন পিছত তেওঁক কলীয়াপানীত
এৰি অহা হ’ব দহবছৰৰ বাবে
ছেন্টহেলেনা নহয়, কুখ্যাত তিহাৰ জেললে’

সভাথলীত বেছ কিছু জনতাৰ
সমাগম হৈছিল
চেঁপা উত্তেজনা এটাই হঠাতে অহা
ঘূৰ্ণি এটাৰ দৰে জোঁকাৰি আছিল
কিছুমান মানুহৰ মুখৰ ওলোমা ছাঁবোৰ

কি ক’ব বা তেওঁ—

দহদিন পিছত জেলৰ ভাত
খাবলগা বিদ্ৰোহীৰ মুখৰ মাত ফুটিব জানো
যি হ’লেও তেওঁতো মানুহহে
এজন মানুহে ওচৰতে ৰৈ থকা
এজনক ক’লে

দুয়োজনৰ মুখত এটা এটা ওলোমা ছাঁ

আনে নুশুনাকৈ এজনে
পেটৰ ভিতৰতে ক’লে,মাথো নিজেই শুনাকে,—
আজিৰ দিনত বিদ্ৰোহীৰ কাম নাই

কিছু অনুচ্চ স্বৰত ভাষণ
আৰম্ভ কৰিছিল বিদ্ৰোহীজনে
তেওঁৰ চকুদুটা আগৰ দৰেই ৰঙা হৈয়ে
জ্বলি আছিল তেতিয়াও

এজন ছুটি-চাপৰ , বেচ শকত মানুহ ; ডাঙৰ পদবীত
থকা চৰকাৰী বিষয়া হ’ব পাৰে
কাৰোফালে নোচোৱাকৈ ডাংকোপ মাৰি ক’লে’—

বিদ্ৰোহ কৰিব পাৰে কোনোবাই,
অথবা ,দহজনে গোট খাই কিছুদিনৰ বাবে পিছে
পৰিবৰ্তন কিবা হ’ব বুলি
মই হ’লে নাভাবোঁ

ভাষণ বহুখিনি আগবাঢ়িছিল;
বিদ্ৰোহীজনৰ কন্ঠস্বৰ লাহে লাহে
উত্তপ্ত হৈ উঠিছিল
এনে লাগিছিল,চকু দুটাৰপৰা তৰিৎ তেজৰ
নেদখা ফিৰিঙতি কিছুমানহে ছিটিকি পৰিছে
ক’লা মাটিৰ তেজত

এজন
উত্তেজিত শ্ৰোতা চিঞৰি উঠিল ভিৰৰ মাজত,—

জনাই জানে অ’ তোৰ অপৰাধ কি
দেশ আৰু দহৰ বাবে যুঁজিবলৈ গৈয়েই
তোৰ আজি এই দশা

হঠাতে কিবা হৈ-ছৈ দৌৰা-দৌৰি আবম্ভ হৈ গ’ল

বিদ্ৰোহীজন মঞ্চত ঢলি পৰি আছে
বুকুত দীঘল জিভা মেলি তেজ পি থকা
ৰঙা দেগাৰ এখন

তেজ এটোপাল চকু দুটাত মোহাৰি
ঘৰলৈ উভটিলোঁ গভীৰ এন্ধাৰৰ বাট এটাৰে

এটা মন্তব্য

  1. অৰ্থবহ । ভাল পালো। কবিতাৰ ধাৰাত “বিদ্ৰোহী”ৰ এক নিজস্বতা আছে

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে