চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / প্ৰসংগ : ভীমবৰ দেউৰী৷৷ টুনুজ্যোতি গগৈ৷৷

প্ৰসংগ : ভীমবৰ দেউৰী৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা ৩০ অক্টোবৰত ‘আমাৰ অসম’ত প্ৰকাশিত ময়ূৰ বৰাৰ ‘সাহিত্যৰ গজদন্ত মিনাৰৰ পৰা পেংলাইসূচক পকা-মিঠৈ নিক্ষেপ : ড০ নিৰোদ কুমাৰ বৰুৱা সমীপেষু’ লেখাটো পঢ়ি আমিও কিছু কথা ক’বলৈ আগ্ৰহ অনুভৱ কৰিছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীৰ দৰে এগৰাকী প্ৰতিভাবান, বিচক্ষণ, দূৰদৰ্শী আৰু অসমপ্ৰেমী ব্যক্তি বেদনাদায়কভাবে উপেক্ষিত হৈ আহিছে বুলি ব্যক্তিগতভাৱে অনুভৱ কৰিয়েই আমি দেউৰীৰ জীৱন আৰু কৰ্মৰাজিক লৈ ‘বৌদ্ধিক বিচাৰ’ আলোচনীখনৰ বৈদ্যুতিন আৰু মুদ্ৰণ মাধ্যমত একোটাকৈ বিশেষ সংখ্যা প্ৰকাশ কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছিল– ভীমবৰ দেউৰীক নতুন প্ৰজন্মৰ সন্মুখত চিনাকি কৰাই দিয়া আৰু তেওঁৰ আদৰ্শৰে সাম্প্ৰতিক অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰি নেকি, সেয়া বিচাৰ-বিশ্লেষণ কৰি চোৱা।

অসমৰ জনজাতীয় জনগোষ্ঠীসমূহে এপিনে ব্ৰিটিছ উপনেৱিশক প্ৰক্ৰিয়াৰ নানা শোষণ-লুণ্ঠনৰ কেকোঁৰা চেপাত পিষ্ট হৈ আৰু আনপিনে বৰ্ণহিন্দু প্ৰধান অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উপেক্ষা-অবহেলাত তিক্ত-বিৰক্ত হৈ আত্মপ্ৰতিষ্ঠাৰ বাবে চলোৱা প্ৰয়াসৰ পটভূমিতে ভীমবৰ দেউৰীৰ দৰে এগৰাকী সবল জনগোষ্ঠীয় নেতাৰ উত্থান ঘটিছিল। সেই যে ১৯২৫ চনত শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰপৰা পাঁচটা বিষয়ত ‘লেটাৰ’ সহ প্ৰথম বিভাগত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ অহা ভীমবৰে কলেজৰ হোষ্টেলত বৰ্ণহিন্দু ছাত্ৰসকলৰ লগত একেলগে খোৱা-লোৱা কৰিব নোৱাৰা, অসম অসামৰিক সেৱা (Assam Civil Service) পৰীক্ষাত অৱতীৰ্ণ হৈ অতিৰিক্ত সহায়ক আয়ুক্ত (Extra Assistant Commissioner) পদত নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁক ‘সম্ভ্ৰান্ত পৰিয়ালৰ নহয়’ বুলি কনকলাল বৰুৱাই অভিমত দিয়াত তেওঁ ব্ৰিটিছ উপনিৱেশিক ব্যৱস্থাৰ নিয়ম অনুযায়ী চাকৰি নোপোৱা আদি ঘটনাসমূহে তেওঁক নিঃসন্দেহে ক্ষোভিত কৰি তুলিছিল আৰু ট্ৰাইবেল লীগৰ দৰে এক সংগঠন জন্ম দিবলৈ অনুপ্ৰাণিত কৰিছিল। জীৱিতকালত বৰ্ণহিন্দু প্ৰধান অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা চৰমভাবে লাঞ্চিত-উপেক্ষিত হৈয়ো অসমৰ সমাজ জীৱনৰ বাবে বহুমূলীয়া অৱদান আগবঢ়াই থৈ যোৱা ভীমবৰ দেউৰীৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰতি অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে যথোচিত সন্মান জনাবলৈ এতিয়াও কৃপণালি কৰাটো নিঃসন্দেহে পৰিতাপৰ বিষয়। আমি যি সময়ত ভীমবৰ দেউৰীৰ চিন্তাৰাজিৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে বুলি অনুভৱ কৰিছোঁ, সেই সময়তে ড০ নিৰোদ কুমাৰ বৰুৱাৰ দৰে বয়োজ্যেষ্ঠ ইতিহাসবিদে অপব্যাখ্যাৰ আশ্ৰয় লৈ অসমৰ সমাজ জীৱনলৈ ভীমবৰে আগবঢ়োৱা অৱদানক নসাৎ কৰিব বিচৰাটো পৰিতাপৰ বিষয়।

বৰাৰ লেখা পঢ়িয়েই জানিব পাৰিছোঁ, যোৱা ২৩ অক্টোবৰত দিছপুৰ প্ৰেছ ক্লাবৰ ‘এই মাহৰ অতিথি’ অনুষ্ঠানত ভাগ লৈ ড০ নিৰোদ কুমাৰ বৰুৱাই ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছ প্ৰশাসনে উত্থাপন কৰা গ্ৰুপিং প্ৰস্তাৱৰ সন্দৰ্ভত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে লোৱা ভূমিকাৰ বিষয়ে বক্তব্য প্ৰদান কৰিছিল। কিন্তু, গ্ৰুপিঙৰ ক্ষেত্ৰত ভীমবৰ দেউৰীয়ে লোৱা সক্ৰিয় ভূমিকাক বৰুৱাই স্বীকাৰ কৰিব নিবিচাৰি কেতবোৰ ঐতিহাসিক লিখিত তথ্যকো নসাৎ কৰি পেলালে। সেইদৰে, যোৱা ১২ অক্টোবৰত দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত আন এক সভাত ভাগ লৈয়ো ড০ বৰুৱাই গ্ৰুপিং প্ৰস্তাৱৰ সময়ত বৰদলৈয়ে লোৱা ভূমিকাক উচ্চ প্ৰশংসা কৰাৰ বিপৰীতে দেউৰীৰ প্ৰসংগত কয় যে তেওঁ এজন ‘ভাল মানুহ’ আৰু তেওঁক গ্ৰুপিং সম্পৰ্কীয় বিৰ্তকলৈ টানিব নালাগে। এতিয়া কথা হ’ল, কি উদ্দেশ্যৰে ড০ বৰুৱাই গ্ৰুপিং প্ৰস্তাৱৰ সন্দৰ্ভত দেউৰীয়ে লোৱা ঐতিহাসিক ভূমিকাক উপসাহমূলক বক্তব্যৰে নসাৎ কৰিব বিচাৰিছে· এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যোৱাৰ পূৰ্বে আমি ভীমবৰে অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে কিছু আলোচনা কৰি লওঁ।

১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁও জিলাৰ ৰহাত গঠিত হোৱা ট্ৰাইবেল লীগৰ দায়িত্ব বহন কৰি ভীমবৰ দেউৰীয়ে অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক উন্নয়নৰ বাবে বিভিন্ন দাবী তথ্যসহ অসম চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল। লীগৰ দাবীৰ প্ৰতি সঁহাৰি জনায়েই চৰকাৰে ১৯৩৫ চনত অসম বিধান সভাৰ মুঠ ১০৮ খন আসনৰ চাৰিখন ভৈয়ামৰ জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। বৰ্ণহিন্দুৰ তীব্ৰ বিৰোধিতাৰ পাছতো আগতে লোকপিয়লত নিজকে হিন্দু বুলি পৰিচয় দিয়া জনজাতিসকলক ‘ট্ৰাইবেল’ বুলি পৰিচয় দিবলৈ উৎসাহিত কৰি তেওঁ অসমত জনজাতিৰ জনসংখ্যা ১৯১১ চনৰ ১২,৩৯,২৮০ জনৰ পৰা ১৯৪১ চনত ২৮,২৪,১৩৩ জনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। এই সংখ্যা বৃদ্ধিৰ বাবেই অসমৰ বিধান সভাত জনজাতিৰ বাবে আসন সংৰক্ষণ কৰাটো সহজ হৈ পৰিছিল।

১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভৈয়ামৰ জনজাতিসমূহৰ বাবে সংৰক্ষিত আটাই কেইখন আসনত ‘ট্ৰাইবেল লীগ’ৰ ৰূপনাথ ব্ৰহ্ম, ৰবিচন্দ্ৰ কছাৰী, কাৰ্কচন্দ্ৰ দলে মিৰি আৰু ধীৰসিং দেউৰী জয়ী হৈ বিধানসভাৰ সদস্য হয়। ভীমবৰৰ উদ্যোগত তেওঁলোকৰ লগত যোগ দিয়ে মিকিৰ পাহাৰৰ পৰা নিৰ্বাচিত সদস্য খৰচিং টেৰাং। ইপিনে, মুছলিম পাৰ্টিৰ মহম্মদ ছাদুল্লাৰ নেতৃত্বত ১৯৩৭ চনত গঠন হোৱা সংযুক্ত মন্ত্ৰীসভাই সমৰ্থন হেৰুৱাই অনিশ্চয়তাৰ মাজত দুলি আছিল। ট্ৰাইবেল লীগে ছাদুল্লা মন্ত্ৰীসভাক দলে দলে পমুৱা মুছলমানক অসমত সংস্থাপন দিয়াৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ উপৰি লাইন প্ৰথা (Line System) ভংগ কৰাৰ দোষত জগৰীয়া কৰিছিল। উল্লেখ্য যে ব্ৰিটিছ প্ৰশাসনে নামনি অসমৰ অবিভক্ত কামৰূপ আৰু নগাঁও জিলাত প্ৰব্ৰজনকাৰীসকলৰ বসবাসৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সীমাৰেখাকে লাইন প্ৰথা বুলি জনা গৈছিল।

ভীমবৰ দেউৰীয়ে জনজাতীয়সকলক প্ৰব্ৰজনকাৰীৰ হেঁচাৰ পৰা ৰক্ষণা-বেক্ষণ দিবৰ বাবে সমগ্ৰ অসমতে লাইন প্ৰথা কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু, একে সময়তে মৌলানা হামিদ খান ভাসানীয়ে পমুৱা মুছলমানসকলৰ মাজত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ লক্ষ্যৰে লাইন প্ৰথা বাতিলৰ দাবীত সৰৱ হৈ উঠিছিল। ১৯৪১ চনৰ বাজেট বিতৰ্কত ভীমবৰে বিধান সভাৰ উচ্চ পৰিষদৰ সদস্যৰূপে ভাগ লৈ লাইন প্ৰথাৰ ওপৰতেই অসমীয়া জাতি আৰু জনজাতীয় ৰাইজৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে বুলি সবল বক্তব্য প্ৰদান কৰিলেও তেওঁ সমগ্ৰ অসমত লাইন প্ৰথা কাৰ্যকৰী কৰাব নোৱাৰিলে। সেই বছৰতে Government Land Development Scheme অনুসৰি পতিত মাটি ভূমিহীন জনজাতি আৰু অন্যান্য লোকসকলক দিবলৈ যি পৰিকল্পনা কৰা হৈছিল, তাৰ ফলো হিতে বিপৰীতহে হঅল। কাৰণ, চৰকাৰক বিঘাই প্ৰতি পাঁচ টকাকৈ প্ৰিমিয়াম দি মাটি ল’বলৈ জনজাতিসকল সক্ষম নাছিল। লাইন প্ৰথা উঠি যোৱাৰ লগে লগে জনজাতীয়সকল সীমাহীন বিলৈ-বিপত্তিৰ সন্মুখীন হোৱাত তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ ভীমবৰে দূৰদৰ্শিতাৰে উদ্ভাৱন কৰিলে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আঁচনি। ভীমবৰে ৩৩টা বেল্ট আৰু ব্লকৰ আঁচনি সদনত তুলি ধৰিছিল আৰু সেই আঁচনি বিষ্ণুৰাম মেধিৰ দৰে প্ৰভাৱশীল নেতাৰ বিৰোধিতা সত্ত্বেও, বিশেষকৈ গোপীনাথ বৰদলৈৰ সমৰ্থনত সদনত গৃহীত হৈছিল। ভীমবৰে যথাৰ্থভাৱেই বিশ্বাস কৰিছিল যে এই বেল্ট আৰু ব্লকহে অসমৰ জনজাতিসমূহৰ ৰক্ষাকবচ হ’ব।

নক’লেও হয় যে ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত গোপীনাথ বৰদলৈ মন্ত্ৰীসভা গঠিত হোৱাৰ দুদিনমানৰ পাছতে অৰ্থাৎ ২৩ মাৰ্চত ‘কেবিনেট মিচন’ ভাৰতলৈ আহি¸ছিল। মিচনে¸ ভাৰতক ক, খ আৰু গ– এই তিনিটা সমষ্টিত বিভক্ত কৰাৰ প্ৰস্তাৱ দি অসমক মুছলমান প্ৰধান অবিভক্ত পূৰ্ববংগৰ সৈতে সাঙুৰি ‘গ’ সমষ্টিৰ অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰে। এই গ্ৰুপিং প্ৰস্তাৱক মুছলীম লীগ আৰু আহোম সভাই সমৰ্থন কৰিলেও (অৱশ্যে, আহোম সভাই ব্ৰিটিছৰ সেই গ্ৰুপিং ব্যৱস্থাত স্বায়ত্ব শাসনৰ সুফল নাপালে গ্ৰুপিঙৰ পৰা ওলাই আহি সাৰ্বভৌম স্বাধীন অসম গঠন কৰাৰ চৰ্ত ৰাখিছিল) অসমৰ প্ৰাদেশিক কংগ্ৰেছ আৰু ট্ৰাইবেল লীগে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। ভীমবৰ দেউৰীৰ লগতে ‘ট্ৰাইবেল লীগ’ৰ অন্যান্য নেতাসকলে এই ব্যৱস্থাৰ জৰিয়তে অসমক পৰৱৰ্তীকালত পাকিস্তানৰ অন্তৰ্গত কৰাৰ ষড়যন্ত্ৰৰ গোন্ধ পাই তীব্ৰ প্ৰতিবাদ কৰিলে। ভীমবৰে ‘অসমীয়া’ কাকতত এক বিবৃতি দি দৃঢ়তাৰে কৈছিল যে অসমী আইৰ স্বাধীনতা, অখণ্ডতা তথা অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰয়োজন হ’লে তেওঁলোকে অনগ্ৰসৰ জনগোষ্ঠীসমূহৰ দাবীবোৰো জলাঞ্জলি দিব। ভীমবৰৰ তেনে বক্তব্যক ড০ ভূবনেশ্বৰ বৰুৱাকে ধৰি অসমৰ কংগ্ৰেছ নেতাসকলে সমৰ্থন কৰিছিল। ‘ট্ৰাইবেল লীগ’ৰ কিছু নেতাৰ সমালোচনাৰ সন্মুখীন হৈয়ো ভীমবৰে অসমৰ অস্তিত্ব ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত ‘ট্ৰাইবেল লীগ’ৰ সুকীয়া নিৰ্বাচনৰ (Separate Electorate) দাবীৰ ঠাইত যুটীয়া নিৰ্বাচন (Joint Electorate) মানি লোৱাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। অসম তথা ভাৰতবৰ্ষৰ তৎকালীন বাস্তৱ পৰিস্থিতি পৰ্যালোচনা কৰি তেওঁ উপলব্ধি কৰিছিল যে সুকীয়া নিৰ্বাচনৰ দাবীয়ে সেই সময়ৰ দুৰ্যোগপূৰ্ণ সময়ছোৱাত অসমবাসীৰ মাজত অনৈক্য সৃষ্টি কৰিব;¸ সেয়ে কংগ্ৰেছ দলে সমৰ্থন কৰা জনজাতিসকলৰ বাবে সংৰক্ষণ ব্যৱস্থা থকা যুটীয়া নিৰ্বাচন ট্ৰাইবেল লীগে মানি লোৱা উচিত। পিছলৈ ভীমবৰৰ অকাট্য যুক্তিত লীগৰ নেতাসকল সন্মত হৈছিল আৰু লীগৰ কিছু দাবী কংগ্ৰেছ দলে মানি ল’লে সুকীয়া নিৰ্বাচনৰ দাবী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

ভীমবৰ দেউৰী লাহে লাহে কংগ্ৰেছ ৰাজনীতিৰ কাষ চাপি আহিছিল আৰু অসমৰ সকলো থলুৱা জনগোষ্ঠীৰ স্বাৰ্থতে কংগ্ৰেছত যোগ দিয়াৰ সিদ্ধান্ত লৈছিল। অৱশেষত তেওঁ জনজাতীয় ৰাইজৰ সুৰক্ষামূলক কেতবোৰ চৰ্ত উত্থাপনেৰে কংগ্ৰেছৰ লগত চুক্তি কৰি কংগ্ৰেছত দলত যোগ দিলে। ভীমবৰে কংগ্ৰেছ দলত যোগ দিয়াটো উচিত সিদ্ধান্ত আছিল নে নাছিল, সেয়া অন্য প্ৰসংগ; কিন্তু তেওঁৰ অসম প্ৰেম আৰু জনগোষ্ঠীয় প্ৰেমত কোনো ভেজাল নাছিল। তেওঁ হয়তো উপলব্ধি কৰিছিল যে পৃথকতাবাদতকৈ বহুল ভিত্তিৰ গণতান্ত্ৰিক জাতীয়তাইহে ঔপনিৱেশিক কালৰ সমস্যা জৰ্জৰিত অসমীয়া সমাজখনক সুগম বিকাশৰ পথেৰে আগুৱাই নিব। কিন্তু, ভীমবৰৰ তেনে উপলব্ধি সময়োচিত হ’লেও আৰু ঔপনিবেশিক Divide and rule নীতিৰ বিৰুদ্ধে এক সাৰ্থক সঁকীয়নি হ’লেও কংগ্ৰেছৰ বৰ্ণহিন্দু নেতৃত্বই তেওঁৰ উদাৰ গণতান্ত্ৰিক চিন্তা-চেতনাক সন্মান জনাব নোৱাৰিলে। বৰ্ণহিন্দু নেতৃত্বই প্ৰকৃত জাতীয় ঐক্যৰ আঁৰ লৈ বৰ্ণগত স্বাৰ্থৰহে সেৱা কৰি গ’ল।

সি যি নহওক, তেনেই চমু জীৱনকালতে ভীমবৰ দেউৰীয়ে অসমৰ অৱনত-অৱহেলিত জনজাতীয়সকলৰ আত্মসবলীকৰণৰ বাবে লোৱা প্ৰয়াসে এপিনে জনজাতীয়সকলৰ আত্মপৰিচয়ক উজলাই তুলিছিল, আনপিনে অসমীয়া জাতিৰ ভেটিও শক্তিশালী কৰি তুলিছিল। জনজাতীয়সকলৰ আত্মসবলীকৰণৰ বাবে অহোপুৰুষাৰ্থ কৰা ভীমবৰে কেতিয়াও কোৱা নাছিল যে তেওঁলোক অসমীয়া জাতিৰ আন অংগবোৰতকৈ বেলেগ। তেওঁ কামৰূপ জিলাৰ ট্ৰাইবেল সন্মিলনৰ অধিৱেশনত স্পষ্টকৈ কৈছিল–‘আমি আমাৰ দুখ-দুৰৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোতে আমি এইটো পাহৰিব নালাগে যে আমি অসমীয়া জাতিৰ এটা অংগ। অসমীয়া জাতৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও লগে লগে ভাল হ’বলৈ বাধ্য। আমাৰ উদ্দেশ্য হ’ব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰি তোলা।’

পৰিতাপৰ বিষয়, তেনে এজন অসম প্ৰেমী জনগোষ্ঠীয় নেতাৰ কৰ্মৰাজিক ড০ নিৰোদ কুমাৰ বৰুৱাৰ দৰে ইতিহাসবিদে যথাযোগ্য স্বীকৃতি দিব নিবিচাৰি কেৱল ‘ভাল মানুহ’ৰ অভিধাৰে পেংলাই কৰিলে। এনে কাৰ্যৰ বাবে ড০ বৰুৱা জনগোষ্ঠীয় ৰাইজৰ দৃষ্টিত, অসমৰ গণতান্ত্ৰিক চেতনাসম্পন্ন ব্যক্তিসকলৰ দৃষ্টিত ‘ভাল মানুহ’ হৈ থাকিব জানো?

এটা মন্তব্য

  1. মুকুল দিহিঙ্গীয়া

    ভীমবৰ দেউৰী বিষয়ে বহু খিনি কথায় জানিবলৈ পায় সুখী হলো

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে