চ’ৰাঘৰ / সমকাল / উমৈহতীয়া শত্ৰুক চিনাক্ত কৰো আহক৷৷ দেৱব্ৰত গগৈ৷৷

উমৈহতীয়া শত্ৰুক চিনাক্ত কৰো আহক৷৷ দেৱব্ৰত গগৈ৷৷

২০১৬ চন পৰ্য্যন্ত আমাৰ মনলৈ এবাৰো ভাব অহা নাছিল যে কোনোবা অসমীয়া নেতাই কিবা কাৰণত অসমতে শতিকা জুৰি বসবাস কৰি থকা বঙালীলোক সকলক ঘৰে ঘৰে গৈ প্ৰাণৰ ভাবুকি দিব বুলি মন্তব্য কৰিব আৰু ঠিক তেনেকৈ অসমৰ অসমীয়ালোক সকলকো কোনোবা বঙালী নেতাই ঘৰে ঘৰে গৈ আক্ৰমণ কৰিব বুলি উচটনিমুলক মন্তব্য দিব। কিন্ত আজি এনেকুৱা অৱাঞ্চিত পৰিস্থিতিয়েই অসমত সৃষ্টি হৈছে। যোৱা দুবছৰতে এনেকুৱা কি বিপদ আৰু অশান্তিৰ উদ্ভৱ হৈছে যে অসমৰ এই দুই মূল সম্প্ৰদায়ৰ কিছুমান মানুহে পৰস্পৰৰ প্ৰতি যুদ্ধংদেহি মনোভাৱ লবলৈ আৰম্ভ কৰিছে? নে এয়া কাৰোবাৰ পৰিকল্পিত আঁচনিৰ ফলাফল ?

এটা কথা অনস্বীকাৰ্য যে অসমত বৰ্তমানে বসবাস কৰি থকা এক বুজন সংখ্যক হিন্দু বঙালী পৰিয়ালৰ আছে এক কৰুণ প্ৰব্ৰজিত ইতিহাস। বৃটিছ যুগতে অসমলৈ অহা বঙালী পৰিয়ালখিনিৰ উপৰি অসমলৈ ভাৰত বিভাজনৰ সময়ত বা তাৰ পাছত প্ৰব্ৰজন কৰা বঙালীসকলৰ অসমত ইতিমধ্য দুইৰ পৰা তিনিটা প্ৰজন্মই সময় পাৰ কৰিছে৷ তথাপি, তেওঁলোকে আজিও পাহৰিব পৰা নাই ভাৰত বিভাজনৰ সময়ৰ পুৰ্ববংগৰ সেই ভয়ংকৰ গণহত্যা আৰু প্ৰাণৰ ভয়ত নিজৰ আপোন মাটি-বাৰী এৰি ভাৰতলৈ পলায়ন কৰাৰ ইতিহাস৷ স্বাভাবিকতেই অসমত থকা এই হিন্দু বঙালী পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়েই বংশানুক্ৰমিকভাবে আজিও মনত ৰাখিছে সেই ভয়ংকৰ ক’লাদিনবোৰৰ কথা। সেই কৰুণ ইতিহাস মনৰ পৰা আঁতৰিবলৈ তেওঁলোকক হয়তো আৰু কেইটামান প্ৰজন্মৰ প্ৰয়োজন হ’ব। কাৰণ আপোন ঘৰখন প্ৰাণৰ মায়াত এৰি আন এঠাই লৈ পলায়ন কৰা ভগনীয়াৰ মনৰ বেদনা আন কোনোৱেই অনুভৱ কৰিব নোৱাৰে । সেইবাবেই অসমত বৰ্তমানে বাস কৰা এইসকল হিন্দু বঙালীয়ে আজিও মনত লৈ ফুৰিছে এক সামাজিক অনিৰাপত্তা, ভয় আৰু শংকা৷ তেওঁলোকৰ এই ভয় আৰু শংকাখিনিকেই আজিৰ তাৰিখত এচাম ধুৰন্ধৰ ৰাজনীতিকে নিজৰ ৰাজনৈতিক উত্তৰণৰ জখলা হিচাবে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে আৰু দুভাৰ্গ্যক্ৰমে অসমৰ একাংশ হিন্দু বঙালী ৰাইজে সেই ৰাজনৈতিক নেতাই পাতি থোৱা জালখনত অজানিতেই ভৰি থৈছে।

অসমৰ এচাম প্ৰব্ৰজিত বঙালী সম্প্ৰদায় ঐতিসাহিকভাবেই ইছলাম বিৰোধী৷ অৱশ্যে ইয়াৰ বাবে তেওঁলোকক বেছি দোষ দিব নোৱাৰি৷ পাৰ হৈ যোৱা দুৰ্ভাগ্যজনক পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে তেওঁলোক এনে হ’বলৈ বাধ্য হৈছিল আৰু ইয়াৰে পুৰ্ণ সুযোগ গ্ৰহণ কৰি এচাম ৰাজনৈতিক দলে প্ৰকাশ্যে অসমৰ হিন্দু বঙালীলোকৰ আবেগ আৰু লগতে ভয় ,শংকাখিনিক ব্যৱহাৰ কৰি অসমত এক স্থায়ী ভোট বেংক স্থাপন কৰিবলৈ বিচাৰিছে। যাতে কাইলৈ যদি ধৰ্মৰ ক্ষেত্ৰত উদাৰ অসমৰ অসমীয়া আৰু আন আন জনজাতিসকলে এই সাম্প্ৰদায়িক ৰাজনৈতিক দলবোৰক নাকচ কৰে, তেনেহ’লে এই স্থায়ী হিন্দু বঙালী ভোট বেংকটোৰ জৰিয়তে যাতে চিৰকাললৈ অসমত তেওঁলোকে শাসন চলাই নিব পাৰে, সেয়ে তেওঁলোকক প্ৰয়োজন হৈছে অধিক প্ৰবজিত হিন্দু বঙালী মানুহৰ৷ ইয়াৰ বাহিৰে এই ৰাজনৈতিক দলবোৰক এই দুৰ্ভগীয়া বঙালীলোকসকলৰ কোনো প্ৰয়োজন নাই৷ কিন্তু ইমান এটা সহজ অংককেই অসমৰ এচাম হিন্দু বঙালী মানুহে বুজি নাপায় শতিকাজুৰি সহাৱস্থান কৰি থকা অসমীয়া মানুহক কিয় নতুনকৈ শত্ৰুজ্ঞান কৰিবলৈ বিচাৰিছে, তাকেহে বুজি পোৱা নাই।

আমি সকলোৱে এটা কথা অনুভৱ কৰা উচিত যে আজিৰ তাৰিখত অসমত বসবাস কৰি থকা সকলো মানুহৰে মৌলিক সমস্যাখিনি একেই। মূলতঃ ভাত, কাপোৰ আৰু বাসস্থানৰ সমস্যা। যেনেকৈ নৈপৰীয়া অসমীয়া মানুহখিনিক প্ৰতি বছৰে বানে খেদে, ঠিক তেনেকৈ নৈ পৰীয়া হিন্দু বঙালীসকলকো খেদে৷ বজাৰৰ জুইখিনিয়ে অসমীয়া, বঙালী, হিন্দু, মুছলমান কাকো সুদাই নেৰে। গেছ চিলিণ্ডাৰৰ দাম সকলোৰে বাবে একেই, পেট্ৰলৰ দাম আজিৰ তাৰিখত সকলোৰে বাবে আশী টকা, দাইল দুশ টকা, চিটি বাছৰ ভাড়া পোন্ধৰ টকা। নিজৰ সন্তানৰ স্কুলৰ ফিজ অসমীয়া-বঙালী সকলোৰে বাবে সমান। ৰঙানদীৰ বান্ধৰ পৰা ওলাই অহা বলীয়া বানজাকে লখিমপুৰৰ বঙালী , অসমীয়া সকলোৰে সপোনৰ ঘৰখন মহতিয়াই নিয়ে। অসমৰ চল্লিশ লাখ নিবনুৱাৰ মাজত থকা বঙালী অসমীয়া নিবনুৱা যুৱকৰ মনৰ বেদনাখিনি একেই কিন্ত এইবোৰ সমস্যাৰ সমাধানৰ বাবে কোনোবাদিনা ৬০ টা অসমীয়া জাতীয় সংগঠনে ২৭ টা বঙালী সংগঠনৰ লগত একেলগে ৰাজপথলৈ ওলাই আহিছেনে? বা কোনোবা বঙালী ৰাজনৈতিক নেতাই কোনোবা দিনা লখিমপুৰৰ বানপীড়িত বঙালী মানুহৰ বাবে প্ৰেছ কনফাৰেন্স কৰিছেনে? নিশ্চয় নাই কৰা। কাৰণ সেইবোৰত নাথাকে তেওঁলোকৰ ভোট বেংকৰ অংক।

সকলো ৰাজনৈতিক দল আৰু নেতাৰে থাকে কিছুমান গোপন এজেণ্ডা আৰু পৰিকল্পনা। সেই পৰিকল্পনাবোৰৰ একমাত্ৰ উদ্দেশ্যেই হৈছে নিজৰ নিজৰ ৰাজনৈতিক লাভালাভ আৰু এই লাভালাভখিনি হাচিল কৰিবলৈ তেওঁলোকে যিকোনো পন্থাই হাতত ল’ব পাৰে বা নিজকে যিকোনো স্তৰলৈকে নমাই লৈ যাব পাৰে। দেশপ্ৰেম , জাতি প্ৰেম বা ধৰ্মপ্ৰেম সেইবোৰ তেওঁলোকৰ বাবে একো একোটা আখৰৰ বাদে আন একো নহয়। তেওঁলোকে কোনো কুণ্ঠাবোধ নকৰাকৈ স্বজাতিৰ মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে, অতি নিৰুদ্বেগচিত্তে তেওঁলোকে নিজৰ জাতি আৰু সম্প্ৰদায়ৰ মানুহক সাম্প্ৰদায়িক সৰ্ঘষৰ বাবে উচটাব পাৰে। যোৱা বছৰকাল জুৰি বিজেপিৰ শিলাদিত্যদেৱৰ দৰে ব্যক্তিয়ে নাগৰিকত্ব বিলৰ সংশোধনীৰ সৰ্মথনৰ নামত অসমীয়া মানুহৰ বিৰুদ্ধে নানাটা আপত্তিজনক মন্তব্য দি আছিল৷ কিন্তু হঠাতে এজন প্ৰাক্তন আলফা নেতাই সিদিনা ভাবুকি প্ৰদান কৰাৰ পাছতেই নিজৰ নিৰাপত্তাৰ দোহাই দি এইজন শিলাদিত্যই আনকি বাতৰি কাকতৰ সংবাদিককো সাক্ষাৎ নিদিলে। এয়াই হৈছে ভাৰতীয় ৰাজনৈতিক নেতাৰ চৰিত্ৰ। বঙালী সম্প্ৰদায়টোক চৰম সংঘাতলৈ ঠেলি দি নিজে এক নিৰাপদ স্থানত অৱস্থান কৰিছে। কাইলৈ যদি কিবা কাৰণত অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মাজত সৰ্ঘষৰ সৃষ্টি হয়, তেতিয়া কোনো ৰাজনৈতিক নেতাৰ প্ৰাণ নাযাব, ঘৰ নজ্বলে বা শৰণাৰ্থী শিৱিৰত আশ্ৰয় গ্ৰহণ নকৰে৷ ইয়াৰ বিপৰীতে প্ৰাণ যাব নিৰীহ অসমীয়া আৰু বঙালীৰহে, ঘৰ জ্বলিব খাটিখোৱা অসমীয়া আৰু বঙালীৰহে, শৰণাৰ্থী শিৱিৰত আশ্ৰয় লবগৈ সাধাৰণ অসমীয়া আৰু বঙালীয়েহে। ইয়াৰ বিপৰীতে ধুৰন্ধৰ ৰাজনৈতিক নেতাই মুনাফা আদায় কৰি কোনোবা হ’বগৈ মুখ্যমন্ত্ৰী, কোনোৱা হ’ব মন্ত্ৰী আৰু কোনোবা হ’বগৈ নিগম-নিকায়ৰ চেয়াৰমেন।

ইমানৰ পাছতো আমি এইসকল ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ প্ৰলোভন আৰু উচতনিত ভোল যাম নে ? নে আমি আমাৰ মৌলিক সমস্যাবোৰ দূৰ কৰিবৰ বাবে এক উমৈহতীয়া প্ৰচেষ্টা হাতত ল’ম? এটা কথা মনত ৰখা ভাল যে নাগৰিকত্ব আইনৰ সংশোধনৰ হওকেই বা নহওক , নেপকোৰ ৰঙানদীৰ বান্ধৰ তাণ্ডব শেষ নহয়, অসমৰ ৪০ লাখ নিবনুৱাৰ বেদনা অন্ত নপৰে, ডি ভোটাৰৰ আতংক মাৰ নাযায় ,শৰণাৰ্থী শিৱিৰৰ নৰক সদৃশ পৰিৱেশৰ অন্ত নপৰে।

অসমৰ সকলো অসমীয়া আৰু বঙালী লোকলৈ আহ্বান, সংকটৰ এই মুৰ্হূতত নিৰ্বোধ নহ’ব, আমি সাধাৰণ অসমবাসী কোনো কাৰো শত্ৰু নহয়, নিজৰ নিজৰ ভাষা সংস্কৃতিক বুকুত বান্ধি আমি এইখন অসমতে অনাদি কাললৈ শান্তিৰে সহাৱস্থান কৰিব লাগিব। ৰাজনৈতিক নেতাৰ কুটিল খেলখনত নিজকে মহুৰা হ’বলৈ নিদিব। আমি আমাৰ উমৈহতীয়া শত্ৰুবোৰক চিনাক্ত কৰি নিজৰ জাতীয় দায়িত্ব পালন কৰাৰ সময় সমাগত ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে