চ’ৰাঘৰ / ইত্যাদি / লোককলাৰ বাহক ধৰণী ভাগিন৷৷ গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য৷৷

লোককলাৰ বাহক ধৰণী ভাগিন৷৷ গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য৷৷

‘মৰিলে সকলো বস্তুৰ গাৰ পৰাই দুৰ্গন্ধ ওলায়।
অতীতটোৱেই একমাত্ৰ বস্তু, যিটো মৰিলেহে তাৰপৰাসুগন্ধ ওলায়’। – এডৱাৰ্ড টমাছ

জীৱনৰ বাটে-ঘাটে অগণিত মানুহ লগ পোৱা যায়। ইয়াৰে কিছুমানৰ স্মৃতি মনৰ মাজত নীৰৱে সোমাই ৰৈ যায় আৰু জীৱনৰ সুখ-দুখ-যন্ত্ৰণাৰ বিশেষ কিছুমান মুহূৰ্তত সেই ব্যক্তিসকলৰ বিমূৰ্ত প্ৰতিচ্ছবি মানস-পৰ্দাত ভাঁহি উঠে আৰু তেওঁলোকৰ অতীত স্মৃতিয়ে জীয়াই থকাৰ প্ৰেৰণা, আনন্দ কি সোঁৱৰাই দিয়ে। মন উজ্জীৱিত কৰি তোলে, যেতিয়া পশ্চাৎ-অৱলোকনেৰে সেইসকল ব্যক্তিৰ কাল্পনিক সান্নিধ্যৰ উমাল স্পৰ্শ অনুভূত হয়। ল’ৰালিৰ মধুৰ দিনবোৰত এনে বহুত সদাহাস্যময়, সৰল, স্নেহশীল ব্যক্তিয়ে যোগাই যোৱা অপ্ৰতিম পৰশ আজিও হৃদয়ত কঢ়িয়াই লৈ ফুৰোঁ আৰু সেয়ে হয় বিচাৰি ফুৰোঁ পাওঁ নেকি এক সম্ভাৱনাৰ উহ, নহয় বিলাব খোজোঁ তাহানিৰ নিজৰ ঠাইত আজিও কোনোবা এজনক বহুৱাই লৈ।

আজি যিজন মানুহৰ কথা ক’বলৈ ওলাইছোঁ, তেওঁৰ বিষয়ে কোৱাৰ আগতে বিশ্ব-বিশ্ৰুত দাৰ্শনিক পণ্ডিত ছক্ৰেটিছে সুখৰ সংজ্ঞা বা ধাৰণা সম্বন্ধে কৰা দুটামান মন্তব্যৰ কথা উল্লেখ কৰিব খুজিছোঁ। দাৰ্শনিক-প্ৰৱৰ ছক্ৰেটিছ আছিল সংসাৰৰ প্ৰতি একেবাৰে উদাসীন। দিনটোৰ বেছিভাগ সময় তেওঁ হাট-বজাৰত মানুহৰ লগত কথাৰ মালিহা মাৰি ফুৰিছিল। তেওঁ ঘৈণীয়েক জান্তিপৰ গালি-গালাজ, তৰ্জন-গৰ্জন খায়ো কিন্তু সেইবোৰ নীৰৱে সহ্য কৰিছিল। ছক্ৰেটিছৰ বন্ধু এজনে এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কৈছিল– ‘সহ্য নকৰিম কিয়· জান্তিপে মোৰ কিমান ডাঙৰ উপকাৰ কৰিছে সেই কথা তোমালোকে নাজানা। তেওঁৰ গালি-শপনি আৰু অত্যাচাৰ সহ্য কৰি মোৰ সহ্য-শক্তি ইমান বৃদ্ধি পাইছে যে জীৱনৰ আন সকলো অশান্তি আৰু দুখ-কষ্ট এতিয়া হেলাৰঙে সহ্য কৰিব পৰা হৈছোঁ’। তেওঁ দেখিবলৈ অশুৱনি আছিল যদিও কথাবোৰ আছিল অতি মধুৰ আৰু যুক্তিপূৰ্ণ। ছক্ৰেটিছৰ এষাৰ বিখ্যাত উক্তি ‘মই কেৱল এটা কথাই জানো; সেইটো হৈছে এই যে মই একো নাজানো’ টোৱে তেওঁৰ জ্ঞানৰ গভীৰতা প্ৰতিপন্ন কৰে।

এথেন্সৰ মানুহৰ পৰা ছক্ৰেটিছে অনেক দুৰ্ব্যৱহাৰ পাইছিল। তেওঁ সেইবোৰ বিনাবাক্যব্যয়ে সহি গৈছিল। প্ৰসংগত তেওঁ কৈছিল, ‘এটা গাধই মোক গুৰিয়ালে বুলিয়েই গাধৰ আইন মই নিজৰ হাতত তুলি ল’ব লাগিবনে·’ ছক্ৰেটিছৰ বন্ধু এজনে তেওঁক ঘৰ সাজি থাকিবলৈ এটুকুৰা মাটি দান কৰিছিল। সেই দান প্ৰত্যাখ্যান কৰি তেওঁ কৈছিল, ‘ধৰিলোৱা মোৰ এজোৰ জোতাৰ দৰকাৰ হৈছে। কিন্তু মাত্ৰ এজোৰ জোতা তৈয়াৰ কৰিবলৈ তুমি এটা গৰুৰ গোটেইখন ছাল মোক দান দিলা; মই ছালখন গ্ৰহণ কৰিলে যেনেকুৱা হাঁহি উঠা অদ্ভুট কথা হ’ব, তোমাৰ মাটিডোখৰ গ্ৰহণ কৰিলেও ঠিক তেনেকুৱা কথাই নহ’বনে?’

এইখিনি কথা লিখি থাকোঁতে আৰু কিতাপৰ পাতত দেখা ছক্ৰেটিছৰ ছবিখন মনত ভাঁহি উঠোতে আমাৰ গাঁৱৰ সমীপৱৰ্তী গাঁৱৰ সেই বিশেষ মানুহজনৰ কথা মনত পৰিল। মানুহজনৰ পিন্ধন-উৰণেৰে চেহেৰাটো, ভাব-ভংগী আৰু কিছুমান কথা-বতৰা মনত পৰাতহে ছক্ৰেটিছৰ প্ৰসংগৰে তেওঁক লৈ আনিবলৈ প্ৰয়াস কৰিছোঁ। তেওঁ আছিল আমাৰ চামৰ সকলোৰে বাবে ‘ভাগিন’ ওৰফে ‘ধৰণী ভাগিন’। সম্পূৰ্ণ নাম ধৰণী দাস। তেওঁক আমি সৰুকালৰ পৰা কলেজ, বিশ্ববিদ্যালয় আৰু চাকৰি জীৱনৰ প্ৰথম ছোৱালৈ অতি নিকটভাৱে পাইছিলোঁ। তেওঁক যে আমি ‘ভাগিন’ সম্বোধনেৰে মাতিছিলোঁ আৰু তেওঁ আমাক ‘মামা’– তাৰ পূৰ্ব-সূত্ৰৰ আঁত বিচাৰ কৰাটো আজি সম্ভৱ নহ’ব। যি হওক, সেই হিচাপে, আমাৰ পিতৃ-পুৰুষৰ সকলোবোৰ আছিল তেওঁৰ ‘আতা-আবু’– যাক ক’ব পাৰি কোনো তেজৰ সম্বন্ধ নথকা এক বিশেষাত্নিক সম্বন্ধ। আমাৰ গাঁৱৰ কি শুভ, কি অশুভ সকলো ক্ষেত্ৰতে তেওঁৰ আছিল এক নিবিড় সম্পৰ্ক আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল যে তেওঁৰ উপস্থিতিয়ে গঢ়ি তুলিছি অনিবৰ্চনীয় সকাহপূৰ্ণ পৰিৱেশ। এইবোৰ আছিল আজি-কালি সতকাই বিচাৰি নোপোৱা বিমল মুহূৰ্ত– যিয়ে আনি দিছিল আমাৰ মনত স্নেহৰ নিকপ্কপীয়া এনাজৰী।

সংসাৰৰ দায়িত্বৰ প্ৰতি একেবাৰে উদাসীন আছিল মানুহজন। আমি সৰুতে দেখা কথা– তেওঁ কালীয়া-পাৰ্টিৰ কালিবাদক আছিল। সেই সময়ত গাঁওবোৰত বিবাহ, পূজা-সবাহ অনুষ্ঠানাদিত কালীয়া-পাৰ্টি আছিল অন্যতম সাংস্কৃতিক তথা আলংকাৰিক অংগ। বেণ্ডপাৰ্টিৰ প্ৰচলন হোৱাত কালক্ৰমত এইবিধ আপুৰুগীয়া লোক-কলা কালৰ বুকুত হেৰাই গ’ল। তেতিয়া দোতাৰাটোৱে তেওঁৰ সংগী হৈ পৰিল। একমাত্ৰ বাদ্য দোতাৰাৰে তেওঁ নিজে সুৰ দি গাইছিল দেহ বিচাৰৰ গীত, লোকগীত, ভক্তিমূলক, হাস্য-ব্যংগ গীত ইত্যাদি। এইবোৰৰ সৰহভাগেই আছিল তেওঁৰ নিজৰ সৃষ্টি। কালীয়া-পাৰ্টিৰ বিলুপ্তিৰ পিছতো তেওঁ কাঁথিত বহি অকলে কালি বজাই থকা আমি দেখিছিলোঁ। সেই মৰ্মস্তুদ দৃশ্য মনত পৰিলে আজিও অন্তৰত ব্যথা অনুভৱ কৰোঁ। তেওঁ ফঁকৰা-যোজনা, পটন্তৰৰো ভঁৰাল; ডাকৰ-বচন মুখত। গীত তেওঁৰ মুখত অনবৰতে লাগিয়ে থাকিছিল। এমোকোৰা হাঁহি লাগি থকা তেওঁৰ মুখত গীতৰ কলিয়ে নতুন প্ৰাণ পাই উঠিছিল। পৰাধীনতাৰ প্ৰচ্ছায়া আৰু স্বাধীনতাৰ দোকামোকাৰ দোদুল্যমান অৱস্থাত থাকিও গান্ধীজীৰ মৃত্যুত তেওঁ দোতোৰা বজাই শোকৰ ৰাগিনী টানিছিল– ‘তেৰশ চৌৱন চনৰ!মাঘ মাহৰ ষোল্ল দিনত!আহিল খবৰ বেঁতাৰত!গান্ধী ৰাজা নাই!….’ বুলি।

গাঁৱৰ প্ৰায় সকলো কামতেই ধৰণী ভাগিনৰ অংশগ্ৰহণ আছিল অতিকৈ জৰুৰী। কাৰণ অইনে কৰিব নোখোজা বা আমনিদায়ক বুলি ভবা কামবোৰ আছিল ধৰণী ভাগিনৰ বাবে। উৎসৱ-অনুষ্ঠান, বিপদ-আপদ, বেমাৰ-আজাৰৰ সময়ত দিনে-নিশাই (টোপনি কাটি কৰি থৈও) তেওঁ যি সহায়-শুশ্ৰূষা, পৰ দিয়া কাৰ্যৰে সহায়ৰ হাত নিজ গুণে আগবঢ়াইছিল সি আছিল অতিকৈ এক বিৰল নিৰ্দশন। ল’ৰা-ছোৱালীৰে তেওঁৰ আছিল এখন ভৰা সংসাৰ। কিন্তু সেই লৈ তেওঁৰ কোনো চিন্তাই নাছিল। ঘৈণীয়েকে সকলো লেদেনা উকতি, ছোৱালী দুজনীক হাত ধৰা হিচাপে লৈ হীৰা মাটিৰ নানা তৰহৰ বাচন,পুতলা আদি গঢ়ি আৰু লোকৰ ঘৰত ভূঁই-ৰুৱা আদি কাম কৰি ল’ৰা-ছোৱালীকেইটাৰ মুখত এমুঠি ভাত দিছিল। ল’ৰা-ছোৱালীকেইটা স্কুলতো পঢ়িছিল তেনেকৈ। ডাঙৰ ল’ৰাই উচ্চ শিক্ষা লাভ কৰি প্ৰতিষ্ঠিতও হৈছে।

বাঁহ-বেতৰ কামত বৰ পটু আছিল ধৰণী-ভাগিন। আনৰ অভাৱ-অভিযোগ পূৰাবলৈ সেইবোৰ তেওঁ উপযাচিয়ে কৰি দিছিল আৰু যি যৎসামান্য পাৰিশ্ৰমিক পাইছিল তাতেই অতিকৈ সন্তুষ্ট আছিল। অভাৱ আৰু প্ৰয়োজনৰ পৰিসীমা যে তেওঁৰ ইমান ঠেক আছিল ভাবিলে আচৰিত লাগে। তেওঁ কামৰ লগে লগে সমানে কথাৰ মালিহা মাৰিছিল- সৰু-ডাঙৰ সংগ লৈ। ধৰণী ভাগিন থাকিলেই মালিহা গাহিলা হৈ উঠিছিল তেওঁৰ ছন্দোবদ্ধ-ৰসাত্মক তাৎপৰ্যপূৰ্ণ কথাৰে। প্ৰায় বিছ-বাইছ বছৰ পূৰ্বে মোৰ পৰিবাৰে লোক-সংস্কৃতি বিষয়ক এটা গৱেষণাৰ কামত সেই এলেকাত কিছুদিন কাম কৰিছিল। এই কামত ভাগিনেও বহুত তথ্য-সমল যোগান ধৰি সহায় কৰিছিল। তেওঁ বাঁহৰ মিহি কাঠিৰে হাতী-ঘোঁৰা আদি জন্তু আৰু বিভিন্ন চৰাই সাজি দিছিল। সেইবোৰ যিমানদূৰ সম্ভৱ এতিয়াও গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা কেন্দ্ৰত সংৰক্ষিত হৈ আছে। শাৰীৰিক কঠোৰ শ্ৰম বেছি নকৰিছিল যদিও বিনা কামে-কথাই তেওঁ এখন্তেকো নাথাকিছিল।

তেওঁ প্ৰায় আমাৰ পিতৃ-বয়সীয়া আছিল। আমাৰ পূৰ্ব-পুৰুষৰ দুই-এক ব্যতিৰেকে সকলোৱেই পুৰোহিত আছিল। শ্ৰাদ্ধ-জাতকৰ্মাদিৰ বাহিৰে বিবাহ, পূজা, হোম-যজ্ঞাদি কৰ্ম নিশা ভাগলৈকে চলিছিল। এইবোৰ ক্ষেত্ৰত সেইসকল পূৰ্বজৰ দিবা-নৈশৰ সহযোগী লগৰীয়া আছিল ধৰণী ভাগিন। মৃত্যুৰ আগলৈকে সহায়ৰ হাত আগবঢ়ায়ে মানুহজন চলি গৈছিল। ঘৈণীয়েকৰ পৰা, আনকি অন্য দুই-একৰ পৰা তেওঁ কিছু কৰ্কথনা খোৱাও আমি জানিছিলোঁ। কিন্তু তেওঁৰ মুখত উচ্চ-বাচ্য কেতিয়াও শুনা নাছিলোঁ। নীৰৱে সকলো সহ্য কৰিছিল। তেওঁৰ কথাবোৰ আছিল কাব্যিক, ছন্দময় আৰু সাৰুৱা। তেনেকুৱা ‘ক’ৰ কাণ দিব নজনা মানুহ এজনৰ মুখত এনেবোৰ গভীৰ কথাই কেনেকৈ বাহ লৈছিল ভাবিলে আচৰিত লাগে। উচ্চ-শিক্ষিত বহুত ব্যক্তিৰ মুখতো হয়তো তেনে উচ্চ স্তৰৰ কথা শুনিবলৈ পোৱাটো কঠিন হ’ব।

‘হেলাই কৰ্মনাশ’ আপ্ত বাক্যষাৰ তেওঁ প্ৰায়েই উল্লেখ কৰিছিল আৰু নিজেও হেলাক কেতিয়াও প্ৰশ্ৰয় নিদিছিল। মোক কলেজীয়া, বিশ্ববিদ্যালয় কালছোৱাৰ অতি দুৰ্গম আৰু বিপদসংকুল পথছোৱাত মোৰ যতমানে বস্তু-বাহানি নাৱৰে আৰু ভাৰ কঢিয়াই যোৱা-অহা দুয়োটা যাত্ৰাতে কিমান যে কষ্টকৰ সহায়ৰ হাত আগবঢ়াইছিল, সেইবোৰ কথা মনত পৰিলে সেই সৰল-স্নেহশীল ব্যক্তিত্বৰ ওচৰত শ্ৰদ্ধানত হওঁ। বাসস্থান বুলিবলৈ তেওঁৰ গাঁওখন আছিল যদিও কৰ্মস্থান আৰু মৰ্মস্থান আছিল প্ৰকৃততে আমাৰ গাঁওখনহে।

কৰ্তব্যপৰায়ণতা আৰু সময়নিষ্ঠতা আছিল তেওঁৰ অন্যতম গুণ। তেওঁ প্ৰায়ে কোৱা শুনিছিলোঁ– ‘যি কাম কৰিবা সদায় আনন্দমনে নিষ্ঠাযুক্তভাৱে কৰিবা, সফল জানিবা সুনিশ্চিত’। ধৰণী ভাগিনৰ এই মূল্যৱান কথাষাৰ মই আজিও মন্ত্ৰৰ দৰে আওৰাওঁ আৰু প্ৰসংগত যথাস্থানত নোকোৱাকৈও নাথাকোঁ। অতি ধৈৰ্য্যশীল আৰু সহনশীল ব্যক্তি আছিল ধৰণী-ভাগিন। জীৱনটোৰ বেছিভাগ কামেই তেওঁ আনৰ উপকাৰ আৰু হিতৰ কাৰণে সমৰ্পণ কৰিছিল। ধৰণী-ভাগিন প্ৰসংগত ছক্ৰেটিছৰ কথা অনাৰ উদ্দেশ্য এয়ে যে তেওঁৰো ছক্ৰেটিছৰ লগত অলপ কিছু মিল থকা যেন লাগে (ভাব, যুক্তি আৰু দৰ্শন বাদ দি)। সি যি কি নহওক, ক’ত ছক্ৰেটিছ আৰু ক’ত আমাৰ ধৰণী-ভাগিন। তথাপি প্ৰসংগত কিয় একেলগে উলিয়ালোঁ· কাৰণটো হ’ল দুয়োজনৰে সুখৰ ধাৰণা আৰু জীৱন-এষণা হয়তো কোনোবাখিনিত অলপ হ’লেও মিল আছিল নেকি·

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে