চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / সংকটৰ গ্ৰাসত কৃষিখণ্ড : ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই৷৷ টুনুজ্যোতি গগৈ৷৷

সংকটৰ গ্ৰাসত কৃষিখণ্ড : ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই৷৷ টুনুজ্যোতি গগৈ৷৷

যোৱা দুই অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই ৰাজধানী দিল্লীত চৰকাৰী বাহিনীয়ে কৃষক সমদলৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা দুৰ্ভাগ্যজনক বুলি সকলোৱে একমুখে স্বীকাৰ কৰিছে। কৃষকসকলে ন্যায্য প্ৰাপ্যৰ দাবীত চলাই অহা প্ৰতিখন সংগ্ৰামক ৰাষ্ট্ৰযন্ত্ৰই বাৰে বাৰে ব্যৰ্থ কৰিবলৈ অপচেষ্টা চলাই আহিছে। আশাৰ বিষয় যে ৰাষ্ট্ৰযন্ত্ৰৰ সকলোধৰণৰ প্ৰতিবন্ধকতা নেওচি কৃষকসকল প্ৰান্তে প্ৰান্তে জাগি উঠিছে, ৰাষ্ট্ৰযন্ত্ৰৰ ভেৰোণীয়া বাহিনীৰ ৰঙা চকুলৈ ভয় নকৰি সন্মুখ সমৰত লিপ্ত হ’বলৈয়ো আগবাঢ়ি আহিছে।

সন্দেহ নাই, সমগ্ৰ ভাৰতৰ কৃষিখণ্ডই বৰ্তমান ভয়ংকৰ সংকটত পতিত। কৃষিত ক্ৰমশঃ ৰাজহুৱা বিনিয়োগ হ্ৰাস, কৃষি উৎপাদনৰ খৰচ দ্ৰুতগতিত বৃদ্ধি, উৎপাদিত ফচলৰ উপযুক্ত দামৰ অভাৱ আদিয়ে কৃষকসকলক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে। সঁচা ক’বলৈ গ’লে, দেশ স্বাধীন হোৱাৰ পাছৰ পৰাই শাসকপক্ষই গ্ৰহণ কৰা অসম পুঁজিবাদী বিকাশৰ কৰুণ পৰিণতি প্ৰত্যক্ষভাবে ভোগ কৰিব লগা হৈছে কৃষকসকলে। অৱশ্যে, নেহৰুৰ মৃত্যুৰ পাছত লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই কৃষিখণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। শাস্ত্ৰীয়ে গঢ় দিয়া কাঠামোৰ আধাৰতে ১৯৭০ চনৰ পাছত ভাৰতৰ কৃষিখণ্ডত সেউজ বিপ্লৱ আৰম্ভ হৈছিল। কিন্তু, ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ অনিয়ন্ত্ৰিত হৈ থকাৰ বাবে আৰু সেই ক্ৰমবৰ্ধিত জনসংখ্যাৰ অধিক শতাংশ লোকক অৰ্থনীতিৰ অন্যান্য খণ্ডই জীৱন-জীৱিকাৰ বিকল্প পথৰ সন্ধান দিব নোৱৰা বাবে সেউজ বিপ্লৱে কৃষিখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব নোৱাৰিলে। সেইদৰে, চৰকাৰে সেউজ বিপ্লৱৰ নামত কৃষিখণ্ডত বৃহৎ পুঁজিৰ অনুপ্ৰবেশৰ বাট মুকলি কৰি দিয়াৰ বাবেও সাধাৰণ কৃষকসকল উপকৃত নহ’ল। সেউজ বিপ্লৱৰ পাছতে ভূমিৰ কেন্দ্ৰীভৱন বৃদ্ধি পোৱাৰ লগে লগে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ কৃষিভূমি বৃহৎ কৃষকৰ হাতলৈ গুচি যায়। উত্তৰাধিকাৰী সূত্ৰে পোৱা ভূমিকণো হেৰু¸ৱাই পেলোৱা ক্ষুদ্ৰ কৃষকসকল ৰূপান্তৰিত হ’ল কৃষি শ্ৰমিকলৈ।

১৯৯১ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে নব্য উদাৰবাদী নীতি গ্ৰহণৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰে। চৰকাৰে ভাৰতৰ ৭০ শতাংশ লোকৰ জীৱন-জীৱিকাৰ উৎসটোক সম্পূৰ্ণৰূপে অৱহেলা কৰা দেখা হ’ল। তেতিয়াৰ পৰাই কৃষিখণ্ডত দেশী-বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আক্ৰমণ নিৰন্তৰ গতিত অব্যাহত আছে। কৃষিখণ্ড¸ত বৃহৎ পুঁজিৰ প্ৰভাৱ মূলতঃ তিনিধৰণে বৃদ্ধি পোৱা দেখা যায়– (১) বাণিজ্যিক ফচল উৎপাদন কৰাৰ জৰিয়তে, (২) চুক্তিভিত্তিক খেতি কৰাৰ জৰিয়তে, (৩) অগ্ৰিম বাণিজ্যৰ জৰিয়তে। ইপিনে, কৃষকৰ মাটিৰ অধিকাৰ, বীজৰ অধিকাৰ, বজাৰ অধিকাৰ আদি সকলোধৰণৰ অধিকাৰ খৰ্ব হৈ আহিছে। ভূমিহীন বা উপান্ত কৃষকৰ দুখ-দুৰ্দশা দিনে দিনে অভাৱনীয়ৰূপত বৃদ্ধি পাইছে। তেওঁলোকৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে হতাশা, ভয়াবহ ৰূপ লৈছে দাৰিদ্ৰ আৰু ক্ষুধাই। বেছি ভাগ কৃষকেই এনে এক মনোভাৱ পোষণ কৰে যে তেওঁলোকে জীৱন নিৰ্বাহৰ বাবে আন কোনো বিকল্প বৃত্তিৰ সন্ধান পোৱাৰ লগে লগে কৃষি কৰ্ম ত্যাগ কৰিব। কৃষকৰ অৱস্থা এনে হোৱাৰ মূল কাৰণ হ’ল, উদাৰবাদী নীতিৰ ফলত ভাৰতলৈ খাদ্য শস্য আমদানিৰ ক্ষেত্ৰত থকা পূৰ্বৰ বাধা-নিষেধ উঠাই লোৱাৰ লগে লগে উন্নত দেশসমূহৰ ৰাজসাহায্যযুক্ত কৃষি পণ্য ভাৰতৰ বজাৰত উভৈনদী হৈ পৰে। ভাৰতত উৎপাদিত কৃষি পণ্যই বজাৰৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰা হ’ল। চৰকাৰে কৃষকৰপৰা ফচল কিনাৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়াত বেচৰকাৰী সংস্থাসমূহে কম মূল্যত কৃষি পণ্য ক্ৰয় কৰি কৃষকসকলক সৰ্বস্বান্ত কৰি আহিছে।

ভাৰতৰ আধা সংখ্যক কৃষকেই ঋণগ্ৰস্ত। এই ঋণগ্ৰস্ত কৃষকসকলৰ বাবে কৃষিকৰ্ম এক ভাৰ ব’ব নোৱাৰা কাৰবাৰত পৰিণত হৈছে। ফলত তেওঁলোকৰ মাজত আত্মহত্যাৰ ঘটনা উদ্বেগজনকভাবে বৃদ্ধি পাইছে। কৃষকসকলে সুদৰ বিনিময়ত টকা ধাৰে দিয়া ব্যক্তি, ব্যৱসায়ী আৰু বেংকৰ পৰা ঋণ লয় যদিও কৃষি উৎপাদনৰ জৰিয়তে সেই ঋণ ঘূৰাই দিব নোৱাৰা অৱস্থাত পৰে। তাতে বান, গৰাখহনীয়া, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগসমূহৰ সন্মুখীন হ’লে অলপো শস্য উৎপাদন কৰিব নোৱাৰে। এনে পৰিস্থিতিত ধাৰে লোৱা টকা যথাসময়ত ঘূৰাই দিব নোৱাৰা কৃষকসকলে সুদখোৰ ব্যক্তি বা বেংকৰদ্বাৰা অত্যধিক চাপৰ সন্মুখীন হৈ আত্মহত্যাৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হয়। দুখৰ বিষয় যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ উদাৰবাদী নীতিৰ ফলত এক দশকতে চাৰি লাখতকৈও অধিক ঋণগ্ৰস্ত কৃষকে আত্মহত্যাৰ পথ বাছি লয়।

প্ৰাকৃতিক দুৰ্যোগসমূহ মোকাবিলা কৰিবৰ বাবে ক্ষমতাসীন কোনো এখন চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা নোলোৱাত দুৰ্যোগসমূহ প্ৰতিবছৰে বৃদ্ধি পোৱাৰ বিপৰীতে কৃষকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। দীৰ্ঘদিন ধৰি স্বাধীনোত্তৰ ভাৰতত ক্ষমতাসীন হৈ থকা কংগ্ৰেছ দলে কৃষি আৰু কৃষক বিৰোধী নীতিয়েই গ্ৰহণ কৰি থাকিল। পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহত কৃষিখণ্ডলৈ আবণ্টন ক্ৰমশঃ হ্ৰাস কৰি অনা হয়। ষষ্ঠ পৰিকল্পনাত (১৯৮০-৮৫) কৃষিখণ্ডত ৬৪০১২ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে দ্বাদশ পৰিকল্পনাত (২০১২-১৭) ৪৫৫৬৫ কোটি টকাহে ধাৰ্য কৰা হয়। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনেও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই কৃষি আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰাৰ ফলত কৃষকসকলৰ অৱস্থা অপৰিৱৰ্তিত হৈ থাকিল। বৃহৎ পুঁজিপতি বা বহুজাতিক প্ৰতিষ্ঠানসমূহৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছ দলতকৈ বিজেপি দল একাঠি চৰাহে বাবে কৃষকসকলে উৱাদিহ নোপোৱা হৈছে। লক্ষণীয় যে বিজেপি দলে চৰকাৰ গঠনৰ আগতে কৃষকৰ উৎপাদিত ব্যয়ৰ সৈতে ৫০ শতাংশ মূল্য যোগ দি কৃষি উৎপাদিত পণ্যৰ সহায়ক মূল্য নিৰ্ধাৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু, প্ৰতাৰক দলটোৱে সেই প্ৰতিশ্ৰুতি পূৰণ কৰাটো দূৰৈৰ কথা, ন্যায্য প্ৰাপ্যৰ দাবীত জাগি উঠা কৃষকসকলৰ ওপৰত দমন নীতিহে অব্যাহত ৰাখিছে। তথ্য মতে, বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে কৃষকৰ আত্মহত্যাৰ গড় আছিল ৪৮। কিন্তু, কেন্দ্ৰীয় চৰকাৰৰ শাসনলৈ অহাৰ পাছত এই সংখ্যা ৫২লৈ বৃদ্ধি হয়।

লক্ষণীয় যে সমগ্ৰ বিশ্বৰ মানুহক খাদ্যৰ যোগান ধৰিবলৈ শস্য উৎপাদনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত–‘বিশ্ববাসীক মাটি ফালি ধান’ যোগোৱা কৃষকসকলেই আটাইতকৈ দৰিদ্ৰ ব্যক্তি। এক সমীক্ষা অনুসৰি, বিশ্বৰ পঞ্চাশ শতাংশ ক্ষুধাতুৰ আৰু পুষ্টিহীন লোক হ’ল ক্ষুদ্ৰ বা উপান্ত কৃষক আৰু অন্য বাইশ শতাংশ লোক হ’ল ভূমিহীন তথা গ্ৰাম্য শ্ৰমিক। নিয়ম অনুসৰি ভূমি, পানী আৰু বীজৰ প্ৰকৃত অধিকাৰী হ’ব লাগিছিল কৃষক সম্প্ৰদায়। কিন্তু, বাস্তৱক্ষেত্ৰত তেওঁলোকক এসময়ত নিয়ন্ত্ৰণ কৰিছিল ভূস্বামীসকলে আৰু বৰ্তমান নিয়ন্ত্ৰণ কৰিছে আন্তৰ্জাতিক নিগমসমূহে। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে গ্ৰহণ কৰা নব্য উদাৰবাদী নীতিবোৰে কৃষকসকলক ৰপ্তানিৰ বাবে উৎপাদন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। আন্তৰ্জাতিক অনুষ্ঠানসমূহে অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থা, আন্তৰ্জাতিক মুদ্ৰা নিধি, বিশ্ব বেংক, মুক্ত বাণিজ্য সংস্থা আদিয়ে কেতিয়াও কৃষকসকলৰ স্বাৰ্থ পূৰণৰ প্ৰতি গুৰুত্ব নিদিয়ে; তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ল পুঁজিপতিৰ স্বাৰ্থ পূৰণ কৰা।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে বিশ্বৰ বিভিন্ন দেশত কৃষক সংগঠনসমূহে ‘খাদ্য সাৰ্বভৌমত্ব’ৰ দাবীটো উত্থাপন কৰিছে। উদৰ পূৰাই পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্য খাবলৈ পোৱাটো মানুহৰ মৌলিক অধিকাৰ হ’ব লাগিব। ভূমিৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰখা কৃষকসকলে প্ৰাকৃতিক সম্পদসমূহ পৰিচালনা কৰাৰ অধিকাৰ পাব লাগিব। খাদ্য সাৰ্বভৌমত্ব ৰক্ষা পৰিবলৈ হ’লে কৃষক উচ্ছেদ, বলপূৰ্বক নগৰায়ন, কৃষকৰ ওপৰত অত্যাচাৰ আদি বন্ধ হ’ব লাগিব।

সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে আদৰি লোৱা নব্য উদাৰবাদী নীতিবোৰ ত্যাগ কৰি বিকল্প অৰ্থনৈতিক পথৰ সন্ধান কৰিব লাগিব। এই বিকল্প অৰ্থনৈতিক পথৰ সন্ধানেহে কৃষকসকলক সঠিক নিৰাপত্তা প্ৰদান কৰিব পাৰিব। বৰ্তমান সমবায় কৃষি ব্যৱস্থায়ো কৃষক আৰু কৃষিখণ্ডক সংকটৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি ভাবিব নোৱাৰি। এনে পৰিস্থিতিত নিখিল ভাৰত কৃষক সভাই নব্য উদাৰবাদী নীতিৰ কৰাল গ্ৰাসৰ পৰা কৃষক সম্প্ৰদায় আৰু কৃষিখণ্ডক ৰক্ষা কৰিবৰ বাবে ৰাষ্ট্ৰৰ মুক্ত হস্তক্ষেপৰ পোষকতা কৰিছে। প্ৰতিখন ৰাজ্যত অসম্পূৰ্ণ ভূমি সংস্কাৰৰ কাম সম্পূৰ্ণ কৰাটোত গুৰুত্ব দিছে।

দেশৰ আৰ্থিক বিকাশৰ বাবে শিল্পায়ন যেনেদৰে অপৰিহাৰ্য, তেনেদৰে কৃষিখণ্ডৰ উন্নীতকৰণো সমানেই গুৰুত্বপূৰ্ণ। শিল্পায়ন সফল কৰি তুলিবলৈ হ’লে প্ৰথমে কৃষিখণ্ডৰ উন্নতি সাধন কৰি ল’ব লাগিব। সন্দেহ নাই, কৃষিখণ্ডৰ উন্নীতকৰণৰ বাবে পোনেই জলসিঞ্চন ব্যৱস্থা সুগম কৰি তোলাটো প্ৰয়োজন। জলসিঞ্চনৰ ব্যৱস্থা সুগম হ’লেহে কৃষকসকলে বতৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ গোটেই বছৰজুৰি এডৰা মাটিতে কেইবাটাও শস্য উৎপাদন কৰিব পাৰে। মাটি চহ কৰা, শস্য চপোৱা আদি কামতো উন্নত যান্ত্ৰিক পদ্ধতি প্ৰয়োগ হ’ব লাগিব। কৃষিখণ্ডৰ উন্নীতকৰণত কম গুৰুত্ব দি শিল্পায়নত বেছি গুৰুত্ব দিয়াৰ অৰ্থ হ’ল – দেশৰ জনসাধাৰণৰ মাজত ব্যাপক অসমতাৰ সৃষ্টি কৰা, একাংশ লোকক বিত্তশালী কৰি তোলাৰ পৰিৱৰ্তে গৰিষ্ঠ সংখ্যক লোকক আৰ্থিকভাবে দুৰ্বল কৰি তোলা। সেয়ে চৰকাৰে শিল্পায়ন আৰু কৃষিখণ্ডৰ উন্নীতকৰণৰ মাজত এক পৰিকল্পিত, সমানুপাতিক আৰু সংহতিমূলক বিনিয়োগ আঁচনি গ্ৰহণ কৰা প্ৰয়োজন। নক’লেও হয় যে শিল্প প্ৰযুক্তিৰ তুলনাত কৃষিপ্ৰযুক্তি বহু পিছ পৰি আছে। এক ঘন্টা শ্ৰমৰ উৎপাদন ক্ষমতা শিল্পখণ্ডৰ তুলনাত কৃষিখণ্ডত স্বাভাৱিকতে যথেষ্ট কম। দৃষ্টান্তস্বৰূপে, বৰ্তমান দেশৰ সোতৰখন ৰাজ্যৰ কৃষকৰ গড় আয় বছৰি মাথোন বিশ হেজাৰ টকা। শিল্পখণ্ড আৰু কৃষিখণ্ডৰ মাজত পণ্য উৎপাদনৰ এনে বৃহৎ পাৰ্থক্য থকা বাবেই বিশ্বৰ উন্নত দেশসমূহত শিল্পপণ্য আৰু কৃষিপণ্যৰ মাজত সমতা আনিবলৈ পঞ্চাশ শতাংশ পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰে। চীনৰ দৰে উন্নয়নশীল দেশেও কৃষিখণ্ডত ৰাজসাহায্য বৃদ্ধি কৰি অহাৰ পৰিৱৰ্তে ভাৰতে কৃষিখণ্ডত ৰাজ সাহায্য বৃদ্ধি কৰাৰ পৰিৱৰ্তে অযৌক্তিকভাবে হ্ৰাস কৰিহে আনিছে।

আমি ভাবো যে ভাৰত চৰকাৰে খাদ্য নিৰাপত্তাক সংকটৰ মাজলৈ ঠেলি নিদিয়াকৈ উৎপাদিত ফচলৰ উচিত মূল্য নিৰ্ধাৰণ, মধ্যভোগীৰ বিলুপ্তিকৰণ আদিৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত। চৰকাৰে কৃষিকৰ্মক এক সন্মানজনক আৰু লাভজনক পেছা হিচাবে গ্ৰহণ কৰাৰ এক পৰিৱেশ ৰচনা কৰিলেহে নতুন প্ৰজন্ম চাকৰিমুখী নহৈ কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ’ব। সেইবোৰ নকৰি কৃষিখণ্ডত ৰাজহুৱা বিনিয়োগ হ্ৰাস কৰিলে বা খাদ্য উৎপাদনত প্ৰয়োজনীয় গুৰুত্ব নিদিলে অদূৰ ভৱিষ্যতে ভাৰতত এক মহাবিদ্ৰোহ সূচনা হোৱাটো নিশ্চিত। তেনে এক বিদ্ৰোহৰ উকুমুকনি দেখা গৈছেই।

কথা হ’ল – পুঁজপতি বা বহুজাতিক প্ৰতিষ্ঠান নিয়ন্ত্ৰিত দেশীয় চৰকাৰে যে কৃষিখণ্ডত প্ৰচুৰ পৰিমাণে বিনিয়োগ কৰিব, তেনে আশা কৰিব নোৱাৰি। সেয়ে কৃষিখণ্ডৰ এই সংকটমোচনৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই; ৰাষ্ট্ৰযন্ত্ৰৰ সকলো বাধা ওফৰাই এই সংগ্ৰাম অধিক তীব্ৰ কৰি তুলিবই লাগিব। আত্মসমৰ্পণ নহয়; প্ৰতিৰোধ আৰু নিৰন্তৰ সংগ্ৰামহে কৃষকসকলক মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ সূচনা কৰিব। শেষত বিষ্ণু ৰাভাৰ গীতৰ ভাষাৰেই কওঁ –
ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ ব’ল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে