চ’ৰাঘৰ / কথাশিল্প / ঐক্যতান৷৷ মমিন বৰা৷৷

ঐক্যতান৷৷ মমিন বৰা৷৷

তেজবোৰ গোট মাৰিলে
উশাহত সাৰ পায় জিকা ফুলা সন্ধিয়া

পাহাৰ বগাই শিৰে শিৰে উঠি আহে
সেন্দূৰীয়া জোন

জোনৰ বিয়লিত মোলান পৰে
যত এঙেৰুৱা সপোন

সাৰ পাই সৰে
পথৰুৱা চকুলো

ৰাজভঁৰালে পুৰাব এদিন পেটৰ প্ৰজন্ম
মাথোঁ এক মৌ সৰা সপোন

পোৰা পেট পাৰ হৈ দেশ পাব পৰাকৈ
মহান হ’ব নোৱাৰিলোঁ

স্বাধীন আকাশৰ তলত
মই ভোকৰ অধীন

ভোকৰ বাবে এই দুহাত
দেশৰ বাবে এই দুহাত

পোহৰ বিচাৰি গৈ এন্ধাৰত হাহাকাৰ
শত-সহস্ৰৰ নিৰন্ন স্বাধীন দুহাত৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে