চ’ৰাঘৰ / কথাশিল্প / দীঘলী পুখুৰীত যযাতিৰ জিন৷৷ টুনুজ্যোতি গগৈ৷৷

দীঘলী পুখুৰীত যযাতিৰ জিন৷৷ টুনুজ্যোতি গগৈ৷৷

সৌৱা বেলিয়ে লাহ দিওঁ-নিদিওঁ কৰা পৰতেই সখীয়েকহঁতৰ লগত স্নান কৰিবলৈ বুলি ৰাজপ্ৰসাদৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ ওলাই আহিছে কামৰূপ নৃপতি ভগদত্ত তনয়া অষ্টাদশী ভানুমতী, তাইৰ ছন্দময় খোজৰ তালে তালে ঢৌৱাইছে নিতম্ব চুমা আৰু কাজল ক’লা খোলা চুলি, ৰূপহী গাভৰুজাকৰ প্ৰাণখোলা হাঁহিৰ শব্দত উচপ খাই উৰি গৈছে পথৰ কাষৰ প্ৰহৰীসদৃশ বিৰিখত পৰি জিৰাই থকা পখী…

হঠাৎ শশাংকই অনুভৱ কৰে তাৰ বাহুত ভানুমতীৰ কোমল বক্ষৰ হেঁচা৷ সন্ধিয়াৰ আলো-ছায়াৰ সুযোগত তাক লতাৰ দৰে মেৰাই ধৰিব খোজা ভানুমতীক সি আবেগজড়িত কন্ঠেৰে কৈ উঠে — ভানু, কাইলৈ আমি ৰথত উঠি গুচি যাম হস্তিনাপুৰলৈ, তোমাৰ অবৰ্তমানত ৰিঙা ৰিঙা হৈ নপৰিবনে দীঘলীপুখুৰীৰ এই চাৰিওপাৰ?

— ভানু? হস্তিনাপুৰলৈ ৰথত উঠি গুচি যাবা?—ভানুমতীয়ে তাৰ পিঠিত মৃদু ভুকু এটা মাৰি আৰু আশ্চৰ্যই বহল কৰি তোলা দুচকুত কৌতুক সানি কয় — পাগল, এক নম্বৰ পাগল তুমি!

— এৰা, মই পাগলেই হৈ গৈছোঁ নন্দিতা৷ এজন অনৈতিহাসিক যুৱকক দীঘলীপুখুৰীৰ ইতিহাসে পাগল নকৰি পাৰেনে?

— ইতিহাসে কিন্তু কয়, এই দীঘলীপুখুৰীত আহোম সেনাই মোগলৰ স’তে যুঁজ দিওঁতে লুকুৱাই ৰাখিছিল যুদ্ধৰ নাও, প্ৰয়োজন হ’লেই যাতে নিব পাৰে উলিয়ায়৷

— ইতিহাসে যিয়েই নকওক, বৰ্তমানৰ দীঘলী পুখুৰীৰ আৱা-হাৱা দেখিলে ভাৱ হয় যে পুৰাকথাবোৰহে সঁচা, এগৰাকী ৰাজতনয়াৰ যৌৱনৰ স্মৃতিয়েই যেন নীৰবে বহন কৰি আহিছে এই পুখুৰীয়ে : এদিন হয়তো ভানুমতীয়ে আপোনমনে উলংগ হৈ এই পুখুৰীত জলকেলি কৰিছিল আৰু সেই দৃশ্য লুকাই লুকাই চাইছিল কোনো উতনুৱা ডেকাই৷

শংশাংকই বিভোৰ হৈ ভাবে, সেইবাবেই চাগৈ আজিও দীঘলীপুখুৰীৰ পাৰত যৌৱনৰ পয়োভৰ : বছৰ বছৰ ধৰি হেজাৰ হেজাৰ মিলন আকুল প্ৰেমিক-প্ৰেমিকাই এই পুখুৰীৰ পাৰতেই পাতিছে প্ৰাণৰ বহু কথা, কঁপা কঁপা ওঁঠেৰে প্ৰেমাস্পদৰ ওঁঠত যাচি দিছে প্ৰথম চুমা…৷ হেজাৰ যৌৱনৰ হেজাৰ হাঁহি আৰু কান্দোনৰ, হেজাৰ অভিমান আৰু অনুযোগৰ, হেজাৰ মিলন আৰু বিচ্ছেদৰ হেজাৰ হেজাৰ স্মৃতি এই দীঘলী পুখুৰীৰ চাৰিওপাৰেই নীৰৱে বহন কৰি আহিছে৷

ভানুমতী হস্তিনাপুৰৰ বোৱাৰী হৈ গুচি যোৱাৰ পাছৰ পৰা চাগৈ সাময়িকভাবে নিজান হৈ পৰিছিল দীঘলীপুখুৰীৰ পাৰ, স্নান কৰিবলৈ ভানুমতীৰ লগৰীহঁত পূৰ্বৰ দৰেই আহিলেও আগৰ দৰে উচ্চল হৈ পৰা নাছিল জলধাৰা, হাঁহি-খিকিন্দালিৰে মুখৰ হৈ পৰা নাছিল দুপাৰ৷ মৰমৰ লগৰীৰ অবৰ্তমানত তেওঁলোকৰ মুখৰ পৰা সৰি পৰিছিল বেদনাৰ দীৰ্ঘশ্বাস, হয়তো দীঘলীপুখুৰীৰৰ জলধাৰাৰ সৈতে একাকাৰ হৈ পৰিছিল চকুলোৰ লোতক৷

সুদূৰ হস্তিনাপুৰত দুৰ্যোধনে বাৰু ভানুমতীয়ে গা ধুবৰ বাবে খন্দাইছিলনে আন এটা দীঘলীপুখুৰী? হয়তো খন্দোৱা নাছিল, ৰাজবধু হোৱাৰ পাছত লিগিৰিহঁতৰ সৈতে জলকেলি কৰাৰ আহৰিও তেওঁৰ তেতিয়া নাছিল৷ কেবল চাগৈ ৰোমন্থন কৰিছিল জীয়ৰী জীৱনৰ দীঘলীপুখুৰীৰ জলধাৰাৰে কটোৱা সেই মধুৰ স্মৃতি৷

শশাংকই জানে, এই অনাৰ্য অধ্যুষিত পগৰ-জুহ-টিচক প্ৰাগজ্যোতিষলৈ ৰূপান্তৰেৰে আৰ্যীকৰণৰ প্ৰক্ৰিয়া চলাই থকাৰ কোনো এক ক্ষণতে সৃষ্টি হৈছিল ভানুমতীৰ স্নানৰ পুৰা কাহিনী : কোনো কিৰাত তনয়াই এই দীঘলী পুখুৰীত জলকেলি কৰিলেও তেওঁক উপেক্ষা কৰিলে ইতিহাসে, পুৰাতত্ত্বৰ অধ্যয়নেও উদ্ধাৰ নকৰে দীঘলী পুখুৰীৰ খননৰ প্ৰকৃত তথ্য৷ ইতিহাসেই যেতিয়া নীৰৱ হৈ ৰ’ল, তেনে স্থলত ভানুমতীৰ স্মৃতিয়েই বাংময় হৈ থাকক দীঘলী পুখুৰীৰ পাৰে পাৰে৷

— চাওঁতে চাওঁতে পৃথিৱীখন বহুত সলনি হৈ গ’ল নহয়৷ কলেজত পঢ়ি থােকাঁতে তোমালোকে চাগৈ ভি চি ডিত এখন ব্লু ফ্লিম চাবলৈ ভয় কৰিছিলা, এতিয়া কলেজীয়া ল’ৰা দূৰৈৰ কথা, ছোৱালীয়েও ম’বাইলৰ হেণ্ডছেটত ব্লু ফ্লিম ডাউনলোড কৰি থয়, তোমালোকে আগতে ক’ৰবাৰ এন্ধাৰ চুকত বা জোপোহানিত লুকাই লুকাই চিগাৰেটত সুখটান মাৰিছিলোঁ বুলি কৈছিলা, এতিয়া চোৱা, ছোৱালীয়েও পাৰ্কত সকলোৱে দেখাকৈ চিগাৰেটত সুখটান মাৰে৷ — নাতি দূৰৈত বহি চিগাৰেট হুপি থকা যুৱতী দুগৰাকীলৈ আঙুলিয়াই নন্দিতাই ক’লে৷

— বাহ্যিকভাৱে পৃথিৱীখনত হয়তো পৰিবৰ্তনৰ বতাহ জোৰকৈ বলিছে৷ মই কিন্তু ভাবোঁ, মানুহৰ মনবোৰ বিশেষ সলনি হোৱা নাই, একেই আছে৷ এই দীঘলীপুখুৰীত স্নান কৰা ভানুমতীৰ স্বামী আৰু দেওৰেকে পৰ পত্নীৰ দেহ বল্লৰী দৰ্শন কৰিবৰ বাবেই ৰাজসভাত বস্ত্ৰহৰণৰ বাবে উদ্যত হৈছিল৷ ৰাজপথত সুৰাপানেৰে মাতাল হৈ থকা আধুনিক যুৱকসকলক কি দোষ দিবা, দ্বাপৰ যুগত সুৰাপানৰ ফলতেই ধ্বংস হৈছিল যাদৱ সভ্যতা৷ আমি সকলোৱেই যেন যুগে যুগে তেজত বহন কৰি আহিছোঁ যযাতিৰ জিন : বয়সে গৰকা দেহাতো সক্ৰিয় হৈ থাকে কাম-ক্ৰোধ-লোভ-মোহ৷

— এৰা, সমাজত যুৱ উচ্ছৃংখলতাৰ সমানেই প্ৰৌঢ় উচ্ছৃংখলতায়ো সমস্যাৰ সৃষ্টি কৰিছে৷ সত্তৰ বছৰীয়া বৃদ্ধৰ দ্বাৰা নাবালিকা ধৰ্ষণ, স্বামীসহ সন্তানক এৰি বিবাহিতা মহিলাৰ পলায়ন জাতীয় সংবাদবোৰ পঢ়িলে তুমি কোৱা যযাতিৰ জিনটোৰ কথাই মনলৈ আহে৷

— হয়তো এই জিনটোৰ বাবেই আজিৰ তাৰিখত কাকত-আলোচনীৰ পৃষ্ঠা এটা মেলিব নোৱাৰি : যিকোনো এখন কাকত-আলোচনীৰ পৃষ্ঠা লুটিয়ালেই চকুত পৰে ‘আকৰ্ষণীয় বক্ষৰ বাবে নিয়মিত সেৱন কৰক ‘অমুক’, ‘লিংগবৰ্ধক যন্ত্ৰৰ বাবে ‘তমুক’ৰ সৈতে যোগাযোগ কৰক’, ‘বৈবাহিক জীৱন মধুৰ কৰিবৰ বাবে সেৱন কৰক ‘ভুচুক” জাতীয় দেধাৰ বিজ্ঞাপন৷ এই বিজ্ঞাপনবোৰে মনলৈ এইভাবেই আনে যে পৃথিৱীৰ অন্যান্য সকলো ৰোগক চেৰাই যৌন অক্ষমতাই এক মহামাৰীৰ ৰূপ গ্ৰহণ কৰিছে৷ বিশ্বায়নৰ বোকোচাত উঠি অহা ভোগবাদে সামাজিক মূল্যবোধৰ ভেটি এনেদৰে খহাই পেলাইছে যে অদূৰ ভবিষ্যতে সৃষ্টি হ’ব এনে এখন সমাজ — য’ত খোৱা-পিন্ধাৰ সমস্যাতকৈ চৰ্চিত হ’ব যৌনতাকেন্দ্ৰিক সমস্যাহে৷

— আৰু তাৰ সুযোগ গ্ৰহণ কৰিব বিভিন্ন বহুজাতিক ঔষধ কোম্পানীবোৰে৷ কৰিব মানে কৰিছেই৷ যৌনতাক লৈ সমগ্ৰ পৃথিৱীতে সৃষ্টি হৈছে এখন ৰমৰমীয়া বজাৰ৷ অথচ, বিজ্ঞানে কয় যে কোনো কৃত্ৰিম ঔষধে মানুহৰ যৌনস্পৃহাক জগাই তুলিব নোৱাৰে৷ পাৰস্পৰিক বুজাপৰা আৰু হৃদয়ৰ মিলনেই হ’ল সুস্থ যৌন যৌৱনৰ আটাইতকৈ ফলপ্ৰসূ ঔষধ৷

নন্দিতাৰ মুখখন জাপ খোৱাৰ পাছত শশাংক মনে মনে ৰ’ল৷ কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ৷ নীৰৱতাই যদি শ্ৰেষ্ঠ ভাষা, তেন্তে নীৰৱতাৰ কথকতাৰে মুখৰ কৰি তোলা হওক এই মায়াময় সন্ধিয়া৷ শশাংকৰ মনলৈ আকৌ উভতি আহিল ভানুমতীঃ হওকচোন তেওঁ এক পৌৰাণিক কাল্পনিক নাৰী!

ভানুমতীয়ে বাৰু এদিন ভাবিছিল নে, হেজাৰ হেজাৰ বছৰৰ পাছত মানৱপ্ৰজাতিয়ে যোগাযোগৰ মাধ্যম হিচাপে ইন্টাৰনেট উদ্ভাৱন কৰিব আৰু ‘ফেচবুক’ নামৰ এক চচিয়েল নেটৱৰ্কিং ছাইটত তেওঁ স্নান কৰা পুখুৰীটোৰ নামেৰে এটা গোট সৃষ্টি হ’ব? ভবাটো দূৰৈৰ কথা, হয়তো তেওঁৰ কল্পনায়ো এনে কথা ঢুকি পোৱা নাছিল৷

দুমাহমানৰ পূৰ্বে শশাংকই ‘ফেচবুক’ত দীঘলীপুখুৰীৰ গোটটো প্ৰত্যক্ষ কৰিয়েই শিহৰিত হৈ পৰিছিল৷ লগে লগে চকুৰ সন্মুখত উপৰা-উপৰিকৈ ভাহি উঠিছিল কটন কলেজৰ ছাত্ৰ হৈ থাকােঁতে প্ৰায় প্ৰতি সন্ধিয়া দীঘলী পুখুৰীৰ পাৰত কটোৱা অলেখ স্মৃতিৰ টুকুৰা৷ ‘দীঘলী পুখুৰী’ৰ গোটৰ সদস্য হৈ সি ‘ৱাল’ত সংযোগ কৰিছিল নিজস্ব অনুভৱ : ‘দীঘলী পুখুৰীলৈ হিংসা লাগে, তোমাৰ দৰে আমি চিৰ যৌৱনা নহ’লোঁ কিয়? এদিন ভানুমতী গুচি গ’ল হস্তিনাপুৰলৈ, অথচ ৰিঙা হৈ নপৰিল তোমাৰ দুপাৰ৷ ভানুমতীৰ অনুপস্থিতিৰ পাছতো যুগে যুগে চামে চামে হেজাৰ যৌৱনৰ সংস্পৰ্শৰে চিৰ যৌৱনমতী হৈ থকা তোমাক অমলেন্দু গুহৰ কবিতাৰ ভাষা ধাৰ কৰি সময়ৰ মুখ উজলাই থকা এটি বনগীত বুলিয়েই ক’ব লাগিব, চিৰ ওঠৰৰ লগত হলিগলি কৰি তুমি হয়তো কেতিয়াও নিবিচাৰা পঁইত্ৰিশৰ ভালপোৱা! নিবিচাৰিলেও এই নৰকৰ পৰা ছুটী লৈ তোমাৰ ওচৰলৈ যাম আৰু তোমাৰ পাৰত বহি ব্যস্ত হ’ম আত্মালাপত৷’

দুদিনৰ পাছতে ফেচবুক খুলি পুলকিত হৈ পৰিছিল সি, এতিয়া তাৰ গাতে গা লগাই বহি থকা বুৰঞ্জীৰ অধ্যয়নশীল মেধাবী ছাত্ৰী, দীঘলীপুখুৰীৰ গোটৰ সদস্যা নন্দিতা চলিহাই তাৰ অনুভৱক সমৰ্থন কৰি এবকলা লিখি থৈছে৷ অনুভৱৰ সাদৃশ্যই দুটা মনক অতি সহজেই পৰস্পৰৰ কাষ চপাই আনে৷ দীঘলী পুখুৰীৰ বাবে অতীত হৈ পৰা এজন পঁইত্ৰিশ বছৰীয়া যুৱক আৰু দীঘলী পুখুৰীৰ বাবে বৰ্তমান হৈ থকা এগৰাকী উনৈশ বছৰীয়া যুৱতীৰ মাজত স্থাপন হ’ল এক মধুৰ সম্পৰ্ক৷

জীৱিকাসূত্ৰে হাফলঙৰ বাসিন্দা, এটা প্ৰশাসনীয় কাৰ্যালয়ৰ মূৰব্বী শশাংকৰ বাবে অফিচলৈ গৈয়েই ফেচবুক খোলাটো অভ্যাস হৈ পৰিল৷ নন্দিতাই পঠিওৱা মেচেজ নপঢ়াকৈ অফিচৰ কোনো ফাইলত মূৰ গুঁজিব নোৱাৰে৷ লাহে লাহে বিবেক দংশনো আৰম্ভ হয় তাৰ৷ সি এতিয়া এজন বিবাহিত ব্যক্তি, এগৰাকী সুন্দৰী পত্নীৰ স্বামী আৰু এটি মৰমলগা সন্তানৰ দেউতাক হৈয়ো এগৰাকী কলেজীয়া যুৱতীৰ লগত সম্পৰ্ক স্থাপন কৰাটো, হৃদয়ৰ গোপন দুৱাৰ খুলি কথা পতাটোত ঔচিত্যবোধ আছেনে? সমাজ আৰু সংস্কাৰৰ ফালৰ পৰা নাই৷ কিন্তু, চিৰ অপ্ৰাপ্তি কঢ়িয়াই লৈ ফুৰা হৃদয়ৰ দাবীৰ কাষত বাৰে বাৰে হাৰি যায় বিবেক আৰু সংস্কাৰৰ হেজাৰ যুক্তি৷ জীৱনৰ সঁচা আনন্দ কি গোপনীয়তাৰ মাজতেই লুকাই থাকে? অবৈধ-পৰকীয়া প্ৰেমেই কি জীৱন মুক্তিৰ সঁচাৰ কাঠী?

কাকতে-পত্ৰে সি পঢ়িছে, ‘ফেচবুক’ৰ দৰে চচিয়েল নেটৱৰ্কিং চাইটবোৰে বহুতৰে সোণৰ সংসাৰ থান-বান কৰি পেলাইছে৷ তাৰ সেই তিল তিলকৈ গঢ়ি তোলা সুখৰ সংসাৰখনো কি এদিন হঠাৎ থান-বান হৈ যাব? মনৰ গহনত আবেগ আৰু যুক্তিৰ দুৰ্বাদল টনা-আঁজোৰা চলি থাকোঁতেই এদিন নন্দিতাই তাক গুৱাহাটীলৈ নিমন্ত্ৰণ জনালে, আগবঢ়ালে দীঘলী পুখুৰীৰ পাৰত এক মায়াময় সন্ধিয়া একেলগে কটোৱাৰ লোভনীয় প্ৰস্তাব৷ তাই হেনো কেৱল এসন্ধ্যাৰ বাবে তাক এগৰাকী প্ৰেমিকাৰ দৰে সংগ দিব, দুয়ো হৃদয় উজাৰি কথা পাতিব৷

ধৰ্ম সংকটত পৰিল শশাংক৷ এপিনে সৰলমনা পত্নী ঋত্বিকাৰ গভীৰ বিশ্বাস আৰু প্ৰেম, আনপিনে এগৰাকী উদ্ভিন্ন যৌৱনাৰ অভিসাৰী নিমন্ত্ৰণ–কাক এৰিব, কাক ধৰিব?

অন্তৰ্দ্বদ্বৰে ক্ষত-বিক্ষত হৈ পৰা একালৰ সাহিত্যৰ ছাত্ৰ শশাংকৰ মনত পৰিল দেৱকান্তলৈ, বিয়াৰ দহদিনৰ পূৰ্বে প্ৰেয়সীক মাজনিশা অভিসাৰৰ বাবে কলংপাৰলৈ আমন্ত্ৰণ জনোৱা দেৱকান্তক পাপী আৰু ব্যভিচাৰী বুলি অসমীয়া মধ্যবিত্ত পাঠকসমােজ ৰক্ষণশীল নৈতিক দৃষ্টিকোণৰ পৰা গালি-গালাজ কৰিছিল৷ সি ভাবিলে, দেৱকান্তই অসমীয়া প্ৰেমৰ কবিতাত পৰিলক্ষিত হোৱা ৰহস্যবাদী বা ভগবতমুখী ঢাকোন গুচাই মুকলি ভাষাৰেই দৈহিক কামনা-বাসনাৰ জয়গান গোৱাটো তেওঁৰ ব্যক্তিগত চৰিত্ৰৰ বৈশিষ্ট্য নাছিল, এখন আধুনিকমুখী সমাজৰ বৈশিষ্ট্য আছিল৷ এজন সমালোচকে যথাৰ্থ ভাবেই কৈছিল যে কবিতাত এটা নতুন ধাৰা প্ৰবৰ্তন কৰাটো প্ৰয়োজন হৈ পৰিছে, যি ধাৰাটোৰ মূল কথা হ’ব exaltation of the body…৷ বহু যুগৰ পূৰ্বেই ইউৰোপীয় সাহিত্যই ভাৱ আৰু লিৰিকত বিৰক্ত হৈ এনে কবিতা বিচাৰিছিল, যি কবিতাই প্ৰচলিত ভণ্ডামি এৰি তাৰ মানুহৰ হৃদয়ৰ অকাট্য সঁচাকহে স্বীকাৰ কৰিব, যি Sensuality-ক পাপ বা অপৰাধ বুলি নাভাবি মানুহৰ সকলো ধৰ্মৰ ওপৰৰ স্বভাৱধৰ্ম বুলি ভাবিব৷

আত্মপক্ষৰ সমৰ্থনত এনে কিছুমান যুক্তিক সাৰথি কৰি শশাংকই নন্দিতাৰ প্ৰস্তাবত সন্মতি জনালে৷ ঋত্বিকাক অফিচৰ কাম আছে বুলি দুদিনৰ ছুটী লৈ সি উপস্থিত হ’ল গুৱাহাটীত৷ এতিয়া সি বহি আছে দীঘলীপুখুৰীৰ পাৰত, এসন্ধ্যাৰ প্ৰেমিকা নন্দিতাৰ সৈতে৷ আন্ধাৰ সুযোগত তাৰ হাতৰ আঙুলিবোৰ নন্দিতাৰ দেহৰ ওপৰত অবাধ্য হৈ পৰিছে, তাইৰ সঁহাৰিয়ে তাক যেন ক্ৰমশঃ অন্ধ কৰি পেলাইছে৷ এনেদৰে বহু সময় বাগৰি গ’ল৷

— বহুত পলম হ’ল মিঃ শশাংক বৰঠাকুৰ৷ মই এতিয়া যাওঁ, হোষ্টেলৰ গেট মৰাৰ সময় হৈছে৷ এতিয়া আপুনি আপোনাৰ লগত যিমান টকা আছে, সকলো মোক দিয়ক৷ লগত বেছি টকা নাই যদি এ. টি. এম.ৰ কাষলৈ বলক৷ নহ’লে, আপোনাৰ এই গোপন অভিসাৰৰ বিষয়ে আপোনাৰ পত্নীয়ে আজিয়েই জানিব৷ আপোনাৰ পত্নীৰ ম’বাইল নম্বৰ ৯৮… নহয়নে? তেতিয়া, কি হ’ব পাৰে আপুনি জানিছেই নহয়৷ — হঠাৎ তাৰ হাত দুখন গাৰ পৰা অাঁতৰাই নন্দিতা থিয় হ’ল আৰু বেপেৰুৱা ভাবে ম’বাইলটো দেখুৱাই কৈ গ’ল — আপোনাৰ এই এসন্ধ্যাৰ সকলো কাৰ্যকলাপ মোৰ ম’বাইলত বন্দী হৈ আছে মিঃ বৰঠাকুৰ৷ পলম নকৰিব৷

— নন্দিতা, এয়া কি কৈছা? তোমাৰ দৰে ইমান মেধাৱী ছাত্ৰী এগৰাকীয়ে প্ৰেমৰ অভিনয় কৰি মোক ব্লেক মেইলিং কৰিব বিচাৰিছা? মই… মই একো ভাবিব পৰা নাই৷ — দুচকুত অপাৰ বিস্ময় সানি শশাংকই বিতত কন্ঠেৰে কৈ উঠিল৷ এনে লাগিল, তাৰ ভৰিৰ তলৰ মাটিবোৰ যেন চপৰা-চপৰকৈ খহিবলৈ ধৰিছে !

— ভবাৰ সকাম নাই৷ মোৰ দেউতা আপোনাৰ দৰে চৰকাৰী চাকৰিয়াল নহয়৷ মই মোৰ কলেজত পঢ়াৰ খৰছ এনেদৰেই উলিয়াব লাগে৷ বেয়া পালেও উপায় নাই৷

শশাংকৰ চকুৰ সন্মুখত ঋত্বিকাৰ মুখখন ভাহি উঠিল৷ সৰলমনা পত্নী গৰাকীক আৰু কেতিয়াও মনোকষ্ট দিব নোৱাৰে সি৷ উপায়ান্তৰ হৈ সি পিছ পকেটৰ পাৰ্ছটোলৈ হাত নিলে আৰু ভাবিলে, এই চচিয়েল নেটৱকিং চাইটবোৰৰ সহায়ত এচামে নতুন পদ্ধতিত যৌন ব্যৱসায়ো চলাই আছে৷ বেচেৰী ভানুমতী, তাইতো কেতিয়াও ভবা নাছিল যে তাইৰ স্মৃতি বিজড়িত হৈ থকা পুখুৰীটোক লৈয়ো চলিব যৌৱনৰ নিকৃষ্ট ব্যৱসায়৷

(২০১১ চনত ‘মাহেকীয়া অনুভূতি’ত প্ৰথম প্ৰকাশ )

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে