চ’ৰাঘৰ / কথাশিল্প / বৈধব্য৷৷ দীপামণি হাজৰিকা বৰুৱা৷৷

বৈধব্য৷৷ দীপামণি হাজৰিকা বৰুৱা৷৷

কপালৰ ৰঙা বেলি
নদীত ডুব যোৱাৰ পৰত
খৰখেদাকৈ জোনটোৱে
আকাশক পিন্ধাই দিয়ে
শুভ্ৰ তৰাৰ পোছাক

আকাশখন হৈ পৰে নিস্প্ৰভ

উদাস দুচকুৰে
নদীলৈ চাই থাকি
বুকুত আঁকে মাথো
অপ্ৰাপ্তি আৰু অসহায়তাৰ
কৰুণ ক’লাজ ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে