চ’ৰাঘৰ / কথাশিল্প / এসাঁজ৷৷ বি জে ৰঞ্জন৷৷

এসাঁজ৷৷ বি জে ৰঞ্জন৷৷

— “কি চাইছা? বৰ দুষ্ট হৈছা অ’ তুমি। চাওঁ ইপিনে আহানা। সৌ বাহিৰৰ পৰা দেখা পাই যে গম পাইছা? চুলিত ৰং লগাইছিলো, চোৱাচোন ভালকৈ লাগিছেনে।”

প্লাৱন যেন সপোন ৰাজ্যলৈ উৰি গ’ল। নিশা বাইদেউ। তাৰ অতি মৰমৰ বাইদেউ। স্নান কৰি ওলাই অহা নিশাৰ মুখখন তেজাল হৈ পৰিছে। চুলিৰ ৰং চাবলৈ ওচৰ চাপি যাওঁতে বাইদেৱে ঘুৰি দিলে। নিৰাভৰণ ধকধকীয়া বগা নিমজ পিঠিত দুই এডাল চুলি অবাধ্য হৈ যেনি-তেনি লাগি ধৰিছে। অজান সুগন্ধি এটাই প্লাৱনৰ মনত বৰদৈচিলাৰ সৃষ্টি কৰিলে।

অফিচ দূৰ হ’লেও দুমহলীয়া ঘৰটোৰ ওপৰৰ পাৰ্ট এটা ভাড়াত পাই প্লাৱনৰ চিন্তা এটা দূৰ হৈছিল। কম দিগদাৰী নে গুৱাহাটীত ভাড়াঘৰ এটা বিচৰি পোৱাটো? ধুনীয়া ঘৰটো পাই সি ফূৰ্তিতে ক’ব নোৱাৰা হ’ল। কাষৰ পাৰ্টটোত আন ভাড়া কৰি থকা মানুহ থাকে। মাজতে এটা কমন কৰিডৰ। কৰিডৰেৰে ওলাই আহিলে কমন বেলকনি আৰু দুয়োফালে দুটা টয়লেট। সন্মুখতো কমন বাৰাণ্ডা।

বেলকনিত থিয় হৈ সি চিন্তা কৰিছিল, লাগি থকা পাৰ্টটোত বা কোন থাকে? দুদিন পাছত সি ধুনীয়া মানুহ এগৰাকীক ঘৰটোৰ পৰা ওলাই যোৱা দেখিছিল। বয়সত তাতকৈ ডাঙৰ হ’ব। আক-তাক সুধি গম পালে মানুহগৰাকী অকলে থাকে, ডাইভোৰ্চ হৈছে বোলে। এদিন আগফালৰ বাৰাণ্ডাত লগ পাই চিনাকি হওঁতে জোৰকৈ তাক চাহ খুৱাবলৈ মাতি লৈ গ’ল। তেওঁৰ নাম নিশা। পাছলৈ তাৰ নিশা বাইদেউ।

মোমায়েক এজনৰ বাহিৰে প্লাৱনৰ কোনো নাই। ইঞ্জিনিয়াৰিং পাছ কৰি সি কোম্পানী এটাত সোমাইছে। মাহেকত এবাৰমান মোমায়েকৰ ঘৰলৈ যায়। বাইদেউৰো কোনো নাই। এটা সময়ত আছিল। এতিয়া নাই। বেংকত চাকৰি কৰে নিশাই।

দুটা ভিন্ন প্ৰাণী। দুয়ো অকলশৰীয়া। দুয়োৰে নিৰ্জঞ্জাল অকলশৰীয়া দিনবোৰ টুক-টুক কৈ পাৰ হৈ গৈ থাকে। অফিচৰ পৰা আহি সি বাইদেউক লগ পায় আগফালৰ বাৰাণ্ডাত, অকলে। লাইট বন্ধ কৰি এন্ধাৰত বাইদেৱে দূৰৰ ক’ৰবালৈ চাই থাকে। হয়তো পাহাৰখনলৈ। হয়তো আকাশলৈ। ক’লৈ চাই গম নাপায়। বাইদেউৰ চকুহাল ধুনীয়া, কিন্তু অতিপাত কৰুণ। ৰাতিৰ গোটা গোটা এন্ধাৰবোৰ থূপ খাই কাজল হৈ যেন লাগি ধৰেহি বাইদেউৰ দুচকুত। নিশাৰ ক’লা দুচকুৰ গভীৰতাই প্লাৱনৰ মন উচুপাই তোলে। সি কাষ চাপি যায়। বাইদেৱে তাৰ হাত এখনত ধৰে। কৰুণ হাঁহিৰে তালৈ চায়। চকুৰে সুধে— আহিলা প্পাবন।

তাৰ সুধিবৰ মন যায়— আপুনি বিয়া নকৰায় কিয় বাইদেউ? সুধিব নোৱাৰে সি। বাইদেৱকৰ বিয়াৰ কথা ভাবিলে মনটো তাৰ হাঁহাঁকাৰ লাগি যায়।

ৰাতি চিগাৰেট টানি প্লাৱনে বহু পৰ অকলে আগফালৰ বাৰাণ্ডাত ৰৈ থাকে। ক’লা এন্ধাৰ। বাইদেউৰ চুলিবোৰো ঘন ক’লা। এনেবোৰ নিৰিবিলি সময়তে বাইদেউৰ লগত কথা পাতিবৰ মন যায় তাৰ। নিশাৰ ধুনীয়া চুলিকোচা লাহে লাহে কৈ মেলি চুলিবোৰৰ মাজত বুৰ যাবলৈ মন যায় তাৰ।

কিছুদিনৰ পৰা পাৰ চৰাই এজনী আহি প্লাৱনহঁতৰ আগফালৰ বাৰাণ্ডাত আশ্ৰয় লৈ আছে। চৰাইজনী অকলশৰীয়া। পাৰজনী ভয় খাই উৰি যায় বুলি সি সাৱধান হয়। বেচেৰী। তাইৰ সংগ নাই। পৃথিৱীত কিমান অকলশৰীয়া প্ৰাণী থাকে। বাইদেৱো অকলশৰীয়া। সিও৷ পাৰচৰাইৰ শুধ-বগা পাখিৰ কোমলতা এটা সি বুকুত অনুভৱ কৰে। তাৰ ভাৱ হয়, পাৰচৰাইৰ বুকু চুলে যে ধক-ধক এটা শব্দ কৰে বাইদেউৰ বুকুখনিতো তেনে শব্দ হয় কিজানি! শব্দটো সি অনুভৱ কৰিব বিচাৰে তাৰ বুকুৰে। অবাধ্য আবেগেৰে পাৰচৰাইৰ কোমল পাখিৰ উত্তাপেৰে সি নিশাক সাৱটি ধৰিব বিচাৰে। এদিন? দুদিন? নহয়-নহয়, তাৰ গোটেই জীৱন।

পুৱা চৰাইজনী উৰি যায়। চকী এখনত উঠি তাই আশ্ৰয় লোৱা কণমানী চাজাখনত সি চাউল বা দালিকেইটামান থৈ অফিচলৈ ওলাই যায়। আগদিনা দিয়া চাউলবোৰ দেখা সি নাপায়। চৰাইজনীয়ে খালে কিজানি। মনটো ভাল লাগে তাৰ।

— “অ’ ৰ’বাচোন, অকণমান সানি দিয়াচোন পিঠিখনত।”

নিশাই প্লাৱনৰ হাতত মইচাৰাইজাৰ এটা তুলি দিয়ে। মইচাৰাইজাৰ লগাই থাকোতে নিশাৰ কোমল আৰ্দ্ৰ পিঠিখনত প্লাৱনৰ আঙুলিকেইটা সোমাই যাব খোজে। বাইদেৱে চুলি মচি মচি সোধে—“আজি কি কৰিবা? ক’লৈ যাবা? আচ্ছা, আজি আমি এটা প্নেন বনাম হা।”

একেবাৰে ওচৰলৈ আহি নিশাই তাৰ কান্ধত তেওঁৰ হাত দুখন তুলি কয়—“আজি দুয়ো একেলগে ডিনাৰ কৰিম। তাৰ পিছত বহুত কথা পাতিম ৰাতিলৈ। মই ৰান্ধিম, তুমি সহায় কৰি দিবা। হ’ব? হ’ব নে?”

বাইদেউৰ গান-গান যেন লগা শব্দকেইটা তেওঁৰ গভীৰ নিশাহেৰে লেতু-সেতু হৈ লাগি ধৰি প্লাবনৰ সকলো ইন্দ্ৰিয় স্পৰ্শ কৰি যায়। অদ্ভুত মিঠা সুগন্ধি এক অনুভৱে তাক জোকাৰি যায়।

দিনটো প্লাবনৰ মন চঞ্চল হৈ থাকে। ইয়াৰ পিছত কি? ইয়াৰ পিছত কি? মধুৰ অনুভূতি এটাই তাক আচ্ছন্ন কৰি থয়।

এন্ধাৰৰ লগত জেদ লগাইহে যেন আজি প্লাবন ঘৰলৈ উভতিছে। নিশাই তাক ডিনাৰ খুৱাব। কথা পাতিব। তাৰো ক’বলৈ বহুবোৰ কথা জমা হৈ আছে। আজিয়ে কৈ পেলাব সি।

বাইদেউৰ দৰ্জাত নক কৰিলে সি। নিশা ওলাই আহিল। আহ্ ইমান সৌন্দৰ্য সম্ভৱনে মানুহৰ! পাতল হালধীয়া ৰঙৰ শাৰীখনেৰে বাইদেউক আজি দেৱী যেন লাগিছে। এক পৱিত্ৰ অনুভৱে তাক আছন্ন কৰি পেলালে।

তাৰ বাহুত ধৰি একাষে টানি লৈ নিশাই ক’লে—“প্লাবন, মই দুপদমান বস্তু সাউতকৈ দোকানৰ পৰা লৈ আনোগৈ দেই। তুমি ফ্ৰেচ হৈ লোৱা। পাৰ মাংসৰে এসাঁজ দুয়োজনে ভালকৈ খাম হা।”

প্লাবনে লৰালৰিকৈ ক’লে—“ঠিক আছে তেন্তে, ময়ে বজাৰৰ পৰা আহোঁগৈ। বজাৰতে পাৰ বাচি-কাটি লৈ আনিম।”

বাইদেউৱে ফুচফুচাই তাৰ কাণৰ কাষত ক’লে—“নাঃ, বজাৰৰ বেপাৰীৰ কেটেঙা পাৰ খাই একো লাভ নাই। মঙহহাল ঘৰুৱা পাৰৰ মাংসহে ভাল লাগে। অকৰ, একো নাজানে এইটোৱে। শুনা, আমাৰ আগফালৰ বাৰাণ্ডাত সদায় পাৰ চৰাই এজনী আহি আহি বাহ লৈছে দেখিছা? এটা কাম কৰিম হাঁ, গ্ৰীলখনত কাপোৰ এখন মেলি থ’ম, এপিনৰ পৰা মই খেদিম আৰু আন পিনৰ পৰা তুমি ধৰিবা। হ’ব? বাচিব-কাটিব মই জানোৱেই।”

লাহেকৈ তাৰ গাল এখনত টিপি ধৰি হাঁহি মাৰি নিশাই ক’লে—“তাৰ পাছত হৈ যাব আমাৰ স্পেচিয়েল ডিনাৰ। ভাত আৰু পাৰৰ মাংসৰ জোল-গৰম মচলা দিয়া।”

নিশা বজাৰলৈ ওলাই গ’ল। বাৰাণ্ডাত প্লাৱন অকলে। এন্ধাৰ ডাঠ হৈছে। পাৰজনী আহিছে কিজানি। মূৰৰ ওপৰৰ শ্লেবখনলৈ চাবলে’ তাৰ ভয় লাগিল। মাংস বাচি থাকোতে পাৰ চৰাইজনীৰ তেজ লাগি ৰঙা হোৱা নিশাৰ আঙুলিকেইটাৰ ছবিখন তাৰ মনলৈ ভাহি আহিল।

সি আৰু ৰ’ব নোৱাৰিলে। মনত জুকিয়াই গ’ল সি—“বাইদেউ, আপুনি যোৱাৰ পিছতে মনাৰ ফোন আহিল। অ’ মনা মানে আপোনাক কোৱা হোৱাই নাই, অলপতে মোৰ বিয়া প্ৰায় ঠিকেই হৈ গ’ল তেওঁৰ লগত। মনাহঁত আমাৰ মামাহঁতৰ লগত ৰেষ্টুৰেন্ট এখনত খাবলৈ আহিছে হঠাত। মানে আজি বোলে মনাৰ জন্মদিন। লগতে বিয়াৰ আলোচনাও চলিব হেনো। এনেকৈ যোৱা বাবে বেয়া নাপাব বাইদেউ। মই ৰেষ্টুৰেন্টতে খাই-বৈ আহিম। বেছি দেৰী হ’লে ৰাতি নাহিবও পাৰো।”

টাইপ কৰি কথাখিনি এতিয়াই ৱাটচ-এপেৰে পঠিয়াই দিব সি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে