চ’ৰাঘৰ / সমকাল / অগপই প্ৰকৃত সত্যক উপলব্ধি কৰিবনে ? ৷৷ ভৱেশ নাথ৷৷

অগপই প্ৰকৃত সত্যক উপলব্ধি কৰিবনে ? ৷৷ ভৱেশ নাথ৷৷

অসমত অসম গণ পৰিষদ(এজিপি) দলৰ জন্ম কি পৰিস্থিতিত হৈছিল, সেই কথা সচেতন ব্যক্তি মাত্ৰেই জ্ঞাত। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল ১৯৮৫ চনত অসম চুক্তিৰ মাজেৰে। তাৰ পৰৱৰ্তীকালত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গক লৈয়েই অসমক বিদেশী মুক্ত কৰাৰ সংকল্পেৰে গঠন হৈছিল অসম গণ পৰিষদ। অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ মাজেৰে গঢ় লৈ উঠা অসম গণ পৰিষদৰ মূল ৰাজনৈতিক ইচ্ছ্যু আছিল বিদেশী বহিষ্কাৰ। দুটাকৈ শাসন কাল পোৱাৰ পিছতো অসম গণ পৰিষদে তেওঁলোকৰ সৃষ্টিৰ লগত জড়িত মূল সমস্যাটোকে সমাধান কৰিব নোৱাৰিলে। বৰ্তমান অসম গণ পৰিষদ ৰাজ্য চৰকাৰৰ অংশীদাৰ। তেওঁলোকৰ শাসন কালত সমাধান কৰিব নোৱাৰা বিদেশী সম্পৰ্কীয় সমস্যাটোৱে এই চৰকাৰৰ কাৰ্যকালত আৰু অধিক জটিল ৰূপ ধাৰণ কৰিছে। এতিয়া প্ৰশ্নটো হ’ল, এই সমস্যাটোক লৈ তেওঁলোকে চৰকাৰৰ অংশীদাৰ হৈ বিৰোধিতা কৰি যাব নে চৰকাৰৰ পৰা ওলাই আহি প্ৰকৃতাৰ্থত বিৰোধীৰ ভূমিকা গ্ৰহণেৰে তেওঁলোকৰ হেৰুওৱা শক্তিক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা চলাব?

অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰয়োজন আছে নে নাই সেই সম্পৰ্কে বিতং আলোচনালৈ নগৈও এটা কথা ক’ব পাৰি যে অসমৰ ৰাইজে বৰ্তমানেও এক নিৰ্ভৰযোগ্য, বিশ্বস্ত, আদৰ্শ আৰু নীতিগত আঞ্চলিক ৰাজনীতি বিচাৰে। আৱেগিক হলেও বিভিন্ন সময়ত জাতীয় ইছ্যুবোৰক লৈ অসমীয়া ৰাইজে কৰা প্ৰতিবাদে সেই কথাৰেই উমান দিয়ে। শেহতীয়া ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত অসমৰ ৰাইজে যি এক প্ৰতিবাদী স্থিতি গ্ৰহণ কৰিছে, সেয়া নিসন্দেহে অসমক অসম হিচাপে ৰাখিব বিচৰাৰেই প্ৰতিফলন। এতিয়া মূল কথাটো হ’ল অসম গণ পৰিষদে অসমৰ ৰাইজৰ সেই প্ৰতিবাদী সত্তাটোক উপলব্ধি কৰাৰ মাজেৰে নিজৰ পূৰ্বৰ ভূল-ত্ৰুটিবোৰক শুধৰণি কৰিব বিচাৰিব নে পূৰ্বৰ দৰেই ক্ষমতাৰ অংকত নিমজ্জিত হৈ থাকিব? ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ বহু বুদ্ধিজীৱী আৰু সচেতন গণতান্ত্ৰিক ব্যক্তিয়ে অসম গণ পৰিষদৰ বিজেপিৰ সৈতে নিৰ্বাচনী মিত্ৰতাক বিৰোধিতা কৰিছিল। আনকি অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ বহু নেতা-কৰ্মীয়ে বিজেপিৰ সৈতে কৰা নিৰ্বাচনী মিত্ৰতাৰ মুকলিমূৰীয়াকৈয়ে বিৰোধিতা কৰিছিল। অসমৰ সচেতন গণতান্ত্ৰিক শিবিৰেও বিচাৰিছিল যে অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা নকৰি অসমৰ অন্যান্য আঞ্চলিক শক্তি আৰু বাওঁ গণতান্ত্ৰিক শক্তিসমূহৰ সৈতে লগ লাগি বিজেপি বিৰোধী এক যৌথ মঞ্চ তৈয়াৰ কৰাৰ উদ্যোগ ল’ব। যিহেতু সেই সময়ত বিদেশী বহিষ্কাৰ, নদীবান্ধ, বাংলাদেশক ভূমি হস্তান্তৰ আদি ইছ্যুবোৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমৰ স্বাৰ্থৰ বিপৰীতে স্থিতি লৈছিল বাবে অসমৰ ৰাইজ স্বাভাৱিকতেই বিজেপিৰ বিৰুদ্ধে আছিল।অসম গণ পৰিষদ দলে অসমৰ ৰাইজৰ এই বিৰোধী স্থিতিক সম্পূৰ্ণ ৰূপে ব্যৱহাৰ কৰাৰ সুযোগ পাইছিল। কিন্তু তাকে নকৰি অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা কৰি সেই সুযোগ ব্যৱহাৰৰ পৰা বঞ্চিত হ’ল। বিজেপিৰ সৈতে মিত্ৰতা কৰি অসম গণ পৰিষদ যিমান লাভাম্বিত হল, তাতোকৈ বেছি পৰিমাণে দলটো ক্ষতিগ্ৰস্ত হ’ল। প্ৰথম কথা, আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ত যি সাংগঠনিক ভেটি আছিল, সেইবোৰত ক্ৰমান্বয়ে বিজেপি আৰ এছ এছৰ ভেটি মজবুত হ’বলৈ ধৰিলে। দ্বিতীয়তে অসম বিজেপি ৰ বহু নেতা কৰ্মী আঞ্চলিকতাবাদী শিবিৰৰ পৰাই অহা বাবে সেইসকল নেতা-কৰ্মীৰ প্ৰৰোচনাতে অন্যান্য আঞ্চলিক ৰাজনীতিৰ ওপৰত বিশ্বাসী বহু কৰ্মী স্বাভাৱিকতেই বিজেপি শিবিৰলৈ গতি কৰিলে। তদুপৰি এক শ্ৰেণী আঞ্চলিকতাবাদী ৰাজনীতিৰ লগত জড়িত আঞ্চলিক পৰ্যায়ৰ নেতা-কৰ্মীক বিজেপিয়ে ঠিকা-ঠুকলি, টকা-পইচাৰেই নিজৰ শিবিৰলৈ আনিবলৈ সক্ষম হ’ল। এই গোটেই প্ৰক্ৰিয়াটোৱে অসম গণ পৰিষদক এফালে সুবিধাবাদী ৰাজনীতিৰ দল হিচাপে সমালোচনা কৰিবলৈ সুবিধা দিলে, আনফালে তেওঁলোকে নিজৰ শক্তি বৃদ্ধি কৰাৰ সুবিধা হেৰুৱালে। যদি অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা নকৰি বিৰোধী শিবিৰত অৱস্থান কৰাৰ মাজেৰে বিজেপি চৰকাৰৰ অসম বিৰোধী সিদ্ধান্তবোৰৰ বিৰুদ্ধে এক নীতিগত স্থিতি গ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ’লে অসমৰ আজিৰ পৰিস্থিতিয়ে তেওঁলোকক পুনৰ বাৰ অসমৰ ৰাইজৰ আস্থা অৰ্জনত সহায় কৰিলেহেঁতেন।

আগতেই উল্লেখ কৰিছোঁ যে বিদেশী বহিষ্কাৰ আৰু অসম চুক্তি অসম গণ পৰিষদ দলৰ সৃষ্টিৰ সৈতে জড়িত দুটা প্ৰধান বিষয়। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে অসম গণ পৰিষদ দলৰ সৃষ্টিৰ উৎসটোকে নসাৎ কৰিব বিচাৰিছে। আমি ভাবো নিজৰ সৃষ্টিৰ প্ৰকৃত সত্যটোক অসম গণ পৰিষদ দলে এতিয়াও ভালদৰে অনুভৱ কৰিব পৰা নাই। সৃষ্টি হৈছিল বিদেশী বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে। আনহাতে যিটো দলৰ সৈতে তেওঁলোকৰ অংশীদাৰ, সেইটো দলে আনিব বিচাৰিছে বিদেশী। বিদেশী সমস্যাক লৈ পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰিও কেৱল মাত্ৰ ক্ষমতাৰ লোভতেই যদি অসম গণ পৰিষদ দলে বিজেপি চৰকাৰৰ সৈতে মিত্ৰতাৰ মোহ এৰিব নোৱাৰে, তেতিয়াহ’লে নিশ্চিতভাৱে অসম গণ পৰিষদ দলক অসমৰ ৰাইজে ক্ষমতালোভী দল বুলি পুনৰবাৰ ক’বলৈ দ্বিধাবোধ নকৰিব। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে গঠন হোৱা দলটোৱে অসমীয়াৰ অস্তিত্বৰ সংকটৰ সময়ত নিজক শুধৰাব নোৱাৰিলে, নিজেই অস্তিত্বৰ সংকটত ভুগিব লাগিব৷ অসম গণ পৰিষদ দলে যদি পুনৰবাৰ আঞ্চলিকতাবাদী ৰাজনীতিক প্ৰতিনিধিত্ব কৰিব বিচাৰে, তেতিয়াহলে ক্ষমতাৰ লোভ এৰি অসমৰ জনগণৰ পক্ষত থিয় দিয়ক। নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আস্ফালনৰ ৰাজনীতি এৰি অসমৰ ৰাইজক পতিয়ন নিয়াওক যে তেওঁলোকেও নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ক্ষমতা এৰিব পাৰে। এনে কাৰ্যই তেওঁলোকক পুনৰ বাৰ অসমৰ ৰাইজৰ আস্থাভাজন হোৱাত সহায় কৰিব। নহ’লে অসমৰ ৰাইজে আঞ্চলিকতাবাদী শক্তি হিচাপে অন্য কোনো শক্তিক আকোৱালি লবলৈ বেছি সময় নালাগিব।

এটা মন্তব্য

  1. এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ভাল পালো। প্ৰকাশভংগীৰ সৰলতাই সত্য উপলব্ধিত অন্তৰ মুচৰি আনিব পৰা এনে লেখা বহু দিনৰ মুৰত পঢ়িলো। লেখিকালৈ ধন্যবাদ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে