চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / গুৱাহাটী : অতীত আৰু বৰ্তমান৷৷ টুনুজ্যোতি গগৈ৷৷

গুৱাহাটী : অতীত আৰু বৰ্তমান৷৷ টুনুজ্যোতি গগৈ৷৷

৷৷ প্ৰাগ্ ঐতিহাসিক কালৰ গুৱাহাটী : পুৰাকথা বনাম বস্তুনিষ্ঠ ইতিহাস৷৷

বিভিন্ন কিম্বদন্তীৰ মতে, গুৱাহাটী কেইবাখনো পৌৰাণিক ৰাজ্যৰ ৰাজধানী আছিল। এচাম দেশী-বিদেশী পণ্ডিত-গৱেষকে ক’ব খোজে যে দ্বাপৰ যুগত গুৱাহাটী নৰকাসুৰ আৰু ভগদত্তই শাসন কৰা প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল। তেওঁলোকে মহানগৰখনৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ, কামৰূপ, দুৰ্জয় নগৰ, শ্ৰী দুৰ্জয় নগৰ আছিল বুলি যুক্তি আগবঢ়ায়। তেওঁলোকৰ মতে, প্ৰাগ্ মানে প্ৰাচীন আৰু জ্যোতিষ মানে গ্ৰহ-নক্ষত্ৰৰ বিষয়ে কৰা চৰ্চা। অৰ্থাৎ পৌৰাণিক কালত এই প্ৰাগজ্যোতিষত জ্যোতিষ চৰ্চা কৰা হৈছিল। এইসকল গৱেষকৰ মতে, মহাকাব্য দুখনকে ধৰি কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’, ‘মাৰ্কেণ্ডয় পুৰাণ’, ‘হৰিবংশ’, ‘বিষ্ণু পুৰাণ’, ‘ব্ৰহ্মাণ্ড পুৰাণ’ আদি বিভিন্ন প্ৰাচীন সংহিতা আৰু পুৰাণত প্ৰাগজ্যোতিষ, কামৰূপ, পাৰা-লৌহিত্য আদি ঠাইৰ নাম উল্লেখ আছে আৰু সিবোৰত এই প্ৰাচীন ভূমিখণ্ডৰ পুৰাতন ঐতিহ্য তথা যশ-খ্যাতিৰ বিষয়ে বৰ্ণিত হৈছে।

মহাকাব্য ৰামায়ণৰ ‘কিষ্কিন্ধ্যা কাণ্ড’ত পোৱা যায়–

“যোজনানী চতুঃষৰ্ষ্টিৱৰাহো নাম পৰ্বতঃ।
সুৱৰ্ণশৃঙ্গঃ সুমহান্ অগাধে কৰুণালয়।।
তত্ৰ প্ৰাগ্জ্যোতিষং নাম জাতৰূপয়ং পুৰম্।
তস্মিন্ বসতি দুষ্টাত্মা নৰকো নাম দানৱঃ।।
তত্ৰ সানুষু ৰম্যেষু বিশালাসু গুহাসু চঃ।
ৰাবণঃ সহ বৈদেহ্যা মাৰ্গিতব্যস্ততস্ততঃ।।’

এই শ্লোকটিৰ আঁত ধৰি এচামে ক’ব বিচাৰে যে প্ৰাগজ্যোতিষপুৰ সোণোৱালী শৃংগৰ সৈতে বৰাহ নামৰ পৰ্বত এটাৰ ওপৰত নিৰ্মাণ কৰা ‘সাগৰ’ৰ পাৰৰ এখন বিশাল নগৰ আছিল। গোটেই নগৰখেনেই সোণেৰে নিৰ্মিত আছিল আৰু তাত নৰক নামৰ দুষ্ট প্ৰকৃতিৰ লোকজনে ৰাজত্ব কৰিছিল।

ইয়াৰ বিপৰীতে, ৰমেশ চন্দ্ৰ মজুমদাৰ, কে ভি অষ্টাভেল, প্ৰবোধ চন্দ্ৰ সেনগুপ্ত, ৰাজমোহন নাথ, লক্ষ্মীনাথ তামুলী আদি বস্তুনিষ্ঠ গৱেষকসকলে পুৰণি প্ৰাগজ্যোতিষখন উত্তৰ-পশ্চিম ভাৰতৰ কাঠিয়াবাৰ, বেত্ৰাৱতী নদীৰ পাৰ, পূব পাঞ্জাৱ আদিতহে অৱস্থিত বুলি সবল যুক্তি আগবঢ়াইছে। অন্যহাতে, বুৰঞ্জীবিদ এফ ই পাৰ্জিটাৰে পুৰণি প্ৰাগজ্যোতিষ কোনো মংগোলীয় জাতিৰ দ্বাৰা স্থাপিত ৰাজ্য বুলি মন্তব্য কৰিছিল–‘All North and East Bengal was held by the Pragjyotisha kingdom, which is nowhere connected with any of these races and would seem to have been founded by an invasion of Mongolians from the north-east, though tradition is silent about this outlying development.’ (Ancient Indian Historical Tradition, Motilal Banarsidass Publishers Private Limited, Delhi; 1922, P.292)

পাৰ্জিটাৰৰ এই মন্তব্য সমৰ্থন কৰি বিশিষ্ট গৱেষক ড০ বাণীকান্ত কাকতিয়ে মতামত আগবঢ়াইছে যে পুৰণি প্ৰাগজ্যোতিষ আৰ্য উপনিৱেশৰ দাঁতি কাষৰীয়া ৰাজ্য; আৰ্যাৱৰ্তৰ ৰাজবংশসমূহৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাছিল। ৰামায়ণ, মহাভাৰত, পুৰাণ, বধকাব্য আদি বিভিন্ন সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষ আৰু কামৰূপৰ নামোল্লেখ থকাৰ প্ৰসংগত তেওঁ কৈছে–‘প্ৰাগজ্যোতিষ-কামৰূপ অতি পুৰণি কালৰপৰা ইমান প্ৰসিদ্ধ ঠাই আছিল যে সৰ্বভাৰতীয় যি কোনো আন্দোলনৰ মাহাত্ম্য বঢ়াবলৈ ইয়াৰ উল্লেখ প্ৰয়োজনীয় বুলি বিবেচিত হৈছিল।’ (নেওগ, মহেশ্বৰ; সম্পা., বাণীকান্ত ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, প্ৰথম সংস্কৰণ, পৃঃ ১৪৯)

এই প্ৰসংগতে ড০ কাকতিয়ে তেওঁৰ আলোচনাত আমি পূৰ্বে উল্লেখ কৰি অহা ৰামায়ণৰ শ্লোকটিৰ উদ্ধৃতি দিয়াৰ লগতে আৰু দুটিমান উদাহৰণ জুৰি দিছে। তাৰ পিছত তেওঁ কৈছে—‘অতি আচৰিত কথা কেৱল এইটোহে যে হীনযানী বৌদ্ধ শাস্ত্ৰত ক’তো প্ৰাগজ্যোতিষ-কামৰূপৰ নাম নাই।… অশোকৰ সাম্ৰাজ্যৰ কোনো লিপিতো পণ্ডিতসকলে এতিয়াও পুৰণি অসমৰ নাম পোৱা নাই।… অসমৰ বুকুৰ ওপৰেদি লৌহিত্যৰ অৱতৰণ, আৰ্য্যাৱৰ্তৰ মাজেৰে গঙ্গাৰ অৱতৰণৰ প্ৰতিৰূপ। উত্তৰ ভাৰতত নানান ৰাজ্যৰ উত্থান-পতনৰ বিভীষিকাত কেতবোৰ আৰ্য্যই অসমলৈ আশ্ৰয় ল’বলৈ আহে, আৰু উত্তৰ ভাৰতৰ সকলো তীৰ্থক্ষেত্ৰকেই অসমত স্থাপন কৰে। সেইবোৰ দৰ্শন কৰিলেই সকলো তীৰ্থ দৰ্শনৰ ফল মিলে।…অথচ ৰাম-ৰাজ্যৰপৰা আৰম্ভ কৰি কোনো ভাৰতীয় সাম্ৰাজ্যৰ ভিতৰত পুৰণি অসম অন্তৰ্ভুক্ত হোৱা নাছিল। (পূৰ্ব উল্লেখিত গ্ৰন্থ, পৃ: ১৫০)

ড০ কাকতিৰ মতে, প্ৰাগজ্যোতিষ নামৰ সম্পৰ্ক জ্যোতিষ শাস্ত্ৰৰ লগত নহয়, পাহাৰ-পৰ্বত আদিৰ লগতহে আছিল। তেওঁ অষ্ট্ৰিক ভাষাৰ শব্দবোৰৰ লগত ইয়াৰ সমন্বয় বিচাৰি উলিয়াই কৈছিল যে প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ দীঘল আৰু ওখ পৰ্বতমালা। পাগাৰ—পৰ্বত, জ্যো, জুহ— ওখ, তিক্, তিছ— দীঘল।

ড০ কাকতিৰ ব্যাখ্যাসমূহৰ পৰা এইটোৱেই স্পষ্ট হয় যে অসমলৈ প্ৰব্ৰজিত আৰ্যসকলে নিৰ্দিষ্ট এক তাত্ত্বিক সাঁচত পৰিকল্পিতভাৱে গঠিত তেওঁলোকৰ প্ৰাচীন সমাজখনৰ ধৰ্মীয় বা সাংস্কৃতিক পৰম্পৰাসমূহ প্ৰাচীন অসমৰ মংগোলীয় জনগোষ্ঠীয় সমাজখনৰ ওপৰত জাপি দিবলৈ যাওঁতে কেতবোৰ পুৰাকথা সৃষ্টি কৰিব লগা হৈছিল। শাস্ত্ৰসন্মত বিধি-বিধান দৈব্য নিৰ্দিষ্ট বুলি এক ধাৰণা জনমানসত সৃষ্টি কৰাটোৱেই পুৰাকথাৰ মূল উদ্দেশ্য বাবে বাস্তৱৰ ঘটনা কিছুমানক অলৌকিক ৰূপ দি দৈব্য শক্তিৰ লগত সনা-পোটোকা কৰি দিয়া হয়। ফলত ধৰ্ম নিয়ন্ত্ৰিত সমাজখনত এই ধাৰণাসমূহ বদ্ধমূল হৈ পৰে। এনে পুৰাকথাসমূহৰ সহায় লৈয়েই আৰ্যসকলে অসমৰ অনাৰ্য জনগোষ্ঠীসমূহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

পৰিতাপৰ বিষয় যে এই আৰ্যীকৰণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত সৃষ্টি হোৱা বিভিন্ন পুৰাকথাৰ প্ৰভাৱৰপৰা অসমৰ ইতিহাস চৰ্চা আজিও মুক্ত নহ’ল। ফলত প্ৰাচীন অসমৰ ইতিহাস বৰ্ণহিন্দুৰ ইতিহাস হৈয়ে থাকিল। এতিয়াও ব্ৰাহ্মণ্য চিন্তাৰ উত্তৰসুৰী বহু মুধাফুটা ‘বুৰঞ্জীবিদ’-এ কালিকা পুৰাণৰ ‘সুগুপ্তা চমেপুৰৌ চক্ৰেগিৰি দুৰ্গেন মাধৱ/জলদুৰ্গ ভদ্ৰং দেৱৰোপী দূৰাসদম’ (৩৮/১৩৩) শ্লোকটিৰ আঁত ধৰি ক’ব বিচাৰে যে বৰ্তমানৰ গুৱাহাটী নামৰ ভূখণ্ড তিনিফালে আৱৰা গুহা সদৃশ হোৱা বাবে আৰু সেই সময়ত প্ৰৱেশৰ পথ উত্তৰদিশে থকা একমাত্ৰ ব্ৰহ্মপুত্ৰ বা লৌহিত্য সিন্ধু হোৱা বাবে এই ভূখণ্ডক গুৱাহাটী বোলা হৈছিল। তেওঁলোকে প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ নামেৰে নৰকাসুৰ পাহাৰ, নৰকাসুৰ-ভগদত্ত ৰজাৰ হাতীশালৰ পৰা হাতী গাঁও, কাহিলি প্ৰহৰৰ পৰা কাহিলিপাৰা হোৱা বুলি ব্যাখ্যা আগবঢ়ায়। দিছপুৰ নামৰ উৎপত্তিৰ উৎস নিৰ্ণয় কৰে এনেদৰে — প্ৰাগজ্যোতিষপুৰ- জ্যোতিষপুৰ- তিষপুৰ- থিষপুৰ- দিষপুৰ- দিশপুৰ বা দিছপুৰ। কিন্তু আপেক্ষিকভাৱে নিকট অতীতৰ বুৰঞ্জীয়ে কয় যে এসময়ত দিছপুৰ অঞ্চল বনৰীয়া হাতীৰ বিচৰণস্থলী আছিল। কাহিলিপাৰৰ পূব দিশৰ নাতি দূৰত আহোম ৰজা জয়ধ্বজ সিংহই একেবাৰতে চৈধ্যকুৰি হাতী ধৰিছিল। সেয়ে হাতীৰ বিচৰণভূমিৰ পৰাই হাতীগাঁও নাম হোৱাটো বেছি যুক্তিসন্মত। সেইদৰে, কাৰ্বি নাৰী কাহিলীৰ সতি-সন্ততিৰ বসবাসৰ ঠাইখন আছিল কাহিলিপাৰা।

৷৷ প্ৰাচীন (৩৫০-১২০৬) আৰু মধ্যযুগ(১২০৬-১৮২৮)ৰ গুৱাহাটী৷৷

ইতিহাসবিদসকলৰ মতে, অতীত গুৱহাটী বৰ্মন, শালস্তম্ভ আৰু পাল ৰাজবংশৰ ৰাজধানী আছিল। চতুৰ্থ শতিকাত পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু ৬৫৫ খ্ৰীষ্টাব্দলৈ এই ৰাজবংশ বৰ্তি আছিল। চীনা পৰিব্ৰাজক হিউৱেন চাং ৬৪২ চনত কামৰূপলৈ আহিছিল। হিউৱেন চাঙৰ বহুমূলীয়া টোকাটোৰ পৰা জনা যায় যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাষ্কৰ বৰ্মনৰ ৰাজত্ব কালত অৰ্থাৎ সপ্তম শতিকাত গুৱাহাটী নগৰৰ বিস্তৃতি আছিল ১৯ কিলোমিটাৰ। সন্তানহীন ভাষ্কৰ বৰ্মনৰ মৃত্যুৰ পাছত কামৰূপ ৰাজত্ব কৰিছিল শালস্তম্ভ আৰু ম্লেছ বংশৰ ৰজাসকলে। এই দুই ৰাজবংশ পতনৰ পাছত প্ৰাচীন কামৰূপ ৰাজত্ব কৰিছিল পাল বংশৰ ৰজাসকলে।

পাল ৰাজবংশই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰপৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজত্ব কৰিছিল। বংগৰ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। গৌড় ৰজা ৰামপালে (১০৭২-১১২৬) কামৰূপ ৰাজ্য আক্ৰমণ কৰাৰ পাছতেই পালবংশৰ পতন হয়। পাল ৰাজবংশৰ পতনৰ পিছতে কামৰূপ ৰাজ্যৰ অস্তিত্ব ধীৰে ধীৰে লোপ পাবলৈ ধৰে। দ্বাদশ শতিকাৰ পাছত কামৰূপ ৰাজ্যখন ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক অঞ্চলত বিভক্ত হৈ পৰিলেও ইতিহাসবিদসকলে এই ভূখণ্ডক কামৰূপ নামেৰেই অভিহিত কৰিছিল আৰু এই ভূখণ্ডৰ মূল কেন্দ্ৰস্থল গুৱাহাটীয়েই আছিল।

লক্ষণীয় যে ত্ৰয়োদশ শতিকাৰ আগলৈকে গুৱাহাটীৰ নামটো ঐতিহাসিকভাৱে ক’তো পোৱা নাযায়। ১৯৬৯ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় স্থাপনৰ বাবে আমবাৰীত খনন কাৰ্য চলাওঁতে আৱিষ্কৃত আৰু বৰ্তমান অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত ফলিৰ পাঠোদ্ধাৰ বুৰঞ্জীবিদ ড০ প্ৰতাপচন্দ্ৰ চৌধুৰীয়ে এনেদৰে কৰিছে–

‘আদিত্যসম শ্ৰীসমুদ্ৰপাল
ৰাজ্যে। প্ৰবল সবাসিক সত্ৰ সগুণ ক্ৰিয়া সন্নসিন
বোলে দান পুঞন সজ
য়োগীহাটী। শক ঈশ বান চক্ৰ
মূঢ় ভনতি।।’

১২৩২ চনৰ এই ফলিখনত উল্লেখিত যোগীহাটী বা য়োগীহাটী শব্দৰ আঁত ধৰি অধ্যাপক ডঃ ডম্বৰুধৰ নাথে উত্তৰ-পূব ভাৰত ইতিহাস সংস্থাৰ বিংশতিতম অধিৱেশনৰ মুখপত্ৰত প্ৰকাশিত তেওঁৰ ‘Few Significant Derivations from the Ambari Stone Inscription’ শীৰ্ষক গৱেষণা পত্ৰখনত উল্লেখ কৰিছে যে গুৱাহাটী শব্দৰ প্ৰচলন দ্বাদশ শতিকাৰ শেষভাগ আৰু ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰাই হৈ আহিছে। উল্লেখ্য যে পঞ্চদশ শতিকাৰপৰা সপ্তদশ শতিকালৈকে প্ৰায় দুশ বছৰ ধৰি আহোম-মোগলৰ মাজত চলা যুদ্ধৰ বিভিন্ন বিৱৰণত গুহাহাটী, গুৱাহাটা আৰু গুৱাহাটী শব্দ তিনিটা পোৱা যায়। গদাধৰ সিংহৰ দিনৰ অৰ্থাৎ খ্ৰীষ্টাব্দ ১৬৮২ চনৰ বৰটোপৰ গাত ‘গুৱাকহট্ট’ শব্দটো খোদিত আছে।

গুৱাহাটী নামটোৰ উৎস সম্পৰ্কত বিভিন্ন পণ্ডিত-গৱেষকে বিভিন্ন যুক্তি আগবঢ়াই গৈছে। ইংৰাজ শাসনৰ ৰাজহ সম্পৰ্কীয় কিছু প্ৰতিবেদনৰ তথ্যৰ সহায় লৈ এচাম গৱেষকে ক’ব খোজে যে বেলতলা অঞ্চলত গৰু বেচা-কিনা কৰা এখন ডাঙৰ হাট আছিল আৰু এই গো-হাটৰ পৰাই গো-হাটী বা গুৱাহাটী নামটো উৎপত্তি হৈছে। কিন্তু, এই অঞ্চলত গুৱা অৰ্থাৎ তামোল-পাণৰ উৎপাদনৰ অধিক্যৰ পৰাই গুৱাহাটী শব্দটো উৎপত্তি হৈছে বুলি বহু গৱেষকে আগবঢ়োৱা যুক্তিটো আমি সমৰ্থন কৰিব বিচাৰো। পুৰণি কামৰূপৰ ৰজাসকলে ৰাজধানী নগৰখনৰ বিভিন্ন মঠ-মন্দিৰ, ব্ৰাহ্মণ-সজ্জনক ভূমিদান কৰা তাম্ৰ শাসনসমূহৰ অনেক ঠাইত গুৱা বা তামোলৰ উল্লেখ পোৱা যায়। প্ৰাচীন কামৰূপত উৎপন্ন তামোল চুবুৰীয়া ৰাজ্যসমূহত জনপ্ৰিয় আছিল বুলিও জনা যায়।

এই ছেগতে বৰ্তমান গুৱহাটী মহানগৰীৰ অন্তৰ্গত বা দাঁতি কাষৰীয়া ঠাইসমূহৰ নামৰ উৎস সন্ধান কৰিলে দেখা যায় যে বৃহৎ ঝাৰণিৰ ভৰা ঠাইখন বৰঝাৰ, কাঁহি বনেৰে ভৰা ঠাইখন কাঁহিকুচি, ব্ৰহ্মপুত্ৰৰ পাৰৰ শৰাই বা বহিঃ আলহীৰ বসবাস কৰা ঠাইখন শৰাইঘাট, মোগল আমিনসকলে বসবাস কৰা গাঁওখন আমিন গাঁও, ফাঁচি দিয়া ঠাইত বহা বজাৰখন ফাঁচি বজাৰ, চিপাহী-পল্টনেৰে গিজগিজাই থকা বজাৰখন পল্টন বজাৰ, খৃষ্টান ধৰ্মী লোক বসবাস কৰা ঠাইখন খৃষ্টানবস্তি বুলি জনাজাত হৈছিল। যোৰীয়া পুখুৰীৰ পৰা যোৰপুখুৰী, হেদায়তুল্লাৰ পৰা হেদায়ৎপুৰ, বন্দৰ বৰফুকনৰ পত্নী বাউলী আইদেউৰ মৈদামৰ নামৰ পৰা বাউনী বা বামুণী মৈদাম, লুণীয়া মাটিৰ পৰা লুনমাটি (পিছলৈ নুনমাটি), খাৰৰ ঘূলিৰ পৰা খাৰঘূলি নামৰ উৎপত্তি হৈছে। আম, উলু, ৰিহা, জালুক, নাৰিকল, পাঞ্জা, সিজু আদি গছেৰে ভৰা বাৰীবোৰৰ পৰা আমবাৰী, উলুবাৰী, ৰিহাবাৰী, জালুকবাৰী, নাৰিকলবাৰী, পাঞ্জাবাৰী, সিজুবাৰী আদি ঠাইবোৰৰ নাম উৎপত্তি হৈছে।

সি যি নহওক, আহোম ৰাজত্বৰ সময়ত অসমৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৱাহাটীয়ে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। গুৱাহাটী নগৰীৰ ৰাজনৈতিক, বাণিজ্যিক আৰু সামৰিক গুৰুত্বৰ বিষয়ে আহোমসকলে বাৰুকৈয়ে উপলব্ধি কৰিছিল। আহোম ৰাজত্বৰ প্ৰৱল প্ৰতিদ্বন্দ্বী মোগলে পশ্চিম ফালৰ পৰা অসমক আক্ৰমণ কৰাৰ আশংকা সকলো সময়তে আছিল। আহোমৰ ৰাজধানী গড়গাঁৱক নিৰাপদ কৰি ৰখাৰ খাতিৰতেই নামনিত থকা গুৱাহাটী অধিকাৰ কৰাৰ উপৰি ইয়াৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা আহোম স্বৰ্গদেৱসকলে বাৰুকৈয়ে উপলব্ধি কৰিছিল। কিয়নো, গুৱাহাটীক অতিক্ৰমি মোগল গড়গাঁৱলৈ উজাব নোৱাৰে।

মিৰজুমলাৰ আক্ৰমণৰ ফলত ( ১৬৬২ চন) আহোমসকলে গুৱাহাটী-কামৰূপ এৰি দিব লগা হোৱাৰ লগতে মোগলৰ পৰাধীন হ’বলৈও বাধ্য হৈছিল। চক্ৰধ্বজ সিংহই সেই পৰাধীনতাৰ গ্লানি সহ্য কৰিব নোৱাৰি কৈছিল—‘অধীন হৈ থকাতকৈ মৰণেহে যুগুত, পূৰ্বাপৰেও মোৰ পুলিন-পুথাওসকলে পৰৰ অধীন হৈ যোৱা নাই, এতিয়া মই কিয় বঙালৰ অধীন হৈ থাকিম? এতেকে শত্ৰুক কাটি-মাৰি হ’লেও গুৱাহাটী থানাখন মোক লৈ দিয়া।’ চক্ৰধ্বজ সিংহৰ সেই অভিলাষী পৰিকল্পনাক বাস্তৱত ৰূপায়িত কৰিবলৈ সকলোৱে সমৰ্থন জনায় আৰু মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ লগতে প্ৰধান সেনাপতি পাতি মোগলৰ বিৰুদ্ধে যুঁজিবলৈ ভটিয়াই পঠায়। লাচিতৰ সেনাপতিত্বত ১৬৬৭ চনৰ নৱেম্বৰ মাহৰ ভিতৰত অসমীয়া সৈন্যই মোগলক পৰাজিত কৰি পশ্চিমে মানাহ পৰ্যন্ত কামৰূপ অধিকাৰ কৰে আৰু গুৱাহাটীত বৰফুকনৰ দোপদৰ (কাৰ্যালয়) পাতে। মোগলে যাতে পুনৰবাৰ গুৱাহাটী অধিকাৰ কৰিব নোৱাৰে, তাৰ ব্যৱস্থা হিচাপে আহোম ৰজাৰ নিৰ্দেশত লাচিত বৰফুকন, আতন বুঢ়াগোহাঁই প্ৰমুখ্যে ডা-ডাঙৰীয়াসকলে গুৱাহাটীৰ চৌপাশে ১৫৮৯ শকত ( ১৬৬৭-৬৮ চন) গড়-প্ৰাঞ্চী নিৰ্মাণ কৰে।

গুৱাহাটীৰ অন্তৰ্গত শৰাইঘাটত ১৬৭১ চনত পুনৰ আহোম-মোগলৰ মাজত সংঘটিত যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগল সেনাক শোচনীয়ভাৱে পৰাজিত কৰিছিল। গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত মোমাইকটা গড়ে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু কঠোৰ নিয়মানুৱৰ্তিতাৰ নিৰ্দশন দাঙি ধৰি আহিছে। ব্ৰহ্মপুত্ৰ নদীৰ লগত চাৰিচুকীয়া দীঘলী পুখুৰীৰ সংযোগ আছিল আৰু আহোম সেনাই এই পুখুৰীটো নাৱৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰিছিল। নাগকটা পুখুৰীও আহোম ৰাজত্বৰ সময়তে খন্দোৱা হৈছিল। উল্লেখ্য যে আহোম ৰাজ্যৰ ৰাজধানী উজনি অসমত আছিল বাবে ৰজাই বৰফুকনৰ ওপৰত গুৱাহাটীকে ধৰি নামনি অসমৰ শাসনভাৰ অৰ্পণ কৰিছিল। আহোম সেনাপতিগৰাকীয়ে গুৱাহাটীতে বাহৰ পাতি থাকিছিল। এতিয়াৰ ফাঁচি বজাৰত বৰফুকনৰ বাসগৃহ আছিল আৰু তেওঁৰ পাৰিষদ গৃহ আছিল এতিয়াৰ ভৰলুৰ ২৭৪ মিটাৰ পশ্চিমে।

বৰ্তমান বৃহত্তৰ গুৱাহাটীৰ অন্তৰ্গত বেলতলা অঞ্চল এসময়ত কোচ ৰাজবংশই পৰিচালনা কৰা বেলতলা ৰাজ্য হিচাপে খ্যাত আছিল। অতীতৰ বেলতলা ৰাজ্যৰ সীমা পূবে তাহানিৰ ডিমৰুৱা ৰাজ্য (বৰ্তমানৰ সোণাপুৰৰ কিছু অংশৰ পৰা) পশ্চিমে বৰ্তমানৰ ৰাণী মৌজাৰ কিছু অংশলৈকে, দক্ষিণে খাছী-জয়ন্তীয়া পৰ্বতৰ কিছু অংশ (বৰ্তমানৰ বৰ্ণিহাট)ৰ পৰা উত্তৰে ৰাজগড়-ভঙাগড় আদিলৈকে আছিল। হিতেশ্বৰ বৰবৰুৱাৰ ‘আহোমৰ দিন’ত পোৱা যায় যে গৌৰীনাথ সিংহৰ দিনত অসমত কানি খেতি প্ৰথমে বেলতলাতে কৰা হৈছিল। বেলতলাত কানিৰ উপৰি ধান, মাহ, সৰিয়হ আদি খেতি কৰা হৈছিল। বেলতলা অঞ্চলৰ অধিকাংশ লোকেই খেতিয়ক আছিল আৰু অঞ্চলটোত জমিদাৰী প্ৰথাও প্ৰবল আছিল। গ্ৰাম্য অৰ্থনীতিক আধাৰ কৰিয়েই বেলতলা হাটখন গঢ়ি উঠিছিল। বেলতলা ৰজাৰ অধীনত থকা এই হাটখনলৈ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ লোকৰ উপৰি দূৰ-দূৰণিৰপৰা বেপাৰীসকলৰ আগমন ঘটিছিল। এই পৰম্পৰা আজিও বেলতলা বজাৰত অব্যাহত আছে।

মধ্যযুগৰ গুৱাহাটী নগৰখন দীঘলে প্ৰায় ছয় কিঃ মিঃ আৰু পঠালিয়ে প্ৰায় চাৰি কিঃ মিঃ আছিল। পশ্চিমে ভৰলুৰ পাৰৰ গড়চুক আৰু ফটাশিলৰপৰা পূবে লতাশিল-খাৰঘূলিলৈকে, দক্ষিণে ভৰলুৰপৰা উত্তৰে ব্ৰহ্মপুত্ৰলৈকে নগৰখনৰ চাৰিসীমা আছিল। আহোম ৰাজত্বৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অশ্বক্ৰান্ত মন্দিৰ, সেন্দূৰীঘোপা (পানী ফুকনৰ চকী)ৰ পৰা ৰাজদুৱাৰ পৰ্যন্ত সীমা আছিল বুলি ঠাৱৰ কৰিব পাৰি।

৷৷ ঔপনিৱেশিক যুগ (১৮২৮-১৯৪৭)ৰ গুৱাহাটী৷৷

আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পাছত গুৱহাটীকে ধৰি সমগ্ৰ অসমত ব্ৰিটিছ ঔপনিৱেশিক আৰম্ভ হয়। ব্ৰিটিছ প্ৰশাসনে শীতপ্ৰধান মেঘালয় পাহাৰৰ শ্বিলঙক বসবাসৰ উপযোগী ঠাই বুলি নিৰ্বাচন কৰি তাত প্ৰশাসনিক কেন্দ্ৰ স্থাপন কৰিলেও ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৱাহাটীৰ গুৰুত্ব অলপো কমি যোৱা নাছিল, বৰং যোগাযোগৰ সুচল ব্যৱস্থাৰ বাবে গুৱাহাটীৰ গুৰুত্ব পূৰ্বতকৈ বৃদ্ধিহে পাইছিল। গুৱহাটীৰপৰা বিভিন্ন সা-সামগ্ৰী ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অসমৰ বিভিন্ন ঠাইলৈ বা অসমৰ বাহিৰলৈ সৰবৰাহ কৰা হৈছিল। ব্ৰিটিছ প্ৰশাসনে ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ লক্ষ্যৰে উজনি অসমত স্থাপন কৰা চাহ আৰু কয়লা উদ্যোগসমূহৰপৰা উৎপাদিত সামগ্ৰীসমূহ বাহিৰলৈ সৰবৰাহ কৰিবৰ বাবে অসমত ১৮৮২ চনত ৰেলসেৱা প্ৰৱৰ্তন কৰিছিল। প্ৰথমটো ৰেল ষ্টেশ্যন স্থাপন কৰা হৈছিল উজনি অসমৰ ডিব্ৰুগড়ত। ১৮৯৫ চনত গুৱাহাটীতো ৰেল ষ্টেশ্যন স্থাপন কৰাৰ পাছত গুৱাহাটীৰ সৈতে অসমৰ অন্যান্য ঠাইসমূহৰ যোগাযোগ পূৰ্বতকৈ সুচল হৈ পৰে। ললে লগে গুৱাহাটীৰ ব্যৱসায়িক আৰু প্ৰশাসনিক গুৰুত্বও বৃদ্ধি পালে।

ব্ৰিটিছসকলে তেওঁলোকৰ প্ৰশাসনিক কাম-কাজসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব পৰাকৈ অসমত এশ্ৰেণী আধুনিক শিক্ষাৰে শিক্ষিত মধ্যবিত্ত গঢ়ি তোলাটো জৰুৰী হৈ পৰিছিল। সেই উদ্দেশ্যৰে তেওঁলোকে অবিভক্ত অসমত আধুনিক শিক্ষা প্ৰচাৰ-প্ৰসাৰ কৰিবৰ বাবে বিভিন্ন স্থানত বিদ্যালয় স্থাপন কৰিছিল। ব্ৰিটিছ প্ৰশাসনে ১৮৩৫ চনত আহোম যুগৰ বহু অভিজাত পৰিয়ালেৰে ভৰা গুৱাহাটীত প্ৰথমখন ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল। দ্বিতীয়খন ইংৰাজী বিদ্যালয় ১৮৪০ চনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আধুনিক চহৰ ডিব্ৰুগড়ত আৰু তৃতীয়খন ১৮৪১ চনত শিৱসাগৰত স্থাপন কৰিছিল। এই বিদ্যালয় কেইখনত মূলতঃ সম্পদশালী উচ্চবৰ্ণ হিন্দু পৰিয়ালৰ সন্তানসকলেই শিক্ষা গ্ৰহণ কৰিছিল। তেওঁলোকৰ এচামে কলকাতাত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল আৰু তাতেই আধুনিক চিন্তা-চেতনাৰ লগত পৰিচিত হৈছিল।

১৯০১ চনত সমাজকৰ্মী মাণিক চন্দ্ৰ বৰুৱাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত গুৱাহাটীৰ বুকুত তদানীন্তন চীফ-কমিচনাৰ হেনৰি কটনৰ নামেৰে এখন চৰকাৰী কলেজ স্থাপন হোৱাৰ লগে লগে অসমতো কটন কলেজক কেন্দ্ৰ কৰি আধুনিক শিক্ষাৰ নৱ জাগৰণ আৰম্ভ হ’ল। বিভিন্ন শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী সৃষ্টি কৰিবৰ বাবেহে ব্ৰিটিছ প্ৰশাসনে এই কলেজখন স্থাপন কৰিছিল যদিও কালক্ৰমত কটন কলেজ অথবা গুৱাহাটী কেৱল আধুনিক শিক্ষাৰে নহয়, জাতীয় জীৱনৰো এক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত হ’ল। আধুনিক শিক্ষাৰ লগত সম্পৰ্কহীন আহোম যুগৰ অভিজাত শ্ৰেণীটো ব্ৰিটিছ প্ৰশাসনৰ একান্ত অনুগত আছিল। কিন্তু, আধুনিক শিক্ষাৰে শিক্ষিত নতুন প্ৰজন্মটোৰ বুকুত জাতীয় চেতনা জাগ্ৰত হৈছিল আৰু তেওঁলোকে অসম বা ভাৰতক ব্ৰিটিছ শাসনৰপৰা মুক্ত কৰাৰ সপোন দেখিছিল। ইপিনে, যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগে লগে অসমৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত ভাব বিনিময় সুগম হৈ উঠিছিল আৰু এনে ভাৱ বিনিময়ে জাতীয় চেতনা সৃষ্টিত প্ৰভূত অৰিহণা যোগাইছিল।

আধুনিক শিক্ষাৰে শিক্ষিত চামৰ নেতৃত্বত স্বাধীনতা আন্দোলনে লাহে লাহে অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল। গুৱাহাটী নিবাসী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশভক্ত তৰুণ ৰাম ফুকন আদি স্বাধীনতা আন্দোলনৰ অন্যতম নেতা আছিল বাবে বাবে গুৱাহাটী নগৰ আন্দোলনৰ মূল কেন্দ্ৰস্থল হৈ পৰিছিল। ১৯২১ চনত প্ৰথম বাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ আহি গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে অসহযোগ আন্দোলন তীব্ৰ কৰি তুলিছিল। ১৯২৬ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীৰ পাণ্ডুত অখিল ভাৰত কংগ্ৰেছ মহাসভাৰ ৪১ তম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু উক্ত অধিৱেশনে অসমবাসীৰ স্বাধীনতাকাংক্ষা বাৰুকৈয়ে জগাই তুলিছিল।

প্ৰশাসনিক, শৈক্ষিক আৰু ৰাজনৈতিক দিশত গুৱাহাটীৰ গুৰুত্ব বৃদ্ধি হোৱাৰ সমান্তৰালভাবে অৰ্থনৈতিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশতো নগৰখনৰ গুৰুত্ব পূৰ্বতকৈ বৃদ্ধি পালে। নগৰখনত ভালেমান শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি গঢ় লৈ উঠাত সেইবোৰত নিয়োজিত হ’বলৈ অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ পৰা মানুহৰ সোঁত ববলৈ ধৰিলে।

৷৷ উত্তৰ-ঔপনিৱেশিক যুগ (১৯৪৭-)ৰ গুৱাহাটী৷৷

ভাৰত স্বাধীনতাৰ পাছত গুৱাহাটীৰ বিশেষ পৰিৱৰ্তন নঘটিলেও ষাঠি দশকৰপৰা শিক্ষিত মধ্যবিত্ত বৃত্তিজীৱী লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তৰপৰা আৰু অসমৰ বাহিৰৰ অন্য ৰাজ্যৰপৰা গুৱাহাটীলৈ জনস্ৰোত ববলৈ ধৰিলে। উন্নয়নশীল দেশৰ ক্ষিপ্ৰ নগৰীকৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱ গুৱাহাটীত পৰিলক্ষিত হ’ল। কেইবছৰমানৰ ভিতৰতে জলাহভূমি আৰু সেউজীয়া খেতিপথাৰবোৰ অদৃশ্য হৈ পৰাৰ পৰিৱৰ্তে নতুন নতুন বাসগৃহ, অত্যাধুনিক হোটেল, হাস্পতাল আদি গঢ় লৈ উঠিল। এই নগৰীকৰণৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে ১৯৭২ চনত অসম পুনঃবিভাজিত হৈ মেঘালয় ৰাজ্যৰ সৃষ্টি হ’ল। ফলত তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই মেঘালয়ৰ শ্বিলঙত অৱস্থিত অসমৰ ৰাজধানী ততাতৈয়াকৈ গুৱাহাটীলৈ নমাই আনিব লগা হ’ল। মুখ্যমন্ত্ৰী সিংহই দিছপুৰতে থকা চাহপাতৰ গুদামঘৰ কিছুমান খালী কৰি সেইবোৰ সচিবালয়ৰ কাম-কাজ চলাব পৰাকৈ ঠিক-ঠাক কৰি অসমৰ অস্থায়ী ৰাজধানী স্থাপন কৰে।
ৰাজধানী স্থাপন হোৱাৰ লগে লগে দিছপুৰ-বেলতলাৰ মাটিৰ দাম দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে আৰু চাকৰি বা ব্যৱসায়সূত্ৰে অহা বিত্তবান মধ্যবিত্ত শ্ৰেণীটোৰ উপস্থিতিত এই অঞ্চলসমূহত পূৰ্বে উপলব্ধ গ্ৰাম্য পৰিৱেশৰ চিন-মোকামেই নোহোৱা হৈ পৰিল। পূৰ্বৰ ৰাজহ গাঁওবোৰে বা তাৰ খণ্ড কিছুমানে নতুন নতুন নাম গ্ৰহণ কৰি একোখন নগৰ হ’ল। বৰ্তমানৰ তৰুণ নগৰ, শ্ৰী নগৰ, মথুৰা নগৰ, দ্বাৰকা নগৰ, সৌৰভ নগৰ আদি এনে কিছুমান নতুন নগৰ।

বৰ্তমান গুৱাহাটীৰ ব্যস্ত অঞ্চল দিছপুৰৰ মটৰীয়া, সৰুমটৰীয়া, চচল আদি ঠাইত আগতে ধানকে ধৰি বিভিন্ন খেতি কৰিছিল। এই অঞ্চলসমূহত মূলতঃ জনজাতীয় লোকসকলে উৎপাদিত কৃষি সামগ্ৰী গৰুগাড়ী বা ঘোঁৰাগাড়ীৰে উজান বজাৰ, পাণ বজাৰ, টকৌবাৰী, ভৰলুমুখ, চেনিকুঠী আদিলৈ বিক্ৰীৰ বাবে নিয়া হৈছিল। বিংশ শতিকাৰ পঞ্চাশ-ষাঠি দশকলৈ পুৰণি গুৱাহাটীৰ লগত দিছপুৰ-বেলতলাৰ সম্পৰ্ক তেনেই ক্ষীণ আছিল। উলুবাৰীৰ পৰা খানাপাৰালৈ বৰ্তমানৰ গুৱাহাটী-শ্বিলং (জি-এছ) পথৰ দুয়োকাষে বিস্তৃত অঞ্চলত পানী মেটেকাৰে ভৰা জলাহভূমি আৰু কৃষিভূমিহে আছিল। পথৰ কাষত অট্টালিকা বুলিবলৈ কেৱল ভঙাগড়ৰ কামৰূপ ফ্লাৱাৰ মিল আৰু আসাম ফ্লাৱাৰ মিল নামৰ আটা-ময়দা উৎপাদনকাৰী চাৰিমহলীয়া আৰ চি চি মিল দুটাহে আছিল।

ষাঠি দশক পৰ্যন্ত গুৱাহাটীলৈ অহা মানুহে দীঘলী পুখুৰী, কামাখ্যা দেৱালয়, ভূৱনেশ্বৰী মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, উগ্ৰতাৰা দেৱালয়, দীপৰ বিল, জালুকবাৰীত অৱস্থিত ট্ৰেন্সমিটিং চেন্টাৰ, জাপৰিগোগত অৱস্থিত চিৰিয়াখানা আদিহে দৰ্শন কৰিছিল। আচলতে তেতিয়া গুৱাহাটী বুলি ক’লে উজান বজাৰ, পাণ বজাৰ, উলুবাৰী, পেঞ্চনপাৰা আদিকহে বুজাইছিল। ড০ নগেন শইকীয়াই ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত অধুনালুপ্ত মাহেকীয়া আলোচনী ‘কৌস্তুভ’ত প্ৰকাশিত আত্মজীৱনী ‘স্বপ্ন আৰু স্মৃতি’ত লেখিছিল যে ১৯৫৮ চনত গুৱাহাটীখন আছিল তেনেই সৰু – ‘পশ্চিমে ভৰলু আৰু পূবে চানমাৰি, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে ৰিহাবাৰী– এয়ে গুৱাহাটী। গুৱাহাটীৰ পৰা মালিগাঁও, জালুকবাৰী আৰু পাণ্ডুলৈ এতিয়াৰ তুলনাত আছিল বহুদূৰ।’ ( বৰুৱা, বীৰেন (সম্পা.), কৌস্তুভ, ছেপ্টেম্বৰ, ২০০১, পৃঃ ১৫)
বৰ্তমান বৃহত্তৰ গুৱাহাটীৰ বুকুত জিলিকি থকা আঞ্চলিক বিজ্ঞান সংগ্ৰাহালয়, তাৰকাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, বালাজী মন্দিৰ, ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ, এক’লেণ্ড আদি পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এসময়ত গুৱাহাটী জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ঠাই আছিল যদিও দ্ৰুত নগৰায়নৰ ফলত সেই বৈচিত্ৰ্য হ্ৰাস পাই আহিছে। বৰ্তমান বান্দৰ, চৰাই-চিৰিকটিৰ বাহিৰে অন্য জীৱ-জন্তু দেখিবলৈ পোৱা নাযায়।

১৯৭১ চনত গুৱাহাটীৰ জনসংখ্যা প্ৰায় দুই লাখ আছিল। কিন্তু, ১৯৯১ চনত পাঁচ লাখৰো বেছি হয়। ২০০১ চনত হয়গৈ ৮,০৮,০২১ জন। ২০১১ চনৰ লোকপিয়ল অনুসৰি গুৱাহাটীৰ জনসংখ্যা হ’ল ৯,৬৩,৪২৯ জন। অৱশ্যে, বিভিন্ন কাৰণত অস্থায়ীভাৱে বসবাস কৰিবলৈ অহা লোকসকলৰ সংখ্যা ইয়াত ধৰা হোৱা নাই। এই অস্থায়ীভাৱে বসবাস কৰিবলৈ অহা সকলক লৈ মহানগৰীখনত ব্যক্তিগত হোষ্টেল, ভাড়াঘৰ আদিৰ ৰমৰমীয়া ব্যৱসায় গঢ় লৈ উঠিছে। উল্লেখ্য যে ভাৰতৰ অন্যান্য মহানগৰৰ তুলনাত গুৱাহাটী মহানগৰবাসীৰ জীৱনশৈলীৰ মান উন্নত। ২০০৬ চনত ‘অউটলুক’ আলোচনীয়ে প্ৰকাশ কৰা এক সমীক্ষা মতে, এই ক্ষেত্ৰত ভাৰতৰ অন্যান্য মহানগৰসমূহৰ ভিতৰত গুৱাহাটীৰ স্থান ১৬।

১৯০১ চনত গুৱাহাটীত স্থাপিত কটন মহাবিদ্যালয় শ্চএতিয়া বিশ্ববিদ্যালয়গ্গ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল। এই মহাবিদ্যালয়খনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গৌহাটী বা গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ শৈক্ষিক, বৌদ্ধিক আৰু ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাত অৰিহণা আগবঢ়াই আহিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ দৰে বিশ্বমানৰ শৈক্ষিক প্ৰতিষ্ঠান, বিভিন্ন পাঠ্যক্ৰমৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়, অসংখ্য ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয় আদিয়ে গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।

১৮৩৯ চনৰ পূৰ্বে গুৱাহাটীত হাইজাসদৃশ ৰোগত ভালে কেইজন ব্ৰিটিছ সেনাৰ মৃত্যু হৈছিল। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত তৎকালীন গুৱাহাটীৰ ডেপুটি কালেক্টৰ কেপ্টেইন মেথিয়ে গুৱাহাটীত পৌৰ সেৱা প্ৰৱৰ্তন কৰিবৰ বাবে ১৮৩৯ চনত গুৱাহাটী টাউন ইমপ্ৰুভমেন্ট কমিটি গঠন কৰিছিল। এই সমিতিখনেই আছিল গুৱাহাটী পৌৰ শাসনৰ সুতিকাগৃহ সদৃশ। উল্লেখ্য যে ১৮৮৯ চনতে গুৱাহাটীক অস্বাস্থ্যকৰ অৱস্থাৰ পৰা মুক্ত কৰাৰ চেষ্টা চলোৱা হৈছিল। সেইদৰে, ১৯৬০ চনত নৰকাসুৰ পাহাৰত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়। জন্মলগ্নৰে পৰা এই চিকিৎসা মহাবিদ্যালয়খনে উত্তৰ-পূৰ্বাঞ্চলত উন্নত চিকিৎসা সেৱা আগবঢ়াই আহিছে। বৰ্তমান গুৱাহাটীত কেইবাখনো উন্নত মানৰ চিকিৎসালয় ব্যক্তিগত উদ্যোগত গঢ় লৈ উঠিছে।

১৯৪৮ চনৰ এক মাৰ্চত স্থাপন কৰা গুৱাহাটী উচ্চ ন্যায়ালয় অসমৰ সৰ্বোচ্চ ন্যায়ালয়। পূৰ্বে এই ন্যায়ালয়ক অসম আৰু নগালেণ্ডৰ উচ্চ ন্যায়ালয় বুলি পৰিচিত আছিল যদিও ১৯৭১ চনত উত্তৰ-পূব এলেকা (পুনৰ্সংগঠন) অধিনিয়ম, ১৯৭১ ৰ অধীনত গুৱাহাটী উচ্চ ন্যায়ালয় বুলি নামকৰণ কৰা হয়।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী ৰূপে গঢ়ি তোলাৰ চেষ্টা চলোৱা হৈছে। চৰকাৰৰ এই প্ৰচেষ্টা সফল হ’লে অসমৰ ক্ৰীড়াক্ষেত্ৰত এক নৱ জাগৰণ সূচনা হ’ব বুলি আশা কৰিব পাৰি। স্মৰণীয় যে গুৱাহাটত এক ক্ৰীড়া পৰিৱেশ গঢ়ি তুলিবলৈ ৰাধাগোবিন্দ বৰুৱাই অহোপুৰুষাৰ্থ কৰিছিল। বৰুৱাৰ অশেষ শ্ৰম, দূৰদৰ্শিতাৰ পৰিণতিত গুৱাহাটীত নেহৰু ষ্টেডিয়াম গঢ় লৈ উঠিছিল। অসমত ৩৩ সংখ্যক ৰাষ্ট˜ীয় ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ আগে আগে গুৱাহাটীৰ আশে-পাশে বিশখনৰো অধিক ক্ৰীড়াক্ষেত্ৰ গঢ় লৈ উঠাৰ লগতে পুৰণি ক্ৰীড়াক্ষেত্ৰ কেইখনো উন্নীত কৰা হ’ল। আমিন গাঁৱৰ ৰাজীৱ গান্ধী ইন্দৰ ষ্টেডিয়াম, দিছপুৰৰ ৰুদ্ৰসিংহ স্পৰ্টচ কমপ্লেক্সৰ ভোগেশ্বৰী ফুকননী ইন্দৰ ষ্টেডিয়াম, সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেট ষ্টেডিয়াম, ভেটাপাৰাৰ মৌলানা মহম্মদ টেয়বুল্লাহ হকী ষ্টেডিয়াম, চচলৰ টেনিচ কমপ্লেক্স আদি খেলপথাৰে অসমৰ খেলুৱৈসকলৰ অভাৱ বহু পৰিমাণে দূৰ কৰিছে।
উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপে পৰিচিত গুৱাহাটীত সকলোধৰণৰ পৰিবহন সেৱাই উপলব্ধ। গুৱাহাটীৰ দুটা ৰেল ষ্টেশ্যন – গুৱাহাটী ৰেল ষ্টেশ্যন আৰু কামাখ্যা ৰেল ষ্টেশ্যনৰ পৰা অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰধান ঠাইলৈ নিয়মিত ৰেল চলাচল কৰে। গুৱাহাটী ৰেল ষ্টেশ্যন উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ষ্টেশ্যন। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। সেইদৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট˜ীয় বিমান বন্দৰে দেশ-বিদেশৰ যাত্ৰীসকললৈ বিমান সেৱা আগবঢ়াই আহিছে।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে গুৱাহাটী তথা অসমক বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ সৈতে সংযোগ কৰিছে। আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা আৰম্ভ হৈ গুৱাহাটীৰ মাজেদি গৈ উজনি অসমক সংযোগ কৰিছে। গড়চুকত অৱস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ নিয়মিত বাছ চলাচল কৰে। মহানগৰীৰ চিটিবাছ সেৱা নিয়মীয়া বাবে নিম্ন বা মধ্যবিত্ত পৰিয়ালৰ লোকসকলে কম খৰছতে ইঠাইৰ পৰা সিঠাইলৈ অহা-যোৱা কৰিব পাৰে। বৰ্তমান মহানগৰীত অট’ৰিক্সা সেৱাৰ উপৰি বহুজাতিক কোম্পানীৰ উলা, উবেৰ আদি পৰিবহন সেৱা উপলব্ধ হৈছে।

গুৱাহাটী মহানগৰীৰ প্ৰধান উৎপাদন উদ্যোগ হ’ল, নুনমাটিত অৱস্থিত ভাৰতীয় তেল নিগমৰ তেল শোধনাগাৰটো। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ পৃথিৱীৰ ভিতৰতে এটা বৃহৎ সৰ্ববৃহৎ নিলাম কেন্দ্ৰ। বিত্তীয় প্ৰতিষ্ঠান নেডফিৰ কাৰ্যালয় গুৱাহাটীৰ দিছপুৰত অৱস্থিত। গুৱাহাটী ষ্টক এক্সচেইঞ্জ মহানগীখনৰ অন্যতম অৰ্থনৈতিক যোগাযোগৰ বিত্তীয় প্ৰতিষ্ঠান। শেহতীয়াকৈ মহানগৰীত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উৎপাদন কেন্দ্ৰৰ মুখ্য কাৰ্যালয় স্থাপন কৰা হৈছে। বিশাল মেগা মাৰ্ট, বিগ বাজাৰ, পেল্টালুনছ, ট্ৰেণ্ডচ মল, ৱেষ্টচাইদ, ৰিলায়েন্স আদি বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিপণী মুকলি হৈছে। বিভিন্ন প্ৰচাৰ মাধ্যম (মুদ্ৰণ আৰু বৈদ্যুতিন), প্ৰকাশন প্ৰতিষ্ঠান আদিৰ মুখ্য কাৰ্যালয়ো গুৱাহাটীতে অৱস্থিত। মহানগৰীখনত বৰ্তমান ৰেডিচন ব্লু আৰু ভিভান্টা নামৰ দুখন পঞ্চ তাৰকাযুক্ত হোটেল আছে। গঢ় লৈ উঠিছে অসংখ্য বাৰ আৰু ৰেস্তোৰাঁ।

আধুনিক জীৱনৰ সকলো সা-সুবিধাই উপলব্ধ গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলক কৃত্ৰিম বান, তীব্ৰ যানজঁট, ভূমি স্খলন আদিয়ে জ্বলা-কলা নোখোৱাকৈ থকা নাই। ভয়াবহ ৰূপ ধাৰণ কৰিছে জলসংকটে। ইমানদিনে মহানগৰীৰ প্ৰায় সোতৰ শতাংশ আৱাসীয়ে পানীৰ পৰম্পৰাগত উৎস কুঁৱা, গভীৰ-অগভীৰ নলীনাদ, নিজৰা আদিৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ অভাৱ দূৰ কৰি আহিছে। কিন্তু, মহানগৰীত বহুমহলীয়া এপাৰ্টমেন্ট গৃহবোৰৰ নিৰ্মাণ বৃদ্ধি হোৱাৰ লগে লগে সংশ্লিষ্ট অঞ্চলৰ পানীৰ উৎসসমূহ শুকাই যাবলৈ ধৰিছে। সেইদৰে, মহানগৰখনৰ আন্তঃগাথনি উন্নীত কৰাটো প্ৰতিখন চৰাকাৰৰ বাবেই মূৰ কামোৰণিস্বৰূপ হৈ পৰিছে।

এনেবোৰ জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হ’লেও নগেন শইকীয়াই ক’বৰ দৰেই গুৱাহাটী যেন চিৰ আৱেদনময়ী, চিৰ ৰহস্যময়ী আৰু চিৰ যৌৱনমতী –

… ভূগোলৰ আঁক-বাক আৰু বুৰঞ্জীৰ উত্থান-পতন
সকলোটি বুকুত সুমাই তুমি এতিয়াও যৌৱনমতী।
তোমাক অনাবৃত কৰি চাবলৈ মোৰ মন যায়
হে মোৰ প্ৰেয়সী ৰহস্যময়ী, ক’ত আছে মনৰ ৰহস্য
আৰু দেহৰ মদিৰ মতলীয়া কৰা।….

… ঋতুৱে ঋতুৱে অহা প্ৰেমিকসকলে
তোমাক দিছেহি আনি কত দান ! মোৰ কিন্তু একো নাই।
ৰিক্ত হস্ত। তথাপি তোমাক কওঁ কাণে কাণে–
তুমি মোৰ দ্বিতীয় দয়িতা। হদয়ৰ সকলো ঐশ্বৰ্য
সাঁচি থ’লো তোমাৰ বাবেই হে ৰহস্যময়ী।’
(স্বপ্ন আৰু স্মৃতি, পূৰ্ব উল্লেখিত আলোচনী, পৃঃ ১৭ )

অন্যান্য তথ্য উৎস :

অসমীয়া

১. গোস্বামী, দ্বিজেন্দ্ৰ নাৰায়ণ (সম্পা.) : পাঞ্চজন্য, উত্তৰ দিছপুৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ। ফ্ৰেব্ৰুৱাৰি, ২০১৫।
২. চৌধুৰী, ভূপেন্দ্ৰ নাথ : সোণৰ অসম, লয়াৰ্ছ বুক ষ্টল, গুৱহাটী, ১৯৯৫।
৩. বৰা, প্ৰদীপ কুমাৰ (সম্পা.) : দিশপুৰজ্যোতি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰথম বিশেষ বাৰ্ষিক অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ। ডিচেম্বৰ, ২০১১।
৪. ফুকন, সুপ্ৰীতি (সম্পা.) : শৰৎ মঞ্জৰী, শৰৎ ফুকনৰ বিভিন্ন ৰচনাৰ একত্ৰ সংকলন, গুৱাহাটী, ২০১০।
৫. শৰ্মা, ধীৰেন (সম্পা.) : কামৰূপৰ ইতিবৃত্ত (প্ৰথম খণ্ড), গৃহবন্ধু প্ৰকাশন, গুৱাহাটী, ২০১৫।

ইংৰাজী

1. Choudhury, Pratap Chandra; The History of Civilisation of the People of Assam to the Twelfth Century, Dept. of Historical and Antiquarian Studies in Assam, Gauhati, 1959.
2. Dzüvichü, Lipokmar & Manjeet Baruah (Editor);Modern Practices in North East India: History, Culture, Representation, Routledge India, 14 November-2017
3. https://en.wikipedia.org

এটা মন্তব্য

  1. টুনুজ্যোতি, ধন্যবাদ । যথেষ্ট তথ্যসমৃদ্ধ প্ৰবন্ধটো। বহুতো নতুন নতুন তথ্যৰ সম্ভেদ পালো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে