চ’ৰাঘৰ / সমকাল / বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ – এই বিষয়টো সময়ে সময়ে চৰ্চা হৈ আহিছে। শেহতীয়াকৈ এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত বিষয়টো আইনৰদ্বাৰা হস্তক্ষেপৰ কৰাৰ প্ৰয়াসো আৰম্ভ হৈছে।চ’ছিয়েল মি়ডিয়াতো বিষটোৰ সন্দৰ্ভত সুস্থ বিতৰ্ক হোৱাটো শুভ লক্ষণ।

সমাজ এখন পুৰুষ আৰু মহিলা উভয়ৰে সমষ্টি, গতিকে পুৰুষ আৰু মহিলাৰ সমান অধিকাৰ নাথাকিলে সমাজ এখন প্ৰকৃত অৰ্থৎ আগুৱাব নোৱাৰে। বৰপেটাৰ কীৰ্তনঘৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ । যি সময়ত অসমত নাৰীৰ সামাজিক স্থান ভাৰতৰ আন ৰাজ্যৰ তুলনাত কিছু পৰিমাণে উচ্চ বুলি কৈ আমি গৌৰৱ কৰোঁ, সেই সময়ত মহাপুৰুষ শংকৰদেৱৰ আধ্যাত্মিক দৰ্শনেৰে গৰিমামণ্ডিত এখন নামজ্বলা সত্ৰত এনে এটা পৰম্পৰা চলি অহাৰ কথাটো নিশ্চয়েই মানি লব নোৱাৰি। লোৱা উচিত নহয়। যিহেতু গুৰুজনাই নিজেই– ‘‘ব্ৰাহ্মণত, চণ্ডালত নিবিচাৰি কুল’’, অথবা ‘কুক্কুৰ-শৃগাল-গদৰ্ভৰো আত্মাৰাম’ বুলি লিখি থৈ গৈছে – তেনেক্ষেত্ৰত গুৰুজনাৰ আদৰ্শৰে পৰিচালিত বুলি কোৱা সত্ৰ এখনৰ এনে পৰম্পৰাই আমাক আচৰিত কৰি তোলে। আচৰিত কৰি তোলে যেতিয়া সেই সত্ৰ আশে-পাশে থকা একাংশ নাৰীয়েই ইয়াক এক মহান পৰম্পৰাৰ আখ্যা দি তেনে পৰম্পৰাৰ ৰক্ষণাবেক্ষণ দিবলৈ আগবাঢ়ি আহে।

অসমৰ বহুতো সত্ৰত মহিলাৰ প্ৰৱেশ কিছু পৰিমাণে নিষিদ্ধ। আমাৰ শৈশৱ অতিবাহিত হৈছিল উত্তৰ কমলাবাৰী সত্ৰৰ কাষত। এই সত্ৰখনে আজিও কেৱলীয়া পৰম্পৰা অব্যাহত ৰাখিছে। আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া এই সত্ৰত মহিলাসকলে নামঘৰত সেৱা জনাবলৈ নিশ্চয়েই প্ৰৱেশ কৰিব পাৰিছিল, কিন্তু ভাওনা আদি অনুষ্ঠিত হ’লে নাৰী আৰু জনজাতীয় লোকসকলে উপভোগ কৰিব লাগিছিল বাৰান্দাত বহি, মূল নামঘৰত তেওঁলোকৰ প্ৰৱেশৰ অধিকাৰ নাছিল। সৰু থাকোঁতে আতৈসকলক ইয়াৰ কাৰণ সোধাত তেওঁলোকে কৈছিল যে— জনজাতীয় লোকসকলে গুৰুজনাত শৰণ লোৱা নাই বাবে প্ৰৱেশৰ অধিকাৰ নাই আৰু নাৰীসকলক সোমাবলৈ দিয়া নহয়, কিয়নো কেতিয়াবা আনে নজনাকৈ ‘বিধুতি’ গাৰে প্ৰৱেশ কৰি সত্ৰৰ পবিত্ৰতা নষ্ট কৰিব পাৰে। সেই সময়ত মাজুলীৰ বান, গৰাখহনীয়াৰ প্ৰকোপত সাধাৰণ মানুহৰ অভানৱীয় দুৰ্দশা দেখিছিলোঁ, মানুহে লঘোন দিয়া, বানৰ পিছত অখাদ্য খাই পেটৰ অসুখত প্ৰাণ দিবলগীয়া হোৱাৰ দৰে ঘটনা নিজৰ চকুৰে দেখিছিলোঁ। উত্তৰ কমলাবাৰী সত্ৰৰ আতৈসকলো এই দুৰ্দশাৰ কবলত পৰিছিল। আতৈসকলৰ উপাৰ্জনৰ এটা প্ৰধান অৱলম্বন আছিল গৰুৰ গাখীৰ বিক্ৰী কৰি পোৱা তাকৰীয়া ধন। ঘৰৰ পৰা এক ফাৰ্লংমানৰ দূৰত্বতে থকা সত্ৰৰ গোহালিৰপৰা গাখীৰ আনিবলৈ যোৱাটো আছিল এটা চখৰ কাম। আতৈসকলৰ সৈতে হোৱা নানা কথা–বতৰাৰ বাবেই আতৈসকলৰ সৈতে মৰম – চেনেহৰ এডাল এনাজৰী আছিল। তথাপিতো ধৰ্মৰ আৱৰ্তত থকা এই বৈষম্যৰ স্বৰূপটো উপলব্ধি কৰাৰ পিছত দেখাৰ পিছত বাৰান্দাত বহি, ৰেলিঙৰ ফাঁকেৰ সত্ৰৰ ভাওনা উপভোগ কৰাৰ চখ সৰুকালতেই নোহোৱা হৈছিল। এই পৰম্পৰা আজিও বৰ্তি আছে নেকি, সেই কথা অৱশ্যে গম নাপাওঁ।

কলেজত পঢ়ি থাকোঁতে এবাৰ বৰপেটা সত্ৰলৈ গৈছিলোঁ বৰপেটাৰ বন্ধু অপৰাজিতা চোধুৰী আৰু অৰুণদেৱ চৌধুৰীৰ ঘৰত ফুৰিবলৈ যোৱাৰ সময়ত । নাৰীৰ প্ৰৱেশৰ ‘ফলক’খন দেখা পাই আনকি বাৰান্দাত উঠি ভিতৰখন চোৱাৰ হেঁপাহো নোহোৱা হৈছিল। আজিও নাই। নাৰীৰ প্ৰৱেশ নিষিদ্ধতাৰ কৰণ সোধাত আহিছিল একেটাই উত্তৰ – বিধূতি গাৰে কোনোবা নাৰী সোমাই সত্ৰৰ মজিয়া অপবিত্ৰ কৰাৰ এটা সাধুকথা। পুৰুষতন্ত্ৰই ওলোমাই দিয়া এটা তেনেই সহজলভ্য উপাখ্যান ।

সাম্যত বিশ্বাস কৰা এগৰাকী সাংবাদিক আৰু লিখক হিচাপে এনে পৰম্পৰাক সদায়েই বিৰোধিতা কৰি আহিছোঁ। কেৱল মহিলাসকলেই নহয়, একাংশ পুৰুষো এনে পৰম্পৰাৰ বিৰোধী। এনে পৰম্পৰা ভংগ কৰাৰ যিকোনো পদক্ষেপৰ বিৰুদ্ধেই সদায় থিয় দিম। কিন্তু ইয়াৰ লগে লগে এটা কথাও স্পষ্ট যে, সত্ৰত নাৰীৰ প্ৰৱেশৰ জৰিয়তেই নাৰী-পুৰুষৰ সমান অধিকাৰৰ সমস্যাটো হস্তক্ষেপ কৰিব পৰা নাযাব । পৃথিৱীৰ কোনো এটা ধৰ্মই নাৰীক প্ৰদান কৰা নাই সমমৰ্যদা। কেতিয়াবা সত্ৰ এখন মহিলাই পৰিচালনা কৰাৰ কথাটো আজিৰ দিনতো কল্পনা কৰিব পাৰিনে? পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰী সদায়েই পদদলিত। যিখিনি পাইছে যুঁজ কৰিহে পাইছে। এটা সময়ত নাৰীয়ে ভোটাধিকাৰ পাবৰ বাবেও ৰাস্তাত নামি প্ৰতিবাদী আন্দোলন কৰিছে। নাৰী-পুৰুষৰ কামৰ সমান সময়ৰ বাবেও প্ৰতিবাদ কৰি পুলিছৰ কোব খাইছে। তাৰ ফলতহে নাৰীয়ে এই অধিকাৰবোৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনকি পুৰুষতন্ত্ৰৰ কবলত একাংশ নাৰীয়েই নাৰীৰ শত্ৰু। বৰপেটা সত্ৰৰ একাংশ নাৰীয়ে যোতিয়া সত্ৰত নাৰী সোমাব নোৱাৰে বুলি কোৱা দেখা পাওঁ, তেতিয়া আমি জানিব লাগিব যে — তেওঁৰ ভিতৰত থকা পুৰুষতন্ত্ৰ নামৰ সাঁচ এটাইহে সেই কথা কৈছে — যি সাঁচ তেওঁৰ ভিতৰত বহুৱাই দিয়া হয় আইৰ গৰ্ভত থকাৰ সময়ৰেপৰাই! তেওঁৰ নাৰীসত্তাটোৱে সেই কথা কোৱা নাই। এটা সহজলভ্য উদাহৰণ — অসমীয়া সমাজত ল’ৰাসন্তান জন্ম হ’লেহে মাছ বিলাই ফূৰ্তি কৰাৰ প্ৰথা আছে।

এতিয়া কথা হ’ল – ভাৰতীয় সংবিধানে পুৰুষ-মহিলাৰ সম অধিকাৰক স্বীকৃতি দিছে আৰু ধৰা হ’ল আইনী প্ৰক্ৰিয়াৰ মাজেৰে বৰপেটা সত্ৰত নাৰীৰ প্ৰৱেশৰ অধিকাৰ নিশ্চিত কৰা হ’ল। তেতিয়াও যদি স্থানীয় একাংশ নাৰীয়ে নাৰীক প্ৰৱেশ কৰিবলৈ নিদিও বুলি আকোৰগোঁজ হৈ থাকে — তেওঁলোকক গাৰ ওপৰেৰে কীৰ্তনঘৰত প্ৰৱেশ কৰিব পৰা যাবনে — যদিহে এইসকলে ‘যুদ্ধং দেহি’ ভাৱ লৈ বাটতে শুই পৰে! কথাটো এইবাবেই উনুকিয়াব লগা হৈছে যে, যিসকলে কীৰ্তনঘৰত নাৰীৰ প্ৰৱেশৰ অধিকাৰৰ বাবে, অৰ্থাৎ নাৰী-পুৰুষৰ সমান মৰ্যদাৰ বাবে আইনী যুঁজ এখনৰ বাবে সাজু হ’ব, তেওঁলোকে ইস্পিত ৰায়দানৰ মাজেৰে আইনী যুঁজ এখনত সফলতাও লাভ কৰিব বুলিও আশা কৰিব পাৰি, যিহেতু ভাৰতীয় নাগৰিকৰ বাবে সি এক সংবিধানপ্ৰদত্ত অধিকাৰ। কিন্তু বাস্তৱৰ সমাজখনত নাৰী-পুৰুষৰ সমান অধিকাৰৰ বাবে আমি এক দীঘলীয়া আন্দোলনৰ বাবেও সাজু হ’ব লাগিব । সেই যুঁজখনত সফলতা লাভ কৰিব নোৱাৰিলে আইনী যুঁজৰ সফলতা এদিনীয়া সফলতালৈহে পৰিণত হ’ব। সেইবাবেই যিসকলে নিজকে সমাজ পৰিবৰ্তনৰ দূত বুলি গণ্য কৰে, তেওঁলোকে নিজে যি ক্ষেত্ৰতেই কাম নকৰক কিয় – প্ৰতিটো ক্ষেত্ৰত নাৰী-পুৰুষৰ সমান অধিকাৰৰ বিষয়টো আগবঢ়াই নিব লাগিব — আৰু এই বিষয়টো এক নিৰন্তৰ যুদ্ধৰ প্ৰক্ৰিয়া। পুৰুষসকলো এই যুদ্ধৰ অংশীদাৰ।

তদুপৰি আছে অগ্ৰাধিকাৰৰ প্ৰশ্ন। গুৱাহাটীৰ পদপথত শাক-পাচলি বিক্ৰী কৰি জীৱন-নিৰ্বাহ কৰা নাৰী এগৰাকীৰ বাবে নিজৰ জীৱন-জীৱিকাৰ সংগ্ৰামখন কোনোবা এটা কীৰ্তনঘৰত সোমাবলৈ পোৱাৰ সংগ্ৰামতকৈ নিশ্চয় আগত। আমাৰ চকুৰ আগতে এইসকল নাৰীৰ সংখ্যা বাঢ়ি আহিছে — ধনী-দুখীয়াৰ মাজৰ ব্যৱধানে তেওঁলোকক বাটলৈ উলিয়াই আনিছে। তেওঁলোকৰ সমস্যাবোৰ তুলি ধৰাৰ কথাটোও কাৰোবাৰ বাবে এক আগ্ৰাধিকাৰপ্ৰাপ্ত সংগ্ৰাম হ’ব পাৰে — অন্ততঃ মোৰ বাবেতো হয়েই — যি কাম মই কলমেৰে কৰি আহিছোঁ। পুৰুষতন্ত্ৰ আৱৰ্তত নাৰী আৰু পুৰুষৰ সম মৰ্যদাৰ বাবে কৰা যিকোনো সংগ্ৰামেই আমাৰ বাবে সমান গুৰুত্বপূৰ্ণ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে