চ’ৰাঘৰ / কথাশিল্প / সৰাপাতৰ সপোন৷৷ জোস্মি গগৈ৷৷

সৰাপাতৰ সপোন৷৷ জোস্মি গগৈ৷৷

পৃথিৱীখন সেউজীয়া হৈ থাকোতেই ভাবিছিলো
নিজকে ফুল-ফলেৰে সুন্দৰ ৰূপত সজাম;
কিন্তু ভংগুৰ আশাবোৰ
ব’ঠা নোহোৱা কাগজৰ নাৱৰ দৰেই
ক’ৰবাত দিকভ্ৰান্ত হৈ ৰ’ল!
দুখৰ শিলাখণ্ডক কাটি-কুটি নতুন ৰূপত গঢ়াৰ কথা ভাবো,
দুপাখি মেলি উৰি যাম বহু দূৰণিলৈ
চকুৱে ঢুকি নোপোৱা দূৰত্বলৈ…
কিন্তু বাৰে বাৰে ভাগে সপোনৰ কাৰেং
অংগীকাৰৰ তূণত নাথাকে অস্ত্ৰ…
ৰণক্লান্ত সৈনিক এজনৰ দৰে
অসহায় মুদ্ৰাৰে হাহাকাৰ কৰি উঠো
সৰাপাতৰ অৰণ্যৰ মাজে মাজে খোজ কাঢ়ি
ভাবো, শীতৰ শেষত আকৌ আহিব বসন্ত
আকৌ সেউজীয়া হ’ব পৃথিৱী
আকৌ সজাই তুলিম জীৱনক নতুন সাজেৰে…

এটা মন্তব্য

  1. সুন্দৰ ৈছে ..

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে