চ’ৰাঘৰ / সমকাল / চাহ মজদুৰ মহিলাসকলৰ সমাজত এভুমুকি৷৷ দময়ন্তী গগৈ৷৷

চাহ মজদুৰ মহিলাসকলৰ সমাজত এভুমুকি৷৷ দময়ন্তী গগৈ৷৷

‘এটি কলি দুটি পাত’ৰ দেশ অসম আৰু এই এটি কলি দুটি পাত অৰ্থাৎ চাহ গছৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত চাহ মজদুৰ সমাজৰ জীৱন। বৰ্তমান অসমৰ অবিচ্ছেদ্য অংগত পৰিণত হোৱা এই চাহ মজদুৰসকলৰ আগমন ঘটিছিল অসমত ইংৰাজ ৰাজত্বৰ আৰম্ভণিৰ লগে লগে। বিহাৰ, ছোটানাগপুৰ, উৰিষ্যা, তেলেংগানা আদি ঠাইৰ পৰা এইসকল লোকক ইংৰাজে আনিছিল নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণৰ বাবেই। অসমৰ মাটিত হেনো সোণ আছে আৰু এই সোণ বুটলিবৰ বাবেই দালালৰ হতুৱাই তেওঁলোকক ফুচুলাই অনা হৈছিল। কিন্তু অসমলৈ আহি তেওঁলোকে দেখিছিল এক বিপৰীত ছবি। হাড়ভঙা পৰিশ্ৰম, ইংৰাজ চাহাবৰ শোষণ, অত্যাচাৰ, নিপীড়নত জৰ্জৰিত হৈ মনৰ পুঞ্জীভূত দুখ পাতলাবলৈ কোনোবা অনাখৰী চাহ মজদুৰে ৰচনা কৰিছিল এই গাতটি–
চৰদাৰ বলে কাম কাম
বাবু বলে ধৰে আন
চাহাব বলে লিব পিঠেৰ চাম
ৰে নিষ্ঠুৰ শ্যাম
ফাঁকি দিয়ে আনিলি আসাম।

বৰ্ণাঢ্য সংস্কৃতিৰে পৰিপূৰ্ণ চাহ মজদুৰৰ জনজীৱন ঠিক যেন ৰামধেনুৰ ৰঙৰ দৰে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোকে এক ভিন্ন দেশ ভিন্ন পৰিৱেশৰ পৰা আহি ক্ৰমাৎ এই দেশ, এই মাটিক আপোন কৰি ল’লে। অসমৰ বাঘ-ঘোঙেৰে পৰিপূৰ্ণ অগাধ অৰণ্য ভাঙি পৰিণত কৰিলে চিৰসেউজীয়া বাগিচালৈ। ধান, ঘেঁহু, মাকৈ, জৱাহৰ কুঠী আদি ঘৰুৱা বজাৰৰ খেতি এৰি; বাঁকাফু লগ, চুৰিয়া, পদ্মৰাজ্য, ৰামগড়, পালামৌ, লালটনগঞ্জ, ডুমকা আদি ঠাইসমূহ এৰি ব্ৰহ্মপুত্ৰৰ পাৰৰ অগাধ অৰণ্যৰে ভৰপূৰ অসমৰ সেউজীয়া সোণ চাহ বাগিচাত দিনগত কালক্ষয় কৰি দিন-মজুৰিৰ কামত মগ্ন হ’ল। এইদৰেই ১৮৪০ চন মানতেই অসমেলৈ আগমন ঘটা এই চাহ শ্ৰমিকসকলে নানান বিৱৰ্তনৰ মাজেদি আহি বৰ্তমান সময়ত উপনীত হৈছে।

আজি অসমৰ চাহ বাগিচাৰ ইতিহাস মানেই মাংৰী, মংলো, লক্ষ্মী, চনিয়াৰ ইতিহাস। সেউজীয়াৰ সমাৰোহ এই চাহ বাগিচাসমূহত শাৰী শাৰী চাহ গছৰ মাজে মাজে ‘ঘন ছিৰিছ গছৰ ছাঁ গাত লৈ ডবকে (টুকুৰীত) চলকে চলকে (খৰকৈ) পাত তোলে মাংৰী-সুমিত্ৰাহঁতে। ৰতন, মংলো, বুধনহঁতে হাতত কোৰ লৈ কপালৰ ঘাম মাটিত পেলাই অক্লান্ত পৰিশ্ৰম কৰে। নিজৰ সন্তানৰ দৰেই লালন-পালন কৰে প্ৰতিজোপা চাহ গছক। এওঁলোকৰ যত্নৰ ফলতেই প্ৰথমে নাঙঠ হৈ ডাঙৰ হ’বলৈ আৰম্ভ কৰা চাহ গছজোপা সময়ত সেউজীয়া পাতেৰে লহপহীয়া হৈ এজোপা পূৰ্ণ চাহ গছত পৰিণত হয়। এই হাড়ভঙা পৰিশ্ৰম, দুখ- দীনতা পাহৰি ভাদ মাহত অনুষ্ঠিত চাহ মজদুৰৰ অন্যতম পৰৱ কৰম পূজাত চাহ মজদুৰ যুৱকসকলে ‘পীৰিতে মজিল’ মন লৈ ঝুমুৰ গীত পায় এইদৰে–
ভাইবল বন্ধুবল কেহনা হয়
আপন
হায়ৰে মিছাই জপ মন।
পীৰিতে মজিল মন কিবা হাড়ি
কিতা ভয়
বিনাচাৰে কৰেছি আপন।।

বাহ্যিক দৃষ্টিত প্ৰাণোচ্ছল এই চাহ মজদুৰসকলৰ জীৱন সুখৰ নে· নহয়। চাহ মজদুৰ জন-জীৱনৰ সৈতে পৰিচিত ব্যক্তি মাত্ৰেই জানে তেওঁলোকৰ এই হাঁহি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাৰে–‘বাইৰে যাৰ হাসিৰ ছুটা ভিতৰে তাৰ চক্ষেৰ জলৰ দৰে।’ কাৰণ দুখ যে এতিয়াও তেওঁলোকৰ বাবে ‘কোলাৰ কেঁচুৱা’। এতিয়া আমি চাওঁ এইখন সমাজত মহিলাসকল কেনে স্থানত অধিষ্ঠিতা।

‘বিশ্বে যা কিছু মহান শ্ৰেষ্ঠ চিৰকল্যাণকৰ অৰ্ধেক তাৰ স্ৰজিয়াছে নাৰী, অৰ্ধেক তাৰ নৰ।’ নাৰীৰ শ্ৰেষ্ঠতাৰ বিষয়ে বিশ্ব কবিয়ে এই মত পোষণ কৰিলেও বাস্তৱিকতে আমাৰ সমাজত নাৰীৰ স্থান শূন্য। ভাৰতীয় সমাজৰ অন্তৰ্ভুক্ত চাহ মজদুৰ সমাজো এই নিয়মৰ ব্যতিক্ৰম নহয়। গতিকে যেতিয়া এটি নৱজাতকৰ জন্ম হয়, তেতিয়া সকলোৱে এইদৰে প্ৰশ্ন কৰে– ‘কি হইল, পাতা তোলা না কড় মাৰা?’ কড় মাৰা অৰ্থাৎ ল’ৰা বুলি ক’লে সকলোৰে মন আনন্দেৰে পূৰ্ণ হৈ উঠে আৰু পাতা তোলা অৰ্থাৎ ছোৱালী বুলি ক’লে উৎসাহত যেন চেঁচাপানী পৰে। অৱশ্যে সকলোৱে পুত্ৰ সন্তান বিচাৰিলেও কন্যা সন্তানেহে মাকক ঘৰৰ কাম-বন কৰাত সহায় কৰে। এই নিয়মৰ ব্যতিক্ৰম চাহ মজদুৰ সমাজৰ কন্যা সন্তানসকলৰ ক্ষেত্ৰতো নহয়। এওঁলোকে সৰুৰে পৰাই ঘৰৰ কাম-বন কৰাত মাকক সহায় কৰে আৰু মাক কাম-কাজলৈ গ’লে ‘ছেনা খেলাই’ (কেঁচুৱা শুৱাই) মাকক বাগিচাৰ কাম কৰাত সহায় কৰে।

এই কন্যা সন্তানসকলক শিক্ষাৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব দিব লাগিছিল, সেইদৰে দিয়া নহয়। কাৰণ, ছোৱালী যেতিয়া দুদিন পাছতে বিয়া হৈ যাব। গতিকে বাগিচাৰ কামত মাকক সহায় কৰিবলৈ লৈ যোৱা হয় নতুবা ঘৰতে কেঁচুৱা নিচুকাই ঘৰৰ কাম-বন কৰি থাকে। আজিকালি অৱশ্যে এই নিয়মৰ ব্যতিক্ৰম কিছু পৰিমাণে হৈছে। কাৰণ কিছুসংখ্যক পিতৃ-মাতৃয়ে সন্তানে শিক্ষালাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। অৱশ্যে চাহ মজদুৰ সমাজত উচ্চশিক্ষিত মহিলাৰ সংখ্যা কম। কিছুসংখ্যক চাহ মজদুৰ সমাজৰ নাৰী-পুৰুষসকলৰ দ্বাৰা নিৰ্যাতিতা হয়। শিক্ষালাভৰ বাবে পিতৃ-মাতৃৰ আগ্ৰহ নথকাৰ বাবেই শিক্ষাৰ ক্ষেত্ৰত এই সমাজখন আগবাঢ়িব পৰা নাই। শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাতে শতকৰা এশগৰাকী স্নাতক যুৱতীৰ বিপৰীতে মাত্ৰ পাঁচ গৰাকীমানহে চাহ মজদুৰ সম্প্ৰদায়ৰ স্নাতক ডিগ্ৰীধাৰী যুৱতী আছে। চাহ মজদুৰ সমাজখন প্ৰগতিৰ পথত আগবাঢ়িবলৈ হ’লে মহিলাসকলে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবই লাগিব, কাৰণ এগৰাকী সু-মাতৃয়েহে সু-সন্তান গঢ় দিব পাৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে