চ’ৰাঘৰ / কথাশিল্প / কবিতা / ল’ৰালি ৷৷ বিদিশা দুৱৰা৷৷

ল’ৰালি ৷৷ বিদিশা দুৱৰা৷৷

ক’ত হেৰাই গ’ল সেই সময়
কিমান সুন্দৰ আছিল আমাৰ পুৱা-আবেলি
সমনীয়াৰ স’তে খেলিছিলো টাংগুটি, হেতালি,
ৰজা-ৰাণী, লুকা-ভাকু, পানী-পাৰ
আৰু কত কি !!

সচাঁই, মায়া সনা বোজাহীন আছিল সেই দিন
নাছিল ৰুদ্ধশ্বাস দৌৰ
নাছিল কৃত্ৰিমতা৷

এতিয়া কেৱল দৌৰিছো
দৌৰি দৌৰি হেৰুৱাই পেলাইছোঁ নিজক
দৌৰি দৌৰি হেৰুৱাইছো জীৱনৰ মাদকতা৷

কেতিয়াবা হঠাতে থমকি ৰওঁ
ঘূৰি চাওঁ এৰি অহা দিনবোৰলৈ
মনত পেলাওঁ মায়াসনা ল’ৰালি
সমনীয়াৰ স’তে কৰা ধেমালি

ল’ৰালি হয়তো এনেকুৱাই
নোকোৱাকৈ অজানিতে হেৰাই যায়,
দি যায় কেৱল স্মৃতি
আৰু জীৱন প্ৰেৰণা৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে