চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / ধৰ্মীয় চেতনা আৰু শিক্ষা পদ্ধতি৷৷ টুনুজ্যোতি গগৈ৷৷

ধৰ্মীয় চেতনা আৰু শিক্ষা পদ্ধতি৷৷ টুনুজ্যোতি গগৈ৷৷

– মুক্তি তনিচপ’ সজিতো সেহি ভকতক নমু
ৰসময় মাগুহু ভকতি …
মাধৱদেৱ বিৰচিত ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি’ ঘোষাটি আমাক প্ৰাথমিক বিদ্যালয়ত প্ৰাৰ্থনা হিচাবে গাবলৈ শিকাইছিল৷ আমি কোনো অৰ্থ নুবুজি ভুলে-শুদ্ধই ভক্তি ভাৱ নৰখাকৈ আৰু বেসুৰাকৈ গাইছিলো৷ প্ৰাৰ্থনাৰ সময়ত যে দুচকু মুদি ল’ব লাগে, সেয়াও বহুদিনলৈ জনা নাছিলো৷ তেনেদৰে, প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতে পঢ়িব লগা হৈছিল ৰঘুনাথ চৌধুৰীৰ ‘ঈশ্বৰ’ নামৰ পদ্যটি–
নিচিনো তোমাক ক’ত আছা প্ৰভু
আমি অতি সৰু ল’ৰা
চিঞৰি চিঞৰি মাতিলেও তোমাক
নামাতা দূৰৈৰ পৰা৷

আমি অতি ‘সৰু ল’ৰা’ আছিলো বাবে তেতিয়া বুজা নাছিলো যে প্ৰচলিত সমাজ ব্যৱস্থা আৰু শিক্ষা পদ্ধতিয়ে আমাক ‘ঈশ্বৰ’ নামৰ এক কাল্পনিক সত্তাৰ প্ৰতি পৰিকল্পিতভাৱে আকৰ্ষিত কৰি তুলিছিল৷ আমাক বুজোৱা হৈছিল যে এই বিশ্বব্ৰহ্মাণ্ড তেৱেঁই সৃষ্টি কৰিছে আৰু তেৱেঁই আমাক লালন-পালন কৰিছে৷ অৱশ্যে, আমাৰ জীৱনক প্ৰভাৱান্বিত কৰা পৰিয়ালৰ দুজন যুক্তিনিষ্ঠ আৰু বিজ্ঞানমনস্ক অভিভাৱকৰ প্ৰভাৱত সেই ঈশ্বৰৰ অস্তিত্বৰ প্ৰতি আমাৰ মনত প্ৰশ্ন উদয় হোৱাত¸ কিছু ‘ডাঙৰ ল’ৰা’ হৈ অহাৰ লগে লগে মনৰ পৰা ঈশ্বৰ বিশ্বাসেই অন্তৰ্হিত হ’ল৷ সৰুতে চিঞৰি চিঞৰি মতা ঈশ্বৰৰ লগত আৰম্ভ হ’ল ‘নমতা-নমতি’৷

কোনো এখন দেশৰ আধুনিক শিক্ষা পদ্ধতিৰ লক্ষ্য হোৱা উচিত নতুন প্ৰজন্মৰ মনত স্বাভিমান, স্বদেশপ্ৰেম, স্বনিৰ্ভৰশীল মনোভাৱ আদি জগাই তোলাৰ সমান্তৰালভাৱে তেওঁলোকক যুক্তিবাদী তথা¸ বিজ্ঞানমনস্ক কৰি তুলিবলৈ এক বাস্তৱমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা৷ কিন্তু, ব্ৰিটিছ ঔপনিৱেশিক শক্তিয়ে প্ৰৱৰ্তন কৰা উদ্দেশ্য প্ৰণোদিত শিক্ষা পদ্ধতিৰ সাঁচতেই স্বাধীন ভাৰতৰ শিক্ষা পদ্ধতিও প্ৰৱৰ্তন কৰা হৈছিল বাবে নতুন প্ৰজন্মৰ মনত স্বাভিমান, স্বদেশপ্ৰেম, যুক্তিবাদ আদি তেনেকৈ জাগি উঠা পৰিলক্ষিত নহ’ল; বৰং প্ৰজন্মৰ পাছত প্ৰজন্মই প্ৰশ্নহীনভাৱে বৌদ্ধিক দাসত্বৰ শিকলি পিন্ধি থকাহে দেখা গ’ল৷

নক’লেও হয় যে ব্ৰিটিছ ঔপনিৱেশিক শক্তিয়ে ভাৰতৰ পৰম্পৰাগত শিক্ষা পদ্ধতিক আওকাণ কৰি তেওঁলোকৰ ঔপনিৱেশিক শাসন-শোষণ দীৰ্ঘম্যাদী কৰি তোলাৰ স্বাৰ্থত নিজা শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰিছিল৷ অসমৰ অন্যতম প্ৰগতিশীল ব্যক্তি, দলিত বন্ধু ৰূপে পৰিচিত কৃষ্ণ শৰ্মাই সৌ তাহানিতে যথাৰ্থভাৱেই কৈছিল যে ব্ৰিটিছৰ শিক্ষা পদ্ধতিয়ে কেৱল এশ্ৰেণী গোলামহে সৃষ্টি কৰিছে৷ এটা জাতিৰ উঠি অহা ডেকা-গাভৰুৱে যদি কেৱল কেৰাণী, মহৰী, উকীল, শিক্ষক আদিৰ কাৰণেই এটা বিদেশী ভাষাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি জীৱনৰ আধাভাগ কটায়, তেন্তে পাছত তেওঁলোক বেমাৰী হৈ পৰে৷ চৰকাৰৰ পৰা কাম এটা নাপালে তেওঁলোকৰ বুকু ভাগি যোৱা যেন হয়৷ গতিকে, সেই শিক্ষা গ্ৰহণ কৰি তেওঁলোকে জাতীয় শক্তিৰ ক্ষয়হে কৰিছে৷

অবিভক্ত ভাৰতবাসীৰ ধৰ্মান্ধতাৰ সুযোগ ব্ৰিটিছসকলে ভালদৰেই হৈছিল৷ ব্ৰিটিছে ভাৰতত ধৰ্মৰ নামত চলা সতীদাহ প্ৰথা, বাল্য বিবাহ প্ৰথাৰ দৰে কেতবোৰ অমানৱীয় প্ৰথা দূৰ কৰিলেও ভাৰতবাসীৰ মনত বহু গভীৰলৈ শিপাই থকা ধৰ্মীয় বিশ্বাস দূৰীকৰণৰ চেষ্টা নকৰিলে, বৰং সেই ধৰ্মীয় বিশ্বাসক হাথিয়াৰ হিচাবে লৈ পুঁজিবাদ আৰু সাম্ৰাজ্যবাদ সম্প্ৰসাৰণৰ চেষ্টাহে চলালে৷ ব্ৰিটিছ প্ৰশাসন প্ৰৱৰ্তিত শিক্ষা পদ্ধতিত বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক ৰহিত এনেধৰণৰ ধৰ্মীয় শিক্ষা সন্নিৱিষ্ট কৰা হ’ল; য’ত মানৱীয় প্ৰমূল্য, নৈতিকতা, সহনশীলতা আদিৰ কোনো স্থান নাছিল, বৰং সেই ধৰ্মীয় শিক্ষাই ভাৰতীয় নব্য শিক্ষিতসকলক বহু পৰিমাণে সাম্প্ৰদায়িক, পশ্চাদগামী আৰু সংকীৰ্ণমনা কৰি তুলিছিল৷ তেনে কাৰণতেই ব্ৰিটিছ প্ৰশাসনে ভাৰতক ধৰ্মৰ নামত দ্বিখণ্ডিত কৰি স্বাধীনতা প্ৰদান কৰিবলৈ সক্ষম হৈছিল, যাতে তথাকথিত স্বাধীনতা প্ৰদানৰ পাছতো দেশ দুখনৰ ওপৰত তেওঁলোকৰ প্ৰভুত্ব অটুট ৰাখিব পাৰে৷

সন্দেহ নাই যে স্বাধীনোত্তৰ ভাৰতৰ উচ্চ শিক্ষিতসকলেও বৌদ্বিক দাসত্বৰ শৃংখল নিৰ্বিবাদে মানি লোৱাৰ বাবেই ভাৰতত আজিকোপতি এক বিজ্ঞান সন্মত, যুক্তিনিষ্ঠ আৰু বাস্তৱমুখী শিক্ষা পদ্ধতি গঢ় লৈ নুঠিল৷ ব্ৰিটিছ প্ৰৱৰ্তিত শিক্ষা পদ্ধতিকেই কিছু সাল-সলনি কৰি বৰ্তাই ৰখাৰ ফলত ভাৰতৰ প্ৰায়বোৰ শিক্ষানুষ্ঠানত আজিও ঈশ্বৰ-আল্লা-গড নামৰ একোটা কাল্পনিক সত্তাক বন্দনা কৰিবলৈ শিকোৱা হয়, উলহ-মালহেৰে বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰা হয়৷ আধুনিক বিজ্ঞান-প্ৰযুক্তিৰে শিক্ষিত ব্যক্তি এজনেও মন্দিৰ-মছজিদলৈ নিয়মিতভাৱে যায়, হাতে-বাহুৱে বিভিন্ন আঙুঠি-তাবিজ পিন্ধে৷ ধৰ্মীয় প্ৰভাৱমুক্ত এখন সুন্দৰ মানৱীয় সমাজ গঢ়ি তোলাটো সম্ভৱপৰ যদিও ভাৰতত জাতি-ধৰ্মৰ নামত চলি আহিছে নিকৃষ্ট পৰ্যায়ৰ ৰাজনীতি – কেৱল ক্ষমতা দখলৰ বাবেই সাম্প্ৰদায়িক সংঘৰ্ষৰে নৰহত্যাৰ পাতনি মেলা হয়, অন্য ধৰ্মাৱলম্বীৰ লোকক ঘৃণা কৰিবলৈ শিকোৱা হয়৷

অসমত আধুনিক শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে অৰ্ধশিক্ষিত আৰু অনাখৰী লোকসকলেই স্বাধীনতাৰ আগে-পিছে এক শৈক্ষিক আন্দোলন গঢ়ি তুলিছিল৷ গাঁৱে-ভূঁয়ে শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ মাটি-বাৰী দান কৰিছিল, কায়িক শ্ৰমেৰে বিদ্যালয় গৃহ সাজি দিছিল৷ তেওঁলোকৰ ইচ্ছা-সাধনা-শ্ৰমৰ বিনিময়ত গঢ় লৈ উঠা বিদ্যালয় গৃহবোৰ আজিও শতিকা-অৰ্দ্ধ শতিকা পাৰ কৰি মূৰ দাঙি থিয় হৈ আছে৷ কিন্তু, সেইচাম শিক্ষানুৰাগীৰ ত্যাগ-আদৰ্শৰ চানেকি আজি বিস্মৃতিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ কেৰিয়াৰ সৰ্বস্ব চিন্তা-চেতনাৰে পৰিচালিত বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী বা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোক জড়িত হৈ অহা শিক্ষানুষ্ঠানখনৰ জন্ম বেদনা সামান্যতম অনুধাৱন কৰিব নোৱাৰে৷ এনে হোৱাৰ কাৰণ হ’ল, সমাজ জীৱনৰ সৰ্বত্ৰ পৰিলক্ষিত হোৱা মূল্যবোধৰ অৱক্ষয়৷ অৰ্ধশিক্ষিত, নিৰক্ষৰ, দৰিদ্ৰ মানুহৰ তুলনাত শিক্ষিত আৰু যোত্ৰবানৰ মাজত এই মূল্যবোধৰ অৱক্ষয় বেছিকৈ পৰিলক্ষিত হৈছে৷

শেহতীয়া ভাৱে দেখা গৈছে যে ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কোৱা ক্ষমতাসীন বিজেপি চৰকাৰখনে ভাৰতৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক আদি সকলো ক্ষেত্ৰতে গেৰুৱা ৰং সানিবলৈ অপচেষ্টা কৰিছে৷ দলৰ ভেটি সুদৃঢ় কৰি তোলাৰ স্বাৰ্থত তেওঁলোকে ভাৰতৰ নতুন প্ৰজন্মক বিভিন্ন উপায়েৰে নিজৰ শিবিৰলৈ নিবৰ বাবে চেষ্টা কৰি আছে৷ নতুন প্ৰজন্মক শিকোৱা হৈছে যে হিন্দু ধৰ্মৰ দৰে মহান ধৰ্ম পৃথিৱীতে নাই, এই ধৰ্মৰ আওতাত থাকি কাম-কাজ কৰিলে জীৱনৰ সাৰ্বিক বিকাশ সম্ভৱপৰ হ’ব৷ শংকৰ-আজানৰ মিলনভূমি বুলি পৰিচিত অষ্ট্ৰীয়-মংগোলীয় জনজাতি অধ্যুষিত অসমৰ দৰে এখন ধৰ্মীয় প্ৰভাৱমুক্ত [ তুলনামূলকভাৱে] ৰাজ্যৰ নতুন প্ৰজন্মকো ধৰ্মীয় চিন্তা-চেতনাৰে পৰিচালিত কৰিব বিচৰা হৈছে৷

নক’লেও হয় যে সংঘ পৰিয়ালৰ ভগ্নী অনুষ্ঠান বিদ্যা ভাৰতীৰ মূল লক্ষ্যই হ’ল– হিন্দুত্ববাদক গজগজীয়াকৈ প্ৰতিষ্ঠা কৰা, যাতে অদূৰ ভৱিষ্যতে ভাৰতক এখন হিন্দুৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিব পাৰে৷ ভাৰতৰ চুকে-কোণে বিদ্যা ভাৰতীৰ অধীনত স্থাপন কৰা বিদ্যালয়সমূহে কোমলমতীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনত এনেধৰণে ধৰ্মীয় চেতনা বিয়পাই দিব বিচাৰিছে যে পৈণত বয়সত [ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত?] তেওঁলোকে যাতে কেৱল গেৰুৱা দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে৷ গেৰুৱা দল বা চৰকাৰৰ এনে পৰিকল্পনাই অদূৰ ভৱিষ্যতে ভিন্ন ধৰ্মৰে ভৰা ভাৰতবৰ্ষত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি সাতামপুৰুষীয়া ঐক্য-সংহতি সমূলঞ্চে বিনষ্ট কৰিব পাৰে৷ সেয়ে সময় থাকোতেই যুক্তিনিষ্ঠ মানৱতাবাদীসকলে, সমাজৰ শুভ চিন্তকসকলে এনে পৰিকল্পনাৰ বিৰুদ্ধে সৰ্বশক্তিৰে থিয় দিয়া উচিত৷ কাৰণ, উৎকট ধৰ্মীয় চেতনাৰে পৰিচালিত নতুন প্ৰজন্মই কেতিয়াও ‘ডিজিটেল ইণ্ডিয়া’ গঢ়িব নোৱাৰে, বৰং ভাৰতবৰ্ষক মধ্যযুগলৈ ওভতাইহে নিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে