চ’ৰাঘৰ / সমকাল / ইমান কিতাপ পঢ়ে কিয়?৷৷ ডঃ দীনেশ বৈশ্য৷৷

ইমান কিতাপ পঢ়ে কিয়?৷৷ ডঃ দীনেশ বৈশ্য৷৷

অলপতে পুনেৰ বৰাবৰা ৰাও নামৰ সমাজকৰ্মী চিন্তাবিদ জনৰ ঘৰলৈ তালাচী কৰিব যোৱা পুলিচ অফিচাৰ জনে তেওঁৰ পৰিয়ালৰ মানুহক সুধিলে— ‘আপোনালোকৰ ঘৰত ইমান কিতাপ কিয় ?আপোনালোকে ইমান কিতাপ কিয় কিনে ? ইমান কিতাপ পঢ়েনে ? চীনদেশত প্ৰকাশিত কিতাপ কিয় আছে ? কাৰ্ল মাৰ্ক্স আৰু মাওচেতুঙৰ কিতাপ কিয় পঢ়ে ?’

এইটো এতিয়া আমাৰ দেশৰ শাসক সকলৰ কিতাপ সম্পৰ্কীয় ধ্যান ধাৰণা !! কথাটো সৰু কথা নহয়।

১৯৮৪ নে ৮৫ চনত অসম প্ৰকাশন পৰিষদে প্ৰথমবাৰৰ বাবে চৰকাৰী তত্ত্বাৱধানত প্ৰথম গুৱাহাটী গ্ৰন্থ মেলা পাতিছিল। সেই সময়ত অসম প্ৰকাশন পৰিষদ আছিল এক বিশেষ সন্মান জনক প্ৰতিষ্ঠান। অসম প্ৰকাশন পৰিষদৰ সৈতে জড়িত হোৱাটোও এক সন্মানৰ কথা আছিল। সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া যিদৰে চৌখিন মানুহ আছিল, তেনেদৰেই অতি চৌখিন আৰু আড়ম্বৰপূৰ্ণভাবে পাতিছিল গ্ৰন্থ মেলা। গুৱাহাটী গ্ৰন্থ মেলাই গুৱাহাটীৰ মানুহক বৌদ্ধিক আভিজাত্য প্ৰদান কৰিছিল। গুৱাহাটীৰ মধ্যবিত্তসকলৰ মাজত আলোচনা হৈছিল— গ্ৰন্থ মেলা গলা নে, কি কিতাপ কিনিলা ?

চিটিবাছৰ পৰা কিতাপৰ টোপোলা লৈ নমাটো আৰু গ্ৰন্থমেলাত আড্ডা মাৰাটো এক প্ৰকাৰৰ বৌদ্ধিক আনন্দই আছিল।

আমি যিসকল কামৰূপ এক্সপ্ৰেছ ৰেলগাড়ী ত উঠি আসাম হাউচৰ ডৰমিটৰিত থাকি কলকাতা বইমেলালৈ গৈছিলোঁ, তেওঁ লোকৰ কষ্ট কমিল। কলকাতা-দিল্লীৰ কিতাপৰ কোম্পানীৰ স্টলত ঘণ্টাৰ পিছত ঘণ্টা বহি কিতাপ চোৱাৰ সুবিধা পালো। আড্ডা মাৰিলোঁ। গুৱাহাটী গ্ৰন্থ মেলা জমি উঠিল।

তাৰ পিছত হঠাতে গুৱাহাটী গ্ৰন্থ মেলা বন্ধ হল। সেই সময়ত আমি বি বৰুৱা কলেজৰ কেইজনমান শিক্ষক ছাত্ৰই লগ লাগি জৰ্জফিল্ডত প্ৰথমখন বেচৰকাৰী গ্ৰন্থ মেলাৰ আয়োজন কৰিলোঁ। আমি এই বেচৰকাৰী গ্ৰন্থমেলা কমিটিৰ প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ। তেতিয়াই গম পালোঁ গ্ৰন্থ মেলা মানেই বহুত টকাৰ কাৰবাৰ।

পাছলৈ গ্ৰন্থ প্ৰকাশকসকলে বেচৰকাৰী গ্ৰন্থ মেলাৰ আয়োজন কৰিলে। দুখন গ্ৰন্থ মেলা হল গুৱাহাটীত । এখন চৰকাৰী আনখন বেচৰকাৰী। লাহে লাহে দুয়োখন মেলা আয়োজক সকলৰ মাজত অৰিয়াঅঁৰি আৰম্ভ হল। চৰকাৰ আৰু ৰাজহুৱা গ্ৰন্থ মেলাক লৈ বিতৰ্কৰ সৃষ্টি হ’ল।

আমি কিতাপ লেখা আৰু কিতাপ পঢ়া মানুহ। চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক আমি সকলো গ্ৰন্থমেলালৈ যাওঁ৷ কাৰণ কিতাপ আমাৰ প্ৰেম আমাৰ দুৰ্বলতা।

সমগ্ৰ পৃথিৱীতেই এতিয়া বিশেষ ধৰণৰ কিতাপৰ বাবে মানুহৰ আগ্ৰহ বৃদ্ধি হৈছে। পাঠকসকলে বহুত কষ্টৰে তেনেকুৱা কিতাপ বিচাৰি বিচাৰি সংগ্ৰহ কৰে। পাঠকৰ ৰুচি অনুযায়ী কিতাপ প্ৰকাশ কৰিব পৰাটো প্ৰকাশকসকলৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। এই কামটো অসমৰ প্ৰকাশকে ভালকৈ কৰিছে বুলি আমাৰ মনে নধৰে। দুই এক প্ৰকাশকৰ সৈতে এবাৰ কথা পাতিলে দুবাৰ পাতিবলৈ মন নাযায়। এক প্ৰকাৰৰ চৰকাৰী কৃপাধন্য হোৱাৰ এক অঘোষিত প্ৰতিযোগিতা ই অসমৰ প্ৰকাশন ব্যৱসায়ৰ ওপৰত আঘাত হানিছে বুলি আমি ভাবো। নতুন নতুন বিষয়ৰ ওপৰত নতুন দৃষ্টি ভংগীৰ গ্ৰন্থ প্ৰকাশ কৰি পাঠকৰ ৰুচি সৃষ্টি কৰাৰ যি প্ৰয়োজন আছিল, সেইটো কৰা নহ’ল। সকলো কিতাপৰ লগতে অসমীয়া কিতাপৰো বজাৰ বেয়া কথাটো সঁচা। সমগ্ৰ বিশ্বতেই কিতাপৰ বজাৰ বেয়া তাৰ মাজতে ই কোনো কোনো ভাষাৰ কিতাপৰ বজাৰ ভাল চলিছে। কোনো কোনো প্ৰকাশকৰ কিতাপ বিচাৰি মানুহ হায়ৰাণ হয়।

কলকাতাৰ আৰ্থ কেয়াৰ বুক্স এক সৰু প্ৰকাশক, এখন তেনেই সৰু দোকান। এইখন দোকানৰ কিতাপ সমগ্ৰ বিশ্বৰ পাঠকে কিনে। কি কি নতুন কিতাপ ওলাইছে খবৰ লৈ থাকে। এয়া হ’ল প্ৰকাশন ব্যৱস্থাৰ কৌশল। সাম্প্ৰতিক সময়ত এনেকুৱা ভালেমান প্ৰকাশক বিশ্বৰ বিভিন্ন ঠাইত, ভাৰতবৰ্ষতো বিভিন্ন ঠাইত আছে, যিবিলাক প্ৰকাশনৰ কিতাপ মানুহে বিচাৰি ফুৰে। কিতাপৰ দাম কিমান প্ৰশ্ন নকৰে।

কিতাপৰ ব্যৱসায় মণিহাৰী বস্তুৰ ব্যৱসায় ৰ দৰে নহয়। এয়া বৌদ্ধিক ব্যৱসায়। বৌদ্ধিক সামগ্ৰীৰ ব্যৱসায় কৰিব লাগিলে ব্যৱসায় কৰাজনৰো কিছু বৌদ্ধিকতা থকা উচিত। এইটোৰ অভাব গ্ৰন্থ ব্যৱসায়ৰ এক ডাঙৰ অন্তৰায়। এই অভাৱ থাকিলে গ্ৰন্থ ব্যৱসায়টো এটা আন্দোলনৰ পৰ্যায়লৈ যাব নোৱাৰে। চিন্তাৰ গভীৰতা নথকা প্ৰকাশন ব্যৱস্থা এটি কেতিয়াও জ্ঞান আন্দোলনলৈ ৰূপান্তৰিত হব নোৱাৰে। সমাজকো প্ৰভাৱিত কৰিব নোৱাৰে।

স্বাভাৱিক ভাবেই সাম্প্ৰতিক শাসক সকলে জ্ঞান চৰ্চা আৰু মুক্ত চিন্তাৰ বিৰোধিতা কৰাটো পৰিলক্ষিত হৈছে। বেছি পঢ়া-শুনা কৰা, বৌদ্ধিক চিন্তা কৰা আৰু গণতান্ত্ৰিক অধিকাৰৰ কথা কোৱা লোকক শাসক সকলে ভাল নাপায়। ভাল নাপায় গণতান্ত্ৰিক চিন্তাৰ কিতাপ পাঠকৰ হাতত পৰাটো। সেইবাবেই গ্ৰন্থ মেলাৰ প্ৰতি হয়তো বিধি পথালি। এনেকুৱা পৰিস্থিতিত লেখক পাঠক জনসাধাৰণ গোট খোৱাটো অতি জৰুৰী। কিন্তু কিছুমান কাৰণত এই সকল লগ নালাগে। আনকি লেখক প্ৰকাশকো লগ নালাগে। লেখক প্ৰকাশকৰ মাজত এক অন্তৰায় সৃষ্টি হোৱাটো ব্যৱস্থা টোৰ বাবেই বেয়া।

এটা বৰ দুখজনক কথা হল, একাংশ মুষ্টিমেয় গ্লেমাৰ থকা লেখকৰ বাহিৰে আন লেখকসকলেই প্ৰকাশন ব্যৱস্থাটোত আটাইতকৈ বেছি অৱহেলিত। কিতাপ ছপা-বন্ধা কৰাৰ পৰা কঢ়িওৱালৈ সকলো লোকেই শ্ৰমৰ মূল্য লাভ কৰে। শ্ৰমৰ মূল্য লাভ নকৰে কেৱল লেখকে। বহুত প্ৰকাশকে লেখকৰ প্ৰতি নূন্যতম শ্ৰদ্ধা সৌজন্যতাও প্ৰদৰ্শন নকৰে। যদি ব্যৱসায় টোৰ মূল উৎপাদকসকলেই অৱহেলিত, তেনেহ’লে ব্যৱসায়টোও অৱহেলিত হোৱাটো স্বাভাৱিক‌।

আমি আমাৰ দৰে সাধাৰণ লেখকৰ কথা কোৱা নাই, প্ৰতিষ্ঠিত লেখকৰ পৰা শুনা কথাহে কৈছোঁ।

অসমীয়া কিতাপৰ পাঠক নাই, কিতাপ বিক্ৰী নহয়, অসমীয়া মানুহে কিতাপ নপঢ়ে ইত্যাদি বহুত অভিযোগ আছে৷ কিন্তু একাংশ প্ৰকাশক আৰু বিক্ৰেতাৰ অৱস্থা কিন্তু অসমীয়া কিতাপৰ দৰে নহয়, বৰং অন্য হে। এনেকুৱা আৰু বহু কথা আছে, ক’ব নোৱাৰি।

লেখক হোৱাৰ ইচ্ছা বহুত মানুহৰ থাকে। এই ইচ্ছা পূৰণৰো অইন এক কাহিনী আছে। টকা থকা মানুহৰ লেখক হোৱাৰ হাবিয়াসটো যদি কোনো ভাষাৰ গ্ৰন্থ প্ৰকাশনৰ অন্যতম চালিকা শক্তি হয়, তেনেহলে সেই ব্যৱস্থাত সাহিত্য সৃষ্টি নহৈ খুচুৰা পণ্য সৃষ্টি হোৱাৰ সম্ভাৱনাই বেছি। এই কথা বিলাকেই অসমীয়া কিতাপৰ বৰ্তমান আৰু ভবিষ্যতৰ চিন্তা ৰ কাৰণ হৈ পৰিছে।

যি ব্যৱসায়ত উৎপাদন ব্যৱস্থাটোৰ প্ৰতি বণিকসকলে অশ্ৰদ্ধা আৰু অৱহেলা কৰে, সেই ব্যৱসায়ৰ উন্নতিও তেনেকুৱাই হ’ব। এতিয়া আত্মসমালোচনা কৰাৰ প্ৰয়োজন। কিতাপৰ ভৱিষ্যতৰ ওপৰতেই এটা জাতি ৰ ভৱিষ্যত নিৰ্ভৰ কৰে। যি জাতিৰ গ্ৰন্থ প্ৰেম নাই সেই জাতিৰ ভৱিষ্যতো অন্ধকাৰ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে