চ’ৰাঘৰ / সমকাল / এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত (দুই) ৷৷ জিতেন বেজবৰুৱা৷৷

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত (দুই) ৷৷ জিতেন বেজবৰুৱা৷৷

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড বিধি আইন বা ইণ্ডিয়ান পিনেল ক’ড (আই পি চি)খনক পৰৱৰ্তী সময়ত স্বাধীন ভাৰত, পাকিস্তান, বাংলাদেশ আদি কেইবাখনো দেশত নিজা নিজা ৰূপত গ্ৰহণ কৰা হয়। ভাৰতত এই আইনৰ বিভিন্ন অংশৰ সংশোধন ঘটোৱা হৈছে আৰু আন পৰিপূৰক আইনো প্ৰণয়ন কৰা হৈছে। ৩৭৭ অনুচ্ছেদটো হ’ল ভাৰতীয় দণ্ড বিধিৰে এটা অংশ যাক ১৮৬১ চনতে গ্ৰহণ কৰা হৈছিল। ইয়াত “প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে” কৰা যিকোনো যৌন কাৰ্যক শাস্তিযোগ্য অপৰাধ হিচাপে অভিহিত কৰা হৈছে। কোৱা হৈছে যে “প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে গৈ” ইচ্ছাকৃতভাৱে যিকোনো পুৰুষ, মহিলা বা জন্তুৰ সৈতে কৰা যৌন কাৰ্য কৰোতাক যাৱজ্জীৱন কাৰাদণ্ড নতুবা জৰিমনাসহ দহ বছৰপৰ্যন্ত কাৰাদণ্ডৰ শাস্তি বিহা হ’ব। কিন্তু “প্ৰকৃতিৰ নিয়ম” সম্পৰ্কে কোনো ব্যাখ্যা ইয়াত দাঙি ধৰা হোৱা নাই। এই অনুচ্ছেদটোক লৈ বিভিন্ন বিতৰ্ক পূৰ্বৰেপৰা চলি আহিছে। ২০০৯ চনতে দিল্লী উচ্চ ন্যায়ালয়ে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰিছিল যদিও পাছত ২০১৩ চনত উচ্চতম ন্যায়ালয়ে উক্ত ৰায়টোক নাকচ কৰি বিষয়টো সংসদৰহে দায়িত্ব বুলি মত প্ৰকাশ কৰে। অৱশেষত কেইজনমান গণ্যমান্য ব্যক্তিয়ে দিয়া পিটিচনৰ বিচাৰ কৰি এতিয়া উচ্চতম ন্যায়ালয়ে ৩৭৭ নং অনুচ্ছেদ সম্পৰ্কে উক্ত অভূতপূৰ্ব, পূৰ্ণাংগ আৰু দ্ব্যৰ্থহীন ৰায় ঘোষণা কৰে। নক’লেও হ’ব যে এই ৰায়টো পূৰ্বৰ সকলো ৰায়ৰপৰা গুণগতভাৱে পৃথক আৰু ই বিষয়টোক কেন্দ্ৰ কৰি থকা সকলোধৰণৰ আইনী বাক-বিতণ্ডাৰ ওৰ পেলালে। সহমতৰ ভিত্তিত দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত হোৱা সমকামিতা তথা আন যিকোনোধৰণৰ যৌন কাৰ্য ঘটিব পাৰে – সেয়া তেওঁলোকৰ সংবিধানপ্ৰদত্ত ব্যক্তি অধিকাৰ। তাত আইনে হস্তক্ষেপ কৰিব বিচৰাৰ মানে হ’ল নাগৰিকৰ সমতা, আত্মসন্মান আৰু গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা। ৰায়টোৰ এঠাইত কোৱা হৈছে যে ইতিহাসে এল জি বি টি (লেছবিয়ান, গে’, বাইছেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ) সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচৰা উচিত – তেওঁলোকৰ প্ৰতি যুগ যুগ ধৰি কৰি অহা সামাজিক অপমান আৰু অন্যায়ৰ বাবে। এই স্পষ্ট ঘোষণা ভাৰতৰ বৃহৎ আৰু বহুবৰ্ণী-বহুস্তৰীয় এল জি বি টি সম্প্ৰদায়ৰ বাবে নিশ্চয়কৈ এক ঐতিহাসিক বিজয়স্বৰূপ। নাগৰিক অধিকাৰ সুৰক্ষাৰ প্ৰশ্নত ভাৰতীয় ন্যায়ালয়ৰ ভূমিকা প্ৰায় ক্ষেত্ৰতে ভাল। এই ৰায়টোও ন্যায়ালয়ৰ তেনে ভূমিকাৰে এটা উদাহৰণ বুলি ক’ব পাৰি। সি যি নহওক, এই ৰায়টোৰ জৰিয়তে ভাৰতৰ এল জি বি টি সম্প্ৰদায়ে আইনগত স্বীকৃতি আৰু এক দৃঢ় মনোবল লাভ কৰিলে। সেইবাবেই ৰায়টোৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে দেশৰ বিভিন্ন অঞ্চলত এই সম্প্ৰদায়ৰ ব্যক্তিৰ মাজত ব্যাপক আনন্দৰ জোৱাৰ উঠিছে। আশা কৰিব পাৰি যে ৰায়টোৱে আইনগত দিশত এই সম্প্ৰদায়ক সুৰক্ষিত কৰাৰ উপৰি সামাজিক নৈতিকতাৰ পৰিবৰ্তনতো বহু দূৰলৈ সদৰ্থক ভূমিকা পালন কৰিব।

কিন্তু সাংবিধানিক ব্যৱস্থা আৰু আইনগত বিধানৰ কিছু অন্তৰ্নিহিত সীমাবদ্ধতা আৰু সমস্যা আছে। তত্ত্বগত স্তৰত এই ব্যৱস্থা আৰু বিধানসমূহ দেশৰ সকলো ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য। কিন্তু প্ৰায়োগিক ক্ষেত্ৰত এইসমূহৰ সুবিধা ঘাইকৈ অধিকাৰ-সচেতন নাগৰিক মধ্যবিত্তইহে লাভ কৰিব পাৰে – তাৰ বাহিৰত থকা বহল জনসাধাৰণৰ বাবে সিবোৰৰ তাৎপৰ্য বহুতেই কম। সংবিধান আৰু আইনৰ প্ৰধান প্ৰমূল্য হ’ল উদাৰনৈতিক ব্যক্তিবাদ, যাৰ ধাৰক-বাহক হ’ল এই নাগৰিক মধ্যবিত্ত শ্ৰেণীটো। কেৱল এই মধ্যবিত্ত শ্ৰেণীৰ ক্ষেত্ৰতহে স্পষ্টভাৱে নিৰ্ধাৰিত নাগৰিক অধিকাৰৰ ধাৰণাটো প্ৰযোজ্য। একেদৰে প্ৰাইভেচি বা গোপনীয়তা আৰু চইচ বা পছন্দৰ প্ৰশ্নটোও নাগৰিক মধ্যবিত্তৰ জীৱনতহে বাস্তৱতে সম্ভৱপৰ। কিন্তু নাগৰিক সমাজৰ বাহিৰৰ বহল পৃথিৱীখনত (যাক আমি পাৰ্থ চেটাৰ্জীৰ ভাষাত ৰাজনৈতিক সমাজ বুলি ক’ব পাৰো) এই ধাৰণা আৰু প্ৰমূল্যসমূহৰ বাস্তৱ মূল্য কম। বৈষম্য আৰু পদানুক্ৰমেৰে ভাৰাক্ৰান্ত, ধৰ্ম-বৰ্ণ-গোষ্ঠীৰ সম্প্ৰদায়গত চেতনাৰে কটকটীয়াকৈ বান্ধ খাই থকা এই সমাজখনত ব্যক্তি অধিকাৰ, প্ৰাইভেচি, চইচ আদি ধাৰণা দুৰ্বোধ্য বুলিয়েই ক’ব পাৰি। এনে কাৰণতে কোনো সাংবিধানিক বা আইনগত সালসলনিয়ে এই সমাজখনত পোনপটীয়াকৈ সংস্কাৰ সাধন কৰিব নোৱাৰে। ইয়াৰপৰাই ন্যায়ালয়-কেন্দ্ৰিক আইনগত বাগধাৰাটোৰ এক মৌলিক সীমাবদ্ধতাৰ কথা অনুধাৱন কৰিব পাৰি। ন্যায়ালয়ে উক্ত ৰায়টোত সামাজিক প্ৰমূল্যৰ পৰিবৰ্তনৰ বাবে আহ্বান জনাইছে, আৰু সি আইনৰ গণ্ডীৰ ভিতৰত থাকি সিমানখিনিয়েই কৰিব পাৰে। কিন্তু এল জি বি টি সম্প্ৰদায়ৰ ব্যক্তিসকলে সমাজৰ বিভিন্ন স্তৰত ভোগ কৰি অহা অপমান-অত্যাচাৰ হ’ল ঘাইকৈ এক সামাজিক সমস্যা, আৰু তাক সামাজিক স্তৰতেই সমাধান কৰিব লাগিব। এই দায়িত্ব ন্যায়ালয় বা সামগ্ৰিকভাৱে ৰাষ্ট্ৰৰ ওপৰত ভৰসা কৰি এৰি দিব নোৱাৰি। কিয়নো যিটো পুৰুষতান্ত্ৰিক সামাজিক ব্যৱস্থাই এই সম্প্ৰদায়ৰ প্ৰতি অপমান-অত্যাচাৰ কৰি আহিছে, তাক সুৰক্ষা দিয়াৰ আৰু দীৰ্ঘায়িত কৰাৰ দায়িত্ব পালন কৰি আহিছে ৰাষ্ট্ৰয়েই। গতিকে অধিক আগ বাঢ়ি যাব খুজিলে ন্যায়ালয় তথা ৰাষ্ট্ৰই এইসমূহ স্ববিৰোধৰো মুখামুখি হ’ব লাগিব। এই ক্ষেত্ৰত এল জি বি টি অধিকাৰ আন্দোলনসমূহৰ চৰিত্ৰৰ প্ৰতিও চকু দিয়া দৰকাৰ। এই আন্দোলনসমূহৰ নেতৃবৃন্দৰ অধিকাংশই নাগৰিক মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি, অৱস্থাপন্ন গ্লেমাৰাছ ব্যক্তি। আৰু তেওঁলোকৰ আন্দোলন ঘাইকৈ আইনী বাগধাৰাত আবদ্ধ। গতিকে আচল প্ৰশ্ন হ’ল, এই আন্দোলনে আৰু এই সফলতাই নিম্নবৰ্গীয় এল জি বি টি ব্যক্তিসকলৰ (যেনে ধৰক, বাটে-পথে ঘূৰি ফুৰা হিজৰাসকল) সমস্যাবোৰকো সামৰি ল’বনে? কেৱল এল জি বি টি আন্দোলনেই নহয়, নাৰীবাদী আন্দোলনৰো এটা বৃহৎ অংশক এই আইনী বাগধাৰাই বন্দী কৰি ৰাখিছে যাৰ ফলস্বৰূপে সি সমাজৰ বাকী অংশসমূহলৈ আশানুৰূপভাৱে পৰিবৰ্তন আনিব পৰা নাই। গতিকে সহমতভিত্তিক সকলোধৰণৰ যৌন কাৰ্যৰ মুক্ত অধিকাৰ আৰু এল জি বি টি সম্প্ৰদায়ৰ আইনগত সুৰক্ষা নিশ্চয়কৈ খুবেই আদৰণীয় ঘটনা। কিন্তু একে সময়তে এই আইনী বাগধাৰাৰ সীমাবদ্ধতা অনুধাৱন কৰিব নোৱাৰিলে এই পদক্ষেপসমূহে বহল সমাজত সদৰ্থক প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ব। “প্ৰকৃতিৰ বিৰুদ্ধে যোৱা” সমকামিতা আৰু অন্যান্য সকলোধৰণৰ যৌন কাৰ্যক ন্যায়ালয়ে অপৰাধমুক্ত কৰিলে – বাকীখিনি এতিয়া সমাজৰ দায়িত্ব। এল জি বি টি সম্প্ৰদায়ক ন্যায়ালয়ে হৃত পূৰ্ণাংগ নাগৰিক অধিকাৰ প্ৰদান কৰিলে – বাকীখিনি এতিয়া সমাজৰ দায়িত্ব। কিন্তু এই বাকীখিনি দায়িত্ব পালন কৰিব পৰা যাব কেৱল বহল আৰু বহুস্তৰীয় সামাজিক আন্দোলনৰ জৰিয়তেহে, আৰু তাৰ বাবে পোনপ্ৰথমে আইনী বাগধাৰা তথা আইনৰ মোহৰপৰা মুক্ত হ’ব লাগিব।

পুৰুষৰ যৌনাংগ নাৰীৰ যোনিত সুমুৱাই দি কৰা যৌন কাৰ্যৰ বাদে আন সকলোধৰণৰ যৌন কাৰ্যক কিয় অপ্ৰাকৃতিক, অনৈতিক আৰু ভয়ংকৰ বুলি ভবা হয়? পুৰুষ আৰু নাৰী – ইয়াৰ এটাও নোহোৱা আৰু দুইটাৰে চৰিত্ৰযুক্ত ব্যক্তিক কিয় অপ্ৰাকৃতিক আৰু বিপদজনক বুলি ভবা হয়? এই সকলোৰে কাৰণ হ’ল আমাৰ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থা। ভাৰতৰ সমাজত পুৰুষতন্ত্ৰৰ যিটো বিশিষ্ট ৰূপ তাক আমি বৰ্ণবাদী পুৰুষতন্ত্ৰ বুলিব পাৰো – যিটোৱে একাধাৰে বৰ্ণগত আৰু শ্ৰেণীগত ব্যৱস্থাপনাৰে সমাজখনক নিয়ন্ত্ৰণ কৰি আহিছে। পুৰুষতন্ত্ৰৰ মূল বস্তু হ’ল বাধ্যতামূলক বিষমলৈংগিক বিবাহৰ জৰিয়তে ধন-সম্পদৰ বিশুদ্ধ উত্তৰাধিকাৰীৰ সৃষ্টি কৰা। সেইবাবে বিষমলৈংগিক বিবাহ আৰু তৎকেন্দ্ৰিক যৌন নৈতিকতাক আদৰ্শৰ উচ্চ বেদীত প্ৰতিষ্ঠা কৰা হয়। পুৰুষতন্ত্ৰৰ যৌন ব্যৱস্থাপনা অনুসৰি নাৰীৰ ওপৰত পুৰুষৰ আধিপত্য কায়েম ৰখা হয় বিভিন্ন উপায়েৰে। নাৰীৰ শ্ৰম আৰু যৌনতা – এই দুয়োটাকে বিবাহ ব্যৱস্থাৰ কটকটীয়া বেহুৰ মাজত ৰাখি ব্যৱহাৰ কৰা হয়। ইয়াত নাৰীয়ে অৰ্থনৈতিক মূল্য অবিহনেই ঘৰুৱা শ্ৰমৰ জৰিয়তে অৰ্থনীতিখন সচল কৰি ৰখাই নহয়, সন্তানৰ উৎপাদন আৰু প্ৰতিপালনৰ জৰিয়তে সমগ্ৰ সমাজব্যৱস্থাটোকে পুনৰুৎপাদন আৰু দীৰ্ঘায়তকৰণ কৰি থাকে। ইয়াৰ প্ৰয়োজনতেই নাৰীৰ বাবে নাৰীসত্তাৰ বাগধাৰাৰ সৃষ্টি হয়, মাতৃত্বৰ মহিমান্বয়ন যাৰ প্ৰধান অংগ। নাৰীসত্তাৰ শেষ মুক্তি মাতৃত্বৰ মহিমাৰ মাজত। নাৰীৰ যৌনতাৰ ঘৰুৱাকৰণ কৰা হয় বিবাহৰ মাজত। নাৰীৰ যৌনতাৰ যিটো অনিয়ন্ত্ৰিত-মুক্ত ৰূপ, তাক ঠেলি দিয়া হয় সমাজৰ প্ৰান্তত বাস কৰা নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় নাৰীৰ মাজলৈ, শত্ৰু জাতিৰ নাৰীৰ মাজলৈ। একে সময়তে পুৰুষৰ বাবেও পৌৰুষদীপ্ত এক পুৰুষসত্তাৰ নিৰ্মাণ কৰা হয় নাৰীৰ বিপৰীতে – জংগী, সাহসী, সক্ৰিয় কৰ্মী হিচাপে যি সহজভাৱে বাহিৰৰ পৃথিৱীখন পৰিচালনা কৰিব পাৰে। অৰ্থাৎ পুৰুষন্ত্ৰৰ স্বাৰ্থতে দুটা পৃথক আৰু পানী নসৰকাকৈ বিভাজিত ৰূপত পুৰুষসত্তা আৰু নাৰীসত্তাৰ নিৰ্মাণ কৰা হয়। ইয়াত নাৰী নিশ্চয়কৈ পুৰুষৰ অধীন হৈ থাকিবলগা হয়, কিন্তু পুৰুষতন্ত্ৰই ন্যস্ত কৰা পৌৰুষদীপ্ত দায়িত্ব পালন কৰি যোৱাটো পুৰুষৰ বাবেও ইমান সহজ নহয়। পুৰুষ আৰু নাৰী উভয়েই তেওঁলোকৰ নিৰ্দিষ্ট সত্তা বজাই ৰাখিবলৈ এক কষ্টকৰ জীৱনজোৰা শাৰীৰিক-মনস্তাত্ত্বিক সংগ্ৰাম কৰিবলগা হয়, আৰু এই সংগ্ৰাম সদায়েই সন্দেহ-সংশয়েৰে ভাৰাক্ৰান্ত। তাৰ মানে পুৰুষ আৰু নাৰীৰ ওৰেটো জীৱনজোৰা যত্নইহে কোনোমতে পুৰুষসত্তা আৰু নাৰীসত্তা নামৰ এই সামাজিক নিৰ্মাণ দুটাক জীয়াই ৰাখে : সিবোৰ কোনো প্ৰাকৃতিক চৰিত্ৰ নহয় যে পুৰুষ আৰু নাৰীৰ মাজত পৃথকে পৃথকে বাস কৰে। জন্মৰ পাছৰপৰা দীঘলীয়া সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তেহে পুৰুষ আৰু নাৰীয়ে পুৰুষসত্তা আৰু নাৰীসত্তাৰ চৰিত্ৰ আয়ত্ত কৰে। এই প্ৰক্ৰিয়াত যাতে কোনো বাধা-বিঘিনি নঘটে তাৰ বাবে মানৱ শিশুৰ ওপৰত অহৰহ সামাজিক হেঁচাৰ প্ৰয়োগ কৰা হয় – নিজৰ লিংগসাপেক্ষ আচৰণ তথা দৃষ্টিভংগীৰপৰা কিঞ্চিৎ বিচ্যুতিকো ভয়াৱহ নৈতিকক পতন হিচাপে অভিহিত কৰা হয়। এই হেঁচা মানুহৰ মৃত্যুপৰ্যন্ত বৰ্তি থাকে।

– এই আলোচনাৰপৰা এইটো স্পষ্ট হয় যে বিষমলৈংগিক বিবাহব্যৱস্থাৰ ওপৰত বৰ্তি থকা পুৰুষতন্ত্ৰৰ স্বাৰ্থতেই ইয়াৰ লগত খাপ নোখোৱা বা ইয়াৰ বিপৰীতে যোৱা সকলোধৰণৰ যৌন আচৰণ তথা যৌন পৰিচিতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যি যৌন কাৰ্যই সন্তান উৎপাদনত সহায় নকৰে, বৰং সন্তান উৎপাদনৰ সৈতে সংগতিবিহীন যৌন আনন্দ প্ৰদান কৰে, তেনে যৌন কাৰ্য পুৰুষতন্ত্ৰৰদ্বাৰা নিষিদ্ধ হোৱাই স্বাভাৱিক। উদাহৰণস্বৰূপে হস্তমৈথুনে এক সন্তান উৎপাদনৰপৰা মুক্ত, অনাবিল যৌন আনন্দক প্ৰতিনিধিত্ব কৰে; গতিকে তাক এক নৈতিক পতন হিচাপে অভিহিত কৰা হয়। কিন্তু হস্তমৈথুনৰপৰা কোনো ভয় নাই, কাৰণ সি বিবাহৰ প্ৰতি কোনো প্ৰত্যাহ্বানৰ সৃষ্টি নকৰে। আনহাতে, যৌন কৰ্মীৰ যৌন কৰ্ম হ’ল বিবাহৰ প্ৰতি এক প্ৰত্যাহ্বান। সেইবাবেই যৌন কৰ্মীসকলক সমাজৰ আন্ধাৰ চুকত আবদ্ধ কৰি ৰখা হৈছে, তেওঁলোকৰ প্ৰশ্নটো সামাজিক প্ৰশ্ন হিচাপে কেতিয়াও বিবেচনা কৰা নহয় – তেওঁলোক হ’ল অস্পৃশ্য, সমাজৰ চকুত অদৃশ্য। এনে কাৰণত সমাজৰ প্ৰান্তীয় যৌন কৰ্মীসকলে সমাজৰ কেন্দ্ৰস্থলৰ মূল সমাজত ইমান ডাঙৰ আঘাত কৰিব নোৱাৰে। কিন্তু সমকামিতা তাতোকৈ ভয়াৱহ প্ৰত্যাহ্বান বিবাহৰ বিৰুদ্ধে – কাৰণ তাক সমাজৰ এচুকত আবদ্ধ কৰি ৰাখিবও নোৱাৰি বা বয়সৰ দোষ বুলি বাদ দিবও নোৱাৰি। পুৰুষ আৰু পুৰুষৰ মাজত, নাৰী আৰু নাৰীৰ মাজত যদি যৌন কৰ্ম হ’বলৈ ধৰে, পুৰুষাংগটো যদি যোনিৰ ঠাইত গুহ্যদ্বাৰত সুমুৱাই বা মুখত সুমুৱাই যৌন কৰ্ম কৰি যদি মানুহে আনন্দ লাভ কৰিবলৈ ধৰে, পুৰুষাংগ অবিহনেই যদি নাৰীয়ে অফুৰন্ত যৌন আনন্দ লাভ কৰিবলৈ সক্ষম হয় – তেন্তে বিষমলৈংগিক বিবাহৰ ঘাই ভেটিটোৱেই খহি পৰিব, সন্তান উৎপাদনৰ আচল প্ৰশ্নটোৱেই মূল্যহীন হৈ পৰিব। সেইবাবেই এইসমূহ যৌন কাৰ্যক অপ্ৰাকৃতিক, অনৈতিক আৰু অপকাৰী বুলি অভিহিত কৰা হৈছে আৰু সিবোৰৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

তদুপৰি এইসমূহ যৌন কাৰ্যই প্ৰতিনিধিত্ব কৰা যৌন আনন্দ হ’ল এক স্বয়ংসম্পূৰ্ণ আৰু মুক্ত আনন্দ। কিন্তু পুৰুষতন্ত্ৰই যৌন কাৰ্যক সন্তান উৎপাদনৰ সৈতে কটকটীয়াকৈ বান্ধি ৰাখে – যৌন কাৰ্যৰ সৈতে সেয়ে পৰিয়াল, নৈতিকতা তথা দীৰ্ঘম্যাদী দায়িত্বৰ বোজা যুক্ত হৈ থাকে। সেইবাবেই উক্ত যৌন কাৰ্যসমূহ বিকৃত আৰু উচ্ছৃংখল। ঐতিহাসিকভাৱে ক’বলৈ গ’লে, বিশ্বায়নৰ লগে লগে যোৱা শতিকাৰ শেষ দশকৰপৰা যিটো সাংস্কৃতিক ঢৌ ভাৰতত বিয়পি পৰিবলৈ ধৰিলে, যৌনতা সম্পৰ্কে নব্য চেতনাও তাৰ এটা প্ৰধান অংশ। পোনতে এইডছক কেন্দ্ৰ কৰি আৰম্ভ হোৱা যৌনতাৰ নতুন বাগধাৰাই ক্ৰমাৎ এক যৌন বিপ্লৱৰে সূচনা কৰা বুলি ক’ব পাৰি। এই সময়ছোৱাতে চিনেমা, বিজ্ঞাপন, পৰ্ন’গ্ৰাফি আদিৰ জৰিয়তে গঢ় লোৱা সাংস্কৃতিক পৰিবৰ্তনৰ ফলস্বৰূপে পৰিয়াল, নৈতিকতা আৰু দীৰ্ঘম্যাদী দায়িত্ববোধৰপৰা মুক্ত হৈ যৌনতা এটা নিজস্ব কেটেগৰি হিচাপে প্ৰতিভাত হৈ উঠিছে। যৌনতা তথা যৌন আনন্দ এটা স্বয়ংসম্পূৰ্ণ আৰু মুক্ত বস্তু – আন একোৰে সৈতে তাৰ সম্পৰ্ক নাই। এই ক্ষেত্ৰত বিশেষকৈ পৰ্ন’গ্ৰাফিৰ প্ৰচুৰ ভূমিকা আছে। বিশেষকৈ প্ৰযুক্তিক লৈ অত্যুৎসাহী শিক্ষিত যুৱসমাজৰ যৌন নৈতিকতাত সেয়ে এক বিৰাট পৰ্বান্তৰৰ সূচনা হৈছে। এনে পৰিস্থিতিত বিবাহমুখী পৱিত্ৰ যৌনতাৰ ধাৰণাটো ক্ৰমাৎ অপ্ৰাসংগিক হৈ গৈ আছে। কিন্তু সমাজৰ পুৰুষতান্ত্ৰিক ক্ষমতাৰ গাঁথনিসমূহ সৰ্বব্যাপী ৰূপত টিকি থকালৈকে নতুন যৌন নৈতিকতাই সমাজৰ কোনো গুণগত পৰিবৰ্তন সাধন কৰিব নোৱাৰিব। বৰঞ্চ ৰক্ষণশীল সামাজিক পৰিবেশত হতাশাগ্ৰস্ত যৌন চেতনাই বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিব পাৰে।

আমি কৈ আছিলো যে বিষমলৈংগিক বিবাহৰ সৈতে খাপ নোখোৱা বা তাৰ বিপৰীতে যোৱা যিকোনোধৰণৰ যৌন কৰ্ম আৰু যৌন পৰিচয়কে পুৰুষতন্ত্ৰত অপ্ৰাকৃতিক আৰু অবৈধ বুলি নিষেধ কৰা হৈছে। তৃতীয় লিংগৰ ব্যক্তিসকলৰ প্ৰতিও সেয়ে যুগে যুগে ঘৃণা আৰু বিদ্বেষৰ উদগিৰণ ঘটি আহিছে। পানী নসৰকাকৈ পৃথক পুৰুষসত্তা আৰু নাৰীসত্তাৰ যি সামাজিক নিৰ্মাণ, তাৰ প্ৰতি এক প্ৰবল প্ৰত্যাহ্বান এই তৃতীয় লিংগৰ ব্যক্তিসকল। সেয়ে তেনে ব্যক্তিক সামাজিকভাৱে বহিষ্কাৰ কৰা হয় আৰু সমাজৰ এচুকত অসহায়ভাৱে বাস কৰিবলৈ বাধ্য কৰা হয়। বাছে-ট্ৰেইনে আমি সঘনাই হিজৰাসকলক লগ পাওঁ নাচ-বাগ কৰি পইচা বিচাৰি ফুৰা – সেইসকলৰ তেনে দুৰৱস্থাৰ বাবে একমাত্ৰ দায়ী হ’ল পুৰুষতন্ত্ৰ।

গতিকে সমকামিতা তথা তৎসদৃশ যৌন কাৰ্যক অপৰাধমুক্ত কৰা আৰু এল জি বি টি সম্প্ৰদায়ক সম্পূৰ্ণ নাগৰিক অধিকাৰ প্ৰদান কৰাটো এটা আৰম্ভণি মাত্ৰ। সময়ৰ প্ৰকৃত আহ্বান হ’ল পুৰুষতন্ত্ৰৰ বিৰুদ্ধে এক ব্যাপক আৰু বহুস্তৰীয় সামাজিক সংগ্ৰামৰ সূচনা কৰা। তেনে সামাজিক সংগ্ৰামৰ জৰিয়তেহে সমাজৰ গভীৰত সোমাই থকা যৌনতা-কেন্দ্ৰিক এই বৈষম্য আৰু অত্যাচাৰৰ অৱসান ঘটাব পৰা যাব। কেৱল এল জি বি টি সম্প্ৰদায়েই নহয়, নাৰীসমাজৰ সামাজিক মুক্তিও ইয়াৰ সৈতে জড়িত। কিন্তু তাৰ বাবে অন্যান্য প্ৰগতিশীল সামাজিক সংগ্ৰামৰ সৈতে এই যৌন ৰাজনীতি জড়িত হ’ব লাগিব। এই ক্ষেত্ৰত প্ৰথম প্ৰশ্নটো হ’ল এল জি বি টিসকলক কোনে প্ৰতিনিধিত্ব কৰিব আৰু নেতৃত্ব দিব? এতিয়া যিসকল ব্যক্তি তথা সংগঠনে এল জি বি টি অধিকাৰৰ পক্ষে সক্ৰিয় ভূমিকা পালন কৰিছে, তেওঁলোকে হিজৰাসকলৰ কাষত থিয় দিবনে? নিম্নবৰ্গীয়-নিম্নবৰ্ণীয় সমকামীসকলৰ হৈ মাত মাতিবনে? যৌন কৰ্মীসকলে চলাই থকা গণতান্ত্ৰিক সংগ্ৰামত যোগদান কৰিবনে তেওঁলোকে? সেইসকল লাখ লাখ দুখীয়া-অশিক্ষিত নাৰীৰ অধিকাৰৰ কথাও ক’বনে যাৰ বাবে প্ৰাইভেচি বা চইচ আদি ধাৰণাৰ কোনো মূল্য নাই? – উদাৰনৈতিক ব্যক্তিবাদৰদ্বাৰা পৰিচালিত এনে এল জি বি টি আন্দোলনৰপৰা এইসমূহ আশা নকৰাই ভাল, সিবোৰৰ নেতৃবৃন্দই নিজৰ সামাজিক নিৰাপত্তাৰ বেষ্টনী ভেদি সমাজৰ তললৈ নামি অহাৰ সম্ভাৱনাও নাই আৰু তেওঁলোকৰ বাবে সেয়া প্ৰয়োজনীয়ও নহয়। কিন্তু সমাজত পুৰুষতন্ত্ৰৰ অৱসান ঘটাবৰ বাবে, এল জি বি টি সম্প্ৰদায়, যৌন কৰ্মীসকলৰ লগতে নাৰীসমাজৰ মুখত প্ৰকৃতাৰ্থত হাঁহি বিৰিঙাবৰ বাবে তেনে এক সামাজিক আন্দোলন অতিকে জৰুৰী হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰগতিশীল-বাঁওপন্থীসকলেই আগ বাঢ়ি আহিব লাগিব। এটা কথা ঠিক যে তেওঁলোকৰ মাজতো সামাজিক ৰক্ষণশীলতা কম নহয়। বৰ্তমান সময়ত পৰিচতিকেন্দ্ৰিক সামাজিক আন্দোলনবিলাকক নব্য উদাৰতাবাদে মুক্তভাৱে পৃষ্ঠপোষকতা কৰিছে, কিয়নো নব্য উদাৰতাবাদৰ ঐতিহাসিক বিকাশ আৰু বিশ্বজোৰা প্ৰসাৰত এনে সামাজিক আন্দোলনবিলাকৰ অৱদান যথেষ্ট। যৌনতাৰ স্বাধীনতা আৰু নাৰীমুক্তিৰ ক্ষেত্ৰতো সদৃশ ঘটনাই ঘটিছে। কিন্তু সিবোৰৰ অন্তৰালত লুকাই থকা আচল উদ্দেশ্য হ’ল পুঁজিবাদৰ বাবে উপযুক্ত শ্ৰমিক আৰু উপভোক্তাৰ সৃষ্টি কৰাহে। এয়া এক বহল বিষয়, আমি অন্যত্ৰ কিছু বহলাই আলোচনা কৰিবলৈ চেষ্টা কৰিছো। কিন্তু নব্য উদাৰতাবাদৰ এনে গতিশীল আৰু সক্ৰিয় ভূমিকাৰ বিপৰীতে প্ৰগতিশীল-বাঁওপন্থীসকলে বহুলাংশে পুৰণি কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটোকে খামুচি ধৰি আছে আৰু সামাজিকভাৱে ৰক্ষণশীল ভূমিকাত অৱতীৰ্ণ হৈছে। গতিকে তেওঁলোকে ইতিহাসৰ গতি আৰু চৰিত্ৰ বুজি লৈ সামাজিক আন্দোলনবিলাকত সক্ৰিয়ভাৱে চামিল হোৱাটোৱেই সময়ৰ আহ্বান। আন আন প্ৰগতিশীল সামাজিক সংগ্ৰামৰ সৈতে সম্পৰ্ক ৰাখি পুৰুষতন্ত্ৰৰ বিৰুদ্ধে পৰিচালনা কৰা এক বহল সামাজিক সংগ্ৰামেহে যৌনতাক বৈষম্য আৰু শোষণৰপৰা মুক্ত কৰিব পাৰিব, আৰু এল জি বি টি, যৌন কৰ্মী আৰু সামগ্ৰিকভাৱে নাৰীসমাজক সামাজিক মুক্তি দিব পাৰিব। অৰ্থনৈতিক প্ৰশ্নসমূহ নিশ্চয়কৈ এই সংগ্ৰামৰ গুৰুত্বপূৰ্ণ অংশ হ’ব, কিন্তু পুৰুষতন্ত্ৰৰ যৌন ৰাজনীতিৰ বিপৰীতে এক বিকল্প যৌন ৰাজনীতি হ’ব ইয়াৰ প্ৰধান সাংস্কৃতিক অংশ। এই বিকল্প যৌন ৰাজনীতিৰ ৰূপ কেনেকুৱা হ’ব? ই নিঃসন্দেহে বাধ্যতামূলক বিষমলৈংগিক বিবাহব্যৱস্থাৰ অৱসান বিচাৰিব। তাৰ বিপৰীতে ই পোষকতা কৰিব ব্যক্তিৰ স্বেচ্ছাপ্ৰণোদিত আৰু বহুবৰ্ণীয় যৌন আৰু মানৱ সম্পৰ্কৰ ভিত্তিত এখন সমাজ গঢ়াৰ : য’ত বিষমলৈংগিক যৌন সম্পৰ্কও থাকিব, সমলৈংগিক যৌন সম্পৰ্কও থাকিব, সকলোধৰণৰ যৌন কাৰ্য থাকিব – কিন্তু সকলোবোৰেই হ’ব স্বাভাৱিক, প্ৰাকৃতিক আৰু মুক্ত। বিকল্প যৌন ৰাজনীতিয়ে পৃথক আৰু পানী নসৰকাকৈ বিভাজিত পুৰুষসত্তা আৰু নাৰীসত্তাৰ ধাৰণাক বৰ্জন কৰিব : মানৱ ব্যক্তিত্বৰ চাৰিত্ৰিক বৈশিষ্ট্যৰাজিক স্পষ্ট তথা সীমাবদ্ধ বুলি ভবাৰ সলনি লেজুৱা তথা অসীম বুলি গণ্য কৰা হ’ব; আমি এতিয়া যাক পুৰুষসুলভ গুণ বুলি কওঁ আৰু যাক নাৰীসুলভ গুণ বুলি কওঁ, সেই সকলো গুণকে সমান আৰু স্বাভাৱিক বুলি গণ্য কৰা হ’ব, আৰু কোনো ব্যক্তিৰ মাজত ইয়াৰ যিকোনো গুণ যিকোনো মাত্ৰাত থাকিলেও তাক স্বাভাৱিক আৰু বাঞ্ছনীয় বুলি গ্ৰহণ কৰা হ’ব। এই বিকল্প যৌন ৰাজনীতিৰ ৰূপ যিয়েই নহওক কিয়, তাত যে পুৰুষতান্ত্ৰিক বৈষম্য আৰু হিংসা নাথাকিব সেইটো খাটাং।

শেষত অসমৰ প্ৰেক্ষাপটত দুটামান কথা যোগ দিয়া দৰকাৰ। অসমৰ সমাজ-ৰাজনীতিত জাতীয়তাবাদে এক সৰ্বাত্মক আধিপত্য বিৰাজ কৰি আছে : ইয়াত পুৰুষতন্ত্ৰকো লালন-পালন আৰু ৰক্ষণাবেক্ষণ দিছে জাতীয়তাবাদেই। অসমীয়া সমাজত পুৰুষতন্ত্ৰৰ বিশিষ্ট ৰূপটোক আমি অসমীয়া জাতীয়তাবাদী পুৰুষতন্ত্ৰৰ নাম দিব পাৰো। ইয়াত পুৰুষতান্ত্ৰিক প্ৰমূল্যক আঘাত কৰা বা তাৰ বিপৰীতে যোৱা যিকোনো চিন্তা, আচৰণ বা কাৰ্যক অসমীয়া জাতিৰ প্ৰতি ভাবুকি হিচাপে চিহ্নিত কৰা হয় – সিবোৰে অসমীয়া জাতিটোক অপমান কৰিছে বুলি কোৱা হয়, অসমীয়া সংস্কৃতিৰ পতন আনিছে বুলি দুখ প্ৰকাশ কৰা হয়। সেয়া নাৰীৰ সাজ-পোছাকৰ প্ৰসংগই হওক বা যৌনতাৰ প্ৰসংগই হওক – কিন্তু তাৰ পোনপটীয়া প্ৰভাৱ পৰে জাতিটোৰ ওপৰত। গতিকে অসমীয়া সমাজত পুৰুষতন্ত্ৰৰ প্ৰশ্নটো আলোচনা কৰিবলৈ হ’লে আৰু তাৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তুলিবলৈ হ’লে পোনপ্ৰথমে জাতীয়তাবাদৰ এক তাত্ত্বিক-ৰাজনৈতিক সমালোচনা বিকশিত কৰিবই লাগিব। কেৱল এই ক্ষেত্ৰতে নহয়, অসমীয়া সমাজত যিকোনোধৰণৰ প্ৰগতিশীল সামাজিক আন্দোলনৰ বিকাশৰ বাবেই জাতীয়তাবাদৰ সমালোচনা অতিকে জৰুৰী। আনহাতে, এইখিনিতে উল্লেখ কৰা দৰকাৰ যে বৰ্তমান ভাৰতৰ সমাজ-ৰাজনীতিত আধিপত্যশীল হিন্দু জাতীয়তাবাদ পুৰুষতন্ত্ৰৰ আটাইতকৈ উগ্ৰ প্ৰবক্তা। সেইবাবে হিন্দুত্ববাদী শক্তিসমূহ যৌন স্বাধীনতা তথা নাৰীমুক্তিৰ বিৰুদ্ধে খুবেই সোচ্চাৰ, দণ্ড বিধি আইনৰ ৩৭৭ অনুচ্ছেদৰো তেওঁলোক ঘোৰ সমৰ্থক। গতিকে পুৰুষতন্ত্ৰৰ বিৰুদ্ধে এক বিকল্প যৌন ৰাজনীতি বিকশিত কৰিবলৈ হ’লে হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধেও থিয় দিব লাগিব।

উচ্চতম ন্যায়ালয়ে দণ্ড বিধি আইনৰ ৩৭৭ অনুচ্ছেদটো কাৰ্যতঃ বাতিল কৰি কোনো সামৰণি মৰা নাই, বৰং আৰম্ভণিহে কৰিছে। পুৰুষতন্ত্ৰৰ বিৰুদ্ধে এক ব্যাপক সামাজিক সংগ্ৰাম তথা এক বিকল্প যৌন ৰাজনীতিয়েহে ব্যক্তিৰ যৌন স্বাধীনতা তথা এল জি বি টি সম্প্ৰদায়ৰ সামাজিক মুক্তি নিশ্চিত কৰিব পাৰিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে