চ’ৰাঘৰ / কথাশিল্প / এখন কপাহী চাদৰ৷৷ দ্বিজেন্দ্ৰ নাথ শৰ্মা৷৷

এখন কপাহী চাদৰ৷৷ দ্বিজেন্দ্ৰ নাথ শৰ্মা৷৷

শাৰী শাৰী সজাই থোৱা দমটোৰ চুকত সযতনে ৰখা বাকচটো ৰূপহীয়ে উলিয়াই আনিলে। মামৰে ধৰা তলাটো খুলিবলৈ টান হ’ব বুলিয়েই তাই মিঠাতেলৰ বটলটোও লৈ আহিছিল। তাৰে দুটোপাল চাবি ভৰোৱা সৰঙাটোত পেলাই দি তাই খিৰিকিখনেৰে বাহিৰলৈ চালে। খিৰিকিমুখত আমজোপাত তেতিয়া কপৌফুলে পাহ মেলিছে। হুমুনিয়াহ এটা এৰি তাই বাকচটোলৈ চালে। বাকচ নহয় যেন সংগোপনে বান্ধি লৈ ফুৰা এবুকু বেদনা। বহুদিন নোখোলা বাকচটোৰ দৰে হৃদয়ৰ মণিকোঠত মাৰি থোৱা বেদনাৰ টোপোলাটোৰ তলাটো মামৰে ধৰি নুখুলা হওক বুলিয়েই তাই বাকচটো বহুদিন খোলা নাই। আজিও নুখুলিলেহেতেন।  তাই জানে। বাকচ মেলিলেই কাপোৰত মিহলি হৈ থকা নেফথেলিনৰ গোন্ধটো বিয়পিব আৰু শুপ্ত কবৰ ফালি  হাহাকাৰ কৰি উঠিব তাইৰ বেদনাহত মন। তথাপিও। …বিদিশাক দেখুৱাও বুলিহে….

… ক’মখন আৰকাল লাগিছিল নে সেইদিনা? বিপাশনা, বীথিকা, বনস্মিতা, বৃষ্টি, বন্যা, বৰ্ণালী, বাসবী, বিপাক্ষী, বিশ্ৰুতি, বিস্মৃতি, বন্দিতা…
কত যে নাম! অন্তক্ষৰী নহয় যেন সেয়া অদ্যাক্ষৰীহে চলিছিল।
পলাশে যদি কয় ‘বিনীতা’, অন্তৰাৰ পচন্দ ‘ববিতা’। অন্তৰাই ‘বনশ্ৰী’ ৰাখিম বুলিলে, পলাশে ৰখা হয় ‘বনানী’।
খঙতে ৰূপহীয়ে মুখৰ ভিতৰতে ভেকাহি মাৰি উঠে— “বাঘেশ্বৰী নাৰাখ কিয়?”
বন্যা নামটো অন্তৰাৰ মুখত শুনি তাইৰ হিয়াখন হাহাকাৰ কৰি উঠিছিল।

এটা তপত হুমুনিয়াহ এৰি তাই আমগছজোপাৰ পিনে চালে-“বোপধন থকা হলে নিশ্চয় সিও এটা নাম ভাবিলেহেতেন! কি নাম বা ভাবিলেহেতেন, সি!” পাতৰ আঁৰৰ পৰা এটা কুলিৰ সুহুৰি ভাঁহি আহি তাইৰ বুকুত খুন্দিয়ালে।

বাহিৰত নামৰ অদ্যাক্ষৰী চলি আছিল…
… বৰষা … বৃন্দা… বাণী… বাসন্তী … ব…., বি….., বী…..
উচাৎ মাৰি ওলাই আহি তাই কৈছিল — “এইৰ নাম বিদিশা হ’ব।”
পলাশ আৰু অন্তৰাই  মুখ টিপি মিচিকিয়াইছিল। বিদিশাই, অ,  বিদিশাই…., পুতলাটো হাতৰ পৰা পেলাই দি কিবা কেলকেলাই আইতাকলৈ চাই থেৰোগেঁৰোকৈ হাত চাপৰি বজাইছিল।

আলাসত ডাঙৰ হৈছিল তাই।

—”পলাশ ডাঙৰ হৈ আহিছে। তই এতিয়া ইয়াত থকা থিক নহ’ব। সমাজ এখন আছে। ৰটনা ৰটে । তোৰ মোৰ দৰে নিৰীহবোৰেইতো যাতনা ভোগে। পলাশক তই আঁতৰলৈ লৈ যা। নহলে তাৰ জীৱন দুৰ্বিসহ হৈ উঠিব।” — অৱসৰৰ দিনা বিদায় সভাৰ পৰা আহি হৰেশ্বৰ মাষ্টৰে কৈছিল।
— “কিন্তু আপুনি?”
“সৰল ৰেখাৰে নহয়
সৰ্পিল গতিৰে বগায় জীৱন
কেতিয়াবা মৰুভূমিৰ দৰে
ৰুক্ষ উদাস
বক্ষত তাৰ ধুমুহাৰ আঁচোৰ
কেতিয়াবা জীপাল হৈ উঠে
সাগৰৰ দৰে
অশান্ত ঊৰ্মিৰ
হাহাকাৰে নাচোন জুৰে
তথাপি জীৱনে সৰ্পিলতা নেৰে

— হৰেশ্বৰ মাষ্টৰে কবিতাৰ দৰে ভোৰভোৰাইছিল। ৰূপহীয়ে বুজিবলৈ চেষ্টাও কৰা নাছিল। ভাবিছিল, “কোনে কয় দেৱতা সৰগত থাকে?” নামঘৰৰ চোতালত, দেৱতাৰ সন্মুখত তাই জীৱন হেৰুৱাইছিল আৰু হৰেশ্বৰ মাষ্টৰে তাইক জীৱন ঘূৰাই দিবলৈ গৈ নিজৰ সৰ্বস্ব হেৰুৱাইছিল। হৰেশ্বৰ মাষ্টৰৰ পিনে চাই তাই ভাবিছিল-“ভগৱান দেখিবলৈ আচলতে এনেকুৱাহে।”

হৰেশ্বৰ মাষ্টৰেই গ্ৰেছুইটিৰ ধনেৰে,  ইয়াত মাটি এডোখৰ কিনি ৰূপহীক ঘৰটো সজাই দিছিল। পলাশে চাকৰি নোপোৱালৈ পেঞ্চনৰ টকা তাইলৈ পঠিয়াই আছিল। পলাশে চাকৰিটো পোৱাৰ পিছত প্লাষ্টাৰ-ৰঙৰ কামখিনিহে কৰা হৈছিল। দুখত ডাঙৰ হোৱা ল’ৰা পলাশ, চাকৰিটো সৰু হলেও, এতিয়া সুখেই সুখ। অন্তৰাও বৰ অমায়িক ছোৱালী। ঘৰত মৰমৰ টোপোলা বিদিশা। ভেমটোহে তাইৰ বেছি। ঠেহ পাতি তাই ভাত নোখোৱা হয়। দৰ্জা মাৰি ৰূমত সোমায়। পলাশ অন্তৰাই হাজাৰ মাতিলেও হেতকেত নাই। ৰূপহীয়ে ডাঙৰকৈ চিঞৰে — “ঐ, মোৰ নবৰত্ন তেলৰ বটলটো কোনে নিলি? গোটেই পৃথিৱীখন ঘূৰিছে ঔ।” ততাতৈয়াকৈ খিলি খুলি বিদিশা লৰ মাৰে আইতাকৰ ৰূমলৈ। তাই মুখ টিপি হাঁহে। আইতাকৰ কোঁচত বহি তাই লেনিয়াই  কয়— “আইতা তুমিও…. ” দুয়ো খিলখিলাই হাঁহে। আইতাকক সাৱটি পাকঘৰ পায়। ৰূপহীৰ বাবে এইবোৰেই সুখ। মামৰে ধৰা বাকচটোত পাৰি থোৱা ফুলাম কাপোৰখনৰ দৰে।

ৰূপহীয়ে তলাটোত চাবিপাত ভৰাই দিলে। বাঁওফালে ঘূৰাই দিওঁতে খৰখৰণি এটা উঠিল। অলপ গৈ চাবিপাত ৰৈ গ’ল।

—” নুখুলেই দেখোন! থাককেই নেকি?”
বাকচটো খুলিবলৈ তাইৰ সত যোৱা নাই। থাককেই, স্মৃতিবোৰ পৰি, কবৰৰ অটল গৰ্ভত।

প্ৰতিবাৰেই বিহু আহিলে তাই জিদ ধৰে, এজোৰ মুগা কাপোৰৰ বাবে। পলাশ থকা হলে, এজোৰ কি প্ৰতিবাৰেই একোজোৰ দিলেহেতেন চাগে।

ন বছৰীয়া আছিল বিদিশা। সেইদিনা তাইৰ জন্মদিন আছিল। পলাশ ওলাই গৈছিল, অৰ্ডাৰ দি থোৱা কেকটো আনিবলৈ। সেইদিনা পলাশ ঘূৰি অহা নাছিল। ক’ত গল, কি হ’ল, আজিলৈ খবৰেই নোলাল। মানুহে কয় কোনো উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিলে। সি যে মাজে মাজে পেপাৰত লিখে। মানুহে কয় সি হেনো বেয়াকৈ লিখে।

ৰূপহীয়ে এই ঘৰটোত সোমোৱা দিন ধৰি,  হৰেশ্বৰ মাষ্টৰ অহা নাই। পেপাৰত পলাশ নিখোজ  হোৱাৰ বাতৰিটো পাই এদিন হৰেশ্বৰ মাষ্টৰ আহি ওলাইছিলহি। অন্তৰাই যাতে ফেমিলি পেঞ্চনটো পায়, তাৰ বাবে অফিচ কেছাৰীও ঘূৰিছিল। মাষ্টৰে আহি ৰূপহীক কৈছিল যে নিখোজ হোৱা মানুহৰ বোলে শটো নাপালে সাতবছৰলৈ মৰা বুলি নধৰে। পেঞ্চনৰ পৰাই অলপ টকা-সিকি পঠিয়াই থাকিব বুলি কৈ হৰেশ্বৰ মাষ্টৰ গুছি গৈছিল।

বতাহত আমৰলি পোকে খোৱা শুকান পাত এটা আহি বাকচটোৰ ওপৰত পৰিল।

হৰেশ্বৰ মাষ্টৰেও কমখন যাতনা কাটিলেনে? তাইক আশ্ৰয় দিয়াৰ বাবেই হৰেশ্বৰ মাষ্টৰৰ সুখৰ সংসাৰত জুই লাগিছিল। সাদৰী পদুমী খিঙখিঙীয়া হৈ উঠিছিল। সকলো কথাতে কেটেৰা জেঙেৰা কৰি থকা হ’ল। আৰু এদিন, টালি টোপোলা লৈ মাকৰ ঘৰলৈ গুচি গৈছিল। যোৱাৰ আগতে, ঢেমনী ৰখা পুৰুষৰ সেন্দূৰ শিৰত লৈ সংসাৰ কৰি থকাতকৈ আজিৰ পৰা মই বিধবা জীৱনে কটাম বুলি কৈ, শিৰৰ সেন্দুৰকণো মচি, হুক হুকাই কান্দিছিল তাই। নিৰ্বাক হৈ চাই ৰৈছিল হৰেশ্বৰ মাষ্টৰ। আৰু তাইৰ, নামঘৰৰ চোতালত থুঁতৰি  বগাই টোপে টোপে সৰাৰ দৰে চকুলো সৰিছিল হৰেশ্বৰ মাষ্টৰৰ ঘৰৰ মজিয়াত।

পলাশক পেটত লৈ, নামঘৰৰ পৰা পোনে পোনে তাই ষ্টেচনমুৱা হৈছিল। দেউতাকে পিছমুখ দিছিল। মাকে আঁচলেৰে মুখ ঢাকি লৈছিল। ৰূপহীয়ে সিহঁতৰ মুখ দেখা নাছিল। চাবলৈ সাহস অথবা ইচ্ছাৰ, নতুবা দুয়োটাৰে, অভাব হৈছিল তাইৰ। তাই ভাবিলে — “কান্দিছিল চাগে। দুয়ো।” তাই কান্দিছিল নে নাই মনত নাই। কিমাননো ৰাখিব তাই কান্দোনৰ হিচাব।

চকুৰ কোণত বৈ অহাৰ অপেক্ষাত ৰোৱা  টোপালদুটা তাই আঙুলিৰে হেঁপিয়াই চালে।

এক অগস্ত্য যাত্ৰাৰ অন্তত এক অজনা-অশুনা ষ্টেচনত তাই নামি দিছিল। “ইয়াত মানুহৰ সমাগমটো বেছি।” ৰেল আলিৰে পোনাই কিছু আগলৈ যোৱা ভাল হ’ব বুলি ভাবি খোজ পেলাইছিলহে  মাত্ৰ। পেটত, পৃথিৱীৰ মুখ দেখাৰ তাড়ণাত ছতফটাই উঠিছিল এক মাংসপিণ্ড। যেন সি মৰিব নোখোজে মাকৰ স’তে। পেট ফালি সি যেন ওলাই আহিব খোজা এক অকাল পক্ক। কোনোবাই যেন চিঞৰিছিল—”মা মোক মাৰি নেপেলাবা।”

সন্ধিয়াৰ বজাৰ কৰি ষ্টেচনৰ মাজেৰে ঘৰমূৱা হোৱা হৰেশ্বৰ মাষ্টৰে, এহাতেৰে কপাহী চাদৰখন খামুচি, প্ৰসূতি বেদনাত ভোগি, প্লেটফৰ্মত পৰি থকা ৰূপহীক দেখি ঘৰলৈ লৈ গৈছিল।

ধামকৈ দৰ্জা মৰা শব্দটোত ৰূপহী উচপ খাই উছিল।

বিদিশাৰ ঠেহটো আজি নাভাগিবই চাগে। নাভাগিবৰ কথাই। আজি ছবছৰেই তাই ঠেহ পাতে, অন্তৰাই কয়— “অহাবছৰ দিম দে এজোৰ।” বছৰবোৰ আগুৱাই গৈ থাকে, অহা বছৰটোহে নাহে। বিহু নাচিবলৈ মুগা সাজ জোৰ নহলে নহয়। অন্তৰাই ইয়াক তাক  কাবৌ-কাকূতি  কৰি  হলেও এজোৰ জোগাৰ কৰে।

ৰূপহীয়ে কথাবোৰ পাতলীয়া কৰিবলৈ কয়— “কিনো দিন কাল পৰিল অ’, মুগা সাজ নহলে বিহু নাচিবই নোৱাৰা হ’ন নে?  আমি কম বিহু নাচিছিলোনে? আমি দেখো কপাহী চাদৰেৰেই বিহু নাচিছিলো। দেখুৱাম ৰ’, মই বিহু নচা কপাহী চাদৰখন। এতিয়াও বাকচতে আছে।”

শেহৰ পিনে তাইৰ মাতটো কঁপি উঠে। পিছমুৱা হৈ ৰূমলৈ খৰ খোজে  আঁতৰি গৈ কোঠালিত সোমায়।
—”আইতা তুমি কোৱাহে। নেদেখুৱা হলে কেতিয়াও, তোমাৰ কপাহী চাদৰ।”— বিদিশাই ৰিঙিয়াই কয়।

ঠেহ ভেম এৰি অন্তৰাই খুজি আনি দিয়া মুগা সাজজোৰ পিন্ধি তাই বিহুতলীলৈ দৌৰ মাৰে।

এইবাৰ কথাষাৰ অলপ সুকীয়া। যোৱাবেলি বিহু নাচোতে আল্পনাৰ মাকৰ পৰা অনি দিয়া আল্পনাৰ মুগা সাজজোৰৰ মেখেলাৰ আউঠিত হেনো ফল্চৰ সূতা অলপ ফিচিকিছিল। কাপোৰজোৰ ঘূৰাই নিওঁতে ক’লা কৰা মুখখনে বিদিশাৰ মনত তিতা-কেঁহা লগাই থৈছে। যাওঁতে, আল্পনাৰ মাকে, “গাত নাই ছাল-বাকলি, মদ খায় তিন টেকেলি” বুলি মুখেৰে ভোৰভোৰাই  যোৱা শুনিয়েই তাই সিদ্ধান্ত লৈ থৈছিল, অহাবেলি নিজৰ মুগা সাজ এজোৰ নহলে বিহুৱে নানাচে তাই। সেইবুলিয়েই এইবেলি ৰূপহীৰ কপাহী চাদৰৰ সাধুৱেও তাইক বলাব পৰা নাই।

অন্তৰাই গণিছে সাত বছৰৰ ক্ষণ।

ন বছৰতে দেউতাকক হেৰুৱা বিদিশা অহাবেলি ষোড়শী হ’ব। পলাশ নোহোৱা হোৱাৰ সাত বছৰ হোৱাটোকে অপেক্ষা কৰি থকা অন্তৰাৰ, কথাষাৰ ভাবিলেই নিজকে স্বাৰ্থপৰ যেন লাগে। পলাশ নোহোৱাহে হৈছে। পলাশক মৃত বুলি ঘোষণা কৰা ছাৰ্টিফিকেটখন সাত বছৰতে ওলাব। ছাৰ্টিফিকেটখন ওলালে তাই পেঞ্চনখিনি পাব। তাৰ পিছত যদি পলাশ আহি ওলায়? তাইৰ নিজৰে আউল লাগি যায়., তাই আচলতে পলাশৰ বাবে আপেক্ষা কৰিছে, .. নে পলাশক মৃত ঘোষণা কৰা ছাৰ্টিফিকেটখনলৈ…. তথাপি, পেঞ্চনখিনি মুকলাব পাৰিলে আজি অত বছৰে জিদ ধৰি থকা বিদিশাৰ মুগা সাজজোৰ আনি দিব পৰা যাব, অহাবেলিলৈ।

চৰপ চৰপকৈ চেণ্ডেল চোঁচৰাই বিদিশা বাৰাণ্ডাৰে পাৰ হৈ গ’ল। এইটো তাইৰ অভিমানী লয়। স্কুলৰ পৰা আহিয়েই আইতাকক মাতষাৰ দিয়া ছোৱালীজনীয়ে ধমকৈ দৰ্জা মাৰি ৰূমত সোমাইছে। দুদিন হল, কাকোৱেই মাতবোল কৰা নাই।

“দুই এদিনতে হৰেশ্বৰ মাষ্টৰে  টকা পঠিয়াব লাগে।  সেইখিনিৰে বাৰু মুগা সাজ এজোৰ পোৱা যাবনে?”

ৰূপহীয়ে চাবিপাত জোৰকৈ পকাই দিলে। মামৰে ধৰা চাবিপাত ভাগি থাকিল। বাহিৰৰ ফিৰফিৰীয়া বতাহ জাকে ছোঁ এটা মাৰি কপৌফুলৰ আধাফুলা থোপাকেইটা জোকাৰি গ’ল। তাই কপৌজোপালৈ চালে-“বতাহত কপৌফুল নিচিগে, পাপৰিও নসৰে।”

বোপধনে কপৌফুল আনিছিল। বৰপুখুৰীৰ পাৰৰ জাৰনিৰ পৰা। বৰতলি পথাৰৰ আঁহতৰ তলৰ চাপৰিত বিহু মাৰিবলৈ বোপধনে সেইবেলি তাইক কপাহী চাদৰ এখন দিয়াৰ কথা। মৰাসুঁতিৰ দেওবৰীয়া হাটৰপৰা অনা কপহী চাদৰৰ পেকেটৰ ওপৰত কপৌফুলৰ থোপাটো সোঁহাতেৰে লৈ, বাঁওহাতেৰে চাইকেলৰ হেণ্ডেলত ধৰি বোপধন বৰআলি কেকুঁৰীৰ জিৰণি চ’ৰাটোৰ কাষত ৰৈ আছিল। অদূৰত বিহুতলী। আকাশত, ডাৱৰৰ টুকুৰাত বেলিমাৰৰ ফাকুগুৰি।
কঁপি উঠিছিল তাই, চাদৰখন লৈ…

—”ঘৰত গম পালে?”
— “গমতো পাবই……..”
সেইবেলি আঘোনত খেতি চপোৱাৰ পিছত বোপধনে ঘৰত কথাটো কম বুলি কৈছিল। তাইৰ চকু তিৰবিৰাই উঠিছিল। আকাশত বিজুলী চমকিছিল। ছোঁ মাৰি অহা বৰদৈচিলাজাকৰ পৰা ৰক্ষা পাবলৈ সিহঁত গৈ জিৰণি চ’ৰাত সোমাইছিল। প্ৰচণ্ড বেগেৰে বলা বতাহৰ লগতে কলহৰ কাণে ঢলা বৰষুণত, তেতিয়া বৰআলি কেকুঁৰীত সন্ধিয়া নামিছিল। বৰদৈচিলাৰ বতাহে কঁপোৱা বৰষুণৰ ছিটিকনিত দুয়ো তিতিছিল। ৰূপহীৰ হাতত বোপধনে দিয়া কপাহী চাদৰ। গা চুই যাব খোজা ঢেৰেকনিত উচপ খাই তাই বোপধনক সাৱটি ধৰিছিল। ….

… খামুচি ধৰি থকা তাইৰ হাতৰ মুঠিটো শিথিল হৈ কপৌ ফুলেৰে সৈতে চাদৰখন সলকি পৰিছিল….

ৰূপহী পাকঘৰলৈ গৈ তামোলখুন্দা তাঙোনডাল লৈ আহিল। বাহিৰৰ পিনে কাণ উনাই, দীঘলকৈ উশাহ এটা টানি মামৰে ধৰা তলাটোত প্ৰচণ্ড কোব এটা সোধালে।

“আইতা কি হ’ল?”— বিদিশাই ৰিঙিয়াই সুধিলে।
—”একো হোৱা নাই দে। বাকচত মেকুৰী এটা উঠিছিল।”

সেই ব’হাগৰে শাওণত ঢল নামিছিল। সিহঁতৰ গাঁৱৰ ওচৰৰ নৈপৰীয়া পথাৰৰ কাষত মথাউৰি ছিগো ছিগো হোৱাত গাঁৱৰ ৰাইজ ওলাই গৈছিল। মথাউৰি মেৰামতি কৰি থাকোতেই মথাউৰি ছিগি কেইজনমানক উটুৱাই নিছিল। ৰাইজে নাও-ভুঁৰ মেলি সিহঁতক উদ্ধাৰ কৰাত নামিছিল। কোবাল সোঁতে বোপধনৰ ভুঁৰখন মহতিয়াই লৈ গৈছিল।

গাঁওখনত শ্মশানৰ নীৰৱতা নামিছিল। আৰু ৰূপহীয়ে কান্দিবও পৰা নাছিল। পেটত কিবা এটাই খচমছ কৰি উঠাত তাই শিয়ৰি উঠিছিল। যোৱা তিনিমাহ তাই গা-ধোৱা নাছিল। ঘৰত তাই ঋতুস্ৰাৱৰ ভাও জুৰিছিল। বোপধনক কথাটো তাই কাণ চুৱাই থৈছিল। বোপধনে আঘোনত খেতি চপাই ঘৰত কোৱাৰ কথাটো আকৌ এবাৰ কৈছিল।

ভগা তলাটো গুচাই ৰূপহীয়ে বাকচটোৰ ঢাকনিখন খুলিলে। কেৰকেৰাই উঠা শব্দটো এনে লাগিল, যেন কলিজাত তাইৰ কোনোবাই আঁচুৰিহে দিছে। খিৰিকিৰে বৈ থকা বতাহত মিহলি হোৱা বাকচৰ সেমেকা গোন্ধটোৱে তাইক উন্মাদ কৰি তুলিলে। মুখত গোট খোৱা আলতীয়া লেলাউতিখিনি সামৰি লৈ, উজাই আহি গলত সোপা মাৰি ধৰিব খোজা দুখখিনি তাই গিলি থোৱাৰ চেষ্টা কৰিলে। লেলাউতিখিনি গলত, দুখৰ লগত ওলমি থাকিল। গলখেকেৰিয়াই তাই দুখখিনি খিৰিকিৰে বাহিৰলৈ দলিয়াই দিলে। খিৰিকিৰে তাই কপৌজোপালৈ চালে।

কপৌফুলৰ থোপা এটাত জ্বৰ বিছা এডালে বগুৱা বাইছে।

নামঘৰৰ চোতালত ৰাইজমেল বহিছিল। হাতৰ মুঠিত লৈ যোৱা কপাহী চাদৰখন দেখুৱাই তাই কৈছিল-“এইখন বোপধনে দিয়া।”  সকলোৱে একেথৰে তাইৰ পিনে চাইছিল। দৃষ্টিত সন্দেহ আৰু ঘৃণাৰ মিশ্ৰিত এটা প্ৰলেপ। কিছু সময়ৰ নিৰৱতা ভেদি ওলোৱা ভোমোৰাৰ গুণগুণনীৰ ৰোলটো তলপেলাই গাঁওবুঢ়াই চিঞৰি উঠিছিল—”হাৰামজাদী, কুলক্ষণী, মৰি ভূত হোৱা নিৰ্জু ল’ৰাটোৰ ওপৰত দোষ জাপি দিবলৈ তই লাজ নাপালি।”

সযতনে সাঁচি ৰখা কপাহী চাদৰখন আলফুলে হাতত তুলিলৈ তাই ভাবিলে—”চাদৰখন পিন্ধাই নহ’ল।! এবাৰ গাত মেৰিয়াই লৈ বিদিশাক দেখুৱাব লাগিব।”

ক’বলৈ, ৰূপহীৰ একোৱে নাছিল। হাতৰ মুঠিৰ কপাহী চাদৰখন তাই জোৰকৈ খামুচি ধৰিছিল। তলমুৱা হৈ তাই থিয় হৈ আছিল। চকুপানীবোৰ দুগালেৰে সৰসৰকৈ বৈ থুঁতৰিত গোট খাই, নামঘৰৰ চোতালৰ ধূলিত, মৰুভুমিৰ বালিত নিয়ৰ সৰা দি সৰি শুকাই গৈছিল। শুকাই যোৱা ধূলিখিনি বুঢ়া আঙুলিৰে তাই মোহাৰি  দিছিল। নামঘৰটোলৈ চাই তাই ভাবিছিল.”ইয়াক মানুহে ভগৱানৰ ঘৰ বুলি কয়!” ভৰিৰ আঙুলিৰে নামঘৰৰ চোতালত বোপধন লিখি, আকৌ এবাৰ মন্দিৰটোৰ পিনে চাই, ৰাইজমেলৰ সিদ্ধান্তলৈ নৰৈ, কপাহী চাদৰখন খামুচি তাই ষ্টেচনৰ দিশে খোজ লৈছিল।

ফিৰফিৰিয়া বতাহজাক বলিয়া হৈ উঠিল। সোঁ-সোঁৱাই সোমাই আহি ৰূপহীৰ হাতৰ কপাহী চাদৰৰ ভাঁজ উৱলা আঁচলটো উৰুৱাই নিলে। বৰদৈচিলা নহয় সেয়া, পশ্চিমীয়া ধুমুহা, আবতৰীয়া পছোৱা। জাবৰ পেলোৱা ভগা টিঙটোত পৰি ৰোৱা,  কপাহী চাদৰৰ চিগা আঁচলটোলৈ তাই চাই ৰ’ল। সেমেকা চকুত তাইৰ তেতিয়া বাৰিষাৰ ঢল, ধূসৰ দৃষ্টিত দৰ্জাত গা ভেজা দি থিয় হৈ থকা বিদিশা।

ৰূপহীয়ে দেখা নাছিল বিদিশাৰ সজল চকু। তল ওঁঠ কামুৰি তাই কান্দোনটো চেপি ৰাখিছিল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে