চ’ৰাঘৰ / কথাশিল্প / অগ্নিপৰীক্ষা৷৷ উৎপল ফুকন৷৷

অগ্নিপৰীক্ষা৷৷ উৎপল ফুকন৷৷

অতদিনৰ কৃচ্ছ্ৰসাধনাৰ ফল লাভৰ সময় সমাগত। ৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰাৰ বাবে প্ৰথমখন গুৰুত্বপূৰ্ণ খেল আৰু কিছু সময়ৰ পাছতে আৰম্ভ হ’ব। বুকুখনত উত্তেজনামিশ্ৰিত দুৰুদুৰু কঁপনি এটাই হেঁচি ধৰিছে। পাৰিমনে বাৰু আজি মই যোগ্যতা প্ৰতিপন্ন কৰিব? পাৰিমনে বাৰু দিন হাজিৰা কৰা পিতাই আৰু নিৰক্ষৰা আইৰ মুখত হাঁহি বিৰিঙাবলৈ? মোক লৈ সপোন দেখা ভিতৰুৱা গাঁওখন, আপোন মানুহবোৰৰ মুখবোৰে মনৰ মাজৰ ভিৰ কৰিলেহি।

আন্ধাৰখিনি ক্ৰমশঃ বাঢ়ি গৈ থাকিল আৰু মহোৰগৰ দৰে গোটেইখন মেৰিয়াবলৈ আৰম্ভ কৰিলে। দুপৰৰ তিমিৰ ফালি ঊধস্যৰ দৰে ফ্লাড লাইটবোৰে উজলাই তুলি ধৰি আছিল ষ্টেডিয়ামখন।

“গ’ল নকৰাকৈ মোৰ ওচৰলৈ নাহিবি”—সোণপাহিৰ কথা সেয়া।

“তয়েই গাঁওখন উদ্ধাৰ কৰিব লাগিব”—গাঁওবুঢ়া দাইটিৰ মাত সেয়া।

উন্নয়নৰ মুখ নেদেখা আমাৰ ঘোকোট গাঁৱৰ গঞাৰ আশা, এইবাৰ মই ভেকুলীৰ পিঠিত নোম গজাবই লাগিব। গাঁৱৰ পথাৰত খেলা টেঙা বলটো, দেৱজিতহঁতৰ টেঙা বাৰীখন, স্কুলৰ প্ৰদীপ ছাৰে হাতত ধৰি শিকোৱা ফুটবলৰ আদিপাঠখিনি মনৰ মাজত ভুমুকিয়াই গ’লহি।

হঠাৎ মোৰ তন্ময়তা ভংগ কৰি ৰেফাৰীৰ হুইছেল বাজি উঠিল। মোৰ বাবে জীৱন মৰণৰ খেল আৰম্ভ হৈ গ’ল।

দুভৰিত বল লৈ দুৰন্ত গতিৰে ধাৱমান মই। চেণ্টাৰ লাইন অতিক্ৰমি মই তেতিয়া বিপক্ষৰ ৰক্ষণ দুৰ্গত। সন্মুখত দুৰ্ভেদ্য প্ৰাচীৰৰ দৰে বিপক্ষৰ ৰক্ষণ বিভাগৰ কোৱাৰ্টাৰ বেক, ফুল বেক আৰু হাফ বেকৰ ত্ৰিমূৰ্তি। পণ্ডিত বিৰ্জু মহাৰাজৰ কৌশলী নৃত্যৰ ছন্দৰ দৰে দুভৰিৰ যাদুৰে চেঙেলী সৰকা দি বেককেইজনক বেকত এৰি থৈ বিপক্ষৰ অন্দৰমহলত প্ৰৱেশ কৰিলোঁ। দুভৰিত মোৰ নৃত্যৰতা ৰমণীৰ ছন্দ আৰু উলাহৰ লয়লাস। জাক ফুৰা গৰুৰ দৰে বেককেইজন মোৰ পিছে পিছে দৌৰি আহিল যদিও সিহঁতে ঢুকি পাব পৰা পৰিসীমাৰ বাহিৰত মই। সন্মুখত গ’লপোষ্ট আৰু আলাসত বান্দৰৰ দৰে জঁপিয়াই বল ধৰাত পাকৈত বিপক্ষৰ সিয়ান গ’লকিপাৰ।

দৰ্শকৰ উত্তেজনামিশ্ৰিত কিৰিলিবোৰ চৌপাশৰ পৰা বৰষুণৰ এছাৰেকণিৰ দৰে ছিটিকি ছিটিকি পৰিবলৈ ধৰিলে। লক্ষ্যভেদৰ সময়ত অৰ্জুনৰ মন-মগজু মাছটোৰ চকুত নিৱিষ্ট হোৱাৰ দৰে সেই মুহূৰ্তত মোৰ মানসপটৰ পৰা ষ্টেডিয়ামখন, দৰ্শক আৰু কিৰিলিবোৰ কুঁৱলীৰ আঁৰৰ ছবিখনিৰ দৰে ধূসৰ হৈ গৈ থাকিল। মোৰ সন্মুখত কেৱল গ’লপোষ্ট আৰু তাৰ সিপাৰেই পৰম আকাংক্ষিত ছাংগ্ৰিলা— কল্পনাৰ এল ড’ৰাডো। মাত্ৰ কেইগ’জমানৰ দূৰত্ব। সেই দূৰত্ব অতিক্ৰম কৰিলেই মই হৈ পৰিম নায়ক। অন্ত পৰিব সমস্ত হতাশা আৰু দুখৰ— অন্ত পৰিব তেজক ঘাম কৰা যন্ত্ৰণাৰ। জীৱনলৈ আহিব সুখ আৰু আনন্দৰ আলস্য। দিন হাজিৰা কৰা পিতাই আৰু নিৰক্ষৰা আইৰ চকুলৈ নামিব আশাৰ চকুলো। সেয়াটো গ’লপোষ্ট নহয়; সেয়া যেন স্বৰ্গৰ দুৱাৰ। তাৰ সিপাৰেই স্থিত পৰম আকাংক্ষিত ছাংগ্ৰিলা— কল্পনাৰ এল ড’ৰাডো।

সেই মুহূৰ্তত বলটো হতাশা আৰু দাৰিদ্ৰৰে ভৰা মোৰ সৰু পৃথিৱীখন যেন লাগি গ’ল। এনে লাগিল যেন জীৱনৰ হতাশা আৰু যতমানে অপ্ৰাপ্তি হৈ ই মোক উপহাসহে কৰিছে। দৰ্শকৰ কিৰিলিবোৰ যেন জীৱনৰ ঘাত-প্ৰতিঘাতৰ চিৎকাৰলৈ সলনি হৈ গ’ল। বলটো গ’লকিপাৰৰ উদ্যত দুহাতৰ মাজেৰে সৰকাই গ’লপোষ্টৰ নেটত অৱস্থান লোৱাব পাৰিলেই যেন আঁতৰি যাব জীৱনৰ হতাশা, দৰিদ্ৰতা, অপ্ৰাপ্তিবোৰ। সাংঘাটিক ধৰণৰ পজিটিভিটিয়ে মোৰ মনটো প্ৰচণ্ড দৃঢ় কৰি তুলিলে।

সকলোকে জীৱনে এবাৰলৈ হ’লেও সুযোগ দিয়ে। মোৰ বাবে যেন এয়াই সেই সময়— হতাশা, দুখৰ অন্ত পেলোৱাৰ। স্বয়ংক্ৰিয়ভাৱে ভৰিটো বলটোৰ ফালে আগুৱাই গ’ল। বাওঁভৰিটোৰ প্ৰচণ্ড শ্ব’টত বলটোৱে গ’লপোষ্টৰ ফালে চোঁচা ল’লে। এটা নিশ্চিত গ’ল প্ৰত্যক্ষ কৰাৰ প্ৰাকমুহূৰ্তৰ উত্তেজনা পান কৰি দৰ্শক উত্তেজনাৰ চৰম সীমাত।

কিন্তু, ই কি!!! বলটো দেখোন গ’লপোষ্টৰ সীমা চুওঁ চুওঁ হৈ ৰৈ গ’ল। গ’লকিপাৰ,দৰ্শক, দৰ্শকৰ চিৎকাৰবোৰ হঠাৎ দেখোন নীৰৱ হৈ গ’ল। কাণতাল মাৰি ধৰা নীৰৱতা আৰু শূন্যতাই চৌপাশ আৱৰি ধৰিলে। মোৰ হৃদস্পন্দনৰ বাৰংবাৰতা বিপদজনকভাৱে বাঢ়ি গ’ল। চৰম উত্তেজনাত জ্বৰে ঘমা দি ঘামিবলৈ ধৰিলোঁ। কি হ’ব এতিয়া? জীৱনে আলফুলে আগবঢ়াই দিয়া পৰম আকাংক্ষিত মুহূৰ্ত কি ব্যৰ্থতাৰ গৰাহত লীন হ’ব? জয় আৰু পৰাজয়ৰ মাজৰ সূক্ষ্ম ৰজ্জুডাল যেন মই ঠিক ধৰিব পাৰিলোঁ। জয়ৰ জয়জয়কাৰৰ সিফালেই পৰাজয়ৰ গ্লানি। পৰাজিত নায়কৰ দৰে গোটেই জীৱন কি মই কঢ়িয়াই ফুৰিব লাগিব গ্লানি আৰু হতাশাৰ মহাভাৰ?

হঠাৎ স্থানুৰ দৰে ইমানপৰ ৰোৱা গ’লকিপাৰে তীব্ৰ চিৎকাৰ কৰি উঠিল আৰু প্ৰচণ্ড গতিৰে বলটোত প্ৰতি আঘাত হানিলে। তীব্ৰ গতিৰে বলটোৱে এইবাৰ মোৰ ফালে চোঁচা লৈ খেদি আহিল। চিকাৰী নিজেই চিকাৰ হোৱা মুহূৰ্তৰ মুখামুখি হোৱাৰ আচম্বিত অভাৱনীয়তাত বিস্ময়াৱিষ্ট হৈ মই বিম্বাশৱদে উভতি দৌৰিবলৈ ধৰিলোঁ। ইমান সময়ে স্থানু হৈ ৰোৱা ষ্টেডিয়ামখন আৰু দৰ্শকৰ কিৰিলিবোৰে এইবাৰ অট্টহাস্য কৰি উঠিল। যিমান চেষ্টা কৰিলেও দেখোন মই দৌৰিব পৰা নাই। এনে লাগিছে যেন কিহবাই মোক পাছফালৰ পৰা টানি ধৰিছে। মই দৌৰিছোঁ, মাথোঁ দৌৰিছোঁ। হতাশাৰ পৰা বাচিবলৈ মৰা দৌৰ নহয় এয়া; নহয় দাৰিদ্ৰক পৰাজিত কৰিবলৈ মৰা দৌৰ। জীৱন যুদ্ধৰ বিজয়ী সৈনিকৰ দৌৰো নহয় এয়া। এয়া পৈতৃক প্ৰাণটো বচোৱাৰ দৌৰ। যঃ পলায়তি সঃ জীৱতিৰ মহামন্ত্ৰক সাৰোগত কৰা দৌৰ।

কিন্তু জীৱন যুঁজত সদায় হাৰি যোৱাৰ দৰে মই আকৌ এবাৰ পৰাজিত হৈ গ’লোঁ। দৌৰৰ যুঁজত মোক পৰাজিত কৰি হঠাৎ প্ৰচণ্ড জোৰেৰে বলটোৱে মোৰ পৃষ্ঠভাগৰ নিম্নাংশত খুন্দা মাৰিলে। তাল ৰাখিব নোৱাৰি মই দূৰত ছিটিকি পৰিলোঁ। দুচকুৰে নামি আহিল তিমিৰৰ নীৰৱতা। হিমশীতল অনুভৱ এটা উজাই আহিল আৰু ক্ৰমশঃ বাঢ়ি গৈ মহোৰগৰ দৰে সৰ্বশৰীৰ মেৰিয়াবলৈ আৰম্ভ কৰিলে।

হঠাৎ দুপৰৰ তিমিৰ ফালি ঊধস্যৰ দৰে উজলি উঠিল গোটেইখন।

— “কি মানুহহে আপুনি, ভালদৰে শুব নোৱাৰে নেকি? ৱৰ্ল্ড কাপ চাই চাই টোপনিত গুৰিয়াবলৈ কিহে পাইছিল। পালে এতিয়া মজাটো”।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে