চ’ৰাঘৰ / কথাশিল্প / গধূলি৷৷ মন্দিৰা গগৈ৷৷

গধূলি৷৷ মন্দিৰা গগৈ৷৷

আৰু

এইখিনিৰ পৰাই মোৰ কান্ধত
হাত এখন থৈ খোজ দিলে গধূলিটোৱে

#

পূৰ্বতে
গধূলি আছিল মোৰ বাবে
দুৰ্ভাগ্যজনক আৰু চাটুকাৰী
আচৰিত !
এই গধূলিক মোৰ বিশ্বাস
কৰিবৰ ইচ্ছা হ’ল
আৰু মই গৈ থাকিলোঁ গধূলিটোৰ সহাৱস্থানত

#

মোৰ অজ্ঞাতেই গধূলিটোৱে
মোৰ বুকুৰ বেৰখন বিন্ধি পেলালে
এনে লাগিল , গধূলিটো অনুভূতিপ্ৰৱণ
সেয়ে ,হয়তো ভাৱ হ’ল
গধূলিটোৰ হাতখন বিশাল আৰু কোমল

#

দেখিলোঁ ফুটুকা ফুটুকী এজাক বতাহৰ স’তে নাচি আছে
গধূলিটোৰ দুচকুত থেৰেজুবুলীয়া তৰা এহাল
মই নিৰ্বাক হোৱাৰ বিপৰীতে
গধূলিটোৰ উশাহবোৰত আছিল
যুক্তি আৰু আশ্বাস

#

ফুলিছিল গধূলিটোৰ হাঁহিত বহুতো
শুভকামনাৰ ফুল
আৰু জন্ম বুকুত মোৰ এটা ৰঙা গানৰ

#

গুচি গৈছিলোঁ গধূলিটোৰ স’তে
এখন অৰণ্যলৈ
বাস কৰিছিল য’ত এজাক
নীলা বৰষুণ
নীলা বৰষুণ কি অন্তহীন উন্মাদনাৰ শেষ আশ্ৰয় !!
শিকে য’ৰ পৰা বুকুৰ ৰঙা গানটোৱে
খেলিবলৈ সহস্ৰ নিয়ম ভঙাৰ খেল …

এটা মন্তব্য

  1. বৰ ভাল পালো ।কবিতা টোৰ গধুলিৰ লগত নিজেই অন্তহীন অৰণ্যত গমন কৰিছিলো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে