চ’ৰাঘৰ / কথাশিল্প / ওলাবা এদিন৷৷ শোভেন হাজৰিকা

ওলাবা এদিন৷৷ শোভেন হাজৰিকা

ওলাবা এদিন
ব্যস্ততাৰ এই বিৰাট বেহু ভাঙি নিজক
বিচাৰি যাম

নিজক পাম বা নাপাম
কাৰোবাকতো পাম। অতদিন
যি বিচাৰি ফুৰিছিল আমাক

নিজক চিনিম বা নিচিনিম
কাৰোবাকতো চিনিম। অতদিন
অচিন হৈ আছিল যি

ওলাবা এদিন
কোলাহল আৰু অস্থিৰতা ভেদি
নিৰ্জনতাক বিচাৰি যাম

নিৰ্জনতাক পাম বা নাপাম
অৱগাহন কৰিম
নিৰ্জনতাৰেই শিল ভাঙি বৈ অহা
বনৰীয়া এখন নদীত। চলাথ কৰিম
নিৰ্জনতাৰেই গাত হাওলি পৰা
এখন সেউজ অৰণ্যানীত

ওলাবা
গৈ গৈ ক’ৰবাত নহয় ক’ৰবাত
ৰিণিকি ৰিণিকি বৈ অহা এটা অচিন
চৰাইৰ মাতত
আমি ৰৈ যাম-ৰৈ যাম
আৰু নিজৰৈই বুকু খান্দি উলিয়াম
ক্ৰমাৎ অচিন হৈ অহা আমাৰ মাত।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে