চ’ৰাঘৰ / কথাশিল্প / উত্তৰবিহীন৷৷ চন্দামিতা দেবী৷৷

উত্তৰবিহীন৷৷ চন্দামিতা দেবী৷৷

: ঐ, আমাৰ নামটা পায়েল হ’লে কি ৰকম লাগত? খুউব ভালো লাগত না? আলতা ভৰা পায়ে পায়েল পৰে ৰূণ-ঝুণ কৰে নাচতাম আৰ খিলখিল কৰে হাসতাম। আহ! কি যে ভালো লাগত!

: আকৌ বাংলা চিনেমা চাইছা না? কিয় যে তোমাৰ ইমান বাংলা প্ৰীতি বুজিয়েই নাপাওঁ। কিয় ইমান বাংলা চিনেমা চোৱা? মই যে ইমান ভাল ভাল চিনেমাবোৰ চাবলৈ কওঁ, সেইবোৰ হ’লে নাচাবা।

: তুমি কোৱাবোৰো চাওঁ মাজে মাজে। ভাষা বুজি নাপাওঁ যে চাই সিমান মজা নালাগে।

: বাংলা কিয় চোৱা? সেয়া কি তোমাৰ মাতৃভাষা?

: তুমি নুবুজা কিবা। এনেই চাওঁ। ভাল লাগে। বাংলা বুজিও পাওঁ। তুমিও চাবাচোন। ভাল পাবা। একো জাক-জমকতা নথকা সাধাৰণ চিনেমা এখনৰো যে কি গভীৰ অৰ্থ! কাহিনী, অভিনয়, নিৰ্দেশনা সকলো মিলি অপূৰ্ব! আচলতে এই চিনেমাবোৰ চালে বহু প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ কিছু সাহস, কিছু সম্বল পাওঁ যেন লাগে।

: হ’ব দিয়া। বুজিলো তোমাৰ কথা। তুমিটো প্ৰশ্নৰ ভঁৰাল। প্ৰশ্নৰ উত্তৰ বিচাৰি তুমি চাৰিওপিনে ঘূৰ্মুটিয়াই নুফুৰিলে কোনে ফুৰিব? কাম নাই আৰু।

… তাইৰ ভাল লগা, ভালপোৱাবোৰৰ বিষয়ে কেতিয়াও তাক ভালদৰে বুজাবই নোৱাৰিলে। সি বাৰু নিজেও বুজাৰ চেষ্টা নকৰিলে নেকি? কিহৰ অভাব আছিল তাৰ? সময়ৰ নে ইচ্ছাৰ? তাই দেখোন তাৰ ওচৰত তেনেই মুকলি আছিল। তেন্তে ক’ত কি বাকী ৰৈ গৈছিল? উত্তৰ বিচাৰি নোপোৱা বাকীবোৰ প্ৰশ্নৰ স’তে এইবোৰো দেখোন একো একোটা প্ৰশ্ন হৈয়েই ওলমি থাকিল!

… তাইৰ জীৱনত তাৰ উপস্থিতি নে তাৰ আকস্মিক প্ৰস্থান— এই দুটাৰ কোনটো আচলতে বেছি জটিল প্ৰশ্ন সেয়া তাই ঠাৱৰ কৰিব নোৱাৰে। তাইৰ বাবে দুয়োটা সমানেই জটিল কিজানি! কথাবোৰ প্ৰশ্ন হোৱা পাঁচ বছৰ হ’ল। এবছৰমান প্ৰশ্নবোৰে শুব দিয়া নাছিল তাইক। এতিয়া সহজ হ’ল। উত্তৰবিহীন প্ৰশ্নবোৰৰ স’তে সহাৱস্থান কৰিব শিকিছে তাই। সময়ে শিকাইছে। সময়ে সকলো সহজ কৰি দিয়ে। সময় হৈছে মানুহৰ আটাইতকৈ ডাঙৰ বন্ধু আৰু আটাইতকৈ ডাঙৰ শত্ৰু। সময়ৰ এই বন্ধুত্ব, এই শত্ৰুতা কোনখিনিত একাকাৰ হৈ যায় ধৰিবই নোৱাৰি। নোৱাৰাবোৰ আজিকালি তাই এৰাই চলিব চেষ্টা কৰে। জোৰকৈ এৰাই চলে। জেদ কৰে তাই নিজৰ স’তে।

… কিছুমান প্ৰশ্ন এৰাই চলিব বিচাৰিলেও এৰাই চলিব নোৱাৰে। প্ৰশ্নবোৰে কোন কাহানিতেই গজালি মেলিছিল মনত। উত্তৰ বিচাৰি প্ৰশ্নবোৰ কঢ়িয়াই লৈ ফুৰে।

… অ’ত-ত’ত নেইলপলিচ এৰাই যোৱা নখকেইটাৰে ভৰি দুখন কিহৰ বাবে “টালি”ৰ ঘৰটোত শূন্যত ওলমি আছিল? চোতাল ভৰা মানুহৰ জুমৰ মাজৰ পৰা দুৱাৰেৰে কেবল ভৰিয়েই দেখিছিল তাই। কোনে তাইক ভিৰৰ পৰা আঁতৰাই আনি ঘৰ পোৱাইছিল মনত নাই। তীব্ৰ জ্বৰত তিনিদিন বিচনাত পৰি আছিল।

… উৰি উফৰি অহা কথাবোৰৰ পৰা কিছু বুজি উঠিছিল। মানুহজনীৰ শৰীৰত প্ৰাণ পাব লোৱা বীজক আমিনুৰ মিস্ত্ৰীয়ে নিজৰ নাম দি আপোন কৰিব বিচাৰিছিল হেনো। তাই চাগে নিয়তি দাসৰ পৰা নিয়তি বেগম হ’ব সাহস নকৰিলে? অথবা কৰবাত প্ৰতিপালিত হৈ আছিল নেকি সেন্দূৰৰ ৰঙাৰে শিৰৰ আলিবাট শুৱনি কৰি ঘৰ কৰাৰ হাবিয়াস? উত্তৰবোৰ নিজৰ লগত সামৰি মানুহজনী গুচি গ’ল।

… ওচৰৰ ঘৰৰ ন-কইনা হৈ অহা খুৰীজনীৰ চেপা উচুপনি আৰু ভয়াৰ্ত চকুযুৰিয়ে এতিয়াও তাইৰ লগ এৰা নিদিয়ে। কিহৰ ভয় আছিল সেই চকুযুৰিত? নিৰাপত্তাহীনতাৰ ভয় নে অপ্ৰত্যাশিত কিবা দেখা পোৱাৰ আতংক?

… অলপ ডাঙৰ হৈ বুজি উঠিছিল সেই মাজ নিশাৰ উচুপনিৰ অৰ্থ। কেইদিনমান আগত ন-কইনা হৈ ঘৰ সোমোৱা মানুহজনীয়ে মাজনিশা গাৰ কাষত মানুহজনক বিচাৰি নাপাই বাহিৰ পাইছিলগৈ। চোতালৰ সিমূৰে থকা হালোৱা নীতিনৰ ৰূমৰ পৰা চিটিকা অহা পোহৰ আৰু টুকুৰা কথোপকথোনে আচৰিত কৰিছিল তাইক। সন্ধিয়া ভাত খোৱাৰ পৰতটো কোনো আলহী অহা নাছিল। তেন্তে মাজনিশা কাৰ চেপা কথোপকথন? দূৱাৰৰ ফাঁকেৰে জুমি চাই তাই বুজি উঠিছিল মানুহজনৰ তাইৰ প্ৰতি থাকিবলগীয়া আসক্তি কম হোৱাৰ কাৰণ।

… দ্বিতীয়টো সন্তান মাখনৰ দৰে গাৰ ৰং আৰু সৰু সৰু চকুদুটিৰে গিৰীয়েকৰ ধৰ্মীয় ভায়েকৰ গঢ়ত গঢ় লৈছিল। মানুহৰ দাঁতৰ মাজেৰে চেপা খাই খাই কথাবোৰ কাণে কাণে বিয়পি পৰিছিল।

… দুটি সন্তানসহ খুব স্বাভাৱিকভাবেই বাট বুলিছিল খুৰীয়েকে। সেওঁতাৰ ৰঙাৰ দুয়োকাষে ৰূপোৱালী ৰঙ লৈছিল লাহে লাহে। মানুহজনীয়ে সুখী, সন্তুষ্ট মূখ এখনেৰে এইচোৱা বাট বাটকুৰি বাই আহিল।

… তাইৰ মনত আকৌ প্ৰশ্ন! এই সন্তুষ্টি কিমান আচল? দ্বিতীয়টো সন্তান খুৰীৰ প্ৰতিবাদ নে পৰিতৃপ্তি? কিহে ইমান সন্তুষ্টি আনে— প্ৰতিবাদে নে পৰিতৃপ্তিয়ে?

… প্ৰশ্নৰ শেষ থাকেনে? এই প্ৰশ্নৰ উত্তৰ দেখোন প্ৰশ্নতকৈও জটিল!

… কাইলৈ আৰু এখন চিনেমা চাব তাই। উহু! এইবাৰ উত্তৰ বিচাৰি নাচায়। মাত্ৰ চিনেমা চাব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে