চ’ৰাঘৰ / কথাশিল্প / আলান্ধু ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷
অংকন : অনিমেষ গগৈ

আলান্ধু ৷৷ সত্যেন্দ্ৰ বৰদলৈ৷৷

দোক্‌মোকালিতে সিহঁতক মাতিছিলোঁ
পুৱাৰ সূৰুয চাবলৈ
সিহঁতে দুৱাৰবোৰ জপাই থ’লে
আন্ধাৰে গচকি ধৰা সিহঁতৰ স্বৰবোৰ
জুহালৰ ওপৰত ওলমি থাকিল
অনন্ত কাললৈ

সিহঁতৰ প্ৰত্যেকৰে বাবে সাঁচি ৰাখিছিলোঁ
প্ৰাচুৰ্যৰ একোখন ৰঙীন আকাশ
সিহঁতৰ ঈৰ্ষাৰ জুইত ৰংবোৰ ম্লান হ’ল
ধোঁৱাই আগচি ধৰা মোৰ সমুখত
সেয়ে শুনো সিহঁতৰ অবিৰাম কিৰীলি

বৰ সংগোপনে ৰচা প্ৰতিটো বেহুত
ভৰি থওঁ অলক্ষিতে আৰু
সিহঁতৰ তেজপিয়া লোলুপ জিভাত
ঢালি দিওঁ বুকুৰ কাতৰতা

এনে এক অভ্যস্ত প্ৰহৰত কংকালসাৰ এটা অক্টোপাছৰ গোপন খোজৰ শব্দই
সজাগ কৰি দিলে বেসুৰা সাংগীতিক এটি
নিদ্ৰালু ৰাতিৰ নিস্তব্ধতা
সংকুচিত চেতনাৰ পিঞ্জৰাত হাত থৈ
ইতস্ততঃ এটা মৃদু কাতৰতা
হাউলি পৰিল সন্ধিয়াৰ পশ্চিম আকাশত৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে