চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / অসমীয়া লোক-সাহিত্যত ডিব্ৰুগড়ৰ ঐতিহ্য সন্ধান৷৷ টুনুজ্যোতি গগৈ৷৷

অসমীয়া লোক-সাহিত্যত ডিব্ৰুগড়ৰ ঐতিহ্য সন্ধান৷৷ টুনুজ্যোতি গগৈ৷৷

লোকজীৱনৰ লোক-অভিজ্ঞতা আৰু লোক-প্ৰজ্ঞাক ভেটি কৰিয়েই লোক-ভাষাৰ সহায়ত গঢ় লৈ উঠে লোক-সাহিত্যৰ ঐশ্বৰ্যয়ম সম্ভাৰ। সহজ ভাষাত ক’বলৈ গ’লে, সাধাৰণ খাটিখোৱা মানুহৰ সহজ-সৰল মনৰ নিভাঁজ অথচ মধুৰ ভাৱৰাশিৰ মুকলি প্ৰকাশেই হ’ল লোক-সাহিত্য। প্ৰতিজন মানুহৰ মাজতেই জীয়াই থাকে শিল্পবোধ — ধুনীয়া ফুল এপাহ, নীলা আকাশৰ কপহুৱা মেঘ, সৰ্পিল গতিৰে বৈ অহা নিজৰা আদি প্ৰত্যক্ষ কৰি; পাখি ধুনীয়া চৰাইৰ কাকলি, শুকান পাতৰ মৰমৰণি আদি শুনি মানুহ পুলকিত হৈ পৰে। প্ৰকৃতি আৰু বাস্তৱ জীৱনৰ পৰা আহৰণ কৰা বৰ্ণিল অভিজ্ঞতা, বল্গাহীন কল্পনা, শিল্পানুভূতি আৰু বুদ্ধিমত্তাৰ সংমিশ্ৰণেৰে লোক মনে যুগে যুগে লোক সাহিত্যৰ জন্ম দি আহিছে। অন্য অৰ্থত, মূলতঃ অনাখৰী সমাজত চৌদিশৰ চিনাকি পৃথিৱীখনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ সৈতে নিজৰ আৱেগ-অনুভূতি-উপলব্ধি-অভিজ্ঞতাক ৰসোত্তীৰ্ণভাৱে পৰিৱেশন কৰাৰ প্ৰৱণতাৰ ফলতে বিভিন্ন গীত-মাত, যোজনা-পটন্তৰ, সাধুকথা আদিৰ সৃষ্টি হৈ আহিছে। আধুনিক সভ্যতাৰ বিকাশৰ সময়ছোৱাত এচাম নব্য শিক্ষিতে লোক-জীৱনৰ ইতিহাস আৰু লোক-মনৰ শৈল্পিক প্ৰতিচ্ছবিৰে সমৃদ্ধ লোক-সাহিত্যক অনাদৰ-অৱহেলা কৰিলেও পৰৱৰ্তী সময়ত শিপাসন্ধানী শিক্ষিতসকলে লোক-সাহিত্যৰ ঐশ্বৰ্য, গুৰুত্ব আৰু মহত্ব উপলব্ধি কৰিবলৈ সক্ষম হয়। বৰ্তমান বিদ্যায়তনিক পৰ্যায়তো লোক-সাহিত্যক লৈ উচ্চস্তৰীয় চৰ্চা-গৱেষণা পৰিলক্ষিত হৈছে।

অসমীয়া সাহিত্যৰ ভঁৰালত লোক-সাহিত্য ‘মাণিকী মধুৰী জহা হৈ খুন্দ খাই আছে’ বুলি লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক ড০ লীলা গগৈয়ে কৈ গৈছে। এই লোক-সাহিত্যৰ বুকুতেই সন্ধান কৰিব পাৰি অসমৰ ‘সামাজিক জীৱনৰ বুৰঞ্জী’ও। অসমীয়া বা ইংৰাজী ভাষাত উপলব্ধ বুৰঞ্জীসমূহৰ পাতত সাধাৰণতে অসমৰ শাসকপক্ষৰ কাৰ্যকলাপৰ বিৱৰণহে পোৱা যায়; সামাজিক জীৱনৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায়। ডঃ ডম্বৰুধৰ নাথৰ মতে, ‘বুৰঞ্জীবোৰৰ মূল বিষয় ৰাজ্য, ৰজা আৰু ৰাজনীতি। সেয়ে ৰাজ্য আৰু ৰাজনীতিৰ ব্যতিৰেকে একোজন ৰজাৰ ল’ৰালি কালৰ কথাও বুৰঞ্জী একোখনত উল্লেখ নাথাকে। সেই একেই কাৰণতে সামাজিক, সাংস্কৃতিক বা অৰ্থনৈতিক জীৱনৰ কথাও বুৰঞ্জীবোৰত প্ৰত্যক্ষভাৱে উল্লেখ পোৱা নাযায়।’ (মধ্যযুগৰ অসমৰ বুৰঞ্জীৰ সমল বিচাৰ; প্ৰকাশ, জুন, ২০১৬ চন, পৃঃ ২৫)। এই আপাহতে মধ্যযুগীয় অসমৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক অৱস্থাৰ বিষয়ে বা সেই সময়ছোৱাৰ সাধাৰণ মানুহসকলৰ আৱেগ-অনুভূতিৰ বিষয়ে জানিবলৈ হ’লে লোক-সাহিত্য অধ্যয়ন নকৰিলেই নহয়। অধ্যয়নৰ বেলিকা কেৱল মনত ৰখা উচিত যে লোক-সাহিত্যৰ এটা প্ৰধান লক্ষণ হৈছে নৈৰ্ব্যক্তিকতা। এই সম্পৰ্কত ডঃ গগৈৰ মত হ’ল– ‘লোক-সাহিত্যৰ মাণিকী-মধুৰী জহাৰে যিকোনো সাহিত্যৰ ভঁৰালেই মেট্মৰা হৈ উঠিব পাৰে; কিন্তু ক’তো লেখক বা ৰচকৰ নামোল্লেখ নাই। সামূহিক জীৱনৰ আৱেগৰ অভিব্যক্তি হিচাপে এইবোৰেই ব্যক্তিজীৱনৰ অনুভূতি স্বীকৃত হয়।’ (অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, পৃ-২)

অসমীয়া ভাষাৰ জতুৱা ৰূপটোত উপলব্ধ বেছি ভাগ লোক-গীতেই পৌৰাণিক আখ্যান আৰু বুৰঞ্জীমূলক ঘটনা বা ব্যক্তিক কেন্দ্ৰ কৰি ৰচিত হৈছিল। পৌৰাণিক আখ্যানক আধাৰ কৰি ৰচিত গীতবোৰৰ ৰচনাকাল নিৰ্ণয় কৰাটো কঠিন। কিন্তু, বুৰঞ্জীমূলক গীতবোৰ (জয়মতী কুঁৱৰীৰ গীত, নাহৰৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত আদি)ৰ ৰচনাকাল নিৰ্ণয় কৰিবলৈ বিশেষ কঠিন নহয়। এই বুৰঞ্জীমূলক গীত-মালিতাবোৰত বুৰঞ্জীৰ বাস্তৱতা ৰক্ষিত হৈছে বুলি ডাঠি ক’ব নোৱাৰিলেও এইবোৰৰ পৰা বুৰঞ্জীৰ বহু মূল্যবান সমল আহৰণ কৰিব পাৰি। দৃষ্টান্তস্বৰূপে ‘মণিৰাম দেৱানৰ গীত’ এফাকিলৈ চোৱা যাওক –
মণিৰামক মাৰিলি ভালকে কৰিলি
পিয়ালিক মাৰিলি কিয়;
সেইনো কথা শুনি ৰংপুৰৰ আমোলৰ
আকাশে উৰি গ’ল জীৱ।

এই গীতফাকিৰ পৰা অনুমান কৰিব পাৰি যে স্বাধীনতা সংগ্ৰামী বুলি পৰিচিত মণিৰাম দেৱানৰ প্ৰতি সাধাৰণ প্ৰজাৰ বৰ ভাল ভাৱ নাছিল। কাৰণ, প্ৰথমাৱস্থাত মণিৰামে আত্মস্বাৰ্থ ৰক্ষাৰ বাবে বা নিজে ৰজা হোৱাৰ আকাংক্ষাৰে মান খেদিবলৈ অহা ব্ৰিটিছক অসমত গজগজীয়াকৈ বহিবলৈ উপায়-দিহা দিয়াই নহয়, অসমৰ স্বাধীনতাৰ বেলি চিৰদিনলৈ অস্তগামী হোৱাটো অৰিহণা যোগাইছিল। সেয়ে সাধাৰণ প্ৰজাই মণিৰামৰ পৰিৱৰ্তে পিয়ালি বা পিয়লি ফুকনকহে প্ৰকৃত স্বাধীনতা সংগ্ৰামী বুলি ভাবিছিল।

সি যি নহওক, প্ৰাচ্যতত্ত্ববিদ ডঃ মহেশ্বৰ নেওগে কৈছিল যে অসমীয়া লোক-সাহিত্যৰ অন্তৰ্গত বিহুনাম আৰু বনঘোষাবোৰতো অসমৰ সমাজ জীৱনৰ বহু প্ৰকাশ্য আৰু গোপন অধ্যায়েই লুকাই আছে। এই প্ৰকাশ্য বা গোপন অধ্যায়বোৰনো কি, সেয়া বিস্তৃত গৱেষণা-আলোচনাৰ বিষয়। আগ্ৰহী বিদ্বানসকলে বিহুনাম আৰু বনঘোষাবোৰত সমাজ জীৱনৰ প্ৰাণৰ স্পন্দন কেনেদৰে প্ৰকাশ পাইছে বা ইবোৰত অতীত হৈ পৰা সময়ছোৱাৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক প্ৰতিচ্ছবি কেনেদৰে ফুটি উঠিছে; সেই বিষয়ে নিশ্চয় চিন্তা-চৰ্চা কৰিব। আমি কেৱল বিহুনাম আৰু বনঘোষাবোৰত অসমৰ প্ৰথমখন আধুনিক চহৰ ডিব্ৰুগড়ে কেনেদৰে গুৰুত্ব লাভ কৰিছিল সেই বিষয়েহে আলোচনা কৰিব বিচাৰিছো।

এইখিনিতে বিহুনাম আৰু বনঘোষাৰ মাজত থকা ক্ষীণ পাৰ্থক্যৰ বিষয়ে কৈ লোৱাটো যুগুত হ’ব। সাধাৰণ অৰ্থত জাতীয় উৎসৱ বিহুৰ সৈতে সম্পৰ্কিত নামবোৰেই বিহুনাম। বিহুৰ বতৰত চহা ডেকা-গাভৰুৱে যৌনগন্ধী গীত গাই মনৰ ভাৱ বিনিময় কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে বসন্তকালত যৌনাসক্তিপূৰ্ণ গান গাই নাচ-বাগ কৰিলে পৃথিৱী পৰ্যাপ্ত শস্য উৎপাদন কৰিব পাৰকৈ যৌৱনমতী হয়। অৱশ্যে, গৃহস্থৰ চোতালত সমবেত হৈ গোৱা বিহুনামবোৰ যৌনগন্ধী নাছিল। এই বিহুনামবোৰত ডেকাসকলে বিহুৰ প্ৰতি অনুভৱ কৰা আকুল আগ্ৰহ, প্ৰকৃতিৰ বিভিন্ন অনুষংগ আদিহে ফুটি উঠিছিল। ইপিনে, বনঘোষা হ’ল হাবি-বননি-চাপৰি-ইকৰাণিৰ মাজত বা নৈৰ পানীঘাটত ডেকা-গাভৰুৱে জ্যেষ্ঠসকলে নুশুনাকৈ মুক্তমনে গোৱা উৎকট যৌনগন্ধী গীত। ড০ লীলা গগৈৰ মতে, যৌৱনৰ জোঁৱাৰত উটি অহা বনৰীয়া ভাৱ-ভাষাৰ গীতবোৰেই বন-ঘোষা। ‘বন-ঘোষাবোৰ বনৰীয়া নাম বা গৰখীয়াৰ নাম বুলিয়েই সাধাৰণতে জনাজাত। বনঘোষাৰ সংজ্ঞাটো নতুন; গীতবোৰ বহুত পুৰণি।’ (পূৰ্ব উল্লেখিত গ্ৰন্থ, পৃ- ১৩৪)।

লক্ষণীয় যে মধ্যযুগৰ অসমত সংঘটিত বিখ্যাত ৰণবোৰৰ উল্লেখ বিহুনাম-বনঘোষাবোৰত তেনেকৈ পোৱা নাযায়। এনেকি, বহু চৰ্চিত শৰাইঘাটৰ ৰণক লৈ ৰচিত বিহুনাম-বনঘোষাও আমাৰ দৃষ্টিগোচৰ হোৱা নাই এথোন। ইয়াৰ সম্ভাব্য কাৰণ এনেকুৱা হ’ব পাৰে— বিহুনাম বা বনঘোষাবোৰ উজনি অসমৰ, বিশেষকৈ অবিভক্ত শিৱসাগৰ জিলাৰ চহা ডেকা-গাভৰুৱে ৰচনা কৰিছিল; সেই সময়ত যোগাযোগৰ সুচল ব্যৱস্থা নথকাৰ বাবে নামনি অসমত অৱস্থিত শৰাইঘাট উজনিৰ পৰা বহু দূৰৈৰ ঠাইৰূপে পৰিগণিত হৈছিল, সেয়ে শৰাইঘাটৰ ৰণৰ খবৰে ৰণত ভাগ নোলোৱা উজনিৰ ডেকা (লগতে গাভৰু)ক স্পৰ্শ কৰিব পৰা নাছিল। হয়তো শৰাইঘাট ৰণক লৈ বিহুনাম-বনঘোষা ৰচিত হ’লেও সেইবোৰ কালৰ সোঁতত হেৰাই গ’ল। কিন্তু, বিহুনাম বা বনঘোষাত অন্য ৰণবোৰৰ বিষয়ে বিশেষ উল্লেখ নাথাকিলেও ডিবৰু আৰু শদিয়াৰ ৰণৰ সঘন উল্লেখ (এই ঠাই দুখন শিৱসাগৰ জিলাৰ পৰা ওচৰ হোৱা বাবেই?) পোৱা যায়–
ডিবৰুৰ ৰণখন শদিয়াত লাগিলে
মিৰিয়নী কান্দিলে ডালত।

আকৌ —
তোমাৰে সন্তাপত থাকিব নোৱাৰো
মৰিমগৈ শদিয়াৰ ৰণত।

নক’লেও হয় যে ১২২৮ চনত চাওলুং ছ্যু-কা-ফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যৰ উত্তৰ-পূব সীমান্তৰ ডিবৰু-শদিয়া অঞ্চলত স্বাধীনমনা মৰাণ, মটক, খামতি, চিংফৌ, চুতীয়া আদি জনগোষ্ঠীবোৰে বসবাস কৰিছিল। এই স্বাধীনমনা জনগোষ্ঠীবোৰৰ সৈতে আহোম সেনাই অনবৰত ৰণ-বিগ্ৰহত লিপ্ত হৈ থাকিবলগীয়া হৈছিল আৰু তেনে কোনো এখন ৰণত কোনো এজন ব্যৰ্থ প্ৰেমিকে ভাগ লোৱাৰ কথা ভাবিছিল। আহোমসকলৰ সুদীৰ্ঘ ছশ বছৰীয়া শাসনকালত বৰ্তমানৰ ডিব্ৰুগড় চহৰখন ডিবৰু, ডিব্ৰুমুখ আদি নামেৰে পৰিচিত আছিল। দেওধাই অসম বুৰঞ্জীৰ লগতে অন্যান্য পুৰণি বুৰঞ্জীসমূহত উল্লেখ থকা মতে, ১৫২৩ চন (বহুতৰ মতে ১৫২২ চন)ত আহোম আৰু চুতীয়াৰ মাজত হোৱা সংঘৰ্ষৰ সময়ত আহোম সেনাই চুতীয়া সেনাক বাধা দিবৰ বাবে ডিব্ৰু নদীৰ মুখত এটা গড় মৰাইছিল আৰু সেই গড়টো ডিব্ৰুমুখৰ গড় বুলি জনাজাত আছিল। ১৭৬৯ চনত মৰাণ সেনাপতি নেওগ ফুকনেও ডিবৰু নদীৰ পাৰত আন এটা গড় বন্ধাইছিল বুলি বুৰঞ্জীত পোৱা যায়।

ঐতিহাসিক মোৱামৰীয়া গণ বিদ্ৰোহৰ পাছত ডিব্ৰুমুখ বেংমৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল। বেংমৰা ৰাজ্য স্থাপন কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ অন্যতন নায়ক সৰ্বানন্দ সিংহই। এই ৰাজ্যৰ সীমা ডিব্ৰুমুখৰ পৰা শদিয়ালৈকে বিস্তৃত আছিল। ৰাজ্যৰ ৰাজধানী আছিল বেংমৰা (বৰ্তমান তিনিচুকীয়া)ত। সৰ্বানন্দই ১৭৮৮ চনৰ পৰা মুত্যু পৰ্যন্ত অৰ্থাৎ ১৮০৫ চনৰ ২৪ মে’লৈ বেংমৰা ৰাজ্য শাসন কৰিছিল। সেই বছৰতে আহোম ডাঙৰীয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বেংমৰা ৰাজ্য আক্ৰমণ কৰাত আহোম সেনা বাহিনীৰ হাতত মটক সেনা বাহিনী পৰাজিত হৈছিল। যুদ্ধৰ পাছত দুয়োপক্ষৰ মাজত চুক্তি স্বাক্ষৰিত হয়। চুক্তি অনুসৰি, বেংমৰা ৰাজ্যক আহোম ৰাজতন্ত্ৰৰ অধীনৰ এক স্বায়ত্ব শাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ লগতে সৰ্বানন্দৰ বৰপুত্ৰ মতিবৰক ৰাজ্যৰ শাসনভাৰ অৰ্পণ কৰে। মতিবৰ মটকসকলৰ বাবে ৰজা হ’লেও আহোম ৰজাৰ বাবে তেওঁ বৰ সেনাপতি হিচাবেহে পৰিগণিত হয়। বৰ সেনাপতি মতিবৰে ১৮৩৯ চনলৈকে বেংমৰা ৰাজ্য শাসন কৰিছিল।

আহোম ৰাজতন্ত্ৰৰ অন্তৰ্কন্দলৰ সুযোগ লৈ মান সেনাই ১৮১৭ চনৰ পৰা ১৮২২ চনৰ ভিতৰত তিনিবাৰকৈ আহোম ৰাজ্য আক্ৰমণ কৰিছিল। মানৰ আক্ৰমণ আৰু অকথ্য অত্যাচাৰত আহোম ৰাজ্যৰ প্ৰজাৰ অৱস্থা তথৈবচ হৈ পৰিছিল। আহোম ৰজাৰ অনুৰোধ মৰ্মে মান সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ব্ৰিটিছ সেনা বাহিনীয়ে ১৮২৪ চনত অসমত প্ৰৱেশ কৰে। অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সতে ব্ৰিটিছ সেনাই মান সেনাক অনায়াসে অসমৰ পৰা খেদি পঠিওৱাৰ পাছত নিয়ম মতে তেওঁলোকে অসম এৰি গুচি যাব লাগিছিল। কিন্তু, অসমৰ বুকুত পৰ্যাপ্ত প্ৰাকৃতিক সম্পদ দেখি তেওঁলোকে অসম এৰি যোৱাৰ কথা নাভাবিলে; অসমত ঔপনিৱেশিক শাসন প্ৰৱৰ্তন কৰিবলৈহে উদ্যোগ ল’লে।

১৮২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আহোম ৰজাক অন্ধকাৰত ৰাখি মান আৰু ব্ৰিটিছৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ লগে লগে আহোম ৰাজতন্ত্ৰৰ পতন ঘটে। সেই বছৰতে বৰ সেনাপতি মতিবৰৰ সৈতে বেংমৰা ৰাজ্য শাসন সন্দৰ্ভত ব্ৰিটিছ প্ৰতিনিধি ডেভিড স্কটৰ এক ঐতিহাসিক চুক্তি সম্পন্ন হয়। খামতিৰ শদিয়াখোৱা চাউচেলন গোহাঁইৰ সৈতেও শদিয়াৰ শাসন সন্দৰ্ভত স্কটে এক চুক্তি সম্পন্ন কৰে। ইপিনে, হত আহোম ৰাজ্য উদ্ধাৰৰ বাবে গোমধৰ কোঁৱৰ, পিয়লি ফুকন আদিয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰাত ১৮৩৩ চনত ব্ৰিটিছ প্ৰশাসনে পুৰন্দৰ সিংহক ৰজা পাতিবছৰি পঞ্চাশ লাখ টকা কৰৰ বিনিময়ত শদিয়া আৰু বেংমৰা ৰাজ্যৰ বাদে উজনি অসম শাসন কৰিবলৈ দিয়ে। কিন্তু, ১৮৩৮ চনত ব্ৰিটিছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসাৰৰ স্বাৰ্থতে চুক্তি অনুসৰি কৰ দিব নোৱৰাৰ অজুহাত দেখুৱাই পুৰন্দৰ সিংহৰ পৰা আহোম ৰাজ্য কাঢ়ি লয়। তাৰ পাছতেই ব্ৰিটিছে প্ৰশাসনৰ সুবিধাৰ্থে উজনি অসমক দুখন জিলা (ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক লখিমপুৰ জিলা আৰু দক্ষিণ পাৰক শিৱসাগৰ জিলা হিচাপে)ত ভাগ কৰে। পৰৱৰ্তী সময়ত দক্ষিণ পাৰৰ ডিব্ৰুমুখক মহকুমা হিচাবে লখিমপুৰ জিলাত অৰ্ন্তভুক্ত কৰা হৈছিল। উল্লেখ্য যে বেংমৰা ৰাজ্য শাসনৰ দায়িত্ব তেতিয়াও বৰ সেনাপতি মতিবৰকে দি থকা হৈছিল।

১৮৩৯ চনৰ দুই জানুৱাৰীত মতিবৰৰ মৃত্যুৰ পাছত ব্ৰিটিছে তেওঁৰ ভ্ৰাতৃ ভগীৰথক বেংমৰা ৰাজ্যৰ শাসনৰ ভাৰ দিয়ে। সেই বছৰৰে ১২ নৱেম্বৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেপ্তেইন হেমিলটন ডেটচ্ শক্তিশালী ফৌজসহ ভগীৰথৰ কাষলৈ আহে আৰু তেওঁৰ ওপৰত ৰাজ্য শাসনৰ কেতবোৰ নতুন চৰ্ত আৰোপ কৰে। সেই চৰ্তবোৰ মানি ল’লে ভগীৰথৰ ৰজা হিচাবে কোনো স্বাধীনতা নাথাকে বাবে তেওঁ চৰ্তবোৰ মানি লোৱা নহ’ব বুলি জনোৱাত কেপ্তেইন ডেটচে বেংমৰা ৰাজ্যখন কোম্পানীৰ অধীনলৈ নিয়া হ’ল বুলি ঘোষণা কৰিলে। সেই ঘোষণা অনুসৰি ১৮৩৯ চনৰ ২৪ ডিচেম্বৰৰপৰা বেংমৰা ৰাজ্যখনো ব্ৰিটিছৰ অধীন হৈ পৰিল। উল্লেখ্য যে কোনো কোনো ঐতিহাসিকে ১৮৪১ চনৰ ২৯ ডিচেম্বৰত বৰ সেনাপতি মতিবৰ আৰু ব্ৰিটিছৰ মাজত হোৱা তিনিচুকীয়া ৰঙাগড়া সন্ধি অনুসৰি ডিব্ৰুমুখ অঞ্চল ব্ৰিটিছৰ অধীনলৈ যায় বুলি উল্লেখ কৰিছে। কিন্তু, ১৮৩৯ চনত মৃত্যু হোৱা মতিবৰৰ সৈতে ব্ৰিটিছৰ সন্ধি কেনেদৰে হ’ল বা ১৮৩৯ চনত ডিব্ৰুমুখ দখল কৰাৰ পাছত পুনৰ ডিব্ৰুমুখ দখল কৰাৰ প্ৰয়োজনীয়তা ক’ত – সেই বিভ্ৰান্তিমূলক প্ৰশ্নবোৰৰ কোনো গ্ৰহণযোগ্য উত্তৰ তেওঁলোকে দিয়া নাই।

ব্ৰিটিছসকলে চলে-বলে-কৌশলে আহোম ৰাজ্য আৰু বেংমৰা ৰাজ্য হস্তগত কৰাৰ আগৰ পৰাই উজনি অসমৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনেৰে আন্তৰ্জাতিক বাণিজ্য প্ৰসাৰ কৰিবলৈ আৰু প্ৰশাসনীয় কাম-কাজ সুচাৰুৰূপে চলাবলৈ এডাখৰ সুচল ঠাইৰ সন্ধান কৰিছিল। সেই মৰ্মেই তেওঁলোকে জল আৰু স্থল পৰিবহনৰ বাবে উপযোগী ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা ডিব্ৰুমুখত এখন আধুনিক চহৰ পতাৰ সিদ্ধান্ত লৈছিল। ডিব্ৰুমুখৰ জলবায়ু তেওঁলোকৰ স্বাস্থ্যৰ বাবেও উপযোগী আছিল। উজনি অসমৰ শাসনভাৰ সম্পূৰ্ণৰূপে নিজৰ অধীনলৈ নিয়াৰ পাছতে অৰ্থাৎ ১৮৪০ চনত ব্ৰিটিছসকলে আহোমসকলৰ দৰেই স্থানীয় স্বাধীনমনা জনগোষ্ঠীসমূহৰ সম্ভাব্য আক্ৰমণৰ পৰা ৰক্ষাপাবলৈ ডিব্ৰুমুখৰ পৰা ছয় কিঃ মিঃ আঁতৰত, ডিব্ৰু¸ নদীৰ দক্ষিণপাৰত এটা গড় (ফ’ৰ্ট) বন্ধাইছিল। সেই গড়ৰ নাম অনুসৰিয়েই পূৰ্বৰ ডিবৰু বা ডিব্ৰুমুখ নামৰ ভূমিখণ্ড ডিব্ৰুগড় হিচাবে খ্যাত হৈ পৰে।

ব্ৰিটিছ প্ৰশাসনে নিৰাপত্তাজনিত কাৰণত গড় বন্ধোৱাৰ সমান্তৰালভাৱে ডিব্ৰুমুখ বা ডিব্ৰুগড়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন আধুনিক চহৰৰ পাতনি মেলিলে। প্ৰশাসনে ১৮৪০ চনত ডিব্ৰুগড়ক লখিমপুৰ জিলাৰ সদৰ ৰূপে ঘোষণা কৰাৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহত লিপ্তসকলক বিচাৰ কৰিবলৈ খেৰ-বাঁহেৰে এখন বিচাৰালয় আৰু তেওঁলোকক বন্দী কৰি থ’বলৈ এখন পকী কাৰাগাৰ নিৰ্মাণ কৰে। এই কাৰাগাৰখনেই অসমৰ প্ৰথম পকী কাৰাগাৰ আছিল। সেই বছৰতে ঔপনিৱেশিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হয়। ১৮৪২ চনত ব্ৰিটিছসকলে বৰ্তমানৰ ডিব্ৰুগড়, তিনিচুকীয়া (শদিয়া), লখিমপুৰ আৰু ধেমাজিক লৈ এখন বৃহৎ প্ৰশাসনিক জিলা গঠন কৰাৰ লগতে পূৰ্বৰ ঘোষণা অনুসৰি সদৰ কাৰ্যালয় লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰ কৰে। এই জিলা সদৰলৈ বাণিজ্য প্ৰসাৰৰ লক্ষ্যৰে ইংলেণ্ডৰ পৰা ভালেমান ব্ৰিটিছ বিষয়াৰ আগমন ঘটিছিল। ধৰ্ম প্ৰচাৰৰ বাবে খ্ৰীষ্টান মিছনেৰীসকলো আহিল। এনেদৰেই ডিব্ৰুগড় চহৰখন ঔপনিৱেশিক যুগত উজনি অসমৰ প্ৰশাসনিক, শৈক্ষিক, ব্যৱসায়িক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশতে বাটকটীয়া হৈ পৰে।

সি যি নহওক, ৰাজতন্ত্ৰ পতনৰ পাছতে ব্ৰিটিছসকলে অসমত নতুন ধৰণৰ শাসন পদ্ধতি প্ৰৱৰ্তন কৰিল। গা কৰি উঠিল যন্ত্ৰ সভ্যতা। এই যন্ত্ৰ সভ্যতাৰ প্ৰভাৱ স্থানীয় জনজাতীয়-জনগোষ্ঠীয় লোকসকলৰ ওপৰতো ধীৰে ধীৰে পৰিবলৈ ধৰিলে। স্থানীয় লোকসকলৰ সাজ-পোচাক, জীৱন নিৰ্বাহ পদ্ধতি আদিতো পৰিৱৰ্তনৰ বোল লাগিল। মধ্যযুুগীয় সাজ-পোচাক (‘গোমচেঙৰ চোলা’, ‘গুণা কটা পাগুৰি’, ‘শেল দিয়া চুৰিয়া’, ‘বুকু চোলা’), অলংকাৰ-পাতি (কাণত জিলিকা নৰা-জাংফাই), কেঁকোৰা দোলা আদিৰ ব্যৱহাৰ কমি আহিল। আগৰ ডেকাই প্ৰেমিকাক কৈছিল– ‘পেৰাৰে সিংখাপ দি যাম উলিয়াই, বেহাই যাম প্ৰেমৰে বেহা।’ গাভৰুৱে ‘জালিকটা ৰিহাখন’ গাত মেৰিয়াই, সৰু দৈয়া জাপি পিন্ধি বিয়া-সবাহ খাবলৈ গৈছিল। প্ৰেমিকাৰ খোপাত গুঁজিবলৈ প্ৰেমিকে পাহাৰ বগাই বগাই ছিঙি আনিছিল কপৌফুল। কিন্তু, ঔপনিৱেশিক যুগত অভিজাত পৰিয়ালৰ সদস্যই ব্যৱহাৰ কৰা আৰ্চী (আৰ্চীৰ কেনুৱা, গণে ঐ লাহৰী, আৰ্চীৰ কেনুৱা গণ), মলমলাই গোন্ধাই থকা গোন্ধতেল, ৰেচমৰ ৰুমাল, ‘চিমলাই চুৰিয়া’, মেলিব-জপাব পৰা ছাতি আদিৰ প্ৰতি জাৰণি-বননিৰ মাজত বনঘোষা গাই ফুৰা গাঁৱৰ ডেকা-গাভৰুও আকৰ্ষিত নোহোৱাকৈ নাথাকিল।

আগতে কেঁচ বচা ৰিহা পিন্ধা গাভৰুৰ ৰঙা চোলা বা জাকিট চোলা পিন্ধিবলৈ মন গ’ল। কঁঠালৰ খৰম পিন্ধা ডেকাজনৰো চটিজোতা পিন্ধিবলৈ বৰকৈ হাউচ হ’ল। আগতে ৰাতি বিহু মাৰিবলৈ বা হুঁচৰি গাবলৈ ডেকা-গাভৰুৱে জোঁৰ-ভমক জ্বলাই গ’লেও নতুনকৈ হাৰিকেন লেম্প্ লগা হ’ল। গাভৰুৱে ৰুমালৰ মাজত বা থুৰিয়া তামোলত চফ দিবলৈও শিকিলে। ‘গা চায়ে চোলা, মূৰ চাই সেওঁতা, কাণত বাখৰ লগা কেৰু’, ‘ছাতিৰে পানীৰে, চেলেং তিতি গ’ল, দুৱাৰ মেলি দিয়া, সোমাওঁ’ আদি বিহুনামবোৰে যেন নতুন যুগৰ অসমীয়া নাৰী-পুৰুষৰ সাজ-পোচাক বা জীৱনশৈলীৰ এখন ছবি দাঙি ধৰে।

সেই নতুন বিলাসী সামগ্ৰীসমূহ ক’ত পোৱা গৈছিল? তাৰ উত্তৰ বিহুনাম-বনঘোষাৰ মাজতেই পাওঁ –
আমি যে যাওঁগৈ ডিবৰু জিলালৈ
আনি দিম বজাৰৰ সূতা;
তুমি বৈয়ে ল’বাঁ ৰিহাকৈ মেখেলা,
মোকে বৈয়ে দিবা চোলা।

০০ ০০ ০০
ডিবৰু জিলাতে আছে জাকিট চোলা
সেইটোৱে শুৱাব তোক।

০০ ০০ ০০
ডিবৰু শুৱনি দীঘলী বজাৰ এ
শিৱসাগৰ শুৱনী দ’ল।

ডেকাই ডিবৰুৰ পৰা ঘূৰি আহিয়েই গাব পৰা হ’ল– ‘ক’লা চোলা কুৰুতা, গুদাম মাৰো পাঁচোটা’ বা ‘ডিব্ৰুগড়তে কিনো নাইকিয়া, আছে মুগা-বোৱা ৰাঁচ’। সন্দেহ নাই, সেই সময়ত বিহুনাম-বনঘোষাৰ মূল উৎপত্তিস্থলী শিৱসাগৰৰ পৰা ডিব্ৰুগড় দূৰণিৰ চহৰ আছিল। ডিব্ৰুগড়ত বসবাস কৰা ব্ৰিটিছ চাহাব, বঙালী বা অসমীয়া আমোলাৰ আদব-কায়দাই শিৱসাগৰ আৰু লখিমপুৰ জিলাৰ সাধাৰণ গ্ৰাম্যবাসীক চমক খুৱাইছিল। অৱধাৰিতভাৱেই বিহুনাম-বনঘোষা গোৱা দলে পশ্চিমীয়া জীৱনশৈলী নিজে দেখি বা আনৰ মুখেৰে শুনি তাৰে দুই এটা উপমা প্ৰয়োগেৰে বিহুনাম-বনঘোষা ৰচিছিল। তেতিয়াৰ পৰাই বিহুনাম-বনঘোষাত কোম্পানী, চাহাব, টাইম, বঙলা, বাগিচা আদি শব্দৰ পয়োভৰ ঘটিল।

ডিব্ৰুগড় নতুন পণ্যৰ হাট-বজাৰেৰে ভৰা ঠাই বুলি লোক সাহিত্যই দিয়া তথ্য অশুদ্ধ হ’বই নোৱাৰে। দীঘলী বজাৰত নিঃসন্দেহে বঙালী-মাৰোৱাৰী (কেঞা) সম্প্ৰদায়ৰ ব্যৱসায়ীয়েই হৰেক ৰকমৰ বিদেশী বয়-বস্তু বেহাইছিল। অৱশ্যে, পৰৱৰ্তী সময়ত শিৱসাগৰ, যোৰহাট আদি ঠাইতো কেঞা মহাজনৰ গোলা বহিছিল আৰু সেই গোলাসমূহতো বিদেশী বস্তু উভৈনদী হৈ পৰিছিল। ১৮৫৪ চনৰ মিলছৰ প্ৰতিবেদনত কেঞা আৰু বঙালীৰ গোলাৰ বিষয়ে উল্লেখ পোৱা যায়। উল্লেখ্য যে ১৮৬৩ চনত কৃষ্ণনাথ সাধুচৰণ পালে ডিব্ৰুগড়ত প্ৰথমখন বৃহৎ গেলামালৰ দোকান প্ৰতিষ্ঠা কৰিছিল আৰু সেই দোকানখনেই ডিব্ৰুগড়ৰ সৰ্বপ্ৰথম আয়কৰ ভৰা প্ৰতিষ্ঠান আছিল। সেই সময়ত অসমলৈ অহা বঙালী আৰু মাৰোৱাৰীসকল স্থানীয় লোকসকলতকৈ শিক্ষা-দীক্ষা আৰু বেহা-বেপাৰত আগৰণুৱা আছিল বাবে ‘বঙালীৰ মাথা, মাৰোৱাৰীৰ খাটা’ বুলি অসমীয়া ভাষাত এক প্ৰবচনেই সৃষ্টি হৈছিল।

১৮২৩ চনত ৰৰ্বাট ব্ৰুচে শদিয়া অঞ্চলত বনৰীয়া চাহ আৱিষ্কাৰ কৰাৰ কেই বছৰ মানৰ পাছত অৰ্থাৎ ১৮৩৪ চনত ব্ৰিটিছসকলে ডিব্ৰুগড়ৰ ওচৰতে অৱস্থিত চাবুৱাত এখন চাহ বাগিচা স্থাপন কৰিছিল। তেওঁলোকে অসমত চাহ খেতিৰ প্ৰচুৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি ১৮৩৯ চনত আসাম টি কোম্পানী গঠন কৰে আৰু কম সময়ৰ ভিতৰতে উজনি অসমৰ শ শ বিঘা সাৰুৱা মাটিত ইখনৰ পাছত সিখন চাহ বাগিচা খোলে। বিভিন্ন আৰ্থ-সামাজিক কাৰণত স্থানীয় লোকসকলে বাগিচাত শ্ৰমিকৰ কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰাত কোম্পানীয়ে উৰিষ্যা,পশ্চিমবংগ, বিহাৰ আদি ঠাইৰ পৰা হেজাৰ হেজাৰ শ্ৰমিকক বিভিন্ন প্ৰলোভনেৰে অসমলৈ আনে আৰু তেওঁলোকৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত বাগিচাবোৰ জীপাল হৈ উঠে। উজনি অসম চাহ বাগিচাৰে ভৰি পৰাৰ লগে লগে অলপ-অচৰপ ইংৰাজী পঢ়িবলৈ-লিখিবলৈ শিকা দুই এজন স্থানীয় ডেকাই বাগিচাৰ কেৰাণী-মহৰী হিচাপে নতুন জীৱনৰ পাতনি মেলিেল। কোনোৱে চৰকাৰী চাকৰিতো যোগদান কৰিলে। ডেকাৰ সেই নতুন জীৱনক যেন প্ৰেমিকাই সহজভাৱে ল’ব পৰা নাছিল। তেওঁ প্ৰেমিকৰ পূৰ্বৰ স্বচ্ছন্দ জীৱনলৈ বাধ্যবাধকতা আহি পৰিল বুলি অনুভৱ কৰি গাইছিল –
শোৱা পাটী এৰি দুটি চকু মোহাৰি
খালা কি নেখালা ভাত,
চৰকাৰী কামলৈ ঢাপলি মেলিলা
লগাই থৈ নগ’লা মাত।

কোনো কোনো ডেকাই সৰহকৈ দুটকা ঘটাৰ আশাত বেহা-বেপাৰত ধৰিছিল। বেপাৰত টলৌ-টলৌকৈ ঘূৰি ফুৰা ডেকাজনৰ সংগ আগৰ দৰে নোপোৱাৰ বাবে প্ৰেমিকাই তেওঁক আগৰ জীৱনলৈ উভতি আহিবলৈ অনুৰোধ নজনোৱাকৈ নাথাকিল–
ইয়ে বোলে বেপাৰী সিয়ে বোলে বেপাৰী
নেলাগে বেপাৰৰ ধন
ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা
শুনি থাকিবৰে মন।

ডেকা-গাভৰুৰ তেনে হা-হুমুনিয়াহ বেছি দিনলৈ শুনা নগ’ল। ‘কোম্পানীৰ চাকৰি নালাগে লাহৰী, নালাগে তলপৰ ধন’ বুলি গোৱা ডেকাজনেও কোম্পানীৰ চাকৰি এটাৰ বাবে হাবিয়াস কৰা হ’ল। তেওঁলোকে কোম্পানী বা চৰকাৰী চাকৰিয়েহে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি ভাবিবলৈ ল’লে। ডেকা-গাভৰুৰ ভাৱ-চিন্তাৰ পৰিৱৰ্তনৰ স্বাক্ষৰ বিহুনাম-বনঘোষাত সুন্দৰকৈ ফুটি উঠিছে –
কেৰেণী নহ’লো মহৰী নহ’লো
তোমাক কেনে কৰি পাম?

চৰকাৰী বা কোম্পানীৰ চাকৰি কৰিবলৈ লোৱাজনৰ বাবে ‘চ’ৰাঘৰ’, ‘বৰচ’ৰা’, ‘পানীচ’ৰা’, ‘তামুলীচ’ৰা’ আদি শব্দবোৰ অব্যৱহাৰ্য হৈ পৰিল; সেই শব্দবোৰৰ ঠাই ল’লে বঙলাই–
শহুৰৰ বঙলা দেখিবলৈ সুৱলা
দুৱাৰত ইংৰাজী লেখা।

এই বিহুনাম ফাঁকিৰ পৰা অনুমান কৰিব পাৰি যে ব্ৰিটিছৰ তলত চাকৰি কৰা প্ৰথম প্ৰজন্মৰ অসমীয়াই গ্ৰাম্য জীৱনৰ সৈতে নিকট সম্পৰ্ক ৰক্ষা কৰি চলিছিল। আদৰৰ কন্যাক হয়তো বঙলা দেখিয়েই চমক খোৱা গাঁৱৰ চহকী ডেকালৈ বিয়া দিছিল। অৱশ্যে, এনে বিহুনাম বঙলাত বাস কৰা ধুনীয়া গাভৰুক নিজৰ কৰি লোৱাৰ হেঁপাহ থকা কল্পনাপ্ৰৱণ ডেকায়ো ৰচনা কৰিব পাৰে। সেইদৰে, ‘নাচনী আছেগৈ ডিবৰু জিলাতে কিহতকৈ বাতৰি দিওঁ’, ‘আমি যে যাওঁগৈ ডিবৰু জিলালৈ, তুমি নকৰিবা বেজাৰ’ আদি বিহুনাম-বনঘোষাবোৰৰ পৰা এয়াও অনুমান কৰিব পাৰি যে বগী টিন জিলিকা বঙলা ডিব্ৰুগড়ৰ দৰে আধুনিক চহৰতহে দেখা পোৱা গৈছিল। প্ৰাপ্ত তথ্য মতে, ব্ৰিটিছে ১৮৪৯-৫০ চনত ডিব্ৰুগড়ত পূৰ্বৰ খেৰ-বাঁহৰ বিচাৰালয়টো ৫,৪৪৬.০০ টকা ব্যয়ৰে নতুনকৈ নিৰ্মাণ কৰাৰ উপৰি সেই সময়তে প্ৰায় ১,৬০০.০০ টকা ব্যয়ৰে মেগাজিন গুদামঘৰ আৰু চেন্টাৰ নিৰ্মাণ কৰিছিল। ১৮৫১ চনত ৰেজিমেন্টৰ পকী গুদামঘৰ, ১৮৫৩-৫৪ চনত সামৰিক চিকিৎসালয়, ১৮৫৬-৫৭ চনত চেইন্টপল গীৰ্জাঘৰ, ১৮৫৯-৬০ চনত ফৌজদাৰী কাৰাগাৰ আদি নিৰ্মাণ কৰিছিল। দুখৰ বিষয় যে বিহুনাম-বনঘোষাত জীৱন্ত হৈ থকা ডিব্ৰুগড় চহৰখনৰ বহু ঐতিহ্য (‘দীঘলী বজাৰ’কে ধৰি পেৰী পাৰ্ক, সেন্দূৰী আলি, ডিব্ৰুগড় দুৰ্গ আদি) ১৯৫০ চনত হোৱা ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গ’ল। ঔপনিৱেশিক যুগৰ ঐতিহ্যৰ স্মাৰক বুলিবলৈ কাছাৰী ঘৰ, কাৰাগাৰ আদি দুটামানহে বাচি থাকিল।

সি যি নহওক, ১৮৪৭ চনত পোনতে কলিকতা আৰু গুৱাহাটীৰ মাজত ভাপ-জাহাজ চলিছিল। এবছৰৰ পাছতে ডিব্ৰুগড়লৈকে এই জাহাজ চলাচল কৰিবলৈ লোৱাৰ লগে লগে বিহুনাম-বনঘোষা গোৱা দলে জাহাজৰ উপমা খটুৱাই নতুন নাম ৰচিবলৈ ধৰিলে–
উজায়ে আহিলে কোম্পানীৰ জাহাজ ঐ
পিথপী টলবল্ দেখোঁ
চপাই দে চপাই দে কোম্পানীৰ জাহাজ ঐ
মনোমতীৰ বাতৰি সোধোঁ।
০০ ০০ ০০
নৈয়ো গুমেগুমায় কোম্পানীৰ জাহাজ ঐ
ঢেঁকীনো গুমেগুমায় থোৰা।

১৮৭৬ চনত লিডু আৰু মাকুম (মাৰ্ঘেৰিটা)ত কয়লা আৱিষ্কাৰ হোৱাৰ লগে লগে ব্ৰিটিছে কয়লা সৰবৰাহৰ বাবে অসমত ৰে’লসেৱা প্ৰৱৰ্তনৰ উদ্যোগ লয়। ১৮৮২ চনত ডিব্ৰুগড়ত ৰে’লৱে ৱৰ্কশ্বপ স্থাপন কৰি সেই বছৰৰ এক মে’ত মোহনাঘাটৰ পৰা শদিয়ালৈকে ৭৮ মাইল দীঘল ৰে’লপথ নিৰ্মাণ সম্পূৰ্ণ কৰে আৰু সেইদিনাই ডিব্ৰুগড়ৰ ৰিহাবাৰী ষ্টেচনৰ পৰা লাহোৱাললৈ পৰীক্ষামূলকভাৱে ৰে’ল চলাই চায়। ১৮৮৩ চনৰ ১৬ জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ প্ৰথমখন মালবাহী ৰে’ল আৰু ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ প্ৰথমখন যাত্ৰীবাহী ৰে’ল চলাচল কৰে। পৰৱৰ্তী সময়ত কৰ্ণেল বেৰী হোৱাইটৰ প্ৰচেষ্টাত ডিব্ৰুগড়ৰ পৰা বংগদেশলৈও ৰেল চলিছিল। কোম্পানীৰ নতুন পৰিবহন ব্যৱস্থাই অসমৰ ডেকা-গাভৰুৰ মনৰ দিগন্তও বিশাল কৰি তুলিলে। আগতে হাবি-বনৰ মাজেৰে দূৰণিলৈ যাব লগা হ’লে হাঁহ মাৰি মিতিৰ-কুটুমৰ সৈতে এসাঁজ খাই যোৱা গাঁৱৰ মানুহক ৰেলগাড়ী-মটৰ গাড়ীয়ে এখন নতুন পৃথিৱীলৈ হাতবাউল দি মাতিলে। উজনি অসমৰ মানুহৰ বাবে সেই নতুন পৃথিৱীৰ প্ৰথমটো ‘ইষ্টেশ্যন’ হ’ল ডিব্ৰুগড় –
বজাৰত কিনিলো ৰেচেমৰ ৰুমালখন,
ৰেলগাড়ী ভটিয়াই গ’ল;
বিয়া কৰিম বুলি বৰঘৰ সাজিলো,
গৰু বন্ধা গোহালি হ’ল।
০০ ০০ ০০
ৰিহাবাৰী ইষ্টেশ্যন তিনি কুঠলীয়া
ওপৰে লগোৱা টিন।

আগতে শদিয়াৰ ৰণত মৰিবলৈ মন কৰা বা ‘মতা ম’হ বেচি’, ‘লাখুটি ধোঁৱা চাঙত তুলি’ নগাৰ চাঙে চাঙে বগাই ফুৰাৰ কথা ভবা ডেকাজনে নতুন যুগত আৰু অলপ দূৰলৈ যাবলৈ মন মেলিলে। বিৰহী ডেকাইতো ‘দীঘলী বজাৰ’, ‘ৰিহাবাৰী ইষ্টেছন’ৰে ভৰা ডিব্ৰুগড় হেন চহৰ এখন এৰি যোৱাৰ কথাও ভাবিলে –
ভাটীলৈ ভটিয়াই যামে ঐ লাহৰী
নেথাকো কোম্পানীৰ দেশত।
০০ ০০ ০০
লুইত পাৰ হ’লো দিখৌ পাৰে হ’লোঁ
জিৰালো কলিয়াবৰত,
তোমাকে বিচাৰি এৰো ঘৰে-বাৰী
নেথাকোঁ ডিবৰুগড়ত।

লক্ষণীয় যে ব্ৰিটিছ নিৰ্মিত আধুনিক চহৰ ডিব্ৰুগড়ৰ প্ৰসংগ কেৱল অসমীয়া লোক-সাহিত্যৰ অন্যতম অংগ বিহুনাম-বনঘোষাতেই উপলব্ধ নহয়; প্ৰাক্ স্বাধীনতা কালত ৰচিত আধুনিক অসমীয়া সৃষ্টিশীল সাহিত্যতো এই চহৰখনৰ ঐতিহ্যৰ বিভিন্ন প্ৰসংগ উপলব্ধ হয়। দৃষ্টান্তস্বৰূপে, লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ভোকেন্দ্ৰ বৰুৱা’ শীৰ্ষক ব্যংগ ৰচনাখনত ভোকেন্দ্ৰই পিতৃক ফটো উঠিবৰ বাবে গৰু বিক্ৰী কৰি হ’লেও ডিব্ৰুগড়লৈ যাবলৈ পৰামৰ্শ দি চিঠি লিখাৰ পৰাই অনুমান কৰিব পাৰি যে উজনি অসমৰ ভিতৰত প্ৰথম ডিব্ৰুগড়তেই ফটো ষ্টুডিঅ’ স্থাপিত হৈছিল। বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাসখনৰ নায়ক কমলাকান্তৰ ধনী-মানী শহুৰেকৰ ঘৰ আছিল ডিব্ৰুগড়ত। উপন্যাসখনত কমলাকান্তৰ শহুৰেকৰ ঘৰ-ঘৰোৱাহৰ যি সৰস বৰ্ণনা আছে, সেই বৰ্ণনাই প্ৰাক্ স্বাধীনতাকালৰ অসমৰ অভিজাত সমাজখনৰ এখন সুন্দৰ ছবি দাঙি ধৰে। সৃষ্টিশীল সাহিত্যৰ এনে সমলবোৰৰ আধাৰত নিশ্চয় ডিব্ৰুগড়ৰ সমাজ-জীৱনৰ অন্য এখন ইতিহাস ৰচনা কৰিব পৰা যায়। সেই সম্ভাৱ্য ইতিহাস শাসকপক্ষৰ ইতিহাস নহয়, খাটিখোৱা জনসাধাৰণৰহে ইতিহাস হ’ব।

সহায়ক গ্ৰন্থপঞ্জী 
১. গগৈ, ডঃ লীলা; অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা, প্ৰকাশক : বনলতা, ডিব্ৰুগড়, ২০১১ চন।
২. গগৈ, যাদৱ (সম্পা.); সদৌ অসম মটক সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ষট্বিংশতিতম্ দ্বি-বাৰ্ষিক ডিব্ৰুগড় অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ। ২০০৭ চন।
২. দত্ত, সুমন (সম্পা.); ১৯৫০… এক কৰুণ গাথা, প্ৰকাশক : শ্বহীদ স্মৃতিৰক্ষা সমিতি, ডিব্ৰুগড়, ২০১৭ চন।
৩. নেওগ, মহেশ্বৰ; অসমীয়া গীতি সাহিত্য, ( ব্যৱহত গ্ৰন্থখনিৰ পৰিচয় পৃষ্ঠা নষ্ট হোৱাত প্ৰকাশৰ চন আৰু প্ৰকাশকৰ নাম উদ্ধাৰ কৰিব পৰা নহ’ল।)

আলোচনী
১. দেউৰী, মিহিৰ (সম্পা.); প্ৰকাশ, জুন, ২০১৬ চন।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে