চ’ৰাঘৰ / কথাশিল্প / তুমি বিচৰাজন৷৷ মদাৰজ্যোতি৷৷

তুমি বিচৰাজন৷৷ মদাৰজ্যোতি৷৷

তুমি বিচৰাজন মই নহয়

আধুনিক জীৱিকা এটাৰ ছাপ মৰা জলম
আধুনিক বাহনৰ সৈতে ডিজিটেল একাউন্ট
অলপ চিকাৰী চকু আৰু সন্মোহন ধাৰ কৰা

তুমি বিচৰাজন মই নহয়

অলপ বাঁওবাদী হৈ সোঁবাদৰে হাত মিলোৱা
অলপ আঞ্চলিক হৈ ৰাষ্ট্ৰবাদৰে সন্ধি কৰা
টুপাই বুৰ মৰা জাতীয়তাবাদী হৈ
ষ্পৰ্শকাতৰ ক্ষণত জাতিটোৰ হৈ গল ফলা

মোৰ গাত এনে গুণ নাই যে
মই তোমাৰ হ’ব পাৰোঁ

শত্ৰু হ’লেও দুৰ্ভিক্ষৰ কালত
তেওঁলৈ ভোকৰ ভাত বিলাব পাৰোঁ
বিধৰ্মী হ’লেও তেওঁৰ ৰক্তাক্ত দেহত
বনৌষধিৰ লেপন সানিব পাৰোঁ

তুমি বিচৰা ওখ ঘৰ এটা
মই দিব নোৱাৰোঁ
নিজাকৈ এহালিছা মাটিতো
উদ্বাস্তু শৰণাৰ্থীৰে ভৰাইছোঁ ঘৰ

তুমি বিচৰা ফুলনিখন
মই পাতিব নোৱাৰোঁ
ফুল-কোমল শিশুবোৰ নিৰ্যাতনত মৰহিছে

তুমি বিচৰা সময় তোমাক দিব নোৱাৰোঁ
ইয়াতেই মৰা টিপা দেখি
কোন গড়গাঁও পালেগৈ শিপা
তাৰেই সন্ধানত কাটিছে মোৰ সময়

মই তোমাক দিব পৰাকৈ একোৱেই নাই
জিৰিক জিৰিক সপোন তুলি চোতাল ভৰাবলৈ
ভঁড়ালৰ গাধৰিত বিৰিয়া নাই
নিচুকনি গীত জুৰি মইনাক শুৱাবলৈ
আইৰ মুখৰ ভাষা নাই
বগা পাল তুলি সাউদৰ ডিঙৰা
উজনি দেশলে’ উজাব পৰা নাই

যাদুকৰী গণতন্ত্ৰৰ এই দেশত
তুমি বিচৰা মনৰ মানুহজন থাকিব নোৱাৰে
হয়তোবা তেওঁ মূক
হয়তোবা তেওঁ হেমলক পাণ কৰা চক্ৰেটিজ
হয়তোবা তেওঁ অৰণ্য নিবাসী

হ’ব পৰাহ’লে তুমি বিচৰাজন
বৰ ভূঁইকঁপে সলালে হয় এই দেশৰ ভূগোল

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে