চ’ৰাঘৰ / কথাশিল্প / অস্তিত্ব৷৷ ৰিমঝিম মহন্ত৷৷

অস্তিত্ব৷৷ ৰিমঝিম মহন্ত৷৷

“জীৱনটো যদি এখন ডায়েৰীৰ কেইটামান পৃষ্ঠা হয় ! শব্দবোৰক যদি শিকলি লগাই বন্দী কৰা হয়…! মৃত্যুলৈ আৰুনো কেইদিন বাকী থাকে, তাৰ হিচাপ কোনে দিব? সময়ে দিবনে? দিবনে ঘূৰাই সময়ে সেই সোণসেৰীয়া সপোনটো? জীৱনৰ অৰ্থ বিচাৰি ফুৰোতে শেষ হয় সময়…। ভাঙিব নোখোজা জটিলতাবোৰৰ সহজ সমাধান ঘটে ।”

“অনুভৱবোৰে আগুৰি ধৰি প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে৷ …এসময়ত চাকনৈয়া হৈ বুৰ যায় মনৰ নদীত…সময়ৰ হাতত সকলো এৰি দি।’’

“জোৰ কৰি ধৰি ৰাখিব খোজো ওঠঁৰ কাচিঁজোনক। কিন্তু কিমানদিন? হেৰাই যাব খোজা সময়ক, সলনি নোহোৱা বিষাদক লৈ কিমানদিন জীৱনক তুলা চালনীৰে জুখিম…..নজিৰবিহীন ভাৱে…।’’

“বোৱতী নদীয়ে নাজানে গৰা কিমান খহে শাওনৰ বৰষুণত। মোৰ প্ৰিয় মাহ আহিনত নুফুলে হাচনাহানা…।”

এখন পুৰণি ডায়েৰীৰ দুটামান পৃষ্ঠা লৈ বহি আছে তাই। হাতত মদাৰৰ মালা লৈ। মদাৰৰ ফুল হেনো পূজাত নালাগে৷ অথচ ব’হাগ ধুনীয়া কৰে মদাৰে। কোনে ,কেতিয়া আৰু কিয় কৈছিল তাইৰ মনত নাই। কিন্তু তাই মদাৰ ফুল ভাল পায়৷ মদাৰ ফুলিলেই যে ফাগুন অাহে। ৰঙা মদাৰেই আৱৰি থাকে ফাগুনক… ব’হাগক — আকাশৰ পৰা বতাহলৈ। তাই হেনো মদাৰ ফুল.. সবাহত নালাগে, কোনোৱে কৈছিল। আইতাকে কৈছিল বাহি ফুল থাপনাৰ বেদীত নালাগে। বাহিফুলৰ আদৰ নাই৷ খালত পৰে…তাতে মৰহি শুকায়।

বেঙুনীয়া মদাৰৰ ফুলবোৰ দেখিলেই মনত পৰে তাইৰ কথাবোৰ। এইটো অঞ্চলৰ জনপ্ৰবাদ মতে বেঙুনীয়া মদাৰৰ ফুল হেনো পৌৰাণিক দেৱতা শিৱৰ প্ৰিয়। মন্দিৰৰ কাষৰ দোকানবোৰত দীঘল দীঘলকৈ বেঙুনীয়া মদাৰৰ মালাবোৰ আঁৰি থৈ দিয়ে।

হাজাৰ মাইলৰ দূৰত্বত থকা দুটা জাতিৰ একেপাহ ফুলৰ প্ৰতি দুটা বিশ্বাস !!!
ল’ৰাটোক লৈ অলপ সোনকালেই ওলাই আহিছিল তাই মন্দিৰটোলৈ। সোমবাৰে ভিৰ কৰেহি গাভৰু ছোৱালীৰবোৰে…।কলেজ..বিশ্ববিদ্যালয়ত পঢ়োতে তায়ো কৃষ্ণৰ আৰাধনা কৰিছিল। কৃষ্ণৰ প্ৰেমত পৰিছিল তাই আৰু ৰাধা হৈ থাকি গ’ল….৷

ৰোহন৷ ….এটা দুঃস্বপ্নৰ দৰে পাহৰিব খোজা নাম। সি কৈছিল তাই হেনো খৰিকাজাঁই ফুল শান্ত, সমাহিত… সুবাসিত…সন্ধিয়াৰ সুবাস। হুমুনিয়াহ এটা সৰি পৰিল বুকুয়েদি।

মতলীয়া বতাহজাকৰ প্ৰেমত পৰোতেই সি আহিছিল তাইৰ জীৱনলৈ…। লগৰবোৰে কৈছিল tall and handsome. কিন্তু তাই আকৰ্ষিত হৈছিল তাৰ চশমাৰ তলৰ চকুযুৰিৰ প্ৰতি, উচ্চাকাংক্ষাৰে তলমলাই থকা দুচকু। কিবা এটা আকৰ্ষণ আছিল, চুম্বকৰ দৰে টানি নিছিল তাইক। সি চশমা খুলি দুচকু তুলি তাইলৈ চাইছিল৷ বন্ধুত্বই অাতঁ ধৰিছিল শব্দবোৰত। কিন্তু কেতিয়া সেই শব্দবোৰে আঁতঁ হেৰুৱাই তাইৰ বুকুত বাহৰ পাতিলে তাই নাজানে৷ তাই ৰৈ গৈছিল তাতে, তাৰ হাতত হাত ধৰি। এক অনামী আনন্দই হৃদয় উপচাই তুলিছিল। বাজি ৰৈছিল কাণত সেই নৈপৰীয়া সুৰটো। যি সুৰত মোহাচ্ছন্ন হৈছিল ৰাধা… কৃষ্ণৰ ৰাধা… প্ৰেয়সী ৰাধা…।

শব্দবোৰে পৰিধি ভাঙিছিল, দেহে মনে ঢৌ তুলিছিল।সাধুকথাৰ ৰাজকুমাৰে তাইক শুকুলা ঘোঁৰাত তুলি লৈ গৈছিল অনেক ঠাইলৈ, হাজাৰ বাহানা সাজি। ৰাতিবোৰ পাৰ হৈছিল গোপনে। কিন্তু সেই গোপন ৰাতিবোৰ অংকুৰিত হৈছিল তাইৰ দেহত। পোখা মেলিছিল সপোনে তাইৰ হাতত ধৰি। আৰু তাই? তাৰ হাতত ধৰি সপোনৰ কাৰেং সাজিব খুজিছিল… ৰুব খুজিছিল খৰিকাজাঁই তাৰ পদূলিত। কিন্তু…? বিশ্ববিদ্যালয়ৰ শেষৰ পৰীক্ষাটো দি তাই তাক সকলোবোৰ কৈছিল, দেখুৱাইছিল ডাক্তৰৰ ৰিপোৰ্ট। কিন্তু সি চিগাৰেট জ্বলোৱা দি জ্বলাই দিছিল সেই ৰিপোৰ্ট আৰু সেই ধোঁৱাৰ লগত কুণ্ডলী পকাই উৰি গৈছিল তাইৰ বিশ্বাস, আস্থা, আশা আৰু সপোনবোৰ।

কান্দিব খুজিও কান্দিব নোৱাৰিছিল তাই সেইদিনা, চকুৰ পানীবোৰ শিল হৈ গৈছিল। কৃষ্ণচূড়াৰ দেশত তেতিয়া নতুনক আদৰাৰ উন্মাদনা। নতুন গাৰ্লফেন্ড নয়নিকাৰ লগত ৰোহনৰ আঙুঠি পিন্ধোৱা হৈ গৈছিল তেতিয়ালৈকে, খবৰটো দেৰিকৈ পাইছিল তাই।

মৃতপ্ৰায় দেহ আৰু মনেৰে তাই যেতিয়া ঘৰলৈ ঘূৰি গৈছিল তেতিয়ালৈ বহু সময় পাৰ হৈ গৈছিল। গাঁৱৰ মানুহে এঘৰীয়া কৰিছিল ঘৰখনক।সতীয়া ভায়েকে কাটিবলৈ দা লৈ অহাৰ দিনা গুচি আহিছিল তাই মহানগৰখনলৈ। বান্ধৱী দুজনীৰ সহযোগত তাৰে আশ্ৰয়গৃহ এটাত তাইৰ ল’ৰা এটা জন্ম হ’ল। তালৈ খবৰ দিবলৈ তাৰ ম’বাইল ফোনটো সংযোগ সীমাৰ বাহিৰত বুলি ঘোষণা কৰা কেইবামাহো হৈছিল… সেই মাহবোৰে ক্ৰমান্বয়ে বছৰলৈ বাগৰ সলাইছিল।

ঘৰখনলৈ সঘনাই মনত পৰিছিল যদিও তাই মনটোক সামৰি-সুতৰি ৰাখিছিল। ঘৰখনৰ পৰা শতযোজন দূৰত তাই। হাকুটিয়াই চুব নোৱাৰা দূৰত্বত। মূৰ তুলি চাবলৈ আকাশ নাছিল, আছিল কোলাত কেঁচুৱা। চহৰৰ কুকুৰনেচীয়া বাঘবোৰৰ পৰা নিজকে বচাইছিল আৰু সাজু কৰিছিল নিজকে জীৱনৰ সৈনিক হিচাপে।

এনজিঅ’ এটাত সোমাই তাই গুছি আহিছিল দেশৰ এই সীমান্তৱৰ্তী অঞ্চলটোলৈ। নতুন ঠাই, নতুন কামত মন বহুৱাইছিল তাই জোৰকৈয়ে, এটা নতুন পৰিচয়েৰে। চহৰখনে সামৰি লৈছিল তাইক, দেখা নাছিল কোনোৱে তাইৰ উদাসীনতা। কণমানিটো ডাঙৰ হৈছিল এই সৰু চহৰখনতে। সময়বোৰ পাৰ হৈছিল একঘেয়ামিকৈ।

হঠাৎ এদিন তাইৰ জীৱনলৈ তেওঁ আহিল। সদাশিবৰ দৰে, সহজ-সৰল। দুচকুত আকাশ লৈ আহিছিল তাইৰ বাবে। তাই সংকুচিত হৈছিল পুনৰবাৰ প্ৰতাৰিত হোৱাৰ ভয়ত। তেওঁ দুবাহু মেলি ৰৈ আছিল দুচকুত এসাগৰ ভাৰসা লৈ। তেনেকৈয়ে পাৰ হৈছিল অনেক সময়…৷ দুটা শাওন পাৰ হৈছিল।বিশ্বাসবোৰ সবল হওঁতে সময় লৈছিল। তেওঁ কৈছিল— তোমাৰ ছাঁত মোক জিৰাবলৈ দিয়া, তোমাৰ কষ্টবোৰ, দুঃখবোৰ, তোমাৰ অতীত মোক দিয়া৷ বিনিময়ত পোহৰাই ৰাখিম তোমাক৷ তুমি গোলাপ হোৱা, মই কাইটঁ হৈ ৰ’ম আজীৱন।

তেওঁৰো কোনো নাছিল৷ বাহি বিয়াৰ দিনা পত্নীয়ে এৰি থৈ গৈছিল তেওঁৰ পুৰুষত্বক অাঘাত কৰি।দুখন ভগ্ন হৃদয়, ভগ্ন মন৷ মনতকৈ শক্তিশালী বিবেক আৰু বিশ্বাসতকৈ শক্তিশালী ভাৰসা…। তাই তেওঁৰ প্ৰস্তাব স্বীকাৰ কৰিলে। আজি এই শিৱ মন্দিৰত দুয়োৰে বিবাহ সম্পন্ন হ’ব। ইয়াত আৰু তাইক কোনেও মদাৰ বুলি উপলুঙা নকৰে, বৰং মদাৰ ফুল ইয়াত শ্ৰদ্ধাৰ ফুল। এটা ৰঙীন মন আৰু হাতত বেঙুনীয়া মদাৰ লৈ তাই ৰৈ আছে তেওঁ অহালৈ….। তেওঁ আহিল…আহিয়েই তেওঁ তাইৰ হাতত থকা ডায়েৰীৰ পৃষ্ঠা কেইটা পুৰি পেলালে, যেন অতীতটোকহে পুৰিছে। তাইৰ হাতত ধৰি মন্দিৰৰ ভিতৰলৈ সোমাই গ’ল, এটা নতুন জীৱনৰ আৰম্ভণিৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে