চ’ৰাঘৰ / ইত্যাদি / আমি আৰু সিহঁত৷৷ কানাই গগৈ৷৷

আমি আৰু সিহঁত৷৷ কানাই গগৈ৷৷

আমিঃ

যোৱা শতিকাৰ ৫০-৬০-ৰ দশকত জন্ম গ্ৰহণ কৰা আমাৰ দৰে লোকসকল বৰ্তমান জীৱনৰ বিয়লি বেলাত উপনীত হৈছে, বহুতে কৰ্মজীৱনৰ পৰা অৱসৰো লৈছে। আমাৰ প্ৰজন্মই এতিয়া পাৰ কৰি অহা দিনবোৰ চালি-জাৰি চাব পাৰে।

আধুনিক শিক্ষা, অৰ্থাৎ প্ৰবাদ-ৰূপকথা, অনুমান-আন্দাজ, পূৰ্বধাৰণা-ভ্ৰান্তধাৰণা আদিৰ পৰা মুক্ত শিক্ষা ভাৰতত প্ৰথম আমাৰ প্ৰজন্মই লাভ কৰিছিল। পাঠ্যক্ৰম নতুন তথা কিছু পৰিমাণে গধুৰ আছিল যদিও আজিৰ ছাত্ৰ-ছাত্ৰীৰ দৰে আমি অনবৰতে টেবুলত মূৰ গুজি গুজি বহি থকা নাছিলোঁ –- স্কুলৰ সময়খিনিৰ বাহিৰে দিনটোৰ বাকী সময় আমি খেলা-ধূলা, বাৰী-পথাৰৰ কাম, গছত বগাই ফল খোৱা, বৰশী বোৱা আদিত পাৰ কৰিছিলোঁ। এক কথাত আমাৰ শৈশৱ আছিল আকৰ্ষণীয়, বহুৰঙী, বহু পৰিমাণে স্বাধীন, মুক্ত।

আধুনিক শিক্ষা আমি পাইছিলোঁ যদিও আমি ভ্ৰান্তধাৰণাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব নোৱাৰিলোঁ, বৰঞ্চ কিছু কিছু ক্ষেত্ৰত আমি আমাৰ পূৰ্বজসকলতকৈও বেছি ভ্ৰান্তবিশ্বাসীহে হৈ পৰিলোঁ (এই সন্দৰ্ভত পিচত ব্যাখ্যা কৰা হৈছে)। আনহাতেদি আমি জাত-পাতৰ আৱেশৰ পৰাও সম্পূৰ্ণ মুক্ত হ’ব নোৱাৰিলোঁ।

আমাৰ প্ৰজন্মৰ বেছিভাগৰে জীৱনৰ চালিকা শক্তি আছিল আদৰ্শবাদ। আমি ৰাজনীতি, অৰ্থনীতি, সমাজ ব্যৱস্থা আদিৰ সন্দৰ্ভত বুজি উঠাৰ কালত বিশ্বত দুটা স্পষ্ট আৰু পৰস্পৰ বিৰোধী সমাজ ব্যৱস্থা চলি আছি— পুঁজিবাদ আৰু সমাজবাদ। সমাজবাদৰ প্ৰতিষ্ঠাতা ছৱিয়েত সংঘই বস্তুতঃ অকলেই প্ৰায় সমগ্ৰ পৃথিৱীৰ বিপক্ষে থিয় দি আছিল৷ এই কথাই আমাক উৎসাহিত কৰিছিল আৰু আমাৰ বেছিভাগেই আকৰ্ষিত হৈছিল সমাজবাদৰ প্ৰতি তথা নীতি-আদৰ্শ আমাৰ জীৱনৰ চালিকা শক্তিত পৰিণত হৈছিল। আমি মাক্সিম গ’ৰ্কিৰ “মা”, নিকালাই আস্ত্ৰ’ৱস্কিৰ “তীখা কেনেকৈ কঠিন হৈছিল”, মিসায়িল শ্ব’লাসৱৰ “প্ৰশান্ত দন” (“ধীৰে বয় দন”) আদি উপন্যাস একাধিক বাৰ পাঠ কৰিছিলোঁ (ইয়াত ৰুছ লেখকসকলৰ নামবোৰৰ প্ৰকৃত ৰুছ উচ্চাৰণ দিয়া হৈছে –- অসমীয়া ‘স’ ধ্বনিৰে সৈতে)।

আমাৰ কৰ্মজীৱন আৰম্ভ হোৱাৰ সময়ত বা তাৰ কিছু পিচত ভাৰতত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল। দেশত আৰম্ভ হৈছিল পণ্য সামগ্ৰীৰ পয়োভৰ। কৃষি-উদ্যোগৰ উপৰি সমাজত সৃষ্টি হৈছিল সহজ অথচ বেছি উপাৰ্জনক্ষম অনেক জীৱিকাৰ আৰু কাজেই কৃষি-উদ্যোগৰ পৰিৱৰ্তে মানুহবোৰ আগ্ৰহী হৈ উঠিছিল এনেবোৰ জীৱিকাৰ প্ৰতিহে। সমাজত খোপনি পুতি বহিছিল ভোগবাদে, আৰু আদৰ্শবাদ হৈ পৰিছিল নিষ্ক্ৰিয়, অলাগতিয়াল। পিছৰ কালত সংঘটিত হোৱা বৈশ্বিক পৰ্যায়ৰ কিছুমান ঘটনায়ো ভোগবাদৰ প্ৰচাৰ-প্ৰসাৰত অৰিহণা যোগাইছিল –- সমাজবাদৰ মূল কেন্দ্ৰ ছৱিয়েত সংঘৰ পৰা সমাজ ব্যৱস্থাটো অপসাৰিত হৈছিল — পুঁজিবাদক প্ৰতিহত কৰিবলৈ কোনো আৰু বাকী থকা নাছিল। কিছু কাল দুদোল্যমান হৈ থকাৰ পিচত আমাৰ প্ৰজন্মৰ বেছিভাগৰে জীৱনত আদৰ্শবাদৰ আৰু কোনো চিন-মোকাম নাথাকিল।

ভোগবাদৰ আগ্ৰাসন তথা আদৰ্শবাদৰ অস্তিত্বহীনতাৰ পিচত আমাৰ পৰিয়ালবোৰত কেৱল দুটা শব্দৰে ৰাজত্ব চলিবলৈ ধৰিলে — ‘লাগে’, আৰু ‘আৰু লাগে’ !! আৰু যিহেতু বিচৰা বা দাবী কৰা আটাইবোৰ ভোগৰ সামগ্ৰী যুগুতোৱাটো সম্ভৱপৰ নাছিল, সেয়ে পৰিয়ালবোৰত বাঢ়ি যাবলৈ ধৰিলে অসন্তুষ্টি আৰু বিৰক্তি। কিন্তু অসন্তুষ্টি আৰু বিৰক্তিৰ প্ৰদৰ্শনেও ভোগৰ সামগ্ৰীৰ প্ৰাপ্তিত কোনো অৰিহণা যোগাব নোৱাৰিলে। ফলত আমি পাৰ্থিৱ মানুহৰ ওপৰতে আস্থা হেৰুৱাই পেলালোঁ, আৰু শৰণাপন্ন হ’লোঁ অলৌকিক শক্তিৰ। আৰু ভোগৰ সামগ্ৰীৰ আহৰণৰ জড়িয়তে ‘সুখ-আৰামৰ’ ব্যৱস্থা কৰিব নোৱাৰাসকলে নাম পালে ‘কোনো কামৰ মানুহ নহয়’ !

ভাৰতত ‘ভোগৰ সামগ্ৰী প্ৰদান কৰিব পৰা’ বিভিন্ন দেৱী-দেৱতা আছে, আমি তেওঁলোকৰ পূজা-পাতল অনুষ্ঠিত কৰাৰ লগতে সপ্তাহত দুই-তিনি দিন ব্ৰত-উপবাস ৰাখি তেওঁলোকক সন্তুষ্ট কৰাৰ চেষ্টা কৰিবলৈ ধৰিলোঁ। ইয়াৰ উপৰি বিভিন্ন তাবিজ-মাদলি, গ্ৰহৰত্ন আদি পৰিধান কৰি ভোগৰ সামগ্ৰীৰ প্ৰাপ্তিৰ বাবে চেষ্টা চলালোঁ। ইবোৰৰ লগতে কিছুমান অৰ্থহীন ‘ধুতি-নীতিৰ’ সৃষ্টি কৰি সিবোৰ নিষ্ঠাৰে পালন কৰিবলৈ ল’লোঁ। এইবোৰ কৰি আমি কামনা কৰিলোঁ যাতে অলৌকিক শক্তিবোৰ সন্তুষ্ট হয় আৰু আমাক ভোগৰ সামগ্ৰী প্ৰদান কৰে ! আমি যিমানবোৰ ‘ধুতি-নীতি’ সৃষ্টি কৰি ল’লোঁ, সিমানবোৰ আমাৰ পূৰ্বজসকলৰ দিনতো নাছিল !! প্ৰকাৰান্তৰে ইমানবোৰ ‘ধুতি-নীতি’ পালন কৰিবলৈ আমাৰ পূৰ্বজসকলৰ আহৰিও নাছিল। এইদৰে আধুনিক শিক্ষা পাইও আমি আমাৰ পূৰ্বজসকলতকৈও বেছিকৈহে ভ্ৰান্তবিশ্বাসী হৈ পৰিলোঁ।

শংকৰদেৱে আমাক ধৰ্মীয় আনুষ্ঠানিকতা পালনৰ এটা উন্নততৰ ব্যৱস্থা প্ৰদান কৰিছিল — শ শ দেৱী-দেৱতাৰ পৰিৱৰ্তে কেৱল এজন সৃষ্টিকৰ্তা, আৰু পূজা-যজ্ঞ, বলি-বিধান আদিৰ পৰিৱৰ্তে কেৱল কীৰ্তন। অৱশ্যে ধৰ্মীয় আনুষ্ঠানিকতা কিয় পালন কৰিব লাগে, অথবা নিৰ্দিষ্ট কিছুমান আনুষ্ঠানিকতা (শংকৰদেৱৰ আনুষ্ঠানিকতাবোৰকো সামৰি) পালন কৰাৰে বা কি যুক্তি আছে –- সি এটা সুকীয়া প্ৰশ্ন। এক কথাত শংকৰদেৱে ধৰ্মক (‘Religion’ অৰ্থত) তাৰ আদিম অৱস্থা মেজিক বা যাদুবিদ্যাৰ পৰা পৃথক কৰিব পাৰিছিল (পূজা-যজ্ঞ, বলি-বিধান আদি যাদুবিদ্যাজনিত আনুষ্ঠানিকতাহে)। কিন্তু শংকৰদেৱৰ ধৰ্মীয় আনুষ্ঠানিকতাৰ পালনে ভোগৰ সামগ্ৰীৰ প্ৰাপ্তিত সহায় নকৰাত ‘হতাশ’ হৈ আমি ধৰ্মৰ আদিম অৱস্থা যাদুবিদ্যালৈ প্ৰত্যাগমণ কৰিলোঁ !

কোৱা বাহুল্য যে যাদুবিদ্যাৰ আনুষ্ঠানিকতাৰ পালনেও ভোগৰ সামগ্ৰীৰ প্ৰাপ্তিত আমাক কোনো সহায় নকৰিলে! ফলত পৰিয়ালবোৰত বাঢ়ি গ’ল পাৰস্পৰিক অবিশ্বাস আৰু আস্থাহীনতা। আৰু ইয়াৰ পৰিণতিও হ’লগৈ প্ৰহসনমূলক।

ভাৰতীয় ধৰ্মৰ মূল উদ্দেশ্য হ’ল আত্মাৰ মুক্তি, অৰ্থাৎ ধৰ্মৰ আনুষ্ঠানিকতা পালনৰ জড়িয়তে অৰ্জন কৰা পূণ্যৰ বলত জীৱই পৃথিৱীত যাতে পুনৰ্জন্ম নলয়, তাৰ ব্যৱস্থা কৰা। পুঁজিবাদ সৃষ্ট ভোগবাদৰ সৰ্বগ্ৰাসী কবলত পৰি আমি ভাৰতীয় ধৰ্মৰ এই মূল উদ্দেশ্যৰ কথাও পাহৰি গ’লোঁ — স্বৰ্গ বা বৈকুণ্ঠ প্ৰাপ্তিতকৈ পৃথিৱীত পুনৰ্জন্মহে আমাৰ বেছি কাম্য হৈ উঠিল, কিয়নো যিমান দূৰ জনা যায়, স্বৰ্গ বা বৈকুণ্ঠত ভোগৰ সামগ্ৰী অনুপস্থিত ! কাজেই আমি পূজা-যজ্ঞ, বলি-বিধান আদি অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য হৈ পৰিল পৃথিৱীত পুনৰ্জন্মৰ গেৰান্টি পোৱা ! মাত্ৰ ইবোৰ অনুষ্ঠিত কৰাৰ সময়ত আমি ইয়াকে কামনা কৰিলোঁ যাতে ‘কোনো কামৰ নোহোৱা মানুহবিলাক’ অহা জনমত আমাৰ জীৱন সংগী নহয় !!

আনুষ্ঠানিকতাবোৰ পালন কৰোঁতে আমি আনকি বৰ্তমানৰ জীৱন সংগীৰ মৃত্যুও কামনা কৰিলোঁ, যাতে অকলশৰীয়াকৈ জীৱনটো অলপ হ’লেও ‘উপভোগ’ কৰিব পাৰোঁ ! অৱশ্যে আমি পোনপটীয়াকৈ ‘মৃত্যু’ কামনা নকৰিলোঁ, কিয়নো তেতিয়া পাপৰ আৰ্জন হ’ব আৰু আমাৰ পুনৰ্জন্মত বিঘিনি ঘটিব !! আমি কামনা কৰিলোঁ, যাতে জীৱন সংগী ‘কেনেবাকৈ নাইকিয়া’ হৈ যায় !

অন্য কথাত প্ৰেম-ভালপোৱা আদিতো দূৰৰ কথা, সহবাসত আৱশ্যকীয় জীৱন সংগীৰ প্ৰতি থাকিবলগীয়া শ্ৰদ্ধা-আস্থাও আমাৰ পৰিয়ালবোৰত বৰ্তি নাথাকিল। কিন্তু জীৱন সংগীসকলে পৰস্পৰৰ পৰা আঁতৰি আহি এটা সৎ, ভণ্ডামিবিহীন জীৱন যাপন কৰাৰ বাবেও চেষ্টা নচলালে, কিয়নো ধৰ্মশাস্ত্ৰই এনে কৰ্ম নিষেধ কৰিছে তথা সমাজেও ‘বেয়া বুলিব’ ! অথচ পশ্চিমত এনে ভণ্ড সহবাস কৰা নহয় — প্ৰেম-ভালপোৱাৰ অনুপস্থিতি অনুভূত হ’লেই জীৱন সংগীসকলে পৰস্পৰৰ পৰা আঁতৰি আহে আৰু নতুন সহবাসী জীৱন আৰম্ভ কৰাৰ বাবে চেষ্টা চলায়। প্ৰহসনমূলক কথা এয়ে যে এনে প্ৰেম-ভালপোৱা তথা শ্ৰদ্ধা-আস্থাবিহীন, অসৎ, ভণ্ড পৰিয়ালবোৰ দেখিয়েই হ’বলা পশ্চিমত প্ৰতিবেদন তৈয়াৰ কৰা হয় এই বুলি যে ভাৰতত পৰিয়ালকেন্দ্ৰিক বন্ধন অতি মজবুত !!

কৈশোৰ-যৌৱনত আমি একাধিক বাৰ পাঠ কৰা “তীখা কেনেকৈ কঠিন হৈছিল” উপন্যাসত নায়ক পাৱেল কাৰ্চ্যাগিনে কৈছিলঃ ‘‘ … জীৱনটো মানুহৰ বাবে আটাইতকৈ মূল্যৱান। মানুহে জীৱন এবাৰেই পায়, আৰু সেয়ে জীৱনটো এনেকৈ যাপন কৰা উচিত যাতে ইতিমধ্যে পাৰ হৈ যোৱা উদ্দেশ্যবিহীন বছৰবোৰৰ বাবে পিচত অনুতাপ কৰিবলগীয়া নহয় তথা ক্ষুদ্ৰ, কোনো শুভ কাম সমাধা নকৰা নিজৰ অতীতটোৰ বাবে অন্তৰত যাতে বেদনা অনুভৱ কৰিবলগীয়া নহয়। জীৱনটো এনেকুৱা হোৱা উচিত, যাতে মৃত্যুৰ দুৱাৰডলিত উপস্থিত হৈ ক’ব পৰা যায়ঃ ‘মই নিজৰ সকলো শক্তিৰ লগতে স্বয়ং জীৱনটোকো পৃথিৱীৰ সুন্দৰতম কৰ্মৰ বাবে প্ৰয়োগ কৰিলোঁ !’ … ”।

ভোগৰ সামগ্ৰীৰ প্ৰাপ্তিৰ বাবেই জীৱনটো অতিবাহিত কৰা, কোনো এটা শুভ কাম সম্পন্ন নকৰা তথা প্ৰেম-ভালপোৱা, শ্ৰদ্ধা-আস্থাহীন, অসৎ, ভণ্ড পাৰিৱাৰিক জীৱন যাপন কৰা আমাৰ প্ৰজন্মই এসময়ৰ প্ৰিয় চৰিত্ৰ পাৱেল কাৰ্চ্যাগিনৰ পুনৰ মুখামুখি হ’বলৈ সাহস কৰিব পাৰিবনে বাৰু ?!

সিহঁতঃ

আমাৰ সন্তানবোৰৰ জন্ম হ’ল বাধাহীন পুঁজিবাদৰ তথা ভোগবাদৰ সৰ্বগ্ৰাসী আগ্ৰাসনৰ কালত। বাধাহীন পুঁজিবাদৰ বোকোচাত উঠি নীতি-আদৰ্শবিহীন মাৰ্কিন সংস্কৃতিয়েও সমগ্ৰ পৃথিৱীত আগ্ৰাসন চলালে। আমাৰ প্ৰজন্মই যদি সহযোগিতা আৰু জ্ঞানৰ ওপৰত গুৰুত্ব দিছিল, তেন্তে নতুন প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিল প্ৰতিযোগিতা আৰু তথ্য। আৰু ইবোৰ আহৰণৰ বাবে সিহঁতে বাল্য আৰু শৈশৱত পঢ়া-টেবুলত অনবৰতে মূৰ গুজি গুজি থাকিবলগীয়া হ’ল। এক কথাত সিহঁতৰ বাল্য আৰু শৈশৱ কাল হৈ পৰিল বহু পৰিমাণে আবদ্ধ, পৰাধীন, নীৰস, বিৰক্তিকৰ।

ভাৰতত নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তনৰ সমান্তৰালভাবে দেশৰ আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰমলৈও আমূল পৰিৱৰ্তন অনা হৈছিল। অন্যান্য শিক্ষা পৰিষদৰ লগতে এন চি ই আৰ টি-য়েও চৰকাৰীভাবে এনে পাঠ্যক্ৰম তৈয়াৰ কৰিলে যে নতুন প্ৰজন্মৰ নিজ দেশৰ ভাষা-সাহিত্য, ভূগোল-বুৰঞ্জী, ঐতিহ্য-সংস্কৃতিৰ লগতে সম্পৰ্ক নাথাকিল –- সিহঁতে ইউৰোপ-আমেৰিকাৰ ভূগোল-বুৰঞ্জী, ভাষা-সাহিত্য-সংস্কৃতিৰ কথাহে স্কুল-কলেজত পঢ়িবলগীয়া হ’ল ! ফলত সিহঁত মাতৃভাষা, স্বদেশৰ সাহিত্য-সংস্কৃতিৰ লগতে ভূগোল-বুৰঞ্জীৰ জ্ঞানৰ ক্ষেত্ৰতো আধাখনীয়া হৈ পৰিল। এক কথাত সিহঁত ছিন্নমূল হ’ল। নতুন পাঠ্যক্ৰমক সফল কৰি তুলিবৰ বাবেই ৰাজ্যিক শিক্ষা পৰিষদবোৰ তথা ৰাজ্যবোৰৰ অধীনৰ বিদ্যালয়-মহাবিদ্যালয়বোৰ বিভিন্ন উপায়েৰে দুৰ্বল তথা অকামিলা কৰা হ’ল। এনে পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছিল এই উদ্দেশ্যৰে, যাতে কোনো বিশেষ ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতিয়েই শিক্ষা গ্ৰহণকাৰীসকলৰ ভালপোৱা-দুৰ্বলতা নাথাকে তথা তেওঁলোকৰ মনত দেশপ্ৰেমৰ অনুভূতিৰো জন্ম নহয়। অৰ্থাৎ পুঁজিবাদে যাতে তেওঁলোকক নিৰ্ভয়ে আৰু প্ৰত্যয়েৰে ব্যৱহাৰ কৰিব পাৰে ! নিজ অস্তিত্বৰক্ষাৰ স্বাৰ্থতে কাজেই নতুন প্ৰজন্ম হৈ পৰিল আত্মকেন্দ্ৰিক, আনকি স্বাৰ্থপৰো। সম্প্ৰসাৰিত মাৰ্কিন সংস্কৃতিয়েও নিজৰ কাম কৰিলে — নতুন প্ৰজন্মৰ জীৱনত নীতি-আদৰ্শৰ কোনো স্থান নাথাকিল, সিহঁতে অন্যায়-দুৰ্নীতিৰ প্ৰতিবাদ-প্ৰতিৰোধ কৰাটোতো দূৰৰ কথা।

ভ্ৰান্ত বিশ্বাস-ধাৰণাৰ পৰা ভালেখিনি মুক্ত পৰিৱেশত সিহঁতে আধুনিক শিক্ষা আহৰণ কৰিলে বা কৰি আছে। সেয়ে আশা কৰিব পাৰি যে আমি আমাৰ পূৰ্বজসকলতকৈও বেছি ভ্ৰান্তবিশ্বাসী হৈ পৰাৰ দৰে সিহঁত আমাতকৈও বেছি অন্ধ বিশ্বাসী আৰু সংস্কাৰী হৈ নুঠিব তথা আমাৰ দৰে প্ৰেম-ভালপোৱা, শ্ৰদ্ধা-আস্থাবিহীন, অসৎ, ভণ্ড সহবাসী জীৱনো যাপন নকৰিব।

কিন্তু প্ৰহসনমূলক কথা এয়ে যে সিহঁতক সম্পূৰ্ণৰূপে বিশ্বাসত ল’বও নোৱাৰি ! কাৰণ নিজ স্বাৰ্থসিদ্ধিয়েই সিহঁতৰ জীৱনৰ মূলমন্ত্ৰ। আৰু এই স্বাৰ্থসিদ্ধি হ’লঃ শকত দৰমহা, ডাঙৰ ঘৰ-গাড়ী, অধিক সামাজিক মৰ্যাদা ইত্যাদি।

নিজ স্বাৰ্থসিদ্ধিৰ বাবে সিহঁতে বাৰু বিৱেকৰ নিৰ্দেশো অনায়াসে উলাই কৰিব নেকি ?!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে