মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / ‘নীল প্ৰজাপতি’ উপন্যাসত বিকল্প প্ৰেম-যৌনাচাৰ প্ৰসংগ৷৷ মৃদুল মৰাণ৷৷

‘নীল প্ৰজাপতি’ উপন্যাসত বিকল্প প্ৰেম-যৌনাচাৰ প্ৰসংগ৷৷ মৃদুল মৰাণ৷৷

০.০০ আৰম্ভণিঃ
বিশ্বৰ বহুতো দেশত LGBTQ-ক আৰু ইয়াৰ লগত সম্পৰ্কিত বিকল্প প্ৰেম-যৌনাচাৰ (Alternative Sexuality) প্ৰসংগক মানৱীয় দৃষ্টিৰে চোৱা নহয়। ‘মূলসুঁতি’ (Mainstream)-ৰ সমাজৰ পৰা সদায় তেওঁলোকক আঁতৰত ৰখা হয়। বিষমলৈংগিক যৌনতাৰ ওপৰত প্ৰতিষ্ঠিত পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাই তেওঁলোকৰ প্ৰান্তীয়কৰণ কৰিছে। মানৱীয় সত্তা হিচাপে কিন্তু তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ আছে। বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ আৰু সাহিত্যত LGBTQ প্ৰসংগক মানৱীয় দৃষ্টিকোণেৰে চিত্ৰিত কৰা হৈছে। অসমীয়া সাহিত্যতো এনে প্ৰসংগই স্থান লাভ কৰিছে। অৱশ্যে ই এক শক্তিশালী সোঁত হৈ উঠা নাই। সমকামিতা আৰু তৃতীয় লিংগৰ প্ৰসংগ অসমীয়া উপন্যাসত চিত্ৰিত হৈছে। প্ৰবন্ধত অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি উপন্যাসত তৃতীয় লিংগৰ প্ৰসংগক কিদৰে উপস্থাপন কৰা হৈছে, সেই সম্পৰ্কে আলোচনা কৰিবলৈ যত্ন কৰা হৈছে।

LGBTQ-ক তথা এই সম্পৰ্কীয় যৌন পৰিচিতি আৰু সম্পৰ্কসমূহক ঘৃণাৰ দৃষ্টিৰে চোৱা হয়। ইয়াৰ অন্তৰালত আছে বিষমলৈংগিক যৌনতাৰ ওপৰত প্ৰতিষ্ঠিত পুৰুষতন্ত্ৰ। বিষমলৈংগিক পৰিয়াল-ব্যৱস্থাৰ প্ৰতি এওঁলোক প্ৰত্যাহ্বান স্বৰূপ। এনে কাৰণতে (শাৰীৰিক ৰূপ তথা যৌন কাৰ্য-কলাপ কেৱল মাত্ৰ কাৰণ নহয়) আমাৰ সমাজ-ব্যৱস্থাত এই শ্ৰেণীৰ লোকসকলক ঘৃণাৰ দৃষ্টিৰে চোৱা হয়। বিশ্ব-সাহিত্য আৰু চলচ্চিত্ৰ জগতত বিভিন্ন সময়ত LGBTQ আৰু তৎসংলগ্ন বিকল্প প্ৰেম-যৌনাচাৰ (Alternative Sexuality)-ক মানৱীয় দৃষ্টিকোণেৰে উপস্থাপন কৰা হৈছে। অসমীয়া সাহিত্যৰ মাজতো এনেবোৰ দিশ কিছু পৰিমাণে চিত্ৰিত হৈছে। অৱশ্যে ই এক শক্তিশালী ধাৰা হিচাপে প্ৰকাশ লাভ কৰাগৈ নাই। সমকামিতাক মূল উপজীব্য হিচাপে লৈ মণিকুন্তলা ভট্টাচাৰ্যৰ মুক্তি, মাইনী মহন্তৰ স্পৰ্শ আদি উপন্যাস ৰচিত হৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি উপন্যাসত তৃতীয় লিংগ বিষয়টো অতি কম পৰিসৰত হ’লেও মানৱীয় দৃষ্টিকোণেৰে চিত্ৰিত কৰা হৈছে।

অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি উপন্যাসখন তৃতীয় লিংগক কেন্দ্ৰীয় বিষয় হিচাপে লৈ ৰচিত হোৱা নাই। আধুনিকতা, বিশ্বায়ন আৰু যান্ত্ৰিকতাৰ কোলাহলত হেৰাই যোৱা প্ৰেমৰ পৃথিৱীৰ অনুসন্ধানহে উপন্যাসখনৰ মূল কথাবস্তু। এই কথাবস্তুৰ বৰ্ণনা-প্ৰসংগত তৃতীয় লিংগ বিষয়ক কিছু কথাও চিত্ৰণ কৰা হৈছে। বৰ্তমান বিশ্বত LGBTQ সমাজে নিজৰ সামাজিক পৰিচয় আৰু মৰ্যাদা বিচাৰি বিভিন্ন আন্দোলন চলাইছে। বিশ্বৰ বিভিন্ন দেশে এই বিষয়টো মানৱীয়তাৰ দৃষ্টিৰে চালি-জাৰি যোৱাৰ যত্নও কৰিছে। এনে এক পৃষ্ঠভূমিৰ পৰিপ্ৰেক্ষাত তৃতীয় লিংগৰ দৰে বিষয়ে অসমীয়া উপন্যাসত কিদৰে প্ৰকাশ লাভ কৰিছে, তাৰ এক বিশ্লেষণ দাঙি ধৰাই এই সৰু আলোচনাটোৰ মূল উদ্দেশ্য।

১.০০ LGBTQ, তৃতীয় লিংগ আৰু আমাৰ সমাজ-ব্যৱস্থাঃ
LGBTQ-ৰ সম্পূৰ্ণ অৰ্থ হ’ল― Lesbian, Gay, Bisexual, Transgender আৰু Questioning। LGBTQ-ৰ লগত জড়িত এটা প্ৰধান দিশ হ’ল তৃতীয় লিংগ (Transgender বা Third Gender)। ইংৰাজী Transgender-ৰ অনুবাদ ৰূপে অসমীয়াত উভয়লিংগ, হিজৰা, কিন্নৰ, নপুংসক, বৃহন্নলা আদি শব্দ ব্যৱহাৰ কৰা হয়। জৈৱিক দিশৰ পৰা চাবলৈ গ’লে তৃতীয় লিংগৰ লোকসকলক ‘যৌন প্ৰতিবন্ধী’ বুলিব পাৰি। যৌন ক্ৰম’জমৰ তাৰতম্যৰ বাবেই তৃতীয় লিংগৰ মানুহৰ জন্ম হয় (X-Y = ল’ৰা, X-X = ছোৱালী আৰু X-X-Y বা X-Y-Y= তৃতীয় লিংগ)। তৃতীয় লিংগৰ লোকৰ মাজত নাৰী-পুৰুষৰ দৈহিক বৈশিষ্ট্যৰ সংমিশ্ৰণ দেখা যায়। সাধাৰণতে তৃতীয় লিংগৰ মানুহৰ বাহ্যিক গঠন পুৰুষৰ দৰে আৰু আচৰণ নাৰীসুলভ। সেই হ’লেও কিন্তু তেওঁলোকো মানুহ। ব্যক্তি, পৰিয়াল আৰু সমাজে এনে লোকক ‘অপৰ সত্তা’ (the Other) হিচাপেহে গ্ৰহণ কৰা দেখা যায়। কেৱল মাত্ৰ লৈংগিক ব্যতিক্ৰমৰ বাবেই এনে লোকসকলক ঘৃণাৰ দৃষ্টিৰে চোৱা হয় আৰু সামাজিক স্বীকৃতিৰ পৰা বঞ্চিত কৰা হয়।

সমকামী (Homosexual), তৃতীয় লিংগ (Third Gender) আদিক মানৱীয় সত্তা হিচাপে চাবলৈ আমাৰ লিংগবাদী সমাজ-ব্যৱস্থাই এতিয়াও কুণ্ঠাবোধ কৰে। তেওঁলোকৰ শাৰীৰিক-মানসিক আশা আৰু সপোনবোৰক সততে ঘৃণাৰ দৃষ্টিৰে চোৱা হয়। বিশ্বৰ বহুতো দেশত বিকল্প প্ৰেম-যৌনাচাৰ (Alternative Sexuality)-ক এক প্ৰান্তীয় বাগধাৰা হিচাপে বিবেচনা কৰা হয়। লিংগবাদী সমাজ-ব্যৱস্থাত নিজৰ লিংগগত পৰিচয় প্ৰতিষ্ঠাৰ বাবে এওঁলোকে অনেক সংগ্ৰাম কৰিবলগীয়া হৈছে। সামাজিক অৱহেলা-অনাদৰৰ লগতে আইনী সহায়হীনতাও LGBTQ সমাজৰ এক প্ৰধান সমস্যা। এই লোকসকল সমাজৰ একেবাৰে অৱহেলিত, নিষ্পেষিত শ্ৰেণী। মানৱ অধিকাৰৰ দিশৰ পৰা কিন্তু এই বিষয়টোক এক গুৰুত্বপূৰ্ণ বাগধাৰা ৰূপে চোৱা প্ৰয়োজন।

মানুহৰ যৌন সত্তা (Sexual Being) প্ৰকৃততে এক সামাজিক-ৰাজনৈতিক বিনিৰ্মাণহে। মানুহৰ যৌন পৰিচিতি কেৱল প্ৰাকৃতিকভাৱে নিৰ্মিত নহয়। জীৱবিজ্ঞান আৰু সামাজিক প্ৰক্ৰিয়া― এই দুটাৰ সমন্বয় আৰু সংঘৰ্ষৰ মাজেৰে আমাৰ যৌন সত্তা তথা পৰিচিতিৰ নিৰ্মাণ কৰা হয়। যৌন পৰিচিতি এক বহুমুখী বিষয় আৰু ইয়াৰ যি নিৰ্মাণ প্ৰক্ৰিয়া, তাৰ লগত জড়িত মূল দিশটো হ’ল পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ ৰাজনীতি বা চমুকৈ যৌন ৰাজনীতি। বিষমলৈংগিক যৌনতা হ’ল পুৰুষতন্ত্ৰৰ যৌন ৰাজনীতিৰ মূল তত্ত্ব। বিষমলৈংগিক যৌনতাৰ যি উচ্চ আদৰ্শৰ সৌধ নিৰ্মাণ কৰা হৈছে, LGBTQ সমাজক তাৰ এক প্ৰত্যাহ্বান হিচাপে ধৰা হয়। কাৰণ, পৰম্পৰাগত ‘মূলসুঁতি’ (Mainstream)ৰ সমাজখনৰপৰা তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে ব্যতিক্ৰম। গতিকে এই ব্যক্তিসমষ্টি বা আচৰণ ‘অপৰ সত্তা’ (the Other)হে। সমকামী আৰু তৃতীয় লিংগৰ লোকসকল বিষমলৈংগিক পৰিয়াল ব্যৱস্থাৰ প্ৰতি এক মৌলিক প্ৰত্যাহ্বান। এনে কাৰণতেই মূলসুঁতিৰ সমাজত তেওঁলোকক স্থান নিদি তেওঁলোকৰ প্ৰান্তীয়কৰণ ঘটোৱা হৈছে।

অভিজিৎ ৰায়ে তেওঁৰ সমকামিতাঃ একটি বৈজ্ঞানিক এবং সমাজ-মনস্তাত্ত্বিক অনুসন্ধান’ নামৰ গ্ৰন্থখনত বৈজ্ঞানিক তথ্য-পাতিৰ যোগেদি সমকামিতা যে কোনো বিকৃতি বা মানসিক ৰোগ নহয়, সেয়া ব্যাখ্যা কৰিছে। তেওঁৰ মতে সমকামীসকলৰ প্ৰতি থকা নেতিবাচক দৃষ্টিভংগীৰ এটা প্ৰধান কাৰণ হ’ল ‘বিজ্ঞানমনস্কতাৰ অভাৱ’। সমকামিতা যৌনতাৰেই এক স্বাভাৱিক দিশ। বহু সময়ত সমকামিতাক ‘অপসংস্কৃতি’ বা ‘পশ্চিমীয়া বিকৃতি’ আখ্যা দিয়া হয়। কিন্তু আমাৰ প্ৰাচীন সমাজ-সংস্কৃতিৰ মাজত এনে বহু দিশ সুপ্ত হৈ আছে। এনে বহু কথা লেখকে তথ্য-যুক্তিৰে উক্ত গ্ৰন্থখনত আলোচনা কৰিছে।

মূল ধাৰাৰ সমাজখনৰ পৰা পোৱা অনাদৰ-অৱহেলাই তৃতীয় লিংগৰ লোকসকলক এখন পৃথক সমাজ গঢ়ি তুলিবলৈ বাধ্য কৰাইছে। সেই সমাজখনত তেওঁলোকৰ নিজা পৰম্পৰা, ধৰ্মীয় অনুষ্ঠান আৰু বিশ্বাস আছে।

২.০০ ‘নীল প্ৰজাপতি’ উপন্যাসত তৃতীয় লিংগ প্ৰসংগঃ

সাম্প্ৰতিক সময়ৰ অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰী (১৯৬৪) অন্যতম। তেওঁৰদ্বাৰা ৰচিত উপন্যাসসমূহ হ’ল― হৃদয় এক বিজ্ঞাপন, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, চাহেবপুৰাৰ বৰষুণ, ব’ৰাগী নদীৰ ঘাট, নাহৰৰ নিৰিবিলি ছাঁ, ৰাগ-অনুৰাগ, মেৰেং, সোণ হৰিণৰ চেঁকুৰ, নীল প্ৰজাপতি, জলছবি আদি। ২০১৩ চনৰ জানুৱাৰীত প্ৰকাশিত নীল প্ৰজাপতি উপন্যাসখনৰ কেন্দ্ৰীয় বিষয় ‘তৃতীয় লিংগ’ নহয় যদিও অতি কম পৰিসৰৰ মাজতে তৃতীয় লিংগ বিষয়টো মানৱীয় দৃষ্টিকোণেৰে অংকন কৰা হৈছে। উপন্যাসখনত স্বপন নামৰ চৰিত্ৰটোৰ যোগেদি তৃতীয় লিংগ, বিকল্প প্ৰেম-যৌনাচাৰমূলক সম্পৰ্ক আৰু ইয়াৰ লগত জড়িত কেতবোৰ জটিলতা আৰু মানৱীয় বিষয় ঔপন্যাসিকে তুলি ধৰিবলৈ যত্ন কৰিছে।

স্বপন টিভি চেনেল এটাৰ মেক্আপ আৰ্টিষ্ট। “স্বপন ল’ৰা যদিও চৰিত্ৰগতভাৱে ছোৱালী। সেয়ে স্বপ্না বুলি মাতিলে বৰ ভাল পাই যায়।” (অনুৰাধা শৰ্মা পূজাৰীঃ নীল প্ৰজাপতি, পৃ. ৪১) নিউজ ৰিডাৰ বিটপীয়ে সেয়ে স্বপনক ‘স্বপ্না’ নামেৰে সম্বোধন কৰে।

আমাৰ সমাজখনত ঘটি যোৱা বহুবোৰ ঘটনা পোহৰলৈ নহাকৈয়ে থাকি যায়। সৰু সৰু ল’ৰাও কেতিয়াবা ‘পুৰুষ’ৰ কামনাৰ বলি হয়। অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি উপন্যাসৰ স্বপন চৰিত্ৰও এনে এক অপ্ৰিয় সত্যৰ বলি হোৱা ল’ৰা। নিজৰ জীৱনৰ সেই অধ্যায়ৰ কথা স্বপনে বিটপীৰ আগত কৈছিল। বিটপীয়ে কথা প্ৰসংগত স্বামী সিদ্ধাৰ্থক কৈছে― “স্বপনে মোক কৈছিল, সি বহুবাৰ সৰুৰে পৰা পুৰুষৰ কামনাৰ বলি হৈছিল।” (পৃ. ৪৮)

মানুহ হিচাপে স্বপন নিকা হৃদয়ৰ অধিকাৰী। বিটপীত বজাৰ কৰি দিয়া, ভাত ৰান্ধি দিয়া কামবোৰত সি সহায় কৰি দিয়ে। হাঁহি-ধেমালি কৰে যদিও স্বপনৰ অন্তৰত অনেক দুখ। বিটপী আৰু সিদ্ধাৰ্থৰ সৰু সংসাৰখন তাৰ বাবে ‘মৰুদ্যান’। বিটপীয়ে ৰাতি নিউজ পঢ়ি ঘূৰি আহোঁতে ভয় লাগে বুলি কোৱাত সি কৈছে― “কিন্তু তুমি ঘৰলৈ আহিছা, তোমাৰ ঘৰ আছে, ভাড়াঘৰেই হওক, তোমাৰ সুখ ৰৈ আছে তোমাৰ বাবে। …কিন্তু মোৰতো ঘৰ বুলিবলৈ আছে মাথোঁ এখন অকলশৰীয়া বিছনা, শূন্য কোঠা…” (পৃ. ৪৬-৪৭) স্বপনৰ এই বক্তব্যৰ মাজেদি তৃতীয় লিংগৰ লোকসকলে পৰিয়াল আৰু সমাজৰ পৰা পোৱা অনাদৰ-অৱহেলা আৰু যৌন জীৱনৰ জটিলতাৰ প্ৰসংগ প্ৰকাশিত হৈছে।

পুৰুষ আৰু নাৰীৰ মাজৰ জীৱন এটা লৈও স্বপনে এই পৃথিৱীত জীয়াই থকাৰ সপোন দেখিছে। নিজৰ যোগ্যতা আৰু প্ৰতিভাৰে কেৰিয়াৰ গঢ়িছে, উপাৰ্জন কৰিছে। প্ৰেম আৰু যৌনতাৰেও জীৱন পৰিপূৰ্ণ কৰিবলৈ বিচাৰিছে। কিন্তু জীৱনৰ এই যাত্ৰা-পথ সহজ নহয়। সহজ নহয় লিংগবাদী সমাজত গঢ়ি উঠা সম্পৰ্কবোৰ। ঔপন্যাসিকে এইখিনিতে সমাজ-জীৱনৰ আন এটা অপ্ৰিয় সত্যৰ কথাও কৈছে― “আজিকালি বেছিভাগ পুৰুষ বাইছেক্সুৱেল― স্বপনৰ দৰে হিজৰাকো লাগে, ছোৱালীও লাগে, ল’ৰাও লাগে।” (পৃ. ৪৭-৪৮) এনে এজন বাইছেক্সুৱেল পুৰুষ শ্যামলৰ প্ৰতাৰণাৰ বলি হৈছে স্বপন। শ্যামলৰ সৈতে হোৱা তিনি বছৰীয়া সম্পৰ্কটোৱে স্বপনক এটা নতুন জীৱন দিছিল। প্ৰেম আৰু যৌন জীৱনৰ পূৰ্ণতাৰে সুখী হ’বলৈ শিকিছিল সি। কিন্তু সম্পৰ্কবোৰ ইমান সৰলৰৈখিক নহয়। শ্যামলৰ এজনী নতুন গাৰ্লফ্ৰেণ্ড হ’ল, ৰিয়েল গাৰ্লৰ সৈতে ‘লাভ’ হ’ল। ক্ৰমে ক্ৰমে শ্যামলে স্বপনক এৰাই চলিবলৈ ধৰিলে। এই কথাবোৰে স্বপনক দুখী কৰে, খঙৰ ভমকত কয়― “সি ঠগিছে মোক, হি ইজ আ ছিটাৰ…” (পৃ. ৪৭) তথাপিও শ্যামলৰ লগত কটোৱা সময়বোৰ সি পাহৰিব নোৱাৰে, শ্যামলৰ অবিহনে জীয়াই থকাৰ কথা ভাবিব নোৱাৰে। সেয়ে স্বপনে প্ৰেমৰ পৃথিৱী বিচাৰি শ্যামলৰ ওচৰত মিনতি কৰিছে এইবুলি― “তই নহ’লে মই কাৰ সৈতে থাকিম! ঈশ্বৰৰ অভিশাপ মই― কিন্তু মই মানুহ নহ’লে কেনেকৈ জীয়াই থাকিম― তই তাইৰ লগতে থাক, কিন্তু মোকো এৰি নিদিবি― বৰ ভাল পাওঁ তোক…” (পৃ. ৪৭)

স্বপন সম্পৰ্কে বিটপীৰ মন্তব্য আৰু বিটপীৰ চকুত জিলিকি উঠা অন্য এখন পৃথিৱীৰ সম্ভাৱনাৰ কথাৰে স্বপন প্ৰসংগৰ সামৰণি পৰিছে― “স্বপনক লৈ শ্যামল সদায় নাথাকে, সেয়া সত্য। স্বপনৰ কষ্ট হ’ব― কিন্তু সত্য সি মানি ল’বই লাগিব। বেচেৰা! স্বপনে নিজেই নিজক সাহস নোযোগালে, আমি একো কৰিব নোৱাৰো সিদ্ধ। কেতিয়াবা ভাব হয়, এটা ডাঙৰ পাৰিবাৰিক পৰিৱৰ্তন আহিব। বিবাহ, দাম্পত্য, পৰিয়াল বুলি একো নাথাকিব পৃথিৱীত। কেইটামান দিনৰ মানসিক-শাৰীৰিক পৰিতৃপ্তিৰে জীৱন আগবাঢ়িব, সলনি হ’ব সংগী। শিক্ষা, বৃ্হৎ বিশ্বৰ প্ৰতিযোগিতাত এক উপাৰ্জনৰ আহিলা হ’ব, মানুহৰ পেকেজিং আৰম্ভ হ’ব, আমাৰ মাইনাহঁত সেই পৃথিৱীৰ বাসিন্দা হ’ব লাগিব, কথাবোৰ ভাবিলে মোৰ বুকুখন কাঠ হৈ যাব খোজে…” (পৃ. ৪৮)

প্ৰেম আৰু ত্যাগৰ যোগেদি জীৱনৰ প্ৰকৃত অৰ্থ, অৰ্থাৎ অন্তৰৰ ‘নীল প্ৰজাপতি’ বিচাৰি পোৱা যায়। নীলেশ-সুভদ্ৰাহঁতে অৱশেষত জীৱনৰ হেৰাই যোৱা ৰংবোৰ ঘূৰাই পাইছে, প্ৰেমৰ মহত্ব অনুভৱ কৰিবলৈ শিকিছে। কিন্তু স্বপনৰ কি হ’ল? স্বপনৰ কি হ’ব? নীল প্ৰজাপতি হোৱাৰ সপোন স্বপনৰো আছিল। সেই সপোন হয়তো কেতিয়াও নীল প্ৰজাপতি হৈ নুৰে। প্ৰান্তীয় পৃথিৱীত অকলশৰীয়া হৈ ৰৈ যাব স্বপন। এনেদৰেই অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি উপন্যাসত তৃতীয় লিংগ প্ৰসংগ চিত্ৰিত হৈছে।

৩.০০ উপসংহাৰঃ
এই চমু আলোচনাৰ পৰা ক’ব পাৰি যে, অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি উপন্যাসত স্বপন নামৰ চৰিত্ৰটোৰ যোগেদি তৃতীয় লিংগ, বিকল্প প্ৰেম-যৌনাচাৰমূলক সম্পৰ্ক আৰু ইয়াৰ লগত জড়িত কেতবোৰ জটিলতা আৰু মানৱীয় বিষয় তুলি ধৰা হৈছে। লিংগবাদী সমাজ-ব্যৱস্থাত তৃতীয় লিংগৰ লোকসকলে সন্মুখীন হোৱা শাৰীৰিক-মানসিক শোষণ আৰু সমস্যাৰ আভাস ইয়াৰ মাজেদি পাব পাৰি। আৰ্থিক দিশত নিজকে প্ৰতিষ্ঠা কৰিলেও দৈহিক আৰু মানসিক প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত তেওঁলোকে অনেক জটিলতাৰ সন্মুখীন হৈ আহিছে। ঔপন্যাসিকগৰাকীৰ মতে আত্ম-প্ৰেৰণাৰ যোগেদি এই লোকসকলে সমাজত জীয়াই থকাৰ বাট বিচাৰিব লাগিব।

গ্ৰন্থপঞ্জীঃ

[১] অনুৰাধা শৰ্মা পূজাৰী, নীল প্ৰজাপতি, বনলতা, গুৱাহাটী, চতুৰ্থ সংস্কৰণঃ ফেব্ৰুৱাৰী, ২০১৪
[২] অভিজিৎ রায়, সমকামিতাঃ একটি বৈজ্ঞানিক এবং সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, শুদ্ধস্বর, ঢাকা, প্ৰথম প্ৰকাশঃ ফেব্ৰুয়ারি, ২০১০
[৩] জিতেন বেজবৰুৱা, ‘সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন’, http://muktosinta.org/homosexuality/, ২২-০৫-২০১৮
[৪] অৰিন্দম বৰকটকী (সম্পা.), প্ৰকাশ, অক্টোবৰ, ২০১৩
[৫] সবুজ পাহাড়ের রাজা, ‘তৃতীয় লিঙ্গ’,  http://www.sachalayatan.com/guest_writer/37702, ২২-০৫-২০১৮
[৬] সাব্বির হোসাইন Sabbir Hossain, ‘নিপীড়িত জনগোষ্টীঃ তৃতীয় লিংগ’, https://blog.mukto-mona.com/2012/10/20/30792/, ২২-০৫-২০১৮

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে