মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / লেফাফা৷৷ জ্যোস্মি গগৈ৷৷

লেফাফা৷৷ জ্যোস্মি গগৈ৷৷

মমতাৰ চিঠিৰ লেফাফা নহয় এয়া,
এয়া অপ্ৰকাশিত গোপন অনুভৱৰ এক আৱৰণ!

য’ত শব্দৰ ৰূপত খচিত হৈ আছে আবেগৰ মুকুতা,
অপেক্ষাৰত হৃদয়ৰ হাহাকাৰ
আৰু জটিলতাৰ ঈষৎ ছাঁয়া।

বন্ধ লেফাফা! য’ত আবদ্ধ হৈ ৰ’ল বহুতো নোকোৱা কথা

তথাপি, শেষ নাই কথকতাৰ, আৱেগৰ
গোপনে ৰৈ যায় উদ্বিগ্নতা, প্ৰতীক্ষা!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে