মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / সমকাল / গৌৰী হত্যাৰ এবছৰ৷৷ ৰশ্মিৰেখা বৰা৷৷

গৌৰী হত্যাৰ এবছৰ৷৷ ৰশ্মিৰেখা বৰা৷৷

ধৰ্মান্ধ হত্যাকাৰীহঁতৰ হাতত প্ৰাণ দিয়াৰ আগতে সাংবাদিক-লেখক গৌৰী লংকেশে নিজৰ শেষ সম্পাদকীয়টোত উৰাবাতৰিৰ কাৰখানাৰ কথা লিখিছিল। তেওঁ কৈছিল কিদৰে অতি পৰিকল্পিতভাৱে শাসকপক্ষৰ পৃষ্ঠপোষকতাত এচাম মানুহে দিনে নিশাই এই মিছা বৈষম্যমূলক বাতৰিবোৰৰ সৃষ্টি কৰি জনসাধাৰণক বিভ্ৰান্ত কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰি আছে। এই মিছা বাতৰিবোৰে মানুহৰ মনত অবিশ্বাস, সন্দেহ আৰু ঘৃণা সমানে জগাই তুলিছে আৰু সঁচাক মিছা কৰাৰ ভয়ানক খেল এখন খেলি আছে। চচিয়েল মিডিয়াৰ এই খেলখন ভাৰতীয় জনগণৰ কাৰণে নতুন। ক্ষণিকৰ ভিতৰতে অবাধে হিংসা আৰু ঘৃণা বিয়পোৱা চচিয়েল মিডিয়াৰ এই নতুন নায়কসকলক দেশৰ প্ৰধান সেৱকজনাই অনুসৰণ (ফল’) কৰি থাকে। সিহঁতৰ ওপৰত তেখেতৰ কৃপাময় হাত সৰ্বদা আছে বাবেই দ্ৰুত গতিত চলি থাকিবলৈ এই অৰাজকতাই বৈধতা লাভ কৰি আছে। এই জগতখনত বিচৰণ কৰা মানুহবোৰ এৰাল ছিগা গৰুৰ দৰে। ইহঁতৰ স্বাধীনতা অসীম, ইহঁতৰ কোনো শাস্তি নাই। ইমানবোৰ মিছা কথা সকলো সময়তে কৈ থকা হৈছে যে সঁচাটো উদঙাই দেখুৱালেও মানুহে সঁচা বুলি নমনা হৈছে।

হিন্দুত্ববাদীৰ বিৰুদ্ধে সোচ্চাৰ গৌৰী লংকেশক নিজা ঘৰৰ সমুখতে হত্যা কৰা হৈছিল যোৱাবছৰৰ ৫ চেপ্তেম্বৰৰ দিনা। আজিলৈকে এই ঘটনা সংক্ৰান্তত যিবোৰ মানুহক গ্ৰেপ্তাৰ কৰা হৈছে সকলোবোৰেই হিন্দুত্ববাদী মতাদৰ্শৰ লগত জড়িত মানুহ। গৌৰীৰ হত্যাত হাত থকা বুলি শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা পৰশুৰাম বাঘমোৰে নামৰ যুৱকজনে কৈছে হিন্দু ধৰ্মক ৰক্ষা কৰিবলৈকে সি গৌৰীক গুলীয়াই মাৰিলে। লগতে সি এইটোও কৈছে যে সি আচলতে মহিলাগৰাকীক মাৰিব নালাগিছিল। ৰাম সেনা নামৰ এক সংগঠনে মুকলিকৈয়ে ফেইচবুকৰ জৰিয়তে পৰশুৰাম আৰু এই হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা আটাই কেইটা মানুহৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াবলৈ ৰাইজলৈ গোঁহাৰি জনালে। এনেকৈ মতাদৰ্শৰ অমিল হ’লেই মাৰোঁ বুলিয়েই মাৰি পেলোৱা কথাটো এই দেশত নতুন নহয়। পিছে যোৱা কেইবছৰমানত ই সঘন ৰূপ লৈছে। এই একেই মতাদৰ্শত বিশ্বাস ৰখা মানুহ কিছুমানেই প্ৰফেচৰ কালবুৰ্গীকো তিনিবছৰৰ আগতে ঘৰতে আহি গুলিয়াই মাৰি থৈ গৈছিল। গোবিন্দ পানচাৰে, নৰেন্দ্ৰ দাভোলকাৰৰ হত্যাৰ ধৰণ আৰু কাৰণো একেই আছিল।

গৌৰীয়ে মৃত্যুৰ আগতে মিছা বাতৰিৰ কাৰখানাটোৰ কথা সঠিকভাৱেই উল্লেখ কৰিছিল। ফটো, ভিডিঅ সকলোবোৰ মনে বিচৰাকৈ ইফাল সিফাল কৰি উদ্দেশ্যপ্ৰণোদিতভাৱে এৰি দিয়া হৈছে যাতে মানুহ উন্মাদ হৈ থাকে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঘটনাটোৰ সময়ৰপৰা এই উন্মাদনাই মহামাৰী ৰূপ ল’লে। অলপতে মধ্যপ্ৰদেশৰ মন্দচৰত ঘটা ধৰ্ষণৰ ঘটনাটোত ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তিৰ দাবীত মুছলমান লোকসকল ৰাজপথলৈ ওলাই আহিছিল। জনতাৰ হাতৰ প্লে কাৰ্ডত লিখা বিভিন্ন শ্লোগানৰ ভিতৰত ধৰ্ষণকাৰীৰ মৃত্যদণ্ডৰ দাবীও আছিল। পিছে মিছাৰ কাৰখানাত এই ফটো সলাই গোটেই ঘটনাটোক ৰূপ দিয়া হৈছিল অন্যধৰণে। ইয়াত কোৱা হৈছিল ইছলামধৰ্মৰ লোকসকলে অভিযুক্ত একে ধৰ্মৰ হোৱা বাবে তেওঁক সমৰ্থন কৰি ৰাজপথত নামিছে, প্লেকাৰ্ডত দেখা গৈছিল ধৰ্ষণকাৰীৰ সমৰ্থনত লিখা দাবী। লগতে কোৰাণৰো দোহাই দি কোৱা হৈছিল যে কোৰাণত হেনো অন্য ধৰ্মৰ নাৰীক ধৰ্ষণ কৰাৰ বিধান আছে। মানুহৰ মাজত অবিশ্বাস আৰু ঘৃণা বিয়পাবলৈ ইয়াতকৈ আৰু কি লাগে। অৱশ্যে সকাহৰ কথা যে সিহঁতৰ এই চক্ৰান্ত লগে লগেই পোহৰলৈ আহি আছে আৰু সত্য উন্মোচন হৈ আছে। তথাপি ই যি ক্ষতি কৰিছে তাক নুই কৰিব নোৱাৰি। অলপতে মহাৰাষ্ট্ৰৰ ধুলেত হোৱা পাঁচজন মানুহৰ গণহত্যাত উচতনি দিয়া ভিডিঅটো আছিল চিৰিয়াৰ। ভিডিঅটোত আছিল ২০১২ চনত গেছ আক্ৰমণত নিহত শিশুৰ শাৰী। তাকে প্ৰচাৰ কৰি কোৱা হৈছিল সোপাধৰাই অংগ বিক্ৰীৰ কাৰণে শিশু ধৰি ধৰি হত্যা কৰিছে। বচ, মানুহক আৰু কোনে পায়। পাঁচজন নিৰীহ লোকক মৰিয়াই মৰিয়াই মাৰি পোলোৱা হৈছিল বিনাকাৰণতে। যো ৱা সপ্তাহত প্ৰচাৰ হোৱা হিন্দু মহিলা এগৰাকীয়ে মুছলমান ব্যক্তি এজনক ৰাখী পিন্ধোৱাৰ পিছত তেওঁৰ হাততে ধৰ্ষিতা হোৱাৰ বাতৰি ফটোসহ ওলাইছিল। সেয়াও মিছা বুলি প্ৰমাণ হ’ল। দেশৰ সামাজিক গাঁঠিনিটোলৈ যোৱা কেইবছৰমানত সাংঘাতিক পৰিৱৰ্তন এটা আহিছে। দিনদুপৰতে গণহত্যাৰ পাতনি মেলা হৈছিল গোৰক্ষাৰ আৰু গৰু মঙহ খোৱা বন্ধৰ নামত। যোৱা চাৰি বছৰে ৭৮ টা গণ আক্ৰমণ আৰু হত্যা হৈছে কেৱল গৰু সংক্ৰান্তীয় কথাত। ইয়াত জড়িত থকা মানুহবোৰ সংঘ পৰিয়ালৰ সৈতে সম্পৰ্কিত। ২৯ জন মৃতক আৰু ২৭৩ জন আঘাতপ্ৰাপ্তৰ তিনিভাগৰ দুভাগ হ’ল মুছলমান আৰু বাকী থকাসকলৰ বেছিভাগ দলিত সম্প্ৰদায়ৰ। ইয়াৰ উপৰিও যোৱা দুমাহত দেশখনৰ ১৪খন ৰাজ্যত মুঠ ২৭ টা গণহত্যা হৈছে।

উৰা বাতৰিৰ সৃষ্টিৰ লগতে পৰিকল্পিতভাৱে মানৱ অধিকাৰ কৰ্মী, উকীল, শিক্ষাবিদ, লেখক, সম্পাদকসকলক বিভিন্ন মনে সজা গোচৰত হয় হত্যা কৰা হৈছে, নহয় কাৰাগাৰত ভৰোৱা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ’ল দলিত, আদিবাসী আদি নিপীড়িত মানুহৰ হকে মাত মতা, হিন্দুত্ববাদী মতাদৰ্শৰ বিৰুদ্ধে যুঁজ কৰা প্ৰতিজন মানুহৰ কণ্ঠ ৰোধ কৰা আৰু শাসকপক্ষৰ ভীতি আৰু ঘৃণাৰ ৰাজনীতি বাহাল ৰখা। দেশ চলাবলৈ আৰু নিৰ্বাচনত জিকিবলৈ এতিয়া সিহঁতক প্ৰচুৰ ভীতি আৰু ঘৃণাৰ দৰকাৰ। ভাৰভাৰা ৰাও, সুধা ভৰদ্বাজকে ধৰি আটাইকেইজন লেখক, অধিবক্তা, মানব অধিকাৰ কৰ্মীৰ গ্ৰেপ্তাৰো ইয়াৰে প্ৰতিফলন।

যি পৰিৱৰ্তনৰ সপোনত ভোল গৈ ভাৰতীয় জনগণে নতুন চৰকাৰখন বাচি ল’লে, মিছাৰ কাৰখানাই সেই পৰিৱৰ্তনৰ কথা পাহৰাই অন্য উন্মাদনাত জনগণক ব্যস্ত ৰখাৰ কামত লাগি পৰিল, সফলো হ’ল আৰু সঁচা-মিছাৰ এই বিভ্ৰান্তিত ক্ৰমে আৰু বেছি সৰ্বস্বান্ত হৈ থাকিল দুখীয়া ৰাইজ। পাইকাৰী হাৰত দেশ বিক্ৰী হৈ আছে, কৃষিক্ষেত্ৰ-শিক্ষা-চাকৰি আদি ক্ষেত্ৰত মাধমাৰ পৰি আছে। বস্তুৰ দাম সদায় বাঢ়ি গৈ আছে। তথাপি পৰিৱৰ্তনৰ উন্মাদনাত আমি নাচি আছোঁ।

আজি ৫ চেপ্তেম্বৰ। গৌৰীৰ হত্যাৰ এবছৰ হ’ল। যিমানে চেষ্টা নকৰক এই চৰকাৰে প্ৰতিবাদী মানুহৰ মাত বন্ধ কৰিব নোৱাৰে। আজি দেশ আন এক ঐতিহাসিক ঘটনাৰ সাক্ষী হ’ব। সমগ্ৰ দেশৰ মজদুৰ-কৃষকে কঁপাই তুলিব ফেচিষ্ট চৰকাৰৰ মছনদ। আমি ৰৈ আছোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে