চ’ৰাঘৰ / কথাশিল্প / সোণপৰুৱা৷৷ সৃষ্টি শ্ৰেয়ম৷৷

সোণপৰুৱা৷৷ সৃষ্টি শ্ৰেয়ম৷৷

নৈ খন পাৰ হৈ আহোঁতে
পাৰত ওলমি ৰোৱা দুটা চাকনৈয়া

ওখ ঘাঁহবোৰত
বিৰিখত
পৰ্দা টনা আইনাৰ সিপাৰৰ বন্ধ কোঠাত
য’ত য’ত মই থাকি আহিলোঁ
য’লৈ য’লৈ মই ঘূৰি আহিলোঁ
ছাঁয়া হৈ
বিজুলী হৈ
চিঞৰ হৈ
ধুমুহা হৈ
উৰাই ঘূৰাই মোক ওফৰাই
কোলা পাতি তুলি লোৱা যুৰীয়া বাহ

ক’লৈ বা গ’ল
ক’লৈকো চোন নগ’ল-
আঁচলৰ দৰে নৈ খন সামৰি
মোৰ আগে পিছে আহি থাকিল

এতিয়া মোৰ অথিৰ বুকুত
নৈ খন পাৰ হওঁতে সিপাৰে
ঘূৰি ঘূৰি দ্বীপ হোৱা দুটা চাকনৈয়া…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে