চ’ৰাঘৰ / কথাশিল্প / সংসাৰ৷৷ ৰিমঝিম মহন্ত৷৷

সংসাৰ৷৷ ৰিমঝিম মহন্ত৷৷

ঘড়ীটোৱে পুৱা সাত বজাৰ সংকেত দিয়াৰ লগেলগে দিশাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। পিছে কান্দিছেহে, কান্দিছে৷ কাৰো এটা সাৰি শব্দ নাই। আৰু অলপ ডাঙৰকৈ কান্দিলে ,এইবাৰ ঔষধে কাম দিলে৷ গৃহস্থ খপজপকৈ উঠি বহিল।

— হেৰা , কি হৈছে তোমাৰ? কিয় কান্দিছা?

— …. …. ….৷

— হেৰা, নোকোৱা কিয়…বেয়া সপোন দেখিলা নেকি?

এইবাৰ আৰু জোৰকৈ কান্দিলে তাই।

— হেৰা , নাকান্দিবা… নাকান্দিবাচোন৷ … ওচৰ-চুবুৰীয়াই শুনিলে কি ক’ব?

কোদো বাঁহত যেন জুইহে লাগিল… গৰজি উঠিল তাই৷

— অ’ ওচৰ-চুবুৰীয়ালৈ ইমান চিন্তা! মই যে ৰাতি ১২ বজাৰ পৰা সাৰ পাই আছোঁ, খবৰেই নাই।

— তুমি আক’ কিয় সাৰ পাই আছিলা? গা বেয়া নেকি দিশু?

— কিয় মানে? আজি কিমান তাৰিখ?

— ২৮ এপ্ৰিল।— গৃহস্থৰ চমু উত্তৰ।

— কাৰোবাৰ বিয়া আছে নেকি দিশু?

— বিয়া? কিয় আজি মোৰ জন্মদিন নহয়নেকি?— দিশাই চকুপানী মোহাৰি ক’লে৷

— অস্৷

— অস্ মানে তুমি পাহৰিলা! ভাবিছিলো বাৰ বজাৰ পাছত কেক্ এটা আনি তুমি মোক চাৰপ্ৰাইজ বাৰ্থদে উইচ কৰিবা!

— আৰু তুমি ফটো ক্লিক কৰি ফেচবুকত দিবা৷ surprise birthday cake from hubby. তুমি জানা মই সেইবোৰ ভাল নাপাওঁ।

— জানো ,সেইকাৰণে পাছত ভাবিলো পাঁচ বজাত উঠি ৰঙা গোলাপ এপাহ হাতত লৈ ক’বা, জান হেপ্পী বাৰ্থদে।

— কিন্তু ফুল ছিঙিলে তুমি সুদাই এৰিবানে মোক? আৰু এই বয়সত হাতত গোলাপ লৈ…হাঃ.হাঃ..৷ হহুঁৱালা দেই৷

— নহয়৷ মই কথাটোহে কৈছো৷

— অ’ হয় নেকি?— গৃহস্থই তাচ্ছিল্যৰ সুৰত ক’লে৷

— আচলতে তুমি মোক ভাল নোপোৱা৷ মই দিনে দিনে বুঢ়ী হৈ গৈছো যে, গালত ৰিংকল পৰিল৷ চকুও সোমাল৷

— তুমি দেখোন পাৰ্লাৰলৈয়ো যোৱা৷ এন্টিৰিংকল নে কি সেই সোপাও ঘহাঁ।

— সেইসোপা ঘহিঁলে কি হ’ব! ভালপোৱা হ’লে, জন্মদিন বুলি হীৰাৰ আঙুঠি এটাকে দিলা হয়৷
দিশাই যথাসম্ভৱ কোমলকৈ ক’লে।

— হীৰাৰ আঙুঠি?— স্বামীদেৱতা যেন আকাশৰ পৰা খহিহে পৰিল।

— হেৰা, মই কোম্পানীতহে কৰো, মন্ত্রী-বিধায়ক নহয়৷

— নহয় নহয়৷ মই কথাটোহে কৈছো।

— আচলতে যোৱা পৰহি Tanisq-ত ডিছকাউন্ট দিছিল৷

— খবৰতো চাগৈ ফেইচবুকৰ বান্ধৱীয়ে দিলে?

— সেয়া মই জানো নহয় তুমি তেনেকৈয়ে ক’বা। মই যে ফেইচবুক কৰো তোমাৰ সেইতোতো চকু…। হ’ব দিয়া মই দুটা শব্দ কওঁতেই তুমি…৷ — দিশাই চকুপানী টুকিলে— মোক আচলতে কোনেও ভাল নাপায়৷ এটাই সহোদৰ ভাই আছে, তাৰো খা-খবৰ নাই৷ ভাবিছিলো, গিফট-চিফট লৈ  কালিয়েই আহিব! নাহিলি নাই, এতিয়ালৈকে ফ’ন এটাও নাই৷ বিয়া পাতি সিও মোক পাহৰিলে৷ হে ভগৱান মোক উঠাই নিয়া, উঠাই নিয়া মোক৷

আৰে কাষত দেখোন গৃহস্থ নাই ! ছেহ্ মিছাকৈ কষ্ট কৰি চকুপানী উলিয়ালো! দিশাই ভাবিলে। প্লিজ, ভগৱান উঠাই নিনিবা মোক! কেইবছৰনো হৈছে মোৰ, আজি চল্লিশ সোমাইছেহে। ল’ৰা-ছোৱালীহাল সৰু হৈয়ে আছে, এওঁকনো কোনে চাব? পানী এগিলাছ লৈ খাবলৈও বৰ টান পায়৷ প্লিজ ভগৱান, দায়-দোষ নধৰিবা। ভগৱানৰ ফটো থকা ঠাইলৈ চাই সেৱা এটি কৰিলে তাই।

গৃহস্থ অহাৰ উমান পাই তাই আকৌ অকনমান কান্দি শুনোৱালে। নাই, তেওঁৰ একো প্ৰতিক্ৰিয়া নাই৷ ছেহ্, জন্মদিনৰ দিনা কান্দি কাটি বৰ ভাল কাম নকৰিলো!

— হেৰা,চাহ বাকিছো, মুখ ধুই আহাগৈ।

দিশা বিছনাৰ পৰা নিঃশব্দে উঠি গ’ল। দাঁত ব্ৰাছ কৰি কৰি ভাবিলে, মানুহটো বৰ ভাল৷ সেই কলেজীয়া দিনৰ পৰা আজিলৈকে৷ মানুহটোৱে সঁচাকৈ পাহৰিলে ছাগে…৷
তাই মুখ ধুই আহি গৃহস্থৰ ওচৰতে বহিল আৰু চাহ কাপ হাতত লৈ মিহিকৈ সুধিলে,

— হেৰা, তুমিনো কলেজত পঢ়ি থাকোতে মোৰ জন্মদিনটো কেনেকৈ মনত ৰাখিছিলা? মানে তুমিতো বেছিভাগ পঢ়া-শুনা লৈয়ে ব্যস্ত অাছিলা?

— মইনো ক’ত মনত ৰাখো? এপ্ৰিল মাহ সোমোৱাৰ পৰা তুমি দেখোন কৈয়ে থাকা।

— হে প্ৰভু। তাৰমানে তুমি…?

— অ সচাঁকথা। আজিকালি ফেইচবুক আছেই নহয়৷ বাৰ্থ দে , মেৰেজ দে সকলো মনত পেলাই দিয়ে।

— সেইকাৰণে তোমাৰ মনত নপৰিল। এইবাৰ সঁচাকৈয়ে দিশাৰ শোকে খুন্দা মাৰি ধৰিলে আৰু দুধাৰি চকুপানী বৈ আহিল।

—এহ ৰ’বাচোন, ৰ’বা৷ কন্দা-কটাখন নকৰিবা। কথাটো নকওঁ বুলিয়েই ভাবিছিলো৷ এতিয়া যি দেখিছো উপায় নাই, সকলো প্লেনিং ফ্লপ হ’ল!

— প্লেনিং? কি প্লেনিং? — তাই আচৰিত হৈ সুধিলে৷

গৃহস্থ লৰালৰিকৈ গেৰেজলৈ গ’ল।

— হেৰি, গেৰেজলৈ কিয় গৈছা? মই মৰিলো, মোলৈ চাগে‘ সতিনী আনি গেৰেজত লুকুৱাই থৈছে। হে ভগৱান, তোমাক দিনে- ৰাতিয়ে মিছাকৈয়ে পূজা-সেৱা কৰিলো, তুমি মোৰ কপালত সতিনীহে লিখিলা! মানুহটোক ভাল ভাল বুলি শলাগি থাকোতে এইখনহে কৰিলে৷ ভগৱান মোক উঠাই নিয়া এতিয়াই৷ সতিনীৰ লগত ভাত নাখাও মই৷ হায় হায়…মোৰ কি হ’ব এতিয়া?

— হেৰা চোৱাচোন এইফালে৷

— নাচাওঁ মই৷

খৰমৰাই উঠিল কিবা এটা, আমোলমোলাই গ’ল দিশাৰ চৌপাশ। কান্দি থকাৰ পৰা মুৰ দাঙি চালে তাই৷ চকু থৰ হৈ গ’ল তাইৰ। গৃহস্থৰ হাতত তাইৰ প্ৰিয় ফুল কেতেকী! কেনেকৈ গম পালে তাইৰ প্ৰিয় ফুলৰ কথা৷ কাহানিও কোৱা নাই তেওঁক! দুষ্প্ৰাপ্য ফুল, হীৰাৰ আঙুঠিতকৈ মূল্যবান এই ফুল৷

ক’ত পালে তেওঁ? হৃদয়ত হাজাৰটা প্ৰশ্ন৷ কিন্তু সুধিবলৈ সাহস নহ’ল…৷

— বুইছা তুমি এনেয়ে চিঞৰ বাখৰ কৰা, এতিয়া এই বয়সত বাৰু মোৰ….। ছিঃ ক’বলৈও লাজ লাগিছে মোৰ। তুমি কেনেকৈ যে ভাবিব পাৰিলা….৷

দিশা লাজত ৰঙা পৰিল। তাইক জন্মদিনত ফুলপাহ দিবৰ বাবে তেওঁ ছাগৈ কিমান দিনৰ আগৰ পৰা ভাবিছে! কেতেকী ফুলপাহত সোমাই আছে তেওঁৰ অফুৰন্ত মৰম আৰু ভালপোৱা, তুলনাবিহীন ভাৱে। দিশাই নাকটো গুজি দিলে ফুলপাহত।

— হেৰা, মই জানো নহয় তোমাক। তোমাৰ ওপৰত মোৰ অগাধ বিশ্বাস। দিশাৰ চকুজুৰি সেমেকি উঠিল।

— সৌটো পেকেটত কাপোৰ এযোৰ আছে, চোৱাচোন পচন্দ হৈছেনে?

— কাপোৰ?

দিশাই মনৰ ভাৱ সামৰি কাপোৰযোৰ গাত মেৰিয়াই সুধিলে,

— কেনেকুৱা লাগিছে?

— যোৱা আইনাত চাই আহাঁ।— গৃহস্থই ভেকাহি মাৰি দিলে। খং উঠি আছে হ’বপায়।

— কোৱানা প্লি….জ…৷

— ভাল লাগিছে। পিছে এতিয়া সোনকালে গা ধুই আহাঁ। তোমাৰ নাটকখনত এনেয়ে সময়বোৰ গ’ল। মাঁহত পাবহিয়েই।

— কি? মাহঁত আহিছে, তুমি কোৱা নাই কিয়? আজিকালি কথা লুকুওৱা তুমি।

— ক’তনো কথা লুকুৱালো, ভাইটিয়ে কালি দিনত ফ’ন কৰিছিল বোলে ভিনদেউ কাইলৈ দিনৰ ভাতসাঁজ লগে-ভাগে খাম৷ বা’ক নক’ব। মই বোলো হ’ব, সকলো আহিবা। আৰু কাপোৰযোৰ কালি আনিলো, ভিতৰত থ’লে দেখিবা বাবে গাড়ীত থ’লো৷ ভাবিছিলো তুমি গা ধুই আহিলেই দিম। তুমি আৰু যিখনহে কৰিলা পুৱাই পুৱাই।

— ইস্ মই আকৌ ভাবিছিলো, তুমি পাহৰিলাই। হ’ব দিয়া৷ আৰু বেয়া নাপাবা দেই৷ জানাই নহয় খংটো মোৰ তেজতে আছে।মুখত যি আহে তাকে কওঁ। …চাওঁ চুমা দুটাকে খাই দিওঁ…৷

— হ’ব হ’ব যোৱা এতিয়া। তেল মাৰিব নালাগে।

হাতত নতুন কাপোৰযোৰ আৰু কেতেকীফুল পাহ লৈ দিশাই বিজয়ৰ হাহিঁ মাৰিলে৷ গৃহস্থয়ো তাইলৈ চাই মাৰিলে এটি প্ৰশান্তিৰ হাহিঁ, হিয়া জুৰ পৰাকৈ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে