চ’ৰাঘৰ / কথাশিল্প / হিমা ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

হিমা ৷৷ ৰত্না ভৰালী তালুকদাৰ৷৷

তুমি বাঢ়ি অহা গছৰ পাতৰ সেউজীয়া কবিতা 
আমাৰ আশাৰ আগলিত বাস কৰা
উৰণীয়া এগছি চাকি

থোৰ মেলি অহা জীৱনৰ
ফাগুনী বতাহৰ আগ

এটি নতুন বিৱৰণী- গতি, ছন্দ
আৰু ৰঙা-নীলা ষ্টে’ডিয়ামত
নাচি উঠা শৰীৰবোৰৰ

আমি ৰ লাগি চোৱাৰ সন্মোহনত
তুমি বিজুলিয়াই উঠা ৰাগী

বতাহত ওলমি থকা
আমি অঁকা সপোনৰ বাগিচাৰ ডালিম

আমাৰ সন্তানবোৰৰ হেঁপাহত জাগি উঠা
দুৰ্নিবাৰ উশাহৰ নাম
মন যায়, মন যায় হিমা দাস

তুমি ডাৱৰ ভাঙি বৰষুণ নমোৱাৰ আবাহনী।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে