চ’ৰাঘৰ / কথাশিল্প / বৃদ্ধাশ্ৰম৷৷ দ্বিজেন্দ্ৰনাথ শৰ্মা৷৷

বৃদ্ধাশ্ৰম৷৷ দ্বিজেন্দ্ৰনাথ শৰ্মা৷৷

“উম্, মায়ে কৈছে , বৃদ্ধাশ্ৰমবিলাক দেখিবলৈ ভীষণ ধুনীয়া। মোক এদিন লৈ যাম বুলি কৈছে।”

পল্লৱীয়ে বৃদ্ধাশ্ৰম দেখা নাই। নাজানেও কি? আজি লেজাৰৰ পিছত ক্লাছ ফ’ৰক বৃদ্ধাশ্ৰমলৈ নিব। পল্লৱীৰ উৎসাহৰ অন্ত নাই।

“প্ৰিঞ্চী, তোমাৰ মায়ে বৃদ্ধাশ্ৰম দেখিছে?”

“উম্, মা আৰু দেউতা দুয়ো গৈছিল।”

“তুমি কিয় নগলা?”

“মই স্কুলত আছিলো যে। এইবাৰ দেউতাৰ লগত ময়ো যাম।”

“তোমাৰ দেউতা বৃদ্ধাশ্ৰমলৈ গৈয়ে থাকে নেকি?”

“উম্, আইতা থাকে নহয় তাত।”

“কিইইইইই???”

পল্লৱী, দিশা, কিমি তিনিও প্ৰায় চিঞৰি উঠিল। প্ৰিঞ্চী চক্‌ খাই উঠিল। কাষত নিৰ্বিকাৰ হৈ আমন-জিমনকৈ বহি থকা ৰিমলিয়ে খিৰিকীৰে আকাশৰ পিনে উদাস ভাবে চাই থাকিল। বৃদ্ধাশ্ৰম ভ্ৰমণৰ জাননীখন স্মৃতা মেমে পঢ়ি শুনোৱাৰ পিছতে ক্লাছৰূমটোত কলৰৱৰ ৰোল এটা বৈ গৈছিল। এটা নেদেখা বস্তু দেখাৰ উৎকন্ঠাত সিহঁতৰ চকু তিৰবিৰাই উঠিছিল। সকলোৰে আনন্দত ভাগ ল’ব নোৱাৰি উদাস হৈ পৰিছিল ৰিমলি।

পল্লৱী আচৰিত হৈ গৈছিল, প্ৰিঞ্চীৰ আইতাক বৃদ্ধাশ্ৰমত থাকে কিয়?

“তোমালোকৰ ঘৰত কোঠালী কম নেকি? আমাৰ দেখোন আইতাৰ বাবেও এটা কোঠালী আছে।”

“কিয় কোঠালী কম হ’ব। এতিয়াও আইতাৰ কোঠালীটো আছে। তলা মাৰি থোৱা থাকে।”

পল্লৱীৰ আইতাকৰ কোঠালীটোও এতিয়া তলা মাৰি থোৱা আছে। তাইৰ আইতাক আলহীৰ ঘৰলৈ গৈছে। পল্লৱীয়ে ভাবিলে, বৃদ্ধাশ্ৰম বাৰু ফুৰিবলৈ যোৱা ঠাই নেকি?

“তোমালোকৰ আইতা তাৰমানে বৃদ্ধাশ্ৰমলৈ ফুৰিবলৈ গৈছে?”

“নহয়, মায়ে কৈছে, আইতা তাতেই থাকিব। দেউতাই কৈছে, কেইদিনমান থাকি আহিব।”

“তুমি যাব কিয় দিলা?”

“কিয়? তাত হেনো বহুত সুবিধা। আইতা আৰামত থাকিব পাৰিব। আৰু দেউতাই কৈছেই নহয়, আহি থাকিব।”

“ওঁ…”

পল্লৱীয়ে ভাবিলে, তাইৰ আইতাকো বাৰু তাইক এৰি বৃদ্ধাশ্ৰমলৈ যাব নেকি? নাই, তাই আইতাকক বৃদ্ধাশ্ৰমৰ কথা জানিবই নিদিব। কি ঠিক, ইমান আৰাম বুলি গম পালে যদি তাইৰ আইতাকেও তাইক এৰি গুচি যায়। তাই আজি গৈ মাক-দেউতাককো আইতাকক বৃদ্ধাশ্ৰমৰ কথা ক’ব মানা কৰিব। ফুৰাবলৈতো কেতিয়াও নিনিয়েই। তাইৰ ভয় লাগিল, আন কোনোবাই যদি আইতাকক বৃদ্ধাশ্ৰমৰ কথা কয়। নাই, তাই আইতাকক বৃদ্ধাশ্ৰমৰ কথা ক’ব, কিন্তু বেয়া বুলি ক’ব। কিন্তু আইতাকে তাইৰ কথা বিশ্বাস কৰিবনে? কিয় নকৰিব, আইতাকে তাইক ইমান মৰম কৰে। আইতাকে যদি তাইৰ কথা বিশ্বাস নকৰি নিজে বৃদ্ধাশ্ৰমলৈ ফুৰিবলৈ যোৱাৰ জিদ ধৰে, তাই মিছা কোৱা বুলি ধৰা পৰি নাযাবনে? নাই তাই আইতাকক সঁচাটোৱে ক’ব। আৰাম হ’ল বুলিয়েই আইতাকে তাইক এৰি যাব জানো? যাব বিচাৰিলে তাই চিঞৰি চিঞৰি কান্দিব। তাইৰ চকুৰ কোণ সেমেকি উঠিল।

“পল্লৱী”— ৰিমলিয়ে পল্লৱীৰ ফেকুৰণি শুণি কান্ধত হাত থ’লে।

“সকলোৰে আইতাকবোৰ বৃদ্ধাশ্ৰমলৈ গুছি যায় নেকি?”

ৰিমলিয়ে ৰাউচি জুৰি কান্দিবলৈ ধৰিলে। আটাইকেইজনীয়ে আচৰিত হৈ ৰিমলিক আগুৰি ধৰিলে। অজানিতে পল্লৱীৰ ফেকুৰণিটো বন্ধ হৈ গ’ল।

দিশাই সুধিলে—“ৰিমলি, কান্দিছা কিয়?”

“মই বৃদ্ধাশ্ৰমলৈ নাযাওঁ।”

সকলো আচৰিত হ’ল। দিশাই সুধিলে—“কিয়?”

মাতবোল নকৰাকৈ ৰিমলিয়ে স্কুল বেগটো উঠাই প্ৰিঞ্চিপাল মেমৰ ৰূমৰ পিনে গুচি গ’ল। সকলোৱে তাইৰ পিনে চাই থাকিল।

কিমিয়ে ক’লে—“অসুখ হৈছে নেকি?”

“উম্, হ’ব পাৰে। ইমান ধুনীয়া টুৰটো তাই মিছ কৰিলে।”— কিমিয়ে কৈ গ’ল—‘আচ্ছা, প্ৰিঞ্চী, তোমাৰ মায়ে আৰু কি কি কৈছে, মোৰ জানিবলৈ বিৰাট মন গৈছে।”

“এহ, এইডাল, দেখিবিয়েই অলপ পিছত। ঐ প্ৰিঞ্চী, এটা কথা কোৱাচোন, তোমাৰ আইতা বৃদ্ধাশ্ৰমতে থাকিব নেকি?”

“যাবৰ বেছিদিন হোৱাই নাই নহয়। এইবাৰ আহিলে মই যাব নালাগে বুলি ক’ম।”

পল্লৱীৰ খেলি-মেলি লাগিল, প্ৰিঞ্চীৰ আইতাক তালৈ ফুৰিবলৈ গৈছে নে থাকিবলৈ গৈছে?

“ঐ, ৰ..ৰ..ৰ, তোৰ আইতা মানে ঘৰলৈ আহিব?”

প্ৰিঞ্চীয়ে কিবা কোৱাৰ আগতে দিশাই ক’লে-“এইডাল কম বুদ্ধু নহয় দেই, ঘৰলৈ নাহিব নেকি?”

প্ৰঞ্চিয়ে ” অ’ আক’ ” বুলি ক’লে, কিমি আৰু দিশাই খিলখিলাই হাঁহিলে। পল্লৱীয়ে অলপ লাজ পালে। কি যে ভাবিছিল তাই! তেতিয়াহ’লে তাইৰ আইতাককো মাজে মাজে বৃদ্ধাশ্ৰমলৈ যাব দিব লাগিব। আইতাকৰ মন ভাল লাগিব।

“ৰিমলি ছুটি লৈ গ’ল।”—প্ৰিঞ্চিপাল মেমৰ ৰূমৰ পৰা গেটৰ পিনে গৈ থকা ৰিমলিলৈ চাই দিশাই ক’লে। চাৰিওজনীয়ে ৰিমলি বুলি ৰিঙিয়াই মাতিলে। কাৰো পিনে মন-কাণ নিদি থম থম খোজেৰে ৰিমলি স্কুলৰ গেট পাৰ হৈ গ’ল।

“প্ৰিঞ্চী, আজি তোমাৰ আইতাকো ল’গ পাম ন।”

প্ৰিঞ্চীয়ে আচৰিত হৈ দিশাৰ পিনে চালে।

“কিয়, আজি দেখো বৃদ্ধাশ্ৰমলৈ যামেই। তোমাৰ আইতাও নাথাকিব জানো?”

“কিমি দেখিলা, দিশাই ভাবিছে, বৃদ্ধাশ্ৰম যেন এখনহে আছে। বুদ্ধু, আমাৰ আইতা এইখনত নাথাকে। বহুত ডাঙৰ এখনত থাকে।”

স্কুল বাছখন কৰুণাময়ী নামাংকিত তোৰণ খনেৰে সৈতে থকা বৃহৎ গেটখনৰ কাষত ৰ’ল। দাৰোৱানজনে প্ৰকাণ্ড তলাটো খুলি শ্লাইডিং গেটখনত গাৰ সমষ্ট শক্তি প্ৰয়োগ কৰি ঠেলিব ধৰিলে। গ্ৰীজ নপৰা চকাৰ কৰ্কশ ধ্বনি তুলি গেটখন লাহে লাহে গৈ থাকিল। চৌহদৰ দেৱাল চুৱা বৃক্ষৰ শাৰী। এখন বিশাল ল’ন। ল’নখনক ঘেৰি আসাম টাইপৰ দীঘলীয়া ঘৰ। ঘৰ বিলাকৰ সন্মুখত যেন মাটি ভেদি ওলোৱা শাৰী শাৰী প্ৰকাণ্ড কংক্ৰিটৰ খুঁটা। ওপৰত অনাবৃত ৰ’ডৰ আকাশচুম্বী পণ। এজাক বতাহে কোবোৱা মনোৰম আবেলি। ল’নৰ সেউজীয়া দলিচাত বতাহে কোবোৱা সোণালী পাতৰ ঝনঝননি। পথালিয়া দীঘল ঘৰটোৰ সোঁমাজেৰে এটা কৰিডৰ। কৰিডৰটোত দুশাৰী দীঘল কাঠৰ চকী। কৰিডৰৰ কাষত এবোজা নিৰাই থোৱা অপতৃণ। কাষত এটা ডাষ্টবিন!

পখিলা এজাক জাকি মাৰি দেও দি দি সেউজীয়া ঘাঁহনিত দৌৰিছে সৰা পাত গচকি। সন্মুখত কাঠৰ চকীত বহি আছে এজাক জীৱন যুঁজৰ ভাগৰুৱা সেনানী। ৰুক্ষ শৰীৰ, শুষ্ক দৃষ্টি। প্ৰসাৰিত দুবাহুত চুই চোৱাৰ হেঁপাহ, কেঁচা পাতৰ কঁপনি।

পল্লৱী গৈ সন্মুখৰ আইতাগৰাকীৰ কোঁচত বহিল। আইতাগৰাকীয়ে তাইৰ গালে মুখে চুমাৰে ওপচাই দিলে। আইতাগৰাকীয়ে তাইক ইমান জোৰেৰে সাৱটি ধৰিলে যে তাই উচপিচাই উঠিল। আইতাগৰাকীৰ বাহু বন্ধনৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিলে। তাই যিমানে উচপিচাই উঠে আইতাগৰাকীয়ে সিমান জোৰেৰে সাৱটি ধৰে। যেন ডুবন্ত মানুহে খেৰকুটাহে খামুচি ধৰিছে। তাই আইতাগৰাকীৰ মুখলৈ চালে। আইতাগৰাকীৰ চকুৰ কোণত বিৰিঙি উঠা চকুলোৰ টোপাল দেখি তাই ফেকুৰি উঠিল।

“পল্লৱী।”

এটা চিনাকি যেন কন্ঠস্বৰত তাই উচপ খাই উঠিল। মূৰ তুলি চাই দেখে ৰিমলিৰ আইতাকৰ কান্ধত ভেঁজা দি কৰিডৰত ঠিয় হৈ আছে তাইৰ আইতাক।