চ’ৰাঘৰ / কথাশিল্প / বৰষুণৰ বাঁহী৷৷ মনোজ কুমাৰ ডেকা৷৷

বৰষুণৰ বাঁহী৷৷ মনোজ কুমাৰ ডেকা৷৷

গোটেই পৃথিৱীখন খন্তেকতেই কিবা আন এখন পৃথিৱীলৈ ৰূপান্তৰিত হ’ল ! এজাক পক্ষীৰ মাত কাণত বাজিবলৈ ল’লে। পখিলা বৰণীয়া পাখিৰ ভৰত তাইৰ চকু জাপ খাই আহিল। তেজৰ ঢৌৰ কোব বাঢ়িছে। এটি অনাবিল তৃপ্তিয়ে তাইক ক্ৰমশঃ চেপি আনিছে। নিচাসক্ত মানুহৰ দৰে তাই আগবাঢ়িছে। ঘৰটো কেনেবাকৈ গৈ পাব লাগে। তাইৰ দৌৰিবৰ মন গৈছে। চিঞৰিবৰ মন গৈছে। গাব মন গৈছে । বৰষুণ পৰিছে। তাই তিতিছে…!

উত্তেজনাৰ অলেখ অযুত কাৰণ বুকুত সামৰি তাই ঘৰত সোমাল। নিজৰ বিচনাখনত লাহেকৈ পৰি দিলে। মুদি দিয়া চকুযুৰিত তেতিয়া অতীতৰ সপোনৰ ধেমালিবোৰৰ নাচোন।…

“মোৰ সন্তানৰ মা হ’বি ?”—স্পষ্ট কণ্ঠ । পোনপটীয়া প্ৰশ্ন। প্ৰশ্নৰ প্ৰকোপত তাই জিকাৰ খাই উঠে। সোধোতাৰ সততাৰ শিপা বিচাৰি তাই হাহাকাৰ কৰে। ভুল শুনিলে নেকি বাৰু? নাই…ভুল শুনা নাই। সি স্পষ্ট ভাবে ক’লে। কিন্তু ইমান বেগত মানুহে মানুহৰ মনলৈ বুলি বাট বোলেনে ! কিয় ? কেনেকৈ?

তাইৰ সিদিনা টোপনি নাহিল। মৰা মাছৰ দৰে মেলখোৱা চকুদুটি লৈ উশাহৰ ধীৰ খোজ গণি গণি পাৰ কৰিলে ৰাতি। পৃথিৱীৰ অলক্ষিতে ওৰে ৰাতি তাইক খেদি ফুৰিলে এটি স্পষ্ট প্ৰশ্নই। কিন্তু, সি বিচৰাখিনি দিলে তাই, তাই হৈ থাকিবনে? ক’ব নোৱাৰাকৈ তাই জীৱনৰ সৰু বৰ অংকবোৰ কৰিবলৈ ধৰে। তাৰ স্পষ্ট, সাহসী, নিঃসংকোচ প্ৰশ্নই তাইক ঠেলি হেঁচুকি নি এনে এটি কেঁকুৰিত থিয় কৰিলে যে তাইৰ মন গ’ল হেৰাই যাবলৈ। হেৰাই যাব কাৰোবাৰ বুকুত…। বোধশক্তিয়ে সখী পতাৰ দিন ধৰি সাঁচি ৰখা তাইৰ দেহৰ সমস্ত অলংকাৰ তাই তাক পিন্ধাই উদং হ’ব। তাইৰ মন গ’ল !তাক নিজৰ সন্তানৰ দৰে সাৱটি সমস্ত মমতাৰে উপাচাব মন গ’ল ! …লাহে লাহে নাৰীৰ সহজাত সকলো সংবেদনশীলতাৰে তাক মাথোঁ তাই নিজৰ কৰি ল’ব ধৰিলে। ক’ব নোৱাৰাকৈ। বাৰিষাৰ পিছল গড়া। তাই পিছলি গ’ল !

এটি সপোনৰ ঘৰ৷ কাৰোবাৰ শক্তিশালী এযোৰ বাহু, নিৰাপত্তা, সন্তান কোন গৰাকী নাৰীয়ে নিবিচাৰে ! বিচাৰে৷ সাধাৰণতে বিচাৰে। তায়ো বিচাৰিছিল। কিন্তু জীৱনৰ সেই সপোনৰ ৰূপ কেতিয়া দিঠকত দেখিব তাই নাজানিছিল। জানিবই বা কেনেকৈ? জ্যোতিষীয়ে ৰাজযোৰা বুলি কোৱা মাক দেউতাকৰ যুজঁখন তাই নিতৌ দেখে। ভাবে, সংসাৰ কি এনেকুৱাই নেকি ?

… ভয়ত চেপাখোৱা মন এটিৰে জীৱনৰ বাট বুলিছিল তাই। নিতৌ ভাবে, ওলাই যাওঁ। নাথাকো এইখন ঘৰত, য’ত সকলো থকাৰ পিছতো জীৱন বিচাৰিব লাগে।

তাই কাপোৰ মোনাত ভৰায়। ঘৰ এৰিবলৈ সাজু হয়। কাৰোবাৰ ঘৰত কাম কৰি খাম ! কিন্তু অজান আশংকাত আকৌ পিছুৱাই আহে। …ভাল মানুহ লগ পাম জানো? যদি নেপাওঁ !

…তেনেতে লগ পাইছিল অনিৰুদ্ধক। স্পষ্ট। অঁকৰা। অবিন্যস্ত। মলিয়ন কাপোৰ পিন্ধা। জীৱন, সমাজ বা মানুহলৈ অবাক হৈ চাই থকা অনিৰুদ্ধক তাই লগ পাইছিল হঠাৎ। লিখি ভালপোৱা অনিৰুদ্ধক তাই লগ কৰা নাছিল। কিন্তু সিহঁতে সুবিধা পালেই পৃথিৱীক পাহৰি কথা পাতিছিল। সি ক’বলৈ মন কৰাকৈ তাই তাৰ দুখ, হেঁপাহ বা দুখৰ গাঁথা শুনিছিল। তাই মনত পেলায়, কোনোদিনে সি তাইক কোৱা নাছিল, তোক বিচাৰো।

দুয়ো কথা পাতিছিল। ইটোৱে সিটোক লগ পালে পালে চকুবোৰ চকু হৈ থকা নাছিল। চকুবোৰ ৰাতি ফুলা ফুল যেন হৈছিল। জিলিকি উঠিছিল।

দিন আগবাঢ়িছিল। সকলো পোৱাৰ যোগ্যতা থকাৰ পিছতো একো নোপোৱা অনিৰুদ্ধই সেউজীয়াক সাৱটি ধৰিছিল। মানুহৰ অহংকাৰ, মানুহৰ প্ৰতাপ, হিংসা, দ্বেষ, মৰম, স্নেহ সকলো সাৱটি ৰখা মাটিৰ পৰা অনিৰুদ্ধই বিচাৰিছিল জীয়াই থকাৰ সমল। এখন নাৰ্ছাৰী আৰম্ভ কৰিছিল সি। নিজে ৰোৱা গছ এজোপাৰ দুটি পাত ওলালেও সি তাইক কয়। শিখাই হাঁহে।

তাই আৰম্ভ কৰে কাপোৰত ফুল তোলা কাম। অনিৰুদ্ধই তাইক প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিবলৈ নিজে উলিওৱা ৰং পঠিয়াই দিয়ে। বাছত। তাই ৰৈ থাকে। …বাছ আহিব আহিব বুলি। ভোক লাগিলেও লৰচৰ নকৰে। বাছখন গুচি যায় যদি ! ৰংবোৰ হেৰাই যাব দেখোন। ৰঙৰ হেঁপাহত তাই এঘণ্টা, দুঘণ্টা, তিনিঘণ্টা বাট চায় …! বাছ আহে। তাইৰ মন ৰঙীন হৈ উঠে । ৰং ঘঁহি শুকুৱা সূতাত তাই অনিৰুদ্ধৰ গা’ৰ গোন্ধ বিচাৰে । কেনে গোন্ধায় বাৰু তাৰ ঘামে ধোৱা গা…৷ তাই ভাবি থাকে।

শিখা আচৰিত হয়। তাই তাইৰ জীৱনৰ দুখবোৰ সাঁচিছে। কিন্তু অনিৰুদ্ধ? সি কি কৰিছে? আজিলৈ সি এবাৰ কোৱা নাই, তোমাক কিবা এষাৰ ক’বলৈ মন যায়। এবাৰ শিখাক সোধা নাই, তই কাৰোবাক ভাল পাওঁ নেকি ! অথচ সি বহু সময় কথা পাতে তাইৰ সৈতে। বহু কথা। এদিন হঠাৎ অনিৰুদ্ধই কৈছিল, আঁতৰি থাকা তুমি। আৰু তাই গোটেই ৰাতি অসহায় শিশুৰ দৰে কান্দিছিল। তাৰ পিছত আৰু বহু দিন তাই কান্দিছিল। তেতিয়াও অনিৰুদ্ধই তাইক একো কোৱা নাছিল।…একো কোৱা নাছিল৷

নিজে পঢ়া স্কুলখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক এগৰাকীয়ে আৰম্ভ কৰা বিদ্যালয় খনত ইতিমৈধ্যে শিখাই যোগদান কৰিছিল। স্কুলৰ পৰা আহি তাই বাগিচাৰ কাম কৰে। গছপুলি ৰোৱে ।

” ঐ, ফুৰিবলৈ যাবি ?”

“…হা, ক’লৈ ?”

“মেঘৰ দেশলৈ..!”

“মানে ?”

“শ্বিলং, চেৰাপুঞ্জী…! যাৱ যদি আজি ৰাতি জনাবি।”

তাই শিঁয়ৰি উঠে। কাণত বাজে বৰষুণৰ মালিতা। আজিলৈ সজা এৰিনো তাই ক’লৈ যাব পাৰিছে? কোনে নিছে? ঘৰখন স্কুলখন৷ কাজিয়াবোৰ, অশান্তিবোৰ ।

এতিয়া তাই ভালপোৱা এজনে তাইক মাতিছে মেঘৰ দেশলৈ। তাই যাব কেনেকৈ? কাক কি বুলি ক’ব? অথচ তাইৰ কি জানো হৈছে… হাত ভৰি কঁপি উঠিছে । একো কৰিব পৰা নাই।

…তাই কোনোমতে উঠি কুঁৱাৰ পাৰলৈ দৌৰ মাৰে। হাত ধোৱে। সেই পুৰণি মোনাটো বিচাৰে ।

“আঠ বজাত ওলাবি। যোৰাবাটত নামি ৰৈ থাকিবি। মই তাতেই তোক লগ পাম। দহ বজাত।…পইচা আছে ?”

“আছে।”

“শুই থাক এতিয়া।”

ৰাতি তাইৰ খোৱা বা শোৱা একো নহ’ল। তাইৰ মগজুৱে একো কাম কৰা নাই । কি হ’ব এতিয়া ?

পুৱা তাই বেগটো লৈ ওলাল। ঘৰ এৰাৰ সময়ত কেইটামান মুহূৰ্তৰ বাবে মাকলৈ চালে। দেউতাক পথাৰলৈ গৈছে। এটি কণ্ঠৰ বিশ্বাসে তাইক বিৰাট সাহসেৰে বলীয়ান কৰি তুলিছিল। সেই সাহসৰ ভৰাসাত তাই ওলাই আহিল। বাকী একো নাজানে..!

যোৰাবাটত হেজাৰ অচিনাকি চাৱনিয়ে অকণ বিব্ৰত কৰিলেও কাৰোবাৰ চিনাকি কণ্ঠই তাইক স্থিৰ কৰি ৰাখিছিল। হঠাৎ এখন সৰু গাড়ী আহি তাইৰ ওচৰত ৰ’ল। তাই কোনোমতে নিজক চম্ভালি ল’লে ! অসভ্য সোপা… !

“আহ…!”

এক বিৰাট নিৰাপদবোধ কৰিব পৰা মাত। দুৱাৰ এখন খোল খালে। আ….স…! অনিৰুদ্ধ।

গাড়ী আগবাঢ়িল।

“বেগটো পিছফালে থ’ আকৌ ।”

তাই বেগটো পিছফালে থ’লে ।

“তোৰ গাড়ী আছে, কোৱা নাচিলি কিয় ?”

“এইবোৰ ক’ব লগা কথা নেকি? পুৰণি গাড়ী । অকণ অকণকৈ দিলে হ’ব বোলে। …তোক যেনি-তেনি নিব নোৱাৰো।”

“তোৰ মনত আৰু ক’ত কি কথা আছে কচোন !’

“ক’তা …একো নাই !”

নীৰৱতা….সেউজীয়া… পুৱাৰ বতাহ। এখন পুৰণি সৰু গাড়ী। দুটি প্ৰাণ…আগবাঢ়ে ।

“নংপো’ত চাহ খাম…!”— গাড়ী চলাই চলাই সি এবাৰ তাইলৈ চাই কলে ।

“পইচা খৰছ কৰিব নালাগে !”

“চা, ফটুৱামি নকৰিবি। ৰাতি কি খালি মই জানো। ওলাই আহোঁতে কিমান খাই আহিছ, তাকো জানো। ময়ো একো খাই অহা নাই  একেলগে খাম বুলি । আজি অন্ততঃ খাব দে না। ভোকে মানুহক শেষ কৰি পেলায়। ভোকৰ যন্ত্ৰণা তই নাজান !”

গাড়ী আগবাঢ়ে ।

কথাকেইটাই তাক জোকাৰি পেলায়। গৈ থাকে। নংপো পায়। গাড়ী ৰয়। সেউজীয়া পেকেট এটি সি পিছফালৰ পৰা আঁজুৰি আনি তাইৰ হাতত দিয়ে।

“ৱাছ ৰুমলৈ যা… কাপোৰ সলাই ল’। মই অৰ্ডাৰ কাৰো। সোনকালে আহ ৷ খাই আকৌ দৌৰ দিম।”

তাই আকৌ নুবুজা হৈ যায়। মাথোঁ এটাই বুজে তাই নোৱাৰে এই কণ্ঠক আওকাণ কৰিব। কিয় ? নাজানে৷

এযোৰ জোতা, বাৰ্মুদা…টি চাৰ্ট। ভগৱান! তাই ৱাছ ৰুমৰ কোঠাত আঁউজি দিয়ে। সিহঁতে কথা পাতিছিল। ‘আৰে ঘূৰিব হ’লে জেং হৈ যাব লাগে…কোনে কি ভাবিছে মাৰ গুলি। কোনে কাক কিমান সততাৰে জীয়াই থাকিবলৈ দেহ বা মনটোক তুলি ধৰে ! সেয়ে জীয়াই থাকিব লাগে হেঁপাহেৰে । তই ওলালে তেনেকৈ ওলাবি…

এসময়ত তাই ওলাই আহে। অকণ অসহজ । মনৰ ভিতৰত পাখি মেলা চৰাইৰ চিঞৰ। কোৰ্হাল।…

তাই অনিৰুদ্ধলৈ চায়। গহীন। তাই আকৌ চায়। এইবাৰ তাইৰ খং উঠি আহে…তাৰ চকুত ৰসাল দুষ্টামি। চাল..!

…দুয়ো খায়। পইচা দিয়ে। ওলাই আহে। বহে। ড্ৰাইভিং ছিটত বহি সি খাচী তিৰোতাৰ পৰা লোৱা তামোলৰ পেকেটটো তাইলৈ আগবঢ়ায়।

“খা৷”

“কি ?”

“ঐ গাধ, খাব দিছো খা..!”

…সি মনত ৰাখিছে সকলো। তাই এদিন কৈছিল, তাই তামোল কেনেকৈ খায়। ডাঙৰ তামোল এটুকুৰা। ৰ’দ ঘাই তামোলত বগোৱা পান। চূণ। চাদা । ৱাহ…খাবা আৰু !

পাহাৰৰ পাক খুলি খুলি গাড়ী আগবাঢ়ে। মৃদু শব্দেৰে বাজি থকা গীতে তাইক চুই যায়…

“বাৰিষাৰ কেঁচা বানে
মোৰেই কাৰণে আনে
নতুনৰে বৰে নৈ
যুগৰ বাটত লৈ
মোৰ মৰমে মৰম বিচাৰি যায়
….যায় !
মোৰ মৰমে মৰম বিচাৰি যায় ।”

…ক্ৰমাৎ সময়বোৰ সহজ হৈ পৰে । দোৱান শ্যাম সিং দলঙখন পাৰ কৰি অনিৰুদ্ধই গাড়ী ৰাখে। গিৰিপথেৰে বগুৱা বাই অহা মেঘৰ ৰেলখন দেখি চিঞৰি দিয়ে শিখাই। এযুগৰ জড়তা নিমিষতে উৰি যায় কৰ’বালৈ। তাই অনিৰুদ্ধৰ হাতখনত খামুচি ধৰে।

…তাৰপিছত নোহকালিকাই
কিনৰেম…

দূৰৈৰ পৰা তিনিটা ভাঁজ দি বৈ অহা কিনৰেম দেখি তাই তাক সাৱটি ধৰে। আৱেগত। আনন্দত। আকৌ পিছমুহূৰ্তত সচেতন মনটোৱে তাইক পিছলৈ টানি আনে। অকণমান সময় একো নজনাৰ দৰে দৰে থাকে। গাড়ীৰ ভিতৰৰ পৰা জুমি জুমি আকাশ বিচাৰে। পাহাৰ বিচাৰে। অনিৰুদ্ধই খুব হেঁপাহেৰে গোটেইখিনি মাথো উপভোগ কৰে। তাইলৈ চায়। তায়ো চায়। কি ক’ব তাই এতিয়া ? তাৰ চকুৱে কিবা সুধিছে। কি ক’ব কি ক’ব কি ক’ব …!

“মই গা ধুম..!”

“ধুবি আকৌ…মানা কৰিছোঁ নেকি !…ময়ো ধুম । আজি কিমান দিন যে গা ধোৱা নাই।”

“ছিঃ !”

তাই কিনৰেম’ৰ অশান্ত পানীৰ সোঁতত গা ধোৱে। উটাই দিব খোজে যন্ত্ৰণা। দুখ। ভঙা সপোনৰ অদৰকাৰী টুকুৰা। সকলো…। তাই খিলখিলাই হাঁহে ।

আমানুহ গিৰিয়েকৰ বাবে নিজৰ সন্তানৰ মঙহ খাই নিজক শেষ কৰা নোহকালিকাই’ৰ দুখত তাই হাও হাওকৈ কান্দে ।

গৈ থাকে দুয়ো । দূৰ দিগন্তলৈ দেখা সেউজীয়া দলিছা। বৰষুণ। মেঘৰ খেলা। সি ঘপকৈ গাড়ী ৰাখে…

“কি হ’ল ?’

“জলদি নাম না৷”

অনিৰুদ্ধই গাড়ী পথৰ কাষত ৰাখি নামে। দৌৰাদৌৰিকৈ। তায়ো নামে ।

হ’ল কি !

“ওচৰলৈ নাহ কিয় ? ওচৰলৈ আহ…মোৰ খজুৱতি নাই ।”

তাই তাৰ ওচৰলৈ যায়।

“সৌৱা চা…”

তাই চায়। দেখে মেঘৰ জাকে সিহঁতক খেদি আহিছে। তাই অনিৰুদ্ধলৈ চায়। সি তাইৰ হাতখনত খামুচি ধৰে। তাই ভাল পায়। লাহি দেহৰ অনিৰুদ্ধৰ পুৰুষ সুলভ এই সবল মুঠি য’ত তাই নিৰাপত্তা বিচাৰি পায়; ভাল পায়।

“দৌৰো ব’ল..!”

এক কল্পনা নকৰা প্ৰস্তাৱ। কিন্তু তাই কিবা কোৱা আগেয়ে সি চিঞৰি উঠে— ‘চল না য়াৰ…!’

দুয়ো দৌৰে। মেঘ কুঁৱলীৰ মাজে মাজে। আঁৰে আঁৰে। গৈ গৈ টিলাৰ ওপৰ পায়। এটি সমাধি আছে…! কোনো ইংৰাজৰ। কোনো কৰ্মোদ্যমী ইংৰাজৰ জীৱনে ইয়াতেই জীৱনৰ শেষ উশাহ লৈছিল।

“…আজি তেৱোঁ মাটি হল !”

অনিৰুদ্ধই ফোঁপাই ফোঁপাই কোৱা কথা কেইটাই তাইক চুই যায়। মাটি ভাল পোৱা তাইৰ মনৰ পুৰুষ ।

মনৰ !?

তাই এখোজ পিছুৱাই আহে…!
কাৰ সৈতে ঘূৰিছে তাই। কাৰ সৈতে খাইছে ? হাঁহিছে ? পাহৰিছে ?

দুয়ো নামি আহে। গাড়ীৰ ওচৰ পায় । সি গাড়ীৰ দুৱাৰ খুলি বহে। তায়ো ।

” শিখা..!”

“ও…!”

“মোৰ সন্তানৰ মা হ’বি ?”

…..তাই কঁপি উঠে। ভয়ত চিঞৰিবৰ মন যায় তাইৰ। সমৰ্থনত সাৱটিবৰ মন যায় তাইৰ। কি কৰিব তাই ? কি কৰিব তাই ? বিশ্বাস-অবিশ্বাসৰ কুঁৱলীৰ খেলত পিষ্ট মন। জলপ্ৰপাতৰ শীতল পানীয়ে জগোৱা তন। অশান্ত ঘৰ। বিদ্ৰোহী মন। বিশ্বাসী কণ্ঠ। কি কৰিব তাই ?

“হ’ম ।”

“ভয় লগা নাই ?”

“তই লগত নাই নেকি ?…সকলো দি যদি আঁতৰি যাৱ যাবি । মই অন্ততঃ মৰি নাযাওঁ। তোক মই মোৰ পেটত ডাঙৰ কৰিম…! তই মোক জীয়াই ৰাখিব নোৱাৰিব পাৰ…মাৰিব নোৱাৰ।”

“…মই মোৰ সন্তানৰ মাকক মাৰিব নোৱাৰো। তই মাথোঁ ক…!”

…এপাকত তাই তাক তপৰ তপৰকৈ চৰিয়াবলৈ ধৰে— নিলাজ’তো !

সিহঁত উভতে। উভতাৰ পথত চেৰাপুঞ্জীৰ চ’কটোত ভাত খালে। শিখা প্ৰায় মৌন হৈ আছিল। নিশাৰ কথা ভাবি। জীৱন চলাব পৰা এটি নিশা আহি আছে। পোহৰ কমি আহিছে। ঘৰ…জীৱন….!

অনিৰুদ্ধৰ ফালে তাই আঁৰ চকুৰে চায়। একো নাই ভাই। মুখত চিন্তাৰ কোনে ৰেখা নাই। ইহঁত মতা মানুহবোৰৰ একো চিন্তা নাই নেকি? কিবা আছে নে নাই ? নে …!

সি গাড়ী চলাইছে। লাহে লাহে। কিবা বিচাৰিছে। এখন দোকানৰ সন্মুখত ৰ’ল। ওলাই গ’ল। কিবা সুধিলে। উভতিল।

” কি বিচাৰি আছনো ? চিগাৰেট ?”

“ধেৎ..!”

“তো…?!”

“মই এটা মক্কেল। সেন্দূৰখিনি আনিলোঁ। গোঁসাই চাকি এটি অনা নহ’ল অ’। ভাল লাগিব দেচোন…! হাজাৰ হ’লেও ন…!”

তাই দেখিলে তাৰ চকুদুটা চকুপানীয়ে ধুৱাব ধৰিছে। তাইৰ মনে তাইক জোকাৰি জোকাৰি ক’লে, ইয়াক নেৰিবি অ’…তই জীয়াই থাক বা নাথাক… ই নিৰ্ঘাত মৰিব। তই তাক চা ! আৰু কি জান, এতিয়া না তই উভতিবি না সি…!”

তাই গা ধুবলৈ ভিতৰত সোমায়। সি কাপোৰ উলিয়াই দিয়ে। বাৰ্মুদা। টি চাৰ্ট ।

অলেখ ভাৱনাৰ ঢৌৰ আঘাত সহ্য কৰি শিখাই নিজক ধুৱায়। ওলাই আহি দেখে, সি মজিয়াত এগছি চাকি জ্বলাইছে। ধূপ জ্বলিছে সুগন্ধি বিলায়। কাষত সেন্দূৰ। তাই তাৰ ওচৰ চাপি আহে। মুখখন ওচৰলৈ নি ফুচফুচাই কয়, যা গাটো ধুই ল’ !

সময় আগবাঢ়ে। দুয়ো আঁঠুকাঢ়ে। সন্মুখত চাকিগছি। ইটোৱে সিটোৰ মুখলৈ এবাৰ চায়। সেৱা লয়। কেতিয়াও নকৰা কামবোৰ জীৱনৰ বাবে সিহঁতে কৰি যায়। অনিৰুদ্ধই তাইক সেন্দূৰ দিয়ে। তাৰ চকুত চকু থৈ শিখাই চাই থাকে। তাইৰ সোঁ হাতখনে অনিৰুদ্ধৰ দুভৰি চুৱে। সি তড়িৎ গতিত তাইৰ হাতখন এৰুৱাই আনি মুঠি মাৰি ধৰি তাৰ কপালখন লগাই দিয়ে। তাই তাৰ আৰাধ্য।

…সি বহু সময়লৈ তেনেকৈ থাকে। কোনো কাকো স্পষ্টকৈ নেদেখা হয়। চকুত সুখৰ বান ।

সিদিনা নিশা শিখা ভৰি পৰিছিল।

পিছদিনা সিহঁত যোৱা সৰু গাড়ীখন যোৰাবাটত নৰ’ল ! তাই এবাৰৰ বাবে বেক ভিউ ফাইণ্ডাৰত চালে উজনীলৈ যোৱা পথতো । তাইৰ ঠিকনা সলনি হ’ল।

গোটেই পথ তাই প্ৰায় মৌন হৈ থাকিল। বাট বেয়া যেন দেখিলে মাথোঁ কয়— গাড়ীখন গাঁতত নেপেলাবি অ’…প্লিজ ।

কালি তাই গৈছিল ডক্টৰৰ ওচৰলৈ। পজিটিভ। তাই বৰষুণত তিতি তিতি উভতিল। এয়া শেষ বাৰৰ বাবে তিতিছে। আৰু বহুদিন তাই কাৰোবাৰ বাবে তিতিব নোৱাৰিব। শেষ বাৰৰ বাবে তাই বৰষুণৰ বাঁহী কাণ পাতি শুনিলে। বাট চালে অনিৰুদ্ধলৈ। আহক সি। আহক বৰষুণ। আজি দুয়ো শুনিব আকৌ এবাৰ চেৰাপুঞ্জীৰ সেই নিশাৰ বৰষুণৰ বাঁহীৰ সুৰ ।

এটা মন্তব্য

  1. মধু মণি কলিতা

    একঘেয়েমিৰ পৰা মুক্ত এটি গল্প৷ পঢ়ি সুখ লাগিল৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে