চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / বকুল তলৰ কথকতা৷৷ টুনুজ্যোতি গগৈ৷৷

বকুল তলৰ কথকতা৷৷ টুনুজ্যোতি গগৈ৷৷

[এক]

ক্ৰমশঃ বয়স বাঢ়ি অহা কবিক এদিন কোনো এজন বিশেষ ব্যক্তিয়ে সুধিলে– হেৰা কবি, সন্ধিয়া হৈ আহিল–তোমাৰ চুলিত ৰূপালী ৰং লাগিছে – আকাশৰ ফালে মুখ কৰি তুমি পৰকালৰ আহ্বান শুনি বহি আছা নেকি বাৰু? কবিয়ে উত্তৰ দিছেঃ সন্ধিয়া হ’ল ঠিকেই– শ্ৰান্ত দেহ লৈ শুনিব লাগিছো– আজিও সিপাৰৰ কোনো গাঁৱৰ পৰা কোনোবাই মোক আহ্বান কৰিব নেকি? যদিহে সেই গাঁৱৰ কোনো বকুল তলত কোনোবা দুটি তৰুণ-তৰুণীৰ মিলন ঘটে, দুই চকুৰ ওপৰত চকু ৰাখি কোনোবা বিশেষ দুজন যদি দুৰন্ত সংগীতত বিলীন হৈ যাব খোজে, তেন্তে তেওঁলোকৰ মনৰ কথা লৈ কোনেইবা বীণাৰ তাঁৰত প্ৰতিধ্বনি তুলিব?

সম্ভৱতঃ এনেকুৱাই আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘কবিৰ বয়স’ নামৰ কবিতাটিৰ দুটিমান শাৰী৷ ‘পৰকাল’ৰ ধাৰণাটোক বাদ দি এই কবিতাটিৰ আবেদনে মোক খুবেই মুগ্ধ কৰে৷ আজি বীৰেন্দ্ৰনাথ দত্তৰ দৰদী কন্ঠত প্ৰাণ পাই উঠা ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’ গানটি শ্ৰৱণৰ অন্তত মনঃচক্ষুত আকৌ এবাৰ ভাহি উঠিল ৰবীন্দ্ৰনাথৰ কবিতাৰ বকুল তলৰ সেই তৰুণ-তৰুণী যুগলৰ অস্পষ্ট কাল্পনিক ছবিঃ দুই তৰুণ-তৰুণীয়ে লাজ-সংকোচেৰে মিলিত হৈছে এজোপা বকুলৰ তলত, সলাজ দৃষ্টি বিনিময়ৰ পাছত নখে মাটি অঁাকিছে তৰুণীয়ে আৰু লগে লগে হয়তো নামি আহিছে এজাক মৌমিঠা বৰষুণ…৷ সেই মিলন স্থায়ী হ’বও পাৰে, নহ’বও পাৰে৷ কিন্তু তেওঁলোকে জানো পাহৰিব পাৰিব সেই বকুলজোপা? তৰুণী গৰাকী জানিবা ভৰ যৌৱনত বৰঘৰ খালী কৰি গুচি গ’ল বহু দূৰলৈ৷ বহু বছৰৰ পাছত মাকৰ ঘৰলৈ আহোঁতে তেওঁৰ বাৰু সেই বকুলজোপাৰ তলত এপলক ৰ’বলৈ মন নাযাবনে? আৰু, হঠাতে সেই নাৰীক জীৱনৰ বকুল ফুলাৰ বয়সত হৃদয়ৰ সমগ্ৰ আৱেগ উজাৰি ভালপোৱা প্ৰেমাস্পদজনে লগ পালে কি হ’ব? ‘চকুৱে চকুৱে পৰা হ’লে চাব, দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং, তোমাৰ শিৰৰ সেন্দূৰকণ৷’

বকুলফুলা বতৰৰ স্মৃতিবোৰ হয়তো এনেকুৱাই, জীৱনৰ এক পৰম অথচ একান্তই গোপন সঞ্চয় হৈ ৰৈ যায় মনৰ কোনোবা একোণত৷ জীয়াই থকাৰ মাধুৰ্যতো তাতেই লুকাই থাকে৷

 [দুই]

বকুলৰ কথা ক’লে বহুতো চিনাকি মুখ

চকুৰ আগেদি ভাহি যায়

বহুতো পাহৰা গান, বহু মান-অভিমান

বকুলেই দিয়ে সোঁৱৰাই….

নাজানো, গীতিকাৰক বকুল ফুলে অভিজ্ঞানৰ প্ৰতীক হৈ কালৈবা মনত পেলাই দিছিল৷ গীতিকাৰে জীৱনৰ বকুল ফুলাৰ বয়সত গোৱা সুৱদী-সুৰীয়া গানবোৰনো কি আছিল, মান-অভিমানবোৰনো কেনেকুৱা আছিল, সেয়াও জনাৰ উপায় নাই৷ সেইবোৰ নাজানিলেও হোমেন বৰগোহাঞিয়ে এজন কবিৰ বিষয়ে কোৱা মন্তব্য এটি ধাৰ কৰিয়েই ক’ম যে আমাৰ যৌৱনৰ উজ্জ্বল সোণালী দিনবোৰ মধুৰ মদিৰ আৰু বেদনাৰ্দ্ৰ কৰি তুলিছিল এনেধৰণৰ গীত আৰু কবিতাই৷ আমি পঢ়ি থকাৰ সময়ছোৱাত আমাৰ উজাগৰ ৰাতিবোৰৰ বিষাদ আৰু একাকীত্ব দূৰ কৰিবলৈ ম’বাইল, ফেইচ বুকৰ দৰে কোনো অত্যাধুনিক উপকৰণ নাছিল৷ নৱকান্ত-নীলমণি-হীৰুদাৰ কবিতা, ভূপেনদা বা জুবিনৰ গান–এইবোৰহে আছিল৷

বিশেষকৈ ‘শব্দৰ ক্ষুৰধাৰ সাঁকোৰে’ অবিশ্বাসৰ অন্ধ গহ্বৰ পাৰ হৈ আহি, প্ৰাত্যহিক জীৱনৰ পৰা অনন্ত জীৱনলৈকে অনুভৱৰ চৰম শিখৰত আৰোহণ কৰা, প্ৰেম আৰু বিবেকৰ বিশাল পৰিধিত তন্ময়তা আনি দিয়া নৱকান্তৰ কবিতা পঢ়ি পঢ়ি প্ৰথম যৌৱনৰ সেই দিনবোৰত আমি প্ৰচণ্ডভাবে আলোকিত, আলোড়িত আৰু অভিভূত হৈছিলো৷ কোনোবা এজন সমালোচকে নৱকান্তৰ কবিতাৰ বিষয়ে এনেদৰে কৈছিলঃ বহুদিনৰ মূৰত নৱকান্তৰ এটা কবিতা পঢ়া আৰু প্ৰাক্তন প্ৰেমিকাৰ ঘৰলৈ যোৱা, একেই কথা৷

এমুঠি বকুলফুল আঙুলি ফাঁকেদি মোৰ সৰি পৰি গ’ল

বকুলে আকুল কৰা দিনৰ সুৰভি মোৰ

মাথোঁ সোঁৱৰণি হৈয়ে ৰ’ল…

কোনো নাৰীৰ শিৰৰ সেওঁতাৰ দৰে সোঁৱৰণিৰ ক্ষীণ বঁকিয়াইদি বাৰে বাৰে উভতি আহে অতীত – ‘বকুল বাগৰিছে ববছা বনতে, বুটলি বিলাওঁগৈ ব’লা’ বুলি চিঞৰি চিঞৰি পঢ়া দিনৰ, বকুলৰ সুবাসত আকুল হোৱা দিনৰ আৰু হয়তো বকুলে গোপনে কন্দুৱাৰ দিনৰো৷

 [তিনি]

‘হয়তো কোনোবা নিশা বহিবা ইয়াতে আহি

ওচৰতে ৰ’ব প্ৰিয়জন,

বকুলৰ সুগন্ধিয়ে তেতিয়া তোমাৰ বাৰু

কিবাকিবি কৰিবনে মন?’

দেৱকান্ত বৰুৱাক হয়তো কলংপাৰৰ সেই বকুলজোপাৰ স্মৃতিয়ে আমৰণ আমনি কৰিছিল, যিজোপা ‘বকুলৰ ডালত কুৰুলি মৰা নিয়তি হালিয়ে’ জানিছিল মাথোন তেওঁ প্ৰেমাস্পদৰে মাজনিশা নিভৃতে মিলাৰ কথা৷ কলঙৰ নিজান পাৰত বহি যৌৱনৰ আৰতি শুনা দেৱকান্তৰ কবিতাতে প্ৰথম বাৰৰ বাবে শুনা গৈছিল দেহজ প্ৰেমৰ অকপট স্বীকাৰোক্তি৷ কবিয়ে পাপ-পূণ্যৰ দুৱাৰ মেলি দি পাপৰ বাসনাযুক্ত, ইন্দ্ৰিয়গ্ৰাহ্য প্ৰেমক জুখি চাইছিল, চাকি চাইছিল৷ সেয়া পাপ হ’লেও প্ৰেমৰ তাড়নাতকৈ কবিয়ে পাপক নিম্নস্থান দি গ’ল৷

‘আমিও মৰহি যাম? অসাৰ্থক প্ৰেম মোৰ৷ পাপ মাথোন

এই চুমা চুমি?

কি কৰিম? হক পাপ ক্ষতি নাই, মই পাম স্বৰ্গ তাতে

তুমি ৰ’বা তুমি৷ [অসাৰ্থক]’

দেৱকান্ত বৰুৱাৰ কবিতাত উপলব্ধ এই ‘পাপবোধ’ৰ বিষয়ে অসমীয়া কাব্য সমালোচক বা ৰসিকসকলে কোনো আলোচনা নকৰাৰ প্ৰসংগ মহিম বৰাই বহু বছৰৰ পূৰ্বেই উনুকিয়াই দিছিল–‘তাহানি ছাত্ৰক কবিৰ ‘অসাৰ্থক’ কবিতাটো পঢ়াওতে ‘পাপ মাথোঁ এই চুমাচুমি’ৰ পাপৰ ব্যাখা দিবলৈ গৈ সংকলখনত নথকা আৰু পাঠ্যৰ ভিতৰুৱা নোহোৱা, ‘কলংপাৰৰ মাজনিশা’ কবিতাটোৰ ‘তোমাৰ বিয়ালৈ আৰু কেইদিন বাকী? দহদিন?..’ এই উক্তিৰ ভেটিত ‘পাপ’ৰ ব্যাখ্যা এটা দিবলৈ চেষ্টা কৰিছিলো৷ অসমৰ শিক্ষামন্ত্ৰী হৈ থকা কালত এবাৰ নগাঁও কলেজৰ শিক্ষক জিৰণী-চ’ৰাত তেখেতক ওচৰত পাই ছেগ বুজি এই প্ৰশ্নটো সোধাত তেখেতে তিনিটা মাত্ৰ শব্দেৰে উত্তৰ দিলে, ‘বোডলেয়াৰৰ পাপবোধ পঢ়িবা৷’ [গৰীয়সী, অষ্টম সংখ্যা, মে’, ১৯৯৬]৷

সি যি নহওক, ‘তুমি-গোলাপৰ আজি লভিছোঁ পৰশ প্ৰিয়া! কাঁইটৰ শংকা মোৰ নাই’ বুলি ঘোষণা কৰা কবিয়ে জানিছিল, কলঙৰ পাৰত শেষবাৰৰ বাবে লগ পোৱা প্ৰেয়সীয়ে নতুন ঘৰত চেনেহৰ শলিতাৰে জ্বলোৱা ন-চাকি গছিৰ পোহৰে দিনে দিনে মচি নিব জীয়ৰী কালৰ আশা আৰু সুখ-দুখ৷ তথাপি, তেওঁ পাহৰিব নোৱাৰিব কলংপাৰৰ স্মৃতি, বকুলৰ সুগন্ধিয়ে আকুল কৰিব তেওঁৰ মন৷ নকৰিলেও কবিৰ কোনো খেদ নাই–

‘মোৰ অহংকাৰ

প্ৰথম জগালোঁ ময়ে তন্দ্ৰালসা গাভৰুক মনোৰমা!

হিয়াৰ তোমাৰ৷’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে