চ’ৰাঘৰ / টুনুজ্যোতি গগৈৰ ৰচনা সম্ভাৰ / অসমীয়া সাংবাদিকতা আৰু পৰাগ কুমাৰ দাস৷৷ টুনুজ্যোতি গগৈ৷৷

অসমীয়া সাংবাদিকতা আৰু পৰাগ কুমাৰ দাস৷৷ টুনুজ্যোতি গগৈ৷৷

এক.

অসম আন্দোলনৰ সময়তেই অসমৰ সংবাদ উদ্যোগটোৱে এক নতুন মাত্ৰা লাভ কৰিছিল। কেৱল শিক্ষিতসকলেই নহয়, অৰ্দ্ধশিক্ষিত আৰু নিৰক্ষৰ লোকসকলেও দেশ-ৰাজ্যৰ খা-খবৰ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। বাতৰি কাকতৰ পাঠকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অসমৰ সংবাদ জগতত ভালে কেইখন সাপ্তাহিক, দৈনিক কাকতৰ জন্ম হৈছিল। লক্ষণীয় কথাটো হ’ল, তেতিয়ালৈকে অসমৰ সংবাদ জগতত ক’লাধনৰ বিনিয়োগ হোৱা নাছিল। প্ৰকাশকসকলে কষ্টোপাৰ্জিত টকাৰেই বাতৰি কাকতৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু বেছিভাগেই ব্যাৱসায়িকভাৱে লোকচানৰ সন্মুখীন হৈ দুবছৰমানৰ পাছত হেঁপাহেৰে প্ৰকাশ কৰা কাকত-আলোচনীখন বন্ধ কৰিবলৈ বাধ্য হৈছিল। তাৰ মাজতে দুই-এখন কাকতে ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছিল আৰু দীৰ্ঘ জীৱনো লাভ কৰিছিল। স্বল্পকালৰ বাবে প্ৰকাশিত হ’লেও বেছিভাগ কাকতেই দায়বদ্ধ সাংবাদিকতাৰ নিদৰ্শন দাঙি ধৰিছিল।

আন্দোলনৰ পৰৱৰ্তী সময়ত অসমীয়া সংবাদ জগতত দুইধৰণৰ নতুন ধাৰা প্ৰৱৰ্তন হৈছিল। প্ৰথমটো ধাৰা আছিল গণমুখী সাংবাদিকতাৰ ধাৰা আৰু দ্বিতীয়টো ধাৰা আছিল সাহিত্যধৰ্মী নান্দনিক ধাৰা। পৰাগ কুমাৰ দাস সম্পাদিত ‘বুধবাৰ’ আৰু অজিত কুমাৰ ভূঞা সম্পাদিত ‘সাদিন’ কাকতেই আৰম্ভ কৰিছিল গণমুখী সাংবাদিকতাৰ নতুন ধাৰা। সাংবাদিকৰ কৰ্তব্য কেৱল গতানুগতিক সংবাদ পৰিৱেশন নহয়, অমীমাংসিত জাতীয় প্ৰশ্নবোৰ সবলভাৱে তুলি ধৰি জণগনৰ কাষলৈ লৈ যোৱা আৰু শাসকপক্ষৰ বিৰুদ্ধে এঘড়ী যুঁজ দি স্বাধিকাৰ প্ৰতিষ্ঠা কৰা– এনে এক দৃষ্টিভংগীৰেই দুয়োজন সম্পাদকে তদানীন্তন সময়ত ‘বুধবাৰ’ আৰু ‘সাদিন’ক অসমৰ জনগণৰ কণ্ঠস্বৰলৈ পৰিণত কৰিছিল। অসমৰ অৱহেলিত, নিৰ্যাতিত, নিপীড়িত জনগণক সঠিক ‘বিপ্লৱী লাইন’ দেখুওৱাৰ ক্ষেত্ৰত দুয়োখন কাকত বহু সময়ত ব্যৰ্থ হ’লেও, জ্বলন্ত জাতীয় সমস্যাবোৰ সমাধানৰ বাবে আগবঢ়োৱা সূত্ৰবোৰত বহু ত্ৰুটি-বিচ্যুতি থাকিলেও এই কথা স্বীকাৰ কৰিব লাগিব যে কাকত দুখনৰ ভূমিকাই তদানীন্তন শাসক পক্ষৰ ভৰিৰ তলৰ মাটি কঁপাই তুলিছিল। দুৰ্ভাগ্যজনকভাৱে পৰাগ কুমাৰ দাসৰ অকাল মৃত্যুৱে অসমীয়া সাংবাদিকতাৰ গণমুখী ধাৰাটোক স্থবিৰ কৰি তুলিলে। দাসৰ অৱৰ্তমানত অজিত কুমাৰ ভূঞায়ো বিভিন্ন কাৰণত সেই ধাৰাক আগুৱাই নিব নোৱাৰিলে। স্থিতাৱস্থাৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা ভূঞাই পৰৱৰ্তী সময়ত স্থিতাৱস্থাৰ ওচৰত আপোচ কৰিবলৈ বাধ্য হ’ল। সেয়া বাৰু অন্য প্ৰসংগ। অসমীয়া সংবাদ জগতত সাহিত্যধৰ্মী নান্দনিক ধাৰাটো আৰম্ভ কৰিছিল চন্দ্ৰপ্ৰসাদ শইকীয়াই। ‘প্ৰকাশ’ আলোচনী সম্পাদনাৰে অসমীয়া সাহিত্য জগতলৈ এক নতুন প্ৰাণ চাঞ্চল্য কঢ়িয়াই অনা শইকীয়াই কেইজনমান প্ৰতিভাবান তৰুণৰ সহযোগত সম্পাদনা কৰা ‘নতুন দৈনিক’ কাকতে পৰম্পৰাগত অসমীয়া পাঠকৰ সুস্থ ৰুচিবোধ নিৰ্মাণত বহু পৰিমাণে সফল হৈছিল।

‘বুধবাৰ’, ‘সাদিন’ আৰু ‘নতুন দৈনিক’ জন্মৰ দুবছমানৰ পাছতে অসমৰ সংবাদ জগতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছিল দুজনমান দুৰ্নীতিগ্ৰস্ত ধনী ব্যক্তিয়ে। সংবাদপত্ৰক তেওঁলোকে আত্মৰক্ষাৰ ঢাল হিচাবে ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰাই অসমীয়া সাংবাদিকতাত প্ৰমূল্যবোধৰ সংকট আৰম্ভ হ’ল। বহুতৰ বাবে সাংবাদিকতা পূৰ্বৰ দৰে মহৎ সেৱা হৈ নাথাকিল; হৈ পৰিল ধন ঘটা বা ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰাৰ আহিলা। এই শতিকাৰ প্ৰথমৰ পৰাই অসমৰ সংবাদক্ষেত্ৰলৈ ব্যাপক পৰিৱৰ্তন আহিল– ছপাৰ মান উন্নত হ’ল, ৰঙীন পৃষ্ঠাৰ সংখ্যা বাঢ়িল, এখন কাকতৰ দুই-তিনিটা সংস্কৰণ প্ৰকাশ হ’ল, বৈদ্যুতিন মাধ্যম আহিল, ডাঁৰৰ বাতৰি ডাঁৰে পোৱাৰ ব্যৱস্থা হ’ল। এই সকলোবোৰ ঠিকেই আছে। কিন্তু কোনো সংবাদ মাধ্যেমেই দেখোন জাতীয় প্ৰশ্নবোৰ সবলৰূপত আৰু ধাৰাবাহিকভাৱে দাঙি নধৰিল। কাকতত জনগণৰ দীৰ্ঘকালীন সমস্যাবোৰে গুৰুত্ব লাভ কৰাতকৈ গুৰুত্ব লাভ কৰিলে ধুৰন্ধৰ ৰাজনীতিকৰ অৰ্থহীন চুপতা-চুপতিয়ে। বৈদ্যুতিন মাধ্যমে কেনেধৰণৰ নিম্নৰুচিৰ বিষয়সমূহক প্ৰাধান্য দিয়ে, দেখদেখকৈ নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সমৰ্থনত কাম-কাজ কৰে; সেয়া দুগ্ধপোষ্য বালকেও জনা হৈছে। মুঠৰ ওপৰত, বৰ্তমান অসমীয়া সাংবাদিকতাৰ গণমুখী ধাৰাটোও স্তিমিত, সুস্থ ৰুচি নিৰ্মাণৰ প্ৰয়াসো ধূসৰ।

দুই.

প্ৰথম খণ্ডত কোৱা হৈছে যে পৰাগ কুমাৰ দাসে আৰম্ভ কৰা অসমীয়া গণমুখী সাংবাদিকতাৰ ধাৰাটো তেওঁৰ অকাল মৃত্যুৰ লগে লগে স্তিমিত হৈ পৰিল। সেই ধাৰাটোক পুনৰুজ্জীৱিত কৰি নতুন চিন্তা-চৰ্চাৰে আগবঢ়াই নিয়াটো বৰ্তমান সময়ত অতি জৰুৰী হৈ পৰিছে।

কি এই নতুন চিন্তা-চৰ্চা ? এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে পৰাগ দাসৰ চিন্তা-চৰ্চাৰেই নতুন মূল্যায়নৰ প্ৰাসংগিকতা আহি পৰে। নক’লেও হয় যে ১৯৮৯ চনত সক্ৰিয় সাংবাদিকতাৰ জগতলৈ অহাৰ পাছত দাসে অসমীয়া সাংবাদিকতাক এক নতুন বাটেৰে আগবঢ়াই নিছিল। সাংবাদিকতাক তেওঁ গতানুগতিক বৃত্তি হিচাবে গ্ৰহণ কৰাৰ পৰিৱৰ্তে গণতান্ত্ৰিক সংগ্ৰামৰ পন্থা বা সমাজ ৰূপান্তৰৰ আহিলা হিচাবেহে গ্ৰহণ কৰিছিল। সেই সময়ত দাসৰ বয়স কম আছিল বাবে তেওঁৰ হয়তো কিছু ক্ষেত্ৰত আৱেগিক বিচ্যুতি ঘটিছিল। দৃষ্টান্ত স্বৰূপে, তেওঁ যি লক্ষ্য আৰু উদ্দেশ্যৰে চিন্তা-চৰ্চা কৰিছিল, সেইবোৰক কোনোৱে সমালোচনা কৰিলে তেওঁ মাজে-সময়ে অলপ উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। স্বাধীন অসমৰ দাবী তুলি জন্ম হোৱা আলফাই প্ৰথমাৱস্থাত যধে-মধে বহু মানুহ হত্যা কৰি একধৰণৰ নৈৰাজ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে বুলি একাংশ বাঁওপন্থী বুদ্ধিজীৱীয়ে অভিযোগ কৰোঁতে তেওঁ সকলোকে ৰজাঘৰীয়া বুদ্ধিজীৱী বুলি অভিহিত কৰিছিল। কিন্তু, এনেকুৱা নহয় যে দাসে তেওঁৰ সৈতে মত পাৰ্থক্য থকা ব্যক্তিসকলৰ কথা শুনা নাছিল। তেওঁ সকলোৰে কথা আগ্ৰহেৰে শুনিছিল আৰু সেয়া নিজে সম্পাদনা কৰা ‘বুধবাৰ’ বা ‘অসমীয়া প্ৰতিদিন’ত প্ৰকাশ কৰিছিল। গণতান্ত্ৰিক আলাপ-আলোচনাৰ জৰিয়তে এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’বৰ বাবে তেওঁ প্ৰয়াস কৰিছিল আৰু সেই প্ৰয়াসেই সাংবাদিক হিচাবে তেওঁক অনন্য কৰি তুলিছিল।

দাসে সংবাদিকতা আৰম্ভ কৰাৰ সময়ত অসম আন্দোলনৰ গইনা লৈ সৃষ্টি হোৱা উগ্ৰ জাতীয়তাবাদৰ ঢৌ শাম কাটিছিল। তেওঁ অসমৰ জনসাধাৰণৰ কাষত অমীমাংসিত জাতীয় প্ৰশ্নবোৰ তুলি ধৰিবলৈ যাওঁতে উগ্ৰ জাতীয়তাবাদী ধ্যান-ধাৰণাৰ সীমাবদ্ধতাসমূহ উপলব্ধি কৰিছিল আৰু এক সুস্থ জাতীয়তাবাদী ধাৰা সৃষ্টি কৰিবলৈ সচেষ্ট হৈছিল। কিন্তু, তাৰ পাছতো তেওঁ কাৰ্যক্ষেত্ৰত আগবাঢ়ি যাওঁতে কেতবোৰ বাস্তৱিক সমস্যাৰ সন্মুখীন হৈছিল– তেতিয়ালৈ তেওঁৰ তাত্ত্বিক চিন্তা-চৰ্চাই পূৰ্ণতা পোৱা নাছিল বাবে কেতিয়াবা তথাকথিত মূলসুঁতিৰ অসমীয়া মানুহখিনিয়ে ভালপোৱা কথাও কৈছিল, আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নত জাগি উঠা অথচ অসমীয়া জাতিৰ বৰ্ণবাদী আধিপত্যক ঘৃণা কৰা জনজাতীয় মানুহসকলে ভাল পোৱা কথাও কৈছিল।

তেওঁ অৱদমিত-অৱহেলিত জনগোষ্ঠীসকলৰ লগতে চৰ-চাপৰিৰ সংখ্যালঘুসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিও মাধ্যম আন্দোলন আৰু অসম আন্দোলনক সমৰ্থন কৰিছিল। অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ সময়ত তেওঁ আত্মপৰিচয় সন্ধানী অন্যান্য জনগোষ্ঠীসমূহৰ সৈতে মূলসুঁতিৰ অসমীয়াসকলৰ গণতান্ত্ৰিক সম্পৰ্ক কেনেদৰে বৰ্তি থাকিব, সেই সম্পৰ্কে সঠিক সিদ্ধান্ত তেতিয়ালৈ দিব পৰা নাছিল। আমাৰ বিশ্বাস যে অসমৰ জনগোষ্ঠীয় সমস্যা সমাধানৰ বাবে আগ্ৰহী, পদে পদে লাঞ্চিত-বঞ্চিত সংখ্যালঘুসকলৰ প্ৰতি সহমৰ্মী পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰযন্ত্ৰই জীয়াই থাকিবলৈ দিয়া হ’লে তেওঁ পৈণত তাত্ত্বিক চিন্তা-চৰ্চাৰে সেই সিদ্ধান্ত দিলেহেঁতেন।
পৰাগ কুমাৰ দাসে সাংবাদিকতা আৰম্ভ কৰাৰ সময়ত, তেওঁৰ সামাজিক চিন্তা-চেতনাই এক নতুন বাট বিচৰাৰ সময়ত অসমত শাসন কৰিছিল অসম গণ পৰিষদ দলে। অসমবাসীয়ে কংগ্ৰেছৰ বিকল্প হিচাবে ক্ষমতাধিষ্ঠিত কৰা অগপ দলৰ অদূৰদৰ্শিতা, সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদিয়ে সকলোকে ক্ষোভিত আৰু অতিষ্ঠ কৰি তুলিছিল। পৰাগ দাসে জাতীয় মুক্তিৰ যি সপোন দুচকুত লালন কৰি নিজকে সম্পূৰ্ণভাৱে উৎসৰ্গা কৰিবলৈ সাজু হৈছিল, সেই সপোন অগপৰ নেতৃত্বৰ জৰিয়তে পূৰণ কৰাটো সম্ভৱপৰ নহ’ব বুলি সঠিকভাৱেই উপলব্ধি কৰিছিল। সেই সময়ছোৱাত অসমৰ নিপীড়িত-নিৰ্যাতিত জনগণক ঔপনিৱেশিক শাসন-শোষণৰ পৰা মুক্ত কৰিবৰ বাবে এক সঠিক ৰাজনৈতিক নেতৃত্বৰ অভাৱ ঘটিছিল বাবেই তেওঁ নতুনকৈ জন্ম হোৱা আলফাৰ কেতবোৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আকৰ্ষিত হৈছিল।

এয়া ঐতিহাসিকভাৱেই সত্য যে প্ৰাক্ বৃটিছ ঔপনিৱেশিক যুগৰ পৰা আৰম্ভ কৰি নব্য ঔপনিৱেশিক যুগলৈকে অসমৰ থলগিৰি জনতাই থলুৱা সম্পদৰ ওপৰত সাব্যস্ত কৰিব লগা অধিকাৰ হেৰুৱাই পেলাইছিল। অতিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাই অসমৰ প্ৰাকৃতিক সম্পদ অবাধে লুণ্ঠন কৰিব পৰা ব্যৱস্থা এটা জীয়াই ৰখাৰ পৰিৱৰ্তে প্ৰাপ্যৰ বেলিকা অসমবাসীক চূড়ান্তভাৱে বঞ্চনা কৰি আহিছে। ৰাষ্ট্ৰযন্ত্ৰৰ অতিকেন্দ্ৰিক ব্যৱস্থাৰ বাবে অসমৰ দৰে প্ৰান্তীয় ৰাজ্যসমূহৰ চৰকাৰবোৰে কেন্দ্ৰৰ শ্ৰুতলিপি মতে উঠা-বহা কৰিবলৈ বাধ্য হৈ পৰে। এনে প্ৰেক্ষাপটত আলফাৰ দৰেই তেওঁ অনুভৱ কৰিছিল যে অসমত ঔপনিৱেশিক শাসন-শোষণ চলি থকালৈকে অসম আৰু অসমীয়া জাতিৰ সাৰ্বিক বিকাশ সম্ভৱপৰ নহয়। আলফাৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ সৈতে তেওঁৰ চিন্তা-চৰ্চা আৰু কৰ্ম পদ্ধতিৰ কেতবোৰ মৌলিক পাৰ্থক্য থকাৰ পাছতো তেওঁ আলফাৰ স্বাধীন অসমৰ বিতৰ্কিত দাবীটোক ঐতিহাসিক ভিত্তি আৰু ৰাজনৈতিক দৰ্শন দিবলৈ চেষ্টা কৰিছিল। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি স্বাধীন অসমৰ দাবীত হাতত অস্ত্ৰ তুলি লোৱা যুৱকসকলৰ সংগ্ৰামখনক তাত্ত্বিক দিশেৰে পৰিচালিত কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিছিল।

স্বাধীন অসমৰ দাবীত আলফাই চলাই নিয়া সশস্ত্ৰ সংগ্ৰামখনক অসমৰ বাঁও শিবিৰে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে। বাঁও শিবিৰে আলফাৰ সংগ্ৰামখনৰ ত্ৰুটি-বিচ্যুতিক বস্তুনিষ্ঠ আৰু যুক্তিসংগত ভাবেই ফঁহিয়াই দেখুৱাইছে। কিন্তু, অসমৰ মুক্তিকামী জনসাধাৰণক বাঁও শিবিৰে কোনো বিকল্প পথৰ সন্ধান দিব নোৱৰাটো, এক সশস্ত্ৰ সংগ্ৰামৰ ধাৰা সৃষ্টি কৰিব নোৱৰাটো তেওঁলোকৰ ডাঙৰ ব্যৰ্থতা। অসম আন্দোলনৰ পাছত বহুধা বিভক্ত বাঁও শিবিৰ তেনেই দুৰ্বল হৈ পৰাৰ বাবেই হওক বা জাতীয় মুক্তিৰ প্ৰসংগ তেওঁলোকে সবল ৰূপত তুলি নধৰাৰ বাবেই হওক পৰাগ দাসৰ লগতে বুজন সংখ্যক পৰিৱৰ্তনকামী যুৱক বাঁও মতাদৰ্শৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত আৰ চি পি আয়ে শোষিত-বঞ্চিত কৃষক-শ্ৰমিকৰ মুক্তিৰ স্বাৰ্থত আৰম্ভ কৰা সশস্ত্ৰ সংগ্ৰামখনৰ ধাৰাবাহিকতা আশী দশকলৈকে বৰ্তি থকা হ’লে তেওঁ হয়তো সেই সংগ্ৰামখনতে চামিল হ’লহেঁতেন!

স্বীকাৰ কৰিব লাগিব যে স্থিতাৱস্থা পৰিৱৰ্তনৰ বাবে পৰাগ দাসে যিবোৰ ধ্যান-ধাৰণাক পাথেয় কৰি আগুৱাব বিচাৰিছিল; সেইবোৰ তেওঁৰ একক চিন্তা-চেতনাৰ ফচল নাছিল, সেইবোৰ তেওঁৰ সমসাময়িক পৰিৱৰ্তনকামী প্ৰজন্মটোৰ আঞ্চলিকতাবাদী চিন্তা-চৰ্চা আৰু কৰ্মৰাজিৰ প্ৰতিফলন আছিল। সেই প্ৰজন্মটোৱে পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা বাট ভুল হ’লেও তেওঁলোকৰ ত্যাগ, সাহস, উদ্যম আদিক শ্ৰদ্ধা জনাব লাগিব। সি যি নহওক, মধ্যবিত্তীয় অৱস্থানৰ বাবে পৰাগ কুমাৰ দাসৰ পক্ষে কোনো সশস্ত্ৰ সংগ্ৰামত প্ৰত্যক্ষভাৱে জঁপিয়াই পৰাটো সম্ভৱপৰ নহ’লেও তেওঁ সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত গণতান্ত্ৰিক আন্দোলনৰ গুৰুত্ব উপলব্ধি কৰি পৰিৱৰ্তনকামী ব্যক্তিসকলৰ সহযোগত গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ) গঢ়ি তুলিছিল। তেওঁ পিছলৈ এইকথাও উপলব্ধি কৰিছিল যে কেৱল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা জাতীয় মুক্তি সম্ভৱ নহয়; কৃষক-শ্ৰমিকৰ সন্মিলিত আধাৰতহে মুক্তি সম্ভৱ হ’ব। অৰ্থাৎ পৰাগ দাসৰ চিন্তা-চৰ্চা ধীৰে ধীৰে জাতীয়তাবাদী ভাৱধাৰাৰ পৰা বাঁও শিবিৰৰ সমাজবাদী ভাৱধাৰালৈ উত্তৰণ ঘটিবলৈ আৰম্ভ কৰিছিল। তেওঁ জীয়াই থকা হ’লে অসমৰ প্ৰেক্ষাপটত মাৰ্ক্সবাদক নতুন ধৰণেৰে প্ৰয়োগ কৰি জাতীয় মুক্তি সংগ্ৰামখনক এক নিৰ্ণায়ক পৰ্যায়লৈ লৈ গ’লহেঁতেন বুলিও ভাবিব পাৰি।
পৰাগ কুমাৰ দাসৰ সাংবাদিকতাই অসমৰ পৰিৱৰ্তনকামী নতুন প্ৰজন্মটোক বিপুলভাবে প্ৰভাৱান্বিত কৰিবলৈ লোৱাৰ লগে লগে তেওঁ ৰাষ্ট্ৰযন্ত্ৰৰ বাবে মূৰ কামোৰণি হৈ পৰিছিল। অসমৰ ওপৰত দমন-শোষণ অব্যাহত ৰখাৰ স্বাৰ্থতে ৰাষ্ট্ৰযন্ত্ৰই তেওঁক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। নক’লেও হয় যে ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে এঘড়ী যুঁজ দি অসমৰ থলগিৰিৰ স্বাধিকাৰ প্ৰতিষ্ঠা কৰিব বিচৰা দাসে ৰাষ্ট্ৰৰ স্বৈৰাচাৰী চৰিত্ৰক উপলব্ধি কৰিব পৰা নাছিল। ৰাষ্ট্ৰযন্ত্ৰ বা স্থিতাৱস্থাৰ সমৰ্থকসকলে যে তেওঁৰ কলমৰ গতি অকালতে স্তব্ধ কৰি পেলাব পাৰে, তেওঁক হত্যা কৰি তেওঁৰ সহযোগীসকলক ভীতিগ্ৰস্ত কৰি তুলিব পাৰে; সেয়া তেওঁ অনুভৱ কৰা নাছিল। ৰাষ্ট্ৰৰ স্বৈৰাচাৰী শক্তিক তেওঁ সঠিকভাৱে উপলব্ধি কৰিব পৰা নাছিল বাবেই তেওঁক আমি অকালতে হেৰুৱাব লগীয়া হ’ল। পৰাগ দাসৰ হত্যাকাণ্ডই গণমুখী সাংবাদিকতাৰ প্ৰতি আগ্ৰহী সাংবাদিকসকলক বা পৰিৱৰ্তনকামী প্ৰজন্মক এই শিকনি দি থৈ গ’ল যে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰিবলৈ যাওঁতে ভাৰত ৰাষ্ট্ৰৰ স্বৈৰাচাৰী স্বৰূপ বুজি খুব সাৱধানেৰে আগবাঢ়িব লাগিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে