চ’ৰাঘৰ / কথাশিল্প / অসমীয়া আত্মজীৱনী চৰ্চা : এক অৱলোকন৷৷ ড° পৰাগ নাথ৷৷

অসমীয়া আত্মজীৱনী চৰ্চা : এক অৱলোকন৷৷ ড° পৰাগ নাথ৷৷

ইংৰাজীত জীৱনী বুজাবলৈ ‘বায়োগ্ৰাফী’ শব্দটো ব্যবহাৰ কৰাৰ দৰে আত্মজীৱনীৰ বাবে ‘অটোবায়োগ্ৰাফী’ শব্দটো ব্যবহাৰ কৰা হয়। সাধাৰণ দৃষ্টিত জীৱনী আৰু আত্মজীৱনীৰ বিষেশ পাৰ্থক্য নাই যেন লাগিলেও দুয়োবিধ সাহিত্যৰ একেই শাখা নহয়। ৰয় পাস্কেলে তেওঁৰ ‘ডিজাইন এণ্ড ট্ৰুথ ইন অটোবায়োগ্ৰাফী’ পুথিত আত্মজীৱনীৰ সংজ্ঞা এইদৰে দিছে— ‘আত্মজীৱনী এনে এবিধ জীৱন-বৃত্তান্ত. য’ত লেখকে তেওঁৰ জীৱন আৰু মনৰ এটি বিষেশ অবস্থাত নিজকে আৰু নিজৰ জীৱনৰ কথাবোৰ যিদৰে বুজি গ্ৰহণ কৰে, অনুৰূপভাৱে প্ৰকাশ কৰে।’ আত্মজীৱনী সাধাৰণতে বিষয়নিষ্ঠ হোৱাৰ বিপৰীতে জীৱনী বস্তুনিষ্ঠ। জীৱনী আৰু আত্মজীৱনীৰ বিষয় মানৱ জীৱন যদিও যি গৰাকী ব্যক্তিৰ আত্মজীৱনী লিখা হয় তেৱেই সেইখনৰ ৰচক। আনহাতে যি গৰাকী ব্যক্তিৰ জীৱনী লিখা হয় তেওঁ সেইখনৰ ৰচক নহয়, অন্য ব্যক্তিয়েহে জীৱনীখন ৰচনা কৰে। উদাহৰণস্বৰূপে ১৯৬৭ চনত ৰচিত ‘যুগনায়ক শংকৰদেৱ’ নামৰ জীৱনীখনৰ বিষয়বস্ত শংকৰদেৱ হ’লেও ৰচক শংকৰদেৱ নহয়, ডিম্বেশ্বৰ নেওগহে। সেইদৰে ১৯৮৮ চনত প্ৰকাশিত ‘জীৱনৰ দীঘ আৰু বাণি’ আত্মজীৱনীখনৰ বিষয়বস্ত আৰু ৰচক মহেশ্বৰ নেওগ। গতিকে সমগোত্ৰীয় সাহিত্য হলেও জীৱনী অৰু আত্মজীৱনী একেই নহয়।

আত্মজীৱনী সাধাৰণতে বিষয়নিষ্ঠ হোৱাৰ বিপৰীতে জীৱনী বস্তুনিষ্ঠ। আত্মজীৱনী লেখকে নিজেই ৰচনা কৰাৰ বাবে সাধাৰনতে সকলোবোৰ কথা স্পষ্টভাৱে প্ৰকাশ পোৱা দেখা নাযায় আৰু সেয়েহে আত্মজীৱনী বিষয়নিষ্ঠ। আনহাতে জীৱনীৰ ৰচক সুকীয়া হোৱাৰ বাবে ব্যক্তিজনৰ সকলোবোৰ দিশ নিৰীক্ষণ কৰি লিপিবদ্ধ কৰিব পাৰে। সেয়েহে জীৱনী সাধাৰণতে বস্তুনিষ্ঠ। অবশ্যে জীৱনীৰ লেখকো কেতিয়াবা বিষয়ৰ প্ৰতি মুগ্ধ হলে জীৱনীও বিষয়নিষ্ঠ হৈ পৰে। মহামানব মহাত্মা গান্ধীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ নামৰ আত্মজীৱনীখনত ভুল-ভ্ৰান্তি, দোষ-গুণ আদি সকলো মানুহৰে থাকে বুলি দেখুৱাই সেইবোৰ দূৰ কৰাৰ কথা প্ৰকাশ কৰিছে। আনহাতে ফ্ৰান্সৰ বিখ্যাত চিন্তাবিদ ৰুচোৱে তেওঁৰ ‘কনফেচন অব জ্যা জাক ৰুচো’ নামৰ আত্মজীৱনীখনত নিজৰ ভুল-ভ্ৰান্তি, দোষ-গুণ আদিবোৰ মুকলিভাবে দেখুৱাই নিজকে বহুক্ষেত্ৰত পশুৰ লগত তুলনা কৰিছে। গতিকে আত্মজীৱনী সাধাৰণতে বিষয়নিষ্ঠ আৰু জীৱনী বস্তুনিষ্ঠ হ’লেও কেতিয়াবা ব্যতিক্ৰম দেখা যায়।

আত্মজীৱনীৰ প্ৰধান শাখা দুটা— জীৱনস্মৃতি বা ‘ৰেমিনিছচেঞ্চিজ’ আৰু স্মৃতিকথা বা ‘মেম’ৱাৰ্চ’। কোনো এজন ব্যক্তিৰ জীৱনত যিবোৰ ব্যক্তি বা অভিজ্ঞতাই প্ৰভাৱ পেলায় সেইবোৰৰ বিৱৰণ লিপিবদ্ধ কৰাই হৈছে জীৱন স্মৃতি বা জীৱন সোঁৱৰণ। ১৯৪৫ চনত প্ৰকাশিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ ইয়াৰ উৎকৃষ্ট উদাহৰণ। আনহাতে ব্যক্তিগত জীৱনৰ পৰিবৰ্তে ৰাজহুৱা জীৱনৰ অভিজ্ঞতাৰ আলোকপাত কৰিলে স্মৃতিকথা বোলা হয়। ১৯৫৯ চনত ৰচিত বেণুধৰ শৰ্মাৰ ‘কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত’ এই শ্ৰেণীৰ আত্মজীৱনী। গতিকে আত্মজীবনীত পাৰিবাৰিক বা ব্যক্তিগত জীৱনৰ তথা ৰাজহুৱা জীৱনৰ এখন সামগ্ৰিক ছবি ফুটি উঠে। ডায়েৰী, চিঠি-পত্ৰ আৰু জাৰ্নলক আত্মজীৱনীৰ উপশাখা বোলা হয়। নিজৰ মনৰ ভাৱৰাশি গুপুতে ৰাখি লিখা ডায়েৰী একান্ত ব্যক্তিগত বুলিব পাৰি। ডায়েৰীৰ দৰে চিঠিও ব্যক্তিগত যদিও ডায়েৰী নিজৰ বাবে ৰচনা কৰাৰ বিপৰীতে চিঠি অন্যৰ বাবে লেখা হয়। মানুহৰ তৎকালিক মনৰ ভাৱ তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কম পৰিসৰত ৰচনা কৰাই হৈছে জাৰ্নল। জাৰ্নলত ঘটনাটো প্ৰকাশ ন’হলেও লেখকৰ ঘনীভূত চিন্তা প্ৰকাশ পায়। অসমীয়া ভাষাত মহেশ্বৰ নেওগৰ ‘বেজবৰুৱাৰ দিনলিপি’ একমাত্ৰ অসমীয়া ডায়েৰীৰ সংকলন। সেইদৰে প্ৰফুল্লদত্ত গোস্বামীৰ ‘মনৰ পখী উভতি উৰে’ পুথিখনক জাৰ্নল আখ্যা দিব পাৰি।

প্ৰায় ডেৰশ বছৰৰ আগতে ৰচিত আৰু কুমুদ চন্দ্ৰ বৰদলৈৰ সম্পাদনাত ১৯৬০ চনত প্ৰকাশিত ‘সদৰামীনৰ আত্মজীৱনী’ প্ৰথম অসমীয়া আত্মজীৱনী। প্ৰথম খণ্ড আত্মজীৱনী হিচাপে আৰু দ্বিতীয় খণ্ড ডায়েৰী হিচাপে ৰচিত এইখনক ৰূপৰ দিশৰপৰা এখন বিশুদ্ধ আত্মজীৱনী বুলিব নোৱাৰি যদিও গুণগত দিশৰপৰা অসমীয়া আত্মজীৱনীৰ ইতিহাসত সুকীয়া মূল্য আছে। ১৮৫৭ চনৰ সময়ছোৱাৰ অসমৰ ৰাজনৈতিক সংঘাত, মণিৰাম দেৱানৰ ফাঁচি, ব্ৰিটিছ শাসন ব্যবস্থা আদিৰ মনপৰশা বৰ্ণনা এই আত্মজীৱনীখনত পোৱা যায়। মণিৰাম দেৱানৰ চাহ খেতিৰ আৰম্ভ, বিয়াৰ আয়োজন, জীৱনৰ সৰু-বৰ ঘটনা আদিৰ লগতে সমসাময়িক অসমীয়া সমাজৰ আচাৰ-ব্যবহাৰ, ৰীতি-নীতি, আৰ্থিক অবস্থা আদি আত্মজীৱনীখনত লিপিবদ্ধ হৈছে। পশ্চিমীয়া শিক্ষাৰে শিক্ষিত ইংৰাজী ভাষাৰ জ্ঞান থকা হৰকান্ত সদৰামীনৰ নিজক প্ৰসংশা কৰাৰ বহু সুযোগ আছিল যদিও আত্মপ্ৰসংশা পাবলৈ নাই। দুই এটা নেতিবাচক দিশ স্পষ্ট হ’লেও এজন সহজ সৰল ব্যক্তিৰ মোহনীয় ব্যক্তিত্ব আত্মজীৱনীখনৰ সাৱলীল ভাষাৰ মাজেৰে চিত্ৰিত হৈছে। তেওঁৰ গদ্যশৈলী সহজ-সৰল আৰু পোনপটীয়া। লেখকৰ মৃত্যুৰ প্ৰায় অৰ্ধ শতাব্দীৰ পিছতহে পণ্ডিত সূৰ্যকুমাৰ ভুঞাৰ উৎসাহত কুমুদ চন্দ্ৰ বৰদলৈৰ সম্পাদনাত আত্মজীৱনীখন প্ৰকাশ পায়।

বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’খন আত্মজীৱনীৰ পৰিবৰ্তে জীৱনৰ স্মৃতিকথা বোলা হৈছে। বেজবৰুৱাই নিজেই এইখনক জীৱন সোঁৱৰণ বা জীৱনস্মৃতি বুলিছে। ১৯২২ চনৰপৰা ১৯২৪ চনলৈ বাঁহী আলোচনীত প্ৰকাশ পোৱা এই আত্মজীৱনীমূলক গ্ৰন্থখন ১৯৬৬ চনত অসম সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ পায়। বেজবৰুৱাৰ জন্ম, শিশুকাল,বাল্যকাল আৰু যৌবন কালৰ বিৱৰণৰ লগতে শিক্ষা তথা সাংসাৰিক জীৱনৰ বিৱৰণ থকা এই গ্ৰন্থখনত ৰাজহুৱা জীৱনৰ কাৰ্য্যাৱলী পোৱা নাযায়। কবি, নাট্যকাৰ, ঔপন্যাসিক তথা বিশিষ্ট সাহিত্যিক হিচাপে বেজবৰুৱাক পাবলৈ নাই। আনহাতে নলিনীবালা দেৱীৰ ‘এৰি অহা দিনবোৰ’, পদ্মনাথ গোহাঁঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ আদি আত্মজীৱনীত ব্যক্তিগত জীৱনৰ লগতে ৰাজহুৱা জীৱনৰ কথাবোৰো পোৱা যায়। আত্মভিমান নোহোৱাকৈ বেজবৰুৱাই জীৱনৰ বিভিন্ন কথাবোৰ সৰলভাৱে বৰ্ণনা কৰিছে। স্কুলীয়া ছাত্ৰ হিচাপে তেওঁ কেতিয়াও নিজৰ প্ৰতিভাক লৈ গৌৰৱ কৰা নাই। অথচ বি.এল. আৰু এম. এ. পৰীক্ষাত ফেইল কৰাৰ কথা অকপতে উল্লেখ কৰিছে। এনে বিবৰণে বেজবৰুৱাৰ মোহনীয় ব্যক্তিত্ব ফুটাই তুলিছে। বেজবৰুৱাই বিভিন্ন সময়ত লগ পোৱা সাহিত্যিকসকলৰ সৈতে হোৱা অভিজ্ঞতাৰ বিৱৰণে গ্ৰন্থখনক এক সুকীয়া সৌন্দৰ্য দিছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰকাশিত ‘জোনাকী’ কাকতত বেজবৰুৱাৰ ভুমিকা, আগৰৱালাৰ লগতে হেমচন্দ্ৰ গোস্বামী, গুণাভিৰাম বৰুৱাৰ পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক আদিৰ বিতং তথ্য গ্ৰন্থখনত পোৱা যায়। আত্মব্যংগ তথা আত্ম-সমালোচনাৰ মাজেৰে ৰচনা কৰা বেজবৰুৱাৰ জীৱন সোঁৱৰণ আত্মজীৱনী ন’হলেও জীৱনটো সোঁৱৰণ কৰি ৰচনা কৰা এইখন শ্ৰেষ্ঠ আৰু মূল্যবান গ্ৰন্থ।

অসমীয়া সাহিত্যত সুখপাঠ্য আৰু মূল্যবান আত্মজীৱনী বুলিলে হোমেন বৰগোহাঞিৰ ‘আত্মনুসন্ধান’, মামণি ৰয়ছম গোস্বামীৰ ‘আধালেখা দস্তাবেজ’, মহেশ্বৰ নেওগৰ ‘জীৱনৰ দীঘ আৰু বানি’, মহেন্দ্ৰ বৰাৰ ‘উপলা নদীৰ দৰে’, শশী শৰ্মাৰ ‘সময়ে যাক পাহৰি যাব’ আদি আত্মজীৱনীৰ কথা উনুকিয়াব পাৰি। প্ৰধানকৈ জীৱনৰ স্মৃতি সোঁৱৰণ কৰি ৰচনা কৰা, ১৯৮৮ চনত প্ৰকাশিত হোমেন বৰগোহাঞিৰ ‘আত্মনুসন্ধান’ এখন ব্যতিক্ৰমী আত্মজীৱনী। লেখকৰ পুৰ্বৰ ব্যক্তিগত অভিজ্ঞতাবোৰে কিদৰে লেখক হোৱাৰ পথ প্ৰশস্ত কৰিলে, তাৰ বিৱৰণ আত্মজীৱনীখনত পোৱা যায়। লেখক হিচাপে সাহিত্য সৃষ্টি কৰাৰ অভিজ্ঞতা অতি সাৱলীল ভাষাৰে উপস্থাপন কৰা অসমীয়া সাহিত্যৰ ইতিহাসত এইখন একমাত্ৰ উপন্যাসোপম আত্মজীৱনী। জীৱনত লাভ কৰা নিজা অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰা মামণি ৰয়চম গোস্বামীৰ ১৯৮৮ চনত প্ৰকাশিত ‘আধালেখা দস্তাবেজ’ আন এখন সুখপাঠ্য আত্মজীৱনী। এগৰাকী অসমীয়া নাৰী হিচাপে ব্যতিক্ৰমী জীৱনৰ সকলো তথা আভৰণ নোহোৱাকৈ মুক্তভাৱে প্ৰকাশ কৰাৰ বাবে এইখন ব্যতিক্ৰমী আত্মজীৱনী বুলিব পাৰি। কোনো মানুহেই জীৱনকালৰ শেষ মুহূৰ্তলৈকে আত্মজীৱনী লিখা সম্ভব নহয়। ‘আধালেখা দস্তাবেজ’ আত্মজীৱনীখনৰ সামৰণি অসমাপ্ত যেন লাগিলেও সেয়া সম্পূৰ্ণ কৰা পাঠকৰ দায়িত্ব। কিন্তু ‘আধালেখা দস্তাবেজ’ যে এখন সম্পূৰ্ণ সুখপাঠ্য আত্মজীৱনী, তাত সন্দেহ নাই। ১৯৮৮ চনত প্ৰকাশিত মহেশ্বৰ নেওগৰ ‘জীৱনৰ দীঘ আৰু বানি’ আত্মজীৱনীখনত লেখকৰ পাণ্ডিত্যৰ দিশহে মূলতঃ প্ৰকাশ পাইছে যদিও সাৱলীল ভাষা আৰু প্ৰকাশভংগীৰ বাবে আত্মজীৱনী হিচাপে সুকীয়া মূল্য আছে। সেইদৰে জীৱনৰ সকলো দিশৰ লগতে সমাজ, ৰাজনীতি আদি সামৰি পৰ্যালোচনাৰ মাজেৰে ১৯৯০ চনত প্ৰকাশ পোৱা মহেন্দ্ৰ বৰাৰ ‘উপলা নদীৰ দৰে’ এখন মূল্যবান আত্মজীৱনী। শশী শৰ্মাৰ ‘সময়ে যাক পাহৰি যাব’ (১৯৭৬) নামৰ আত্মজীৱনীখনত সাধাৰণ, অপৰিচিত মানুহৰ কাম-কাজো যে মহান হ’ব পাৰে বা তেনে কামৰো মূল্য আছে, সেই কথা স্পষ্ট হৈ উঠিছে। অসমীয়া আত্মজীৱনী সাহিত্যৰ ইতিহাস বৰ শক্তিশালী নহ’লেও শেহতীয়াভাৱে আত্মজীৱনী ৰচনা আৰু চৰ্চাৰ গুৰুত্ব বাঢ়িছে। এয়া অসমীয়া আত্মজীৱনী সাহিত্যৰ বাবে শুভ লক্ষণ। অসমীয়া আত্মজীৱনীৰ এই থূলমূল পৰিচয়ৰ মাজেৰে নিৰ্বাচিত আত্মজীৱনীৰহে আলোচনা আগবঢ়োৱা হৈছে। আত্মজীৱনী সাহিত্যৰ বিস্তৃত অধ্যয়নে আত্মজীৱনী ৰচনা আৰু চৰ্চাকাৰীসকলক উৎসাহ যোগাব।

প্ৰসংগ পুথি:
শৰ্মা, গোবিন্দ প্ৰসাদ— জীৱনী আৰু আত্মজীৱনী; অসমীয়া আৰু পাশ্চাত্য (২০১৪), গুৱাহাটী, অসম, বনলতা,
জীৱনী আৰু অসমীয়া জীৱনী (২০০৮)

শৰ্মা, সত্যেন্দ্ৰ্নাথ— অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত (২০০৪), গুৱাহাটী, অসম,
অৰুণোদয় প্ৰেছ
ইংৰাজী গ্ৰন্থ:
Clifford, James L(1962) : Biography as an Art, London, Oxford Press
Garraty, John A, (1957) : The Nature of Biography, New York, Alfred A. Knopf.
Sarma, Gobinda Prasad(1985) : Biographical Writings in Assamese, in
Comparative Indian Literature(2Vols) Voll, ed.
K.M. George, Madrass, Kerala Sahitya Academi & Macmillan & Co.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে