মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / শিল্প / অজিত শইকীয়াৰ শিল্পকৰ্ম

অজিত শইকীয়াৰ শিল্পকৰ্ম

অজিত শইকীয়াৰ শিল্প সম্পৰ্কত মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই আগবঢ়োৱা মন্তব্য—

যি সময়ত অসমত মিউৰেল অথবা দেৱাল চিত্ৰৰ অধিক প্ৰসাৰ কিম্বা অভাৱ অনুভৱ কৰিছিলো, সেই সময়তে যোৰহাট জিলাৰ এজন যুৱক বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ ‘কলা-ভৱন’লৈ বিশেষ এই দিশটোৰ সম্পৰ্কত গভীৰ অধ্যয়নৰ উদ্দেশ্যে আগবাঢ়ি আহিছিল। ধীৰ-স্থিৰ আৰু অত্যন্ত অমায়িক স্বভাৱৰ শিল্পী অজিত শইকীয়াক লগ পাইছিলো শান্তিনিকেতনত থকা সময়চোৱাত মোৰ আবাসিকটোৰ ঠিক সন্মুখৰ আন এটা আবাসিকত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী সকল বিশেষকৈ কে: জি: সুব্ৰামণিয়াম, সোমনাথ হোড়, সুখেন গাঙ্গুলী, টাইব মেহতা আৰু যোগেন চৌধুৰীৰ সান্নিধ্যৰে অভিজ্ঞতাপুষ্ট অজিতে অৱশ্যে পৰৱৰ্তী পৰ্যায়ত এক দীঘলীয়া পৰিক্ৰমাৰে ‘স্নাতকোত্তৰ – ডিপ্লমা ‘ লাভ কৰে আৰু নিজ গৃহাভিমুখে উভতি একনিষ্ঠভাৱে বিষয়ভিত্তিক বিভিন্ন পৰীক্ষণত ব্যস্ত হৈ পৰে। এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ দুই-এটা কথা এনেধৰণৰ যে যিটো সময়ত বিজ্ঞান প্ৰযুক্তি তথা বিশ্বায়নৰ দ্ৰুততম বিকাশে শিল্পীসকলৰ মাজতো ‘প্ৰভাৱিত’ সংস্কৃতিয়ে গা কৰি উঠিছে , ঠিক একে সময়তে অজিতে কিন্তু স্থানীয়ভাৱে পোৱা সহজলভ্য বালি, বিভিন্ন আকাৰৰ শিলগুটি , ভঙা-ইটা , মাৰ্বল , টাইলচ্ , কয়লা , বটল আদিৰ অনুসন্ধান আৰু সেইবোৰকে ভাঙি , কাটি-চিঙি সিবোৰৰ ৰং অনুযায়ী ব্যৱহাৰ কৰি যোৰা-তাপলি মাৰি কাম কৰি দৰ্শকক মিউৰেল সম্বন্ধীয় আন এক আনন্দ দিবলৈ চেষ্টা কৰা দেখা গৈছে। এইখিনিতে পৃষ্ঠভূমিৰ এনেধৰণৰ অলংকৰণে শিল্পীসত্তাৰ মূল অনুভৱৰ সতে কেতিয়াবা সংঘাত সৃষ্টি কৰা যেন লাগিলেও , পৰীক্ষণধৰ্মী ক্ৰিয়া-কলাপত অৱশ্যে এইবোৰ গতানুগতিক কিম্বা স্বাভাৱিক।

Acrylic and Ink Drawing on paper. 14 “X 11 “

শেহতীয়াভাৱে অজিত শইকীয়াক আমি একক্ৰেলিক মাধ্যমৰ প্ৰতিও আকৃষ্ট হোৱা দেখিছো আৰু সামাজিক, ৰাজনৈতিক তেওঁৰ যি প্ৰত্যাবৃত্তি কিম্বা ভাৱনা, সেইবোৰ বৰ্ড, কেনভানচ্ আদিত কৰা অংকনৰ উপৰি সম্প্ৰতি ভাস্কৰ্যৰ ৰূপতো আত্মপ্ৰকাশ কৰা দেখা গৈছে। এনেবোৰ ক্ষেত্রত শিল্পীয়ে হয়তো অনুশীলনৰ বাবে প্ৰয়োজনীয় স্থান আদিৰ অভাৱতে মাধ্যমগত কিছু প্ৰক্ৰিয়াৰ আন এক ধৰণৰ পৰীক্ষণ বুলিয়ে আমি ক’ব পাৰো। অৱশেষত অজিতে তেওঁৰ এই যাত্ৰাক আৰু অধিক আগ্ৰহ তথা পৰীক্ষণেৰে আগবঢ়াই নিয়ক। তাৰবাবে আমাৰ শুভেচ্ছা থাকিল।

শিল্পকলা সম্বন্ধে শইকীয়াৰ নিজা মন্তব্য —

বস্তু জগতৰ ৰূপ বৈচিত্ৰ আৰু ঘটনা প্ৰবাহে মনত চিন্তাৰ উদ্ৰেক ঘটায়। মনৰ চিন্তা প্ৰবাহে পৰিৱৰ্তিত সমাজত নতুনত্বৰ সন্ধান কৰে আৰু চিন্তা প্ৰবাহক কোনো মাধ্যমৰ দ্বাৰা প্ৰকাশৰ প্ৰচেষ্টাৰে কলাই অগ্ৰগতি লাভ কৰে। শিল্পকলা তেনে এটি মাধ্যম, য’ত মনৰ ভাৱনাটিক ৰং, ৰূপ, ৰেখা, ছাঁ-পোহৰৰ সহায়ত অৰ্থবহ ৰূপত উপস্থাপন কৰা হয়। বাস্তৱৰ ৰূপ তথা বিষয়বস্তুক ভিত্তি কৰি চিত্ৰ একোখন (ভাস্কৰ্য একোটাও) সৃষ্টি কৰা হ’লেও তাত বাস্তৱৰ লগত সাদৃশ্যতা বিশেষ নাথাকে। বাস্তৱৰ হুবহু প্ৰতিফলন ঘটোৱা নহয়। শিল্পীয়ে নিজৰ ভাৱ-অনুভূতিৰ দ্বাৰা মনৰ মাজেৰে দেখা পোৱা সৰল বিমূৰ্ত অথবা অৰ্ধ বিমূৰ্ত চিত্ৰখন ৰূপায়িত কৰে। অৱশ্যে এনে চিত্ৰই শিল্পৰ ভাষা বুজি পোৱা দৰ্শকৰ মনত নতুন চিন্তাৰ উদ্ৰেক ঘটাবলৈ সমৰ্থ হ’ব লাগিব। তদুপৰি শিল্পকৰ্ম কৰাৰ সময়ত তাৰ নান্দনিক গুণ অটুট ৰখাৰ লগতে বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত, সমাজ পৰিৱৰ্তনৰ ধাৰাটোৰ লগত খাপ খোৱা হ’ব লাগিব।

Acrylic painting on Board. 32 ” X 24 “

শিল্পই সাধাৰণ মানুহক মানুহ হৈ জীয়াই থকাৰ পথ দেখুৱাব লাগিব, ৰূপান্তৰৰ পথ, সংগ্ৰাম তথা সমাজ বিপ্লৱৰ পথো।

Acrylic painting on Board. 32 ” X 24 “

সকলোবোৰ সৃষ্টিমূলক কামেই যুগে যুগে সমাজ ৰূপান্তৰৰ ক্ষেত্রত অৰিহণা যোগাই আহিছে। সেয়েহে আমি কামনা কৰিম যে শিল্পকলাই সাধাৰণ মানুহৰ আশা-আকাংক্ষা পূৰণ কৰক আৰু শিল্পী সমাজে সংগ্ৰামী মানুহৰ জীৱনৰ আধাৰত নতুন নতুন আঙ্গিকেৰে কলা সৃষ্টি কৰি এখন নতুন সংগ্ৰামৰ সূচনা কৰক । দায়বদ্ধ শিল্পী সকলে নিশ্চয় সেই পথেৰই আগুৱাই যাব।

Acrylic painting on Board. 32 ” X 24 “

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে